▪ মনোজ চৌধুৰী
ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত বিগত ২-৩ বছৰ ধৰি ঘটি থকা কিছু ঘটনাই সচেতন মহলক জোঁকাৰি গৈছে। এনে ঘটনাবোৰ ঐতিহ্য সমৃদ্ধ ভ্ৰাম্যমাণৰ মঞ্চত একেবাৰেই অনাকাংক্ষিত। কেতিয়াবা যদি নাটকৰ মূল কাহিনী নকল কৰি উপস্থাপন কৰাৰ বাবে বিতৰ্ক, আন কেতিয়াবা আকৌ ঐতিহাসিক চৰিত্ৰৰ বিকৃত উপস্থাপনৰ বাবে বিতৰ্ক। ইয়াৰ মাজতে দৰ্শক আকৰ্ষণৰ অজুহাত দেখুৱাই অপ্ৰয়োজনীয় কাৰিকৰী কৌশল প্ৰয়োগ কৰিবলৈ গৈ উজুটি খোৱাৰ বিতৰ্কও আছে। এনে বহু বিতৰ্কই কঁপনি তুলিছে ভ্ৰাম্যমানৰ মঞ্চত। শেহতীয়াকৈ ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰি থাকোঁতেই অঘটন ঘটিল যতীন বৰা, প্ৰস্তুতি পৰাশৰৰ দৰে শিল্পীৰ সৈতে। এই অঘটন আছিল কাৰিকৰী কৌশলৰ বিসংগতিৰ ফল। প্ৰযুক্তিৰ সৈতে খোজ মিলাবলৈ গৈ ভ্ৰাম্যমাণ থিয়েটাৰত এনে কিছু কাৰবাৰৰ আমদানি ঘটিছে, যিবোৰে বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰক লৈ সৃষ্টি কৰিছে বহু চিন্তাৰ উদ্ৰেক।
সাম্প্ৰতিক সময়ত ভ্ৰাম্যমাণ থিয়েটাৰে পুৰণি ভাৱধাৰাৰ নাট প্ৰদৰ্শনৰ পৰিবৰ্তে নতুন নতুন গীত-মাত, কলা-কৌশল সমৃদ্ধ নাট প্ৰদৰ্শনৰ বাবে বাধ্য হৈছে৷ হয়তো সেয়া সময়ৰ দাবী৷ পুৰণি ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শকসকলৰ যিধৰণৰ ৰুচি আছিল, সেয়া এতিয়া পুৰণি হ’ল। নতুন প্ৰজন্মৰ মাজৰ পৰা নতুন ৰুচিৰ দাবী আহি পৰিল। সেই সময়ত ড° ভবেন্দ্ৰ নাথ শইকীয়া, মুনীন বৰুৱা, সেৱাব্ৰত বৰুৱা, হেমন্ত দত্ত আদি প্ৰাতঃস্মৰণীয় নাট্যকাৰৰ কলমত নিগৰিছিল একো একোটা সুকীয়া বাস্তৱধৰ্মী, সাৱলীল এক ব্যতিক্ৰমী কাহিনীৰে ভৰা একোখন নাটক৷ সেই সময়ত দৰ্শকে মোহমুগ্ধ হৈ প্ৰেক্ষাগৃহৰ ভিতৰত সুন্দৰভাৱে নাট উপভোগ কৰিছিল৷ লাহে লাহে দৰ্শকৰ ৰুচি সলনি হ’বলৈ ধৰিলে৷ আধুনিক প্ৰযুক্তি, কাৰিকৰী চমক ভ্ৰাম্যমাণ নাট্যদলসমূহে মঞ্চত সংযোজন কৰিলে৷ তাৰ লগে লগে আৰম্ভ হ’ল গ্লেমাৰ শিল্পীৰ পয়োভৰ৷ এই গ্লেমাৰ শিল্পীৰ আগমনৰ লগে লগে নাট্যদল সমূহে আধুনিক চিন্তাধাৰাৰে নাট প্ৰদৰ্শন কৰিবলৈ বাধ্য হ’ল৷ লগতে আহি গ’ল নতুন নতুন নাট্যকাৰৰ কলা-কৌশল, গীত সমৃদ্ধ নাটক৷ প্ৰযোজকো বাধ্য, কাৰণ এই উদ্যোগটোৰ জৰিয়তে একোটা নাট্যদলত ১০০ ৰ পৰা ১৫০ পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব আছে৷ কিন্তু নাটক একোখনত প্ৰয়োগ কৰা অত্যাধিক কাৰিকৰী কৌশলে ভ্ৰাম্যমাণৰ মূল উদ্দেশ্যৰ পৰা ক্ৰমে নিলগাই লৈ যাব। কিয়নো যিমান অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰিব, সিমানে প্ৰযোজনা ব্যয় বৃদ্ধি পাব। প্ৰযোজনা ব্যয়ৰ উপৰিও আহি পৰিব অতিৰিক্ত যন্ত্ৰ-পাতি বহনৰ খৰচ, সেই যন্ত্ৰপাতি পৰিচালনা কৰা কুশলী ইত্যাদি। এয়া হৈছে বিহংগম দৃষ্টিৰে দেখা পোৱা কিছু ব্যয়। ইয়াৰ উপৰিও বহু খৰচ লুকাই থকাটো স্বাভাৱিক। যাৰ বাবে এই ব্যয় জোৰা মাৰিবলৈ প্ৰযোজকে থিয়েটাৰ পৰিৱেশনকাৰীৰ পৰা অধিক টকাত চুক্তিবদ্ধ হ’ব লাগিব। যাৰ বাবে পৰিৱেশনকাৰীয়ে দৰ্শকক বৰ্দ্ধিত হাৰত টিকট বিক্ৰী কৰিব লাগিব। এনেকৈয়ে গ্ৰাম্য সমাজৰ পৰা ক্ৰমে বিচ্ছিন্ন হৈ পৰিব ভবেন্দ্ৰনাথ শইকীয়া, অচ্যুত লহকৰ, মুনীন বৰুৱা প্ৰভৃতি প্ৰতিভূৰ স্বপ্ন ভ্ৰাম্যমাণ থিয়েটাৰ।
ভ্ৰাম্যমাণৰ সাম্প্ৰতিক পৰিস্থিতিয়ে চিন্তা কৰিবলৈ বাধ্য কৰোৱা আন এটা দিশ হৈছে সামাজিক দায়বদ্ধতা। পূৰ্বে একো একোখন নাটকত আছিল একোটা বিশেষ সামাজিক বাৰ্তা। মঞ্চায়ন কৰা নাটকৰ সৈতে একাত্ম হৈ দৰ্শকে ঘৰলৈ বুটলি লৈ যায় একোটা সামাজিক বাৰ্তা। সেয়া আছিল নাট্যকাৰৰ সামাজিক দায়বদ্ধতা। কিন্তু যেতিয়াৰ পৰা অত্যাধুনিক কাৰিকৰী কৌশলে মঞ্চ দখল কৰা আৰম্ভ কৰিলে, তেতিয়াৰে পৰা নাট্যকাৰে সেই কাৰিকৰী কৌশলৰ প্ৰতি মনোযোগ দি একোখন নাটক ৰচনা কৰিবলৈ বাধ্য হৈ পৰিল। আৰু সেই দিশটোৰ প্ৰতি অধিক মনোযোগ দিয়াৰ বাবে গৌণ হৈ পৰিল সামাজিক দায়বদ্ধতা। এই ধাৰাই আগন্তুক দিনত ভ্ৰাম্যমাণলৈ কঢ়িয়াই আনিব ভাবিব নোৱাৰা সংকট।
ভ্ৰাম্যমাণৰ গতিধাৰাই বহুবোৰ দিশেই আলোচ্য কৰি তুলিছে। দৰ্শকৰ ৰুচিৰ পৰিৱৰ্তনো এটা সামাজিক দৃষ্টিভংগীৰে চিন্তা কৰিবলগীয়া বিষয়। কিন্তু সেইবোৰ এইবাৰলৈ এৰি আন এটা বিষয় আনিব বিচাৰিছো পোহৰলৈ। সেয়া হৈছে শিল্পীৰ সুৰক্ষা। মঞ্চত অভিনয় কৰি থকা সময়তেই বাইকৰ পৰা বাগৰি পৰিল যতীন বৰা, বিদ্যুত্স্পৃষ্ট হৈ মঞ্চৰ পৰা পৰিল শ্যামন্তিকা শৰ্মা, প্ৰস্তুতি পৰাশৰৰ প্ৰৱেশৰ সময়ত উচ্চ প্ৰাবল্যৰ শব্দ সৃষ্টি কৰা সময়ত বিস্ফোৰকৰ আঘাটত আঘাতপ্ৰাপ্ত দৰ্শক। এইবোৰ দেখি-শুনি সুৰক্ষাৰ কথাটো পোনতেই মনলৈ আহে। প্ৰযোজকে শিল্পীৰ সুৰক্ষাৰ বিষয়টো যিদৰে গুৰুত্ব দি চাব লাগে, একেদৰে দৰ্শকৰ সুৰক্ষাৰ দিশলৈও চকু দিব লাগে। যদি এজন শিল্পী মঞ্চায়ন কৰি থকা সময়ত দুৰ্ঘটনাত পতিত হয়, তেওঁৰ চিকিত্সাৰ বাবে কি ব্যৱস্থা আছে? দৰ্শক আঘাতপ্ৰাপ্ত হ’লে তেওঁলোকৰ চিকিত্সাৰ বাবে কি ব্যৱস্থা আছে? সহানুভূতিৰে এনে আঘাতপ্ৰাপ্ত শিল্পী বা দৰ্শকৰ চিকিত্সা হৈ থাকিবও পাৰে, কিন্তু ধৰা-বন্ধা একোটা নিয়মক আইন কৰাৰ প্ৰয়োজন আছে। এইক্ষেত্ৰত চৰকাৰলৈও বিশেষ অনুৰোধ- সংকটৰ গৰাহত থকা অসমৰ সম্পদ এই ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোক জীয়াই ৰাখক৷ শিল্পী, কলা-কুশলীসকলৰ ভৱিষ্যত জীৱনৰ নিৰাপত্তাৰ বাবে পেন্সনৰ ব্যৱস্থা কৰক৷