“What’s in a name? That which we call a rose/ By any other name would smell as sweet” – William Shakespeare in Romeo and Juliet.
অতীজৰে পৰা ঠাইৰ নাম সলনি কৰাৰ এক পৰম্পৰা চলি আহিছে। বিভিন্ন কাৰণত এই নাম সলনিৰ পৰ্ব চলি আহিছে। নিশ্চিতভাৱে বিজেপি ভাৰতৰ প্ৰথম ৰাজনৈতিক সত্তা নহয় যিয়ে স্থানৰ নাম সলনি কৰিছে । প্ৰকৃততে, পৃথিৱীৰ কেইবাখনো দেশে একেদৰে পশ্চিমীয়া শক্তি দ্বাৰা দিয়া নামবোৰ ত্যাগ কৰি নিজ নিজ দেশৰ স্বকীয়তা, সাংস্কৃতিক আৰু ভাষিক পৰম্পৰাৰ সৈতে অধিক সামঞ্জস্য পূৰ্ণ নাম দিছে- পাৰ্চিয়া পৰা ইৰাণ, বাৰ্মাৰ পৰা ম্যানমাৰলৈ, ৰোডেচিয়াৰ পৰা জিম্বাবোৱেলৈ ইত্যাদি পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ। অলপতে ৰাষ্ট্ৰসংঘই তুৰ্কীৰ নাম সলনি Türkiye কৰাৰ ইচ্ছাক স্বীকৃতি দিছিল।
নিৰ্দিষ্ট একোখন স্থানৰ নাম সলনিৰ আঁৰত কেইবাটাও কাৰণ নিহিত হৈ থাকে। সেইয়া ধৰ্মীয় ,ৰাষ্ট্ৰীয়তাবাদ, জাতীয়তাবাদ আদি আৱেগ-অনুভূতি, ভাষিক, ঐতিহাসিক আদিৰ বাবে নাম সলনি কৰাৰ ইতিহাস পোৱা গৈছে।
ভাৰতবৰ্ষত ব্ৰিটিছৰ শাসনকাল শেষ হোৱাৰ পিছত বিভিন্ন ঠাইৰ নাম সলনি হৈছিল। কলকাতা চহৰখনৰ মাজভাগত থকা গভৰ্ণৰ জেনেৰেল ডেলহাউচি নামেৰে নামাকৰণ কৰা ডেলহাউচি স্কোৱেৰৰ নাম সলনি কৰি বিনয় বাদল দিনেশ বাগ (BBD Bagh) ৰখা হয়। আন বহুতো চহৰৰ চিহ্নৰ নাম পুনৰ নামকৰণ কৰা হৈছিল। উদাহৰণ স্বৰূপে, এজন প্ৰাক্তন ভাইচৰয়ৰ বাবে নামাকৰণ কৰা মিণ্টো পাৰ্কৰ নাম শ্বহীদ ভগত সিং উদ্যানলৈ সলনি কৰা হৈছিল। ভিক্টোৰিয়াৰ শাসনৰ সোণালীজয়ন্তী বৰ্ষত (১৮৮৭) ই নিৰ্মাণ কৰা হৈছিল “ভিক্টোৰিয়া টাৰ্মিনাছ”, পিছলৈ ষ্টেশ্যনৰ নামসলনি কৰি মাৰাঠা সম্ৰাট ছত্ৰপতি শিৱাজীৰ নামানুসাৰে ষ্টেশ্যনটোৰ নাম পৰিৱৰ্তন কৰে ছত্ৰপতি শিৱাজী টাৰ্মিনাছলৈ।
ভাষিক দিশৰ ক্ষেত্ৰতো স্থানৰ নামৰ সলনি হৈছিল। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই পৰিবৰ্তন দেখা গৈছে। যেনে ধৰক Calcutta পৰা Kolkata, Bombay পৰা Mumbai, Madras পৰা Chennai, Bangalore পৰা Bengaluru, পণ্ডিচেৰীৰ সলনি পুডুছেৰী, উত্তৰাঞ্চলৰ নাম সলনি কৰি উত্তৰাখণ্ড, উৰিষ্যাৰ নাম সলনি কৰি ওড়িশা, মহীশূৰৰ সলনি কৰ্ণাটক আদিৰ দৰে অসংখ্য উদাহৰণ আছে।
অৱশ্যে হিন্দু জাতীয়তাবাদী গোটবোৰৰ নাম পৰিৱৰ্তনৰ লক্ষণীয় কথাটো হ’ল যে ইয়াৰ কোনো ঐতিহাসিক, সাংস্কৃতিক বা ভাষিক ভেটি নাই। মাথোঁ ইছলামীয় নাম বোৰ মচি পেলাই সাম্প্ৰদায়িক ৰাজনীতি কৰি ৰাজনৈতিক মুনাফা লাভ কৰাই এই কাৰ্য্যৰ মূল লক্ষ্য। বিজেপি নেতাসকলে নাম পৰিৱৰ্তন মন্ত্ৰক এটা নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে লয় আৰু ৰাইজক উন্নয়নৰ বিষয়ে আলোচনাৰ পৰা আঁতৰাই ৰাখে। সংখ্যাগৰিষ্ঠ একাংশ হিন্দুক সন্তুষ্ট কৰাত ই এক দ্ৰুত উপায়। পূৰ্বৰ এলাহাবাদৰ বেছিভাগ নাগৰিকে সম্ভৱতঃ কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁলোকে প্ৰয়াগৰাজৰ দৰে কিবা এটাৰ বাবে সেই চলি অহা নামটো হেৰুৱাব লাগিব, মোগলচৰাই ষ্টেচনৰ মাজেৰে যোৱা বেছিভাগ মানুহে সম্ভৱতঃ কেতিয়াও ইয়াৰ বিৰুদ্ধে বিৰক্ত হোৱা নাছিল। ইতিমধ্যে ফৈজাবাদ জিলাৰ নাম সলনি কৰি অযোধ্যা, আহমেদাবাদৰ সলনি কৰ্ণাৱতী, ২০১৮ চনত এলাহাবাদ চহৰৰ নাম সলনি কৰি প্ৰয়াগৰাজ ৰখা হয়। উত্তৰ প্ৰদেশৰ ঐতিহাসিক মোগলচৰাই জংচন ৰেল ষ্টেচনৰ নাম একে বছৰতে বিজেপিৰ এজন বিশিষ্ট চিন্তাবিদ দীন দয়াল উপাধ্যায়ৰ নামেৰে পুনৰ নামাকৰণ কৰা হয়। উল্লেখযোগ্য যে ঔৰঙ্গাবাদৰ নাম সলনি কৰি ছত্ৰপতি সম্ভাজিনগৰ আৰু ওচমানাবাদৰ নাম ধাৰাশিৱ ৰখা হৈছিল। বিভিন্ন পথৰ নাম ইতিমধ্যে সলনি কৰা কৰা হৈছে। ঔৰঙ্গজেৱ ৰোডৰ নাম সলনি কৰি ড০ এ.পি.জে আব্দুল কালাম পথ ৰখা হৈছে। মধ্য প্ৰদেশত, 2021 চনৰ ৰাণী কামলাপতিক সন্মান জনোৱাৰ বাবে হবিগঞ্জ ৰেল ষ্টেচনৰ নাম সলনি কৰা হৈছিল, 2022 চনত দিল্লীৰ ৰাজপথৰ সলনি কৰ্তব্যপথ, ৰেচ কোৰ্চ ৰোড 2016 চনত লোক কল্যাণ মাৰ্গলৈ সলনি কৰা হয়। ২০২২ চনত মহম্মদপুৰ গাওঁখনৰ নাম মাধৱপুৰম ৰখা হৈছিল। আমাৰ মনত আছে যোৱা বছৰ G20 অধিবেশনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে India নামৰ স্থানত Bharat ব্যৱহাৰ কৰা হব বুলি কৈছিল আনকি G20 নৈশ ভোজলৈ অতিথি সকলক দিয়া নিমন্ত্ৰণ পত্ৰত “President of Bharat” বুলি উল্লিখিত আছিল।
মৌলিক সমস্যাৰ প্ৰতি গুৰুত্ব নিদি স্থান সলনি কৰাৰ প্ৰৱণতাই অৰ্থনৈতিক উন্নয়নত সহায় কৰিব নোৱাৰে। স্থানৰ নাম সলাই থাকিলে অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী হব জানো। নাম পৰিৱৰ্তন (সলনি) কোনো সমস্যাৰ সমাধান হব নোৱাৰে। গতিকে এনে কৰাটো অৰ্থহীন কামৰ সমতুল্য৷ কিয়নো এই নাম সলনি কৰাৰ পিছত ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয়ৰ নথি-পত্ৰ ইত্যাদিৰ সাল-সলনি কৰাৰ সমূদায় খৰচ আদি আমাৰ ৰাজহৰ ধনেৰে কৰিব লাগিব।
উত্তৰ প্ৰদেশক অনুকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ জাতীয় সমস্যা সমাধান নকৰি মাথোঁ নাম পৰিবৰ্তন কৰি ৰাইজক ব্যস্ত কৰি ৰাখিব বিচাৰিছে। “কৰিম” এটা ইছলামীয় মূলৰ শব্দ হোৱা বাবে কৰিমগঞ্জৰ নাম শেহতীয়াকৈ পৰিবৰ্তন কৰি “শ্ৰী ভূমি” কৰিব নিৰ্ণয় কৰিছে, ইয়াৰ ফলত অঞ্চলটোৰ কিবা উন্নয়ন হব নে ? মূল্যবৃদ্ধি কম হব নে ? টোল গেটৰ মাছুল কমিব নে ? নিবনুৱা সমস্যা কমিব নে ? নাম সলনি কৰা আৰু ইতিহাস নতুনকৈ লিখা দুয়োটা হঠকাৰী।
অধিবক্তা অশ্বিনী উপাধ্যায়ে ঐতিহাসিক, সাংস্কৃতিক আৰু ধৰ্মীয় স্থানসমূহৰ মূল নাম পুনৰুদ্ধাৰ কৰিবলৈ এটা আয়োগ গঠন কৰিবলৈ অনুৰোধ জনাই PIL দাখিল কৰিছিল। মহামান্য আদালতে সেই PIL খাৰিজ কৰি কয় যে ভাৰত অতীতৰ বন্দী হ’ব নালাগে, দেশখন ইতিহাসৰ পৰা আগবাঢ়িবহে লাগে আৰু ভৱিষ্যত প্ৰজন্মক আতংকিত কৰিব নালাগে। ন্যায়াধীশ কে. এম জোছেফে অশ্বিনী উপাধ্যায়ক কৈছিল – “Hinduism is not a religion but a way of life… Hinduism is a way of life and there is no bigotry in Hinduism…don’t dig up the past which will only create disharmony…can’t have the country on the boil. The bench said that the principle of brotherhood should take precedence over all else.”