Skip to content

বিশুদ্ধ খোৱা পানীৰ বটলৰ শুদ্ধতা কিমান ?

Janagana Desk
November 27, 202429 second read
How pure is mineral water container ?

বিশুদ্ধ পানীৰ বটলৰ নামত ৰাজ্যত চলিছে অবৈধ বেহা। ৰাজ্যৰ ঠায়ে ঠায়ে জধে-মধে গঢ়ি উঠিছে ‘পেকেজড ড্রিংকিং ৱাটাৰ’ উৎপাদনকাৰী গোটৰ । বিশুদ্ধ পানীৰ বটলৰ পানীটোপাল নির্ভেজাল নহ’বও পাৰে। পানীৰ বটল বিক্ৰী কৰাৰ বাবে বা গুণাগুণ বৰ্তাই ৰাখিবলৈ যিবোৰ ‘পেৰামিটাৰ’ অৱলম্বন কৰিব লাগে, তাৰ পৰা বহুযোজন দূৰত একাংশ বিভিন্ন প্রতিষ্ঠানে ‘পেকেজড’ ৰূপত পানী বিক্ৰী কৰি আহিছে। যিকোনো এটা প্ৰতিষ্ঠানে এইদৰে পেকেজড ড্রিংকিং বাটাৰ বিক্ৰীৰ বাবে প্রতিষ্ঠানটো এটা পঞ্জীয়নভুক্ত গোট হোৱাৰ লগতে সেই ‘পেকেজড ড্রিংকিং বাটাৰ’ আই এছ আই (ISI) বুলি মান- সামঞ্জস্য চিহ্নযুক্ত হোৱাটো বাঞ্ছনীয়। ভাৰতৰ ৰাষ্ট্ৰীয় মান সংস্থা ‘ব্যুৰ’ অব্ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ছ’-এ প্রদান কৰা এই চিহ্ন অবিহনে কোনো উদ্যোগিক গোটেই বিক্ৰী কৰিব নোৱাৰে খোৱাপানীৰ বটল। আই এছ আই চিহ্নবিহীন পানী সেৱন কৰাটো মুঠেও সুৰক্ষিত নহয়, কিয়ুনো পানীৰ গুণাগুণ আৰু বিশুদ্ধতা পৰীক্ষা নিৰীক্ষা কৰিহে এই ISN চিহ্ন প্ৰদান কৰা হয়। কিন্তু ৰাজ্যৰ গাঁৱে ভূঞে , চহৰবোৰতো আই এছ আই চিহ্ন অবিহনেই সুলভ হৈ আছে খোৱাপানীৰ বটল। যদিও খাদ্য সুৰক্ষা আইন, ২০০৬ ৰ অধীনত আই এছ আই চিহ্ন অবিহনে এনে পানীৰ বটল বিক্রীত নিষেধাজ্ঞা জাৰি কৰি থোৱা আছে। তথাপি ৰাজ্যখনৰ প্ৰায় প্রতিটো অঞ্চলতে স্থানীয়ভাৱে উৎপাদিত স্থানীয় উদ্যোগিক গোটে বাধাহীন ৰূপত এক লিটাৰ, ১০ লিটাৰ, ২০ লিটাৰ ‘পেকেজড ড্রিংকিং ৱাটাৰ’ বা পানীৰ বটল বিক্ৰী কৰি আহিছে আৰু সচেতনতা বা সজাগতাৰ অভাৱত এনে পানী জনতাই সেৱন কৰিও আহিছে। এইক্ষেত্ৰত ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তৰ লগতে আয়োগৰ চোকা নজৰ থকাৰ লগতে এনে স্বার্থবিৰোধী ব্যৱসায়ক বাধা দিয়া আৰু আইনগত ব্যৱস্থা গ্রহণ কৰিব লাগে যদিও তেনে ব্যৱস্থা গ্ৰহণৰ ঘটনা তেনেই কম। মাথোঁ কোনো অভিযোগ পালে ঔদ্যোগিক গোটক জাননী দিয়া অথবা মাজে-সময়ে জিলাসমূহলৈ খাদ্য সুৰক্ষা আয়ুক্তৰ একোখন পত্ৰ প্ৰেৰণতেই দায়িত্ব শেষ। শেহতীয়াকৈ আই এছ আই চিহ্নবিহীন পানীৰ বটল ৰাজ্যৰ কিছু কিছু অঞ্চলত বিক্রী হৈ থকা বিষয়টো সামাজিক মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ হোৱাত শেহতীয়াকৈ খাদ্য সুৰক্ষা আয়ুক্তই প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ পত্রযোগে (DO No. FSC 29/2024 dated 03/07/2024) বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ কৰিছে। খাদ্য সুৰক্ষা আইন, ২০০৬ অনুসৰি প্ৰতি জিলাৰ জিলা আয়ুক্তৰ সহযোগত খাদ্য সুৰক্ষা বিষয়া (Designated Officer)ৰ দ্বাৰা তেনে অবৈধ ব্যৱসায়ীক চিনাক্ত কৰি, খাদ্য সুৰক্ষা আৰু মান আইন, ২০০৬ ৰ ধাৰা ৩৬ (৩) (বি) অধীনত বিক্ৰী বন্ধ কৰাৰ লগতে আইনগত ব্যবস্থা গ্রহণ কৰিব লাগে। পিচে এই আইন প্ৰশাসনৰ গুৰুত্ব নাই এই বিষয়ক লৈ কেৱল খোৱাপানীৰ ‘পেকেজড ড্রিংকিং ৱাটাৰ’ বটল বিক্ৰীৰ ক্ষেত্ৰতে নহয় অন্যান্য খাদ্য-সামগ্ৰীৰ Package (লেবেল)ত Expiry Date/Best before date থকাটো খাদ্য সুৰক্ষা আৰু মানক (Labelling and Display) নীতি, ২০২০ ৰ মতে বাধ্যতামূলক। খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ খাদ্য সুৰক্ষা বিষয়াসকলে নিয়মিতভাৱে ৰাজ্যৰ খাদ্য বস্তুৰ নমুনা সংগ্ৰহ কৰি এনে Expiry Date/Best before date নথকা খাদ্যবস্তুৰ প্ৰস্তুতকৰ্তা ব্যৱসায়ীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা আৰু মান আইন, ২০০৬ৰ ধাৰা ৩ (১) (জেড এফ)ৰ অধীনত Adjudication প্রক্রিয়াৰে জৰিমনা বিহিব লাগে।

উল্লেখ্য যে পেকেজড ড্রিংকিং ৱাটাৰ বটল বিক্ৰীৰ বাবে এটা উদ্যোগিক গোটক ১০খন প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়। ইয়াৰ ভিতৰত প্ৰধানতঃ আই এছ আই চিহ্নও অন্যতম। প্রথমতে ট্রেড লাইচেন্স, ভাৰতীয় মানক সংস্থাৰ প্ৰমাণপত্ৰ, কেন্দ্ৰীয় ভূ-জল ব’ৰ্ডৰ প্ৰমাণপত্ৰ, প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ প্ৰমাণপত্ৰ, জোখ-মাখ বিভাগৰ প্ৰমাণপত্ৰ, পানীৰ নমুনা পৰীক্ষাৰ প্ৰমাণপত্ৰ। পানীৰ নমুনা পৰীক্ষাত অণুজীৱৰ উপস্থিতি, নাইট্রেইট, ছালফাৰ, ফ্ল’ৰাইড, আৰ্চেনিক আদিৰ উপস্থিতিৰ পৰিমাণ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হয়। ইয়াৰ বিপৰীতে ঔদ্যোগিক গোটবোৰে দুই-এখন প্ৰমাণপত্ৰ গোটায়ে বজাৰত পানী বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ পিচতো খাদ্য সুৰক্ষা বিভাগে ব্যৱস্থা গ্রহণ কৰা দেখা পোৱা নাই। যোৱা বছৰ হোজাই জিলাত অৱশ্যেই এনেদৰে অনিয়মেৰে খোৱাপানীৰ বটল বিক্রী কৰা ১৭টা উৎপাদন গোটক ধৰা পেলায় আৰু পানী বিক্রী বন্ধ কৰি দিয়ে। প্ৰশাসনৰ উদাসীনতাই এনে ধৰণৰ দুষ্কাৰ্য্য বৃদ্ধি পোৱাত সহায় কৰি আহিছে। বিশুদ্ধ পানীৰ বটলৰ নামত ৰাজ্যত চলিছে অবৈধ বেহা।ৰাজ্যৰ ঠায়ে ঠায়ে জধে-মধে গঢ়ি উঠিছে ‘পেকেজড ড্রিংকিং ৱাটাৰ’ উৎপাদনকাৰী গোটৰ । বিশুদ্ধ পানীৰ বটলৰ পানীটোপাল নির্ভেজাল নহ’বও পাৰে।পানীৰ বটল বিক্ৰী কৰাৰ বাবে বা গুণাগুণ বৰ্তাই ৰাখিবলৈ যিবোৰ ‘পেৰামিটাৰ’ অৱলম্বন কৰিব লাগে, তাৰ পৰা বহুযোজন দূৰত একাংশ বিভিন্ন প্রতিষ্ঠানে ‘পেকেজড’ ৰূপত পানী বিক্ৰী কৰি আহিছে। যিকোনো এটা প্ৰতিষ্ঠানে এইদৰে পেকেজড ড্রিংকিং বাটাৰ বিক্ৰীৰ বাবে প্রতিষ্ঠানটো এটা পঞ্জীয়নভুক্ত গোট হোৱাৰ লগতে সেই ‘পেকেজড ড্রিংকিং বাটাৰ’ আই এছ আই (ISI) বুলি মান- সামঞ্জস্য চিহ্নযুক্ত হোৱাটো বাঞ্ছনীয়। ভাৰতৰ ৰাষ্ট্ৰীয় মান সংস্থা ‘ব্যুৰ’ অব্ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ছ’-এ প্রদান কৰা এই চিহ্ন অবিহনে কোনো উদ্যোগিক গোটেই বিক্ৰী কৰিব নোৱাৰে খোৱাপানীৰ বটল।আই এছ আই চিহ্নবিহীন পানী সেৱন কৰাটো মুঠেও সুৰক্ষিত নহয়, কিয়ুনো পানীৰ গুণাগুণ আৰু বিশুদ্ধতা পৰীক্ষা নিৰীক্ষা কৰিহে এই ISN চিহ্ন প্ৰদান কৰা হয়।কিন্তু ৰাজ্যৰ গাঁৱে ভূঞে , চহৰবোৰতো আই এছ আই চিহ্ন অবিহনেই সুলভ হৈ আছে খোৱাপানীৰ বটল। যদিও খাদ্য সুৰক্ষা আইন, ২০০৬ ৰ অধীনত আই এছ আই চিহ্ন অবিহনে এনে পানীৰ বটল বিক্রীত নিষেধাজ্ঞা জাৰি কৰি থোৱা আছে। তথাপি ৰাজ্যখনৰ প্ৰায় প্রতিটো অঞ্চলতে স্থানীয়ভাৱে উৎপাদিত স্থানীয় উদ্যোগিক গোটে বাধাহীন ৰূপত এক লিটাৰ, ১০ লিটাৰ, ২০ লিটাৰ ‘পেকেজড ড্রিংকিং ৱাটাৰ’ বা পানীৰ বটল বিক্ৰী কৰি আহিছে আৰু সচেতনতা বা সজাগতাৰ অভাৱত এনে পানী জনতাই সেৱন কৰিও আহিছে। এইক্ষেত্ৰত ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তৰ লগতে আয়োগৰ চোকা নজৰ থকাৰ লগতে এনে স্বার্থবিৰোধী ব্যৱসায়ক বাধা দিয়া আৰু আইনগত ব্যৱস্থা গ্রহণ কৰিব লাগে যদিও তেনে ব্যৱস্থা গ্ৰহণৰ ঘটনা তেনেই কম। মাথোঁ কোনো অভিযোগ পালে ঔদ্যোগিক গোটক জাননী দিয়া অথবা মাজে-সময়ে জিলাসমূহলৈ খাদ্য সুৰক্ষা আয়ুক্তৰ একোখন পত্ৰ প্ৰেৰণতেই দায়িত্ব শেষ। শেহতীয়াকৈ আই এছ আই চিহ্নবিহীন পানীৰ বটল ৰাজ্যৰ কিছু কিছু অঞ্চলত বিক্রী হৈ থকা বিষয়টো সামাজিক মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ হোৱাত শেহতীয়াকৈ খাদ্য সুৰক্ষা আয়ুক্তই প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ পত্রযোগে (DO No. FSC 29/2024 dated 03/07/2024) বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ কৰিছে। খাদ্য সুৰক্ষা আইন, ২০০৬ অনুসৰি প্ৰতি জিলাৰ জিলা আয়ুক্তৰ সহযোগত খাদ্য সুৰক্ষা বিষয়া (Designated Officer)ৰ দ্বাৰা তেনে অবৈধ ব্যৱসায়ীক চিনাক্ত কৰি, খাদ্য সুৰক্ষা আৰু মান আইন, ২০০৬ ৰ ধাৰা ৩৬ (৩) (বি) অধীনত বিক্ৰী বন্ধ কৰাৰ লগতে আইনগত ব্যবস্থা গ্রহণ কৰিব লাগে। পিচে এই আইন প্ৰশাসনৰ গুৰুত্ব নাই এই বিষয়ক লৈ কেৱল খোৱাপানীৰ ‘পেকেজড ড্রিংকিং ৱাটাৰ’ বটল বিক্ৰীৰ ক্ষেত্ৰতে নহয় অন্যান্য খাদ্য-সামগ্ৰীৰ Package (লেবেল)ত Expiry Date/Best before date থকাটো খাদ্য সুৰক্ষা আৰু মানক (Labelling and Display) নীতি, ২০২০ ৰ মতে বাধ্যতামূলক। খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ খাদ্য সুৰক্ষা বিষয়াসকলে নিয়মিতভাৱে ৰাজ্যৰ খাদ্য বস্তুৰ নমুনা সংগ্ৰহ কৰি এনে Expiry Date/Best before date নথকা খাদ্যবস্তুৰ প্ৰস্তুতকৰ্তা ব্যৱসায়ীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা আৰু মান আইন, ২০০৬ৰ ধাৰা ৩ (১) (জেড এফ)ৰ অধীনত Adjudication প্রক্রিয়াৰে জৰিমনা বিহিব লাগে।

উল্লেখ্য যে পেকেজড ড্রিংকিং ৱাটাৰ বটল বিক্ৰীৰ বাবে এটা উদ্যোগিক গোটক ১০খন প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়। ইয়াৰ ভিতৰত প্ৰধানতঃ আই এছ আই চিহ্নও অন্যতম। প্রথমতে ট্রেড লাইচেন্স, ভাৰতীয় মানক সংস্থাৰ প্ৰমাণপত্ৰ, কেন্দ্ৰীয় ভূ-জল ব’ৰ্ডৰ প্ৰমাণপত্ৰ, প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ প্ৰমাণপত্ৰ, জোখ-মাখ বিভাগৰ প্ৰমাণপত্ৰ, পানীৰ নমুনা পৰীক্ষাৰ প্ৰমাণপত্ৰ। পানীৰ নমুনা পৰীক্ষাত অণুজীৱৰ উপস্থিতি, নাইট্রেইট, ছালফাৰ, ফ্ল’ৰাইড, আৰ্চেনিক আদিৰ উপস্থিতিৰ পৰিমাণ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হয়। ইয়াৰ বিপৰীতে ঔদ্যোগিক গোটবোৰে দুই-এখন প্ৰমাণপত্ৰ গোটায়ে বজাৰত পানী বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ পিচতো খাদ্য সুৰক্ষা বিভাগে ব্যৱস্থা গ্রহণ কৰা দেখা পোৱা নাই। যোৱা বছৰ হোজাই জিলাত অৱশ্যেই এনেদৰে অনিয়মেৰে খোৱাপানীৰ বটল বিক্রী কৰা ১৭টা উৎপাদন গোটক ধৰা পেলায় আৰু পানী বিক্রী বন্ধ কৰি দিয়ে। প্ৰশাসনৰ উদাসীনতাই এনে ধৰণৰ দুষ্কাৰ্য্য বৃদ্ধি পোৱাত সহায় কৰি আহিছে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top