ধৰ্মীয় কেন্দ্ৰিক বিবাদ এটা শেষ হব নৌযাওঁতেই আকৌ আৰম্ভ হৈছে পুনৰ ধৰ্ম ৰাজনীতি, মন্দিৰ – মছজিদ বিতৰ্ক। উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ চম্বলৰ ষোড়শ শতিকাৰ জামা মছজিদক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ধৰ্মীয় ৰাজনীতি।
অযোধ্যা নাইবা বাৰাণসীৰ মন্দিৰ বিতৰ্ক যুগ যুগ ধৰি চলি থকা আহিছিল কিন্তু চম্বলৰ এই বিবাদৰ আবিৰ্ভাৱ হৈছিল এই বছৰতে। হিন্দু পৰম্পৰা অনুসৰি চম্বলে নিজেই হিন্দুসকলৰ বাবে ধৰ্মীয় গুৰুত্ব বহন কৰে, কিয়নো ই হৈছে বিষ্ণুৰ দশম আৰু অন্তিম অৱতাৰ কল্কিৰ কথিত জন্মস্থান। হিন্দু শাস্ত্ৰঅনুসৰি, কল্কি কালী যুগ (অন্ধকাৰ যুগ)ৰ সমাপ্তিৰ বাবে চম্বলত উপস্থিত হ’বলৈ গৈ আছে। এই বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল কল্কি ধামৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ‘ৰাম ৰাষ্ট্ৰ’ৰ আহ্বান জনাইছিল আৰু দাবী কৰিছিল যে কল্কিৰ অৱতাৰে হাজাৰ হাজাৰ বছৰৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব।
ঐতিহাসিক তথ্য অনুসৰি ১৫২৬ চনৰ পৰা ১৫৩০ চনৰ ভিতৰত মোগল সম্ৰাট বাবৰৰ ৰাজত্বকালত নিৰ্মাণ কৰা তিনিটা মছজিদৰ ভিতৰত অন্যতম আছিল চম্বলৰ জামা মছজিদ , বাকী দুটা হৈছে পানীপাটৰ মছজিদ আৰু অযোধ্যাৰ বাবৰি মছজিদ যিটো ১৯৯২ চনত ভাঙি পেলোৱা হৈছিল। চম্বল মছজিদটো বাবৰৰ সেনাপতি মিৰ হিন্দু বেগে ১৫২৮ চনৰ আশে-পাশে নিৰ্মাণ কৰিছিল।
দশক জুৰি এই স্থানত বিভিন্ন সম্প্ৰদায়ৰ লোকে শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছিল। ১৯০৪ চনৰ প্ৰাচীন স্মাৰক সংৰক্ষণ আইনৰ অধীনত ১৯২০ চনৰ ২২ ডিচেম্বৰত চম্বলৰ জামা মছজিদক এক সুৰক্ষিত স্মৃতিস্তম্ভ হিচাপে ঘোষণা কৰা হয়। ইয়াক ৰাষ্ট্ৰীয় গুৰত্বৰ স্মাৰক হিচাপেও ঘোষণা কৰা হৈছে। বিতৰ্কৰ আৰম্ভণি তেতিয়া হৈছিল যেতিয়া অধিবক্তা বিষ্ণু শংকৰ জৈন আৰু আনসকলে সম্বলৰ মছজিদত জৰীপ কৰাৰ বাবে আবেদন দাখিল কৰিছিল। আবেদন অনুসৰি চম্বলৰ জামা মছজিদ এটা হিন্দু মন্দিৰৰ স্থানত নিৰ্মাণ কৰা হৈছিল। এয়া বাৰাণসীৰ জ্ঞানৱাপী মছজিদ, মথুৰাৰ শ্বাহি ইদগাহ আৰু মধ্য প্ৰদেশৰ ধাৰৰ কমল-মৌলা মছজিদৰ ক্ষেত্ৰত কৰা দাবীৰ দৰে একেই। জৈনে দাবী কৰিছিল যে জামা মছজিদ ভগৱান কল্কিক সমৰ্পিত এটা মন্দিৰৰ ধ্বংসাৱশেষৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। আৱেদনখনত এইদৰে অভিযোগ কৰা হৈছিল যে ১৫২৬-২৭ চনত বাবৰৰ আক্ৰমণৰ সময়ত মন্দিৰটো ধ্বংস হোৱাৰ পিছত মছজিদটো নিৰ্মাণ কৰা হৈছিল। আৱেদনৰ উত্তৰত, আদালতে 2024 চনৰ 19 নৱেম্বৰত মছজিদৰ জৰীপৰ নিৰ্দেশ দিছিল। অধিবক্তা আয়ুক্ত ৰমেশ ৰাঘৱে জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৈতে একেদিনাই মছজিদৰ ইণ্টেজামিয়া কমিটিৰ সৈতে পৰামৰ্শ নোলোৱাকৈ জৰীপটো চলাইছিল। দেৱানী ন্যায়াধীশে মছজিদটোৰ ফটোগ্ৰাফিক আৰু ভিডিঅ’গ্ৰাফিক জৰীপৰ নিৰ্দেশ দি ইয়াৰ প্ৰতিবেদন ২৯নৱেম্বৰৰ আগত দাখিল কৰিবলৈ কয়। কিন্তু ২৪ নৱেম্বৰত কৰা দ্বিতীয়টো সমীক্ষাত জৰীপ দলটোৰ আগত আবেদনকাৰীৰ ভিতৰত এজন স্থানীয় মহন্ত (পুৰোহিত) আৰু তাৰ পিছতে একাংশ সদস্যই জয়শ্ৰী ৰাম শ্লোগানেৰে উত্তাল কৰি তোলে। মছজিদৰ সমীপত বৃহৎ সংখ্যক এনে কাৰ্য্যৰ বিৰোধিতাৰে প্ৰতিবাদকাৰী সমবেত হয় আৰু ভিৰৰ পৰা শিলগুটি নিক্ষেপ কৰা হ’ল। স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ হতাহতিত আৰক্ষী বিষয়াই প্ৰাণ কাঢ়ি নিলে চাৰি জন নিৰীহ লোকৰ।আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰি যুক্তি দিছিল যে তেওঁলোকে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ লাঠি-চাৰ্জ ব্যৱহাৰ কৰিছিল।
উপাসনা স্থল আইন,১৯৯১ (Place of Worship act,1991) ত কোৱা হৈছে যে যিকোনো উপাসনা স্থলৰ ধৰ্মীয় চৰিত্ৰ ১৯৪৭ চনৰ ১৫ আগষ্টত যিদৰে আছিল সকলো উপাসনা স্থানৰ ধৰ্মীয় চৰিত্ৰ তেনেকৈ বজাই ৰাখিব লাগিব। আইনখনৰ ৩ নং ধাৰা কোৱা হৈছে যে কোনো ধৰ্মীয় সম্প্ৰদায়ৰ উপাসনাস্থানক সম্পূৰ্ণৰূপে বা আংশিকভাৱে আন কোনো ধৰ্মীয় সম্প্ৰদায়ৰ উপাসনাস্থানলৈ ৰূপান্তৰ কৰা নহ’ব। এই আইন প্ৰণয়নৰ উদ্দেশ্য আছিল সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখা। চম্বলত দাখিল কৰা আবেদনখনে ১৯৯১ চনৰ আইন উলংঘা কৰি উপাসনা স্থলীৰ মৌলিক চৰিত্ৰ সলনি কৰিব বিচাৰিছে।
সকলোতে এতিয়া আধ্যাত্মিকতাৰ নামত চলিছে ৰাজনীতিৰ আখৰা।