জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 8, 2026

আধুনিকতাৰ গ্ৰাসত চিঠি

by Janagana Desk
1 minutes read
Beauty of Letters

সময়ৰ গতিশীলতত হেৰাই যাব লৈছে গণসংযোগৰ এক জনপ্ৰিয় মাধ্যম চিঠি। আধুনিকতাৰ প্ৰযুক্তিগত দিশৰ অন্যান্য সামগ্ৰীৰ বাবেই এলাগী হৈছে চিঠি। ডিজিটেল যুগটোৱে ক্ৰমাৎ নিচিহ্ন কৰিছে বহু পুৰণি এক সু-অভ্যাস চিঠি। চিঠিৰ ইতিহাস প্ৰাচীন। বুৰঞ্জীয়ে ঢুকি নোপোৱা সময়ৰ পৰা চিঠিৰ প্ৰচলন চলিছিল। চিঠি লিখিবৰ বাবে এজন বিষয়া নিয়োগ কৰিছিল।পিছে আজি উন্নতিৰ জখলাত খোজ দিয়া মানুহে চিঠিৰ মাদকতা জানো ল’ব পাৰিছে।ক্ৰমে অতীত হ’ব খোজা চিঠিৰ মাদকতা।  কম্পিউটাৰ তথা মোবাইলৰ ফেচবুক, হোৱাটছএপ ইণ্টাৰনেট বিপ্লৱৰ ধামখুমিয়াত পৰি চিঠিৰ ঐতিহ্য আৰু মধুৰতাৰ পৰা বঞ্চিত হৈছে আজিৰ উদিত প্ৰজন্ম ।সমগ্ৰ বিশ্বক বিশ্বায়নৰ ধুমুহাই গো গ্রাসে গিলি কম্পিউটাৰ ইণ্টাৰনেট মোবাইলে চিঠিবোৰ কৰি পেলালে গুৰুত্বহীন ।

ভাৰতীয় তথা অসমীয়া সাহিত্যটো চিঠিয়ে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। মহাকবি কালিদাসে তেওঁৰ অমৰ সৃষ্টি ‘ অভিজ্ঞান শকুন্তলম” ত শকুন্তলাই পদুমৰ ঠাৰিত নখেৰে দুষ্মন্তলৈ চিঠি লিখাৰ মনোৰম বৰ্ণনা আছে। বেদনিধিক অসমীয়া সাহিত্যিৰ প্ৰথম বাৰ্তাবাহক আৰু এওঁ কৃষ্ণলৈ নিয়া চিঠিখনকেই প্ৰথম চিঠি বুলিব পাৰি। মহাপুৰুষ শংকৰদেৱৰ ‘ ৰুক্মিণী হৰণ’ ত এই কাহিনী বৰ্ণিত আছে। অসমীয়া গদ্য সাহিত্যটো চিঠিক বিষয়বস্তু হিচাপে লৈ অপূৰ্ব সৃষ্টিৰাজীৰ সৃষ্টি হৈছে।হলিৰাম ডেকাৰ ‘ আলকালৈ চিঠি, অৰুণাচললৈ চিঠি , জ্ঞানদাভিৰাম বৰুৱাৰ চিঠি ,হেম বৰুৱাৰ ডাক পখিলি,’ ড: লীলা গগৈ নীলা খামৰ চিঠি ‘ বিয়েৰিং চিঠি, চৈয়দ আব্দুল মালিকৰ ‘এখন নিলিখা চিঠি’ আদি উল্লেখযোগ্য।আনহাতে অসমীয়া সাহিত্যৰ পদ্যতো চিঠিক বিষয়বস্তু হিচাপে লোৱা হৈছিল মমতাৰ চিঠি ‘ ড:মহেন্দ্ৰ বৰাৰ ” মধু মালতীৰ চিঠি ” নৱকান্ত বৰুৱাৰ ” উল্কৰ চিঠি ‘ হৰি বৰকাকতিৰ সংসাৰি চিঠি আদি অন্যতম।

বিস্মৃতিৰ বিশাল গৰ্ভত অতীত হ’ব খোজা চিঠিবোৰ উঠি অহা প্ৰজন্মক আৰু অসমীয়া কৃষ্টি সংস্কৃতিৰ ঐতিহ্যৰে বিশ্ব সাহিত্য সৃষ্টি কৰা চিঠিবোৰক পুনুৰুজীৱিত কৰিবলৈ যুৱ প্ৰজন্ম দায়বদ্ধ হব লাগিব।

Was this article helpful?
Yes0No0

You may also like