Skip to content

উত্তৰ – পূৱত ৰে’লৱেৰ আন্ত:গাঁথনি নিৰ্মাণত চৰম হেমাহি

Dr Netraranjan
December 12, 202414 second read
Poor Railway Development in Assam

দেশৰ আন ৰাজ্যৰ তুলনাত অসমত পথ যোগাযোগৰ আন্তঃগাঁথনি নির্মাণ অতি ক্ষুদ্ৰ পৰিসৰৰ। ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ প্ৰতি কেন্দ্ৰৰ উপেক্ষিত মনোভাৱ প্ৰতিফলিত হৈছে। ৰেলৱে আন্তঃগাঁথনি নির্মাণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে পিচ পৰি আছে অসম তথা উত্তৰ-পূর্বাঞ্চল। বিশেষকৈ দ্বৈত ৰে’লপথ নির্মাণ আৰু ৰে’লপথ বৈদ্যুতিকীকৰণত দেশৰ নিম্ন স্থানত আছে অসম। দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে অষ্টলক্ষ্মীৰ বিকাশৰ কথা বাৰাম্বাৰ দোহাৰি আহিলেও উত্তৰ-পূর্বাঞ্চলত ৰে’ল সেৱাৰ আন্তঃগাঁথনিৰ উন্নয়নত দেখুৱাই অহা হেমাহিয়ে উদঙাই দেখুৱাইছে প্রকৃততে কেন্দ্রীয় চৰকাৰৰ এই অঞ্চলটোৰ প্রতি দায়বদ্ধতা কিমান। যি সময়ত দেশৰ প্রায়কেইটা ৰেলৱে মণ্ডলতে দ্বৈত ৰে’লপথ নির্মাণ আৰু বৈদ্যুতিকীকৰণৰ কাম একেবাৰে অন্তিম পর্যায়ত উপনীত হৈছে, সেই সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত আঁচনি ৰূপায়ণত চূড়ান্ত হেমাহি প্ৰদৰ্শন কৰা দেখা গৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক ৰে’লপথ থকা অসমৰ ৰে’লপথৰ মাত্ৰ ৩৯ শতাংশতহে হৈছে বৈদ্যুতিকীকৰণ। তেনেদৰে ৰে’লপথ দ্বৈতকৰণতো দেখা গৈছে অনুৰূপ অৱহেলা। লজ্জাজনক কথা এয়ে যে পূর্বে বাজেট নির্ধাৰণ কৰা একাধিক ৰে’লপথ আজিও নিৰ্মাণ নকৰাকৈ পেলাই থৈ শেহতীয়াকৈ আলফা- চৰকাৰৰ মীমাংসা চুক্তিত সেইবোৰকে ‘নতুন প্রকল্প’ উপহাৰৰূপে প্ৰদান কৰা বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দাবী কৰিছে। তাৎপর্যপূর্ণ কথা যে কেন্দ্রীয় চৰকাৰৰ ৰে’ল মন্ত্ৰ্যালয়ে দেশৰ সকলো ব্ৰডগজ ৰে’লপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ কৰাৰ অন্তিম দিন ২০২৩ বৰ্ষৰ ৩১ ডিচেম্বৰ বুলি ঘোষণা কৰিছিল যদিও সেই দিন ৩১ মার্চলৈ বঢ়াই দিছে। এই সময়ছোৱাত সকলো প্ৰকল্পৰ কামেই সম্পূর্ণ হ’ব লাগিব বুলি নির্দেশ দিয়া ৰে’ল মন্ত্ৰ্যালয়ে ৰহস্যজনক কাৰণতে অসম তথা উত্তৰ-পূবৰ ক্ষেত্ৰত দেখুৱাই আহিছে চূড়ান্ত হেমাহি। ডিচেম্বৰ মাহলৈ সমগ্র দেশত গড় হিচাপত ৯২ শতাংশ বৈদ্যুতিকীকৰণ সম্ভৱ হৈ উঠিছে যদিও অসমৰ এই অৱস্থাই সচেতন নাগৰিক মাত্রেই ভবাই তোলা নাইনে? উল্লেখ্য যে অসমৰ প্ৰেক্ষাপটত ২,৫১৮ কিলোমিটাৰ ৰে’লপথ আছে যদিও ডিচেম্বৰ মাহলৈ বৈদ্যুতিকীকৰণ সম্পূর্ণ হৈ উঠিছে মাথোঁ ৯৮২ কিলোমিটাৰ। শতাংশ হিচাপত মাথোঁ ৩৯ শতাংশ। আনহাতে সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে মণ্ডলত এই প্রকল্প সম্ভৱ হৈ উঠিছে ৪৮ শতাংশ। লক্ষণীয় কথা যে একেখিনি সময়তে দেশৰ ১৪ খন ৰাজ্যত ৰে’লপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে ১০০ শতাংশ। এই ৰাজ্যকেইখন হ’ল ছত্তীশগড়, দিল্লী, হাৰিয়ানা, হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্রদেশ, ওড়িশা, পুডুচেৰী, তেলেংগনা, উত্তৰ প্ৰদেশ, উত্তৰা খণ্ড আৰু ৯ কিলোমিটাৰ জুৰি থকা মেঘালয় ৰাজ্য। একেবাৰে অন্তিম পৰ্যায়ত থকা ৰাজ্যকেইখন হ’ল বিহাৰ, অন্ধ্রপ্রদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিম বংগ, গুজৰাট, কেৰালা, ৰাজস্থান আদি। এইকেইখন ৰাজ্যই ইতিমধ্যে বৈদ্যুতিকীকৰণৰ ক্ষেত্ৰত ৯০ শতাংশৰ সীমা অতিক্ৰম কৰিছে। লজ্জাজনক কথা এয়ে যে বৈদ্যুতিকীকৰণৰ ক্ষেত্ৰত নিম্নস্থানত আছে মাথোঁ উত্তৰ-পূবৰ ৰাজ্যকেইখন। এইকেইখন ৰাজ্যৰ ভিতৰত অৱশ্যেই ৰে’লপথ বেছিকৈ আছে মাথোঁ অসমতহে, সেয়ে উত্তৰ-পূব বুলিলে ৰে’লপথৰ ক্ষেত্ৰত অসমৰ কথাকহে প্রাধান্য দিয়া যায়।

একে সময়তে অসমত দ্বৈত ৰে’লপথ নির্মাণতো সিমানেই হেমাহি কৰাৰ অভিযোগ উঠিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ তথ্য অনুসৰি নিউ গুৱাহাটীৰ পৰা গোৱালপাৰা হৈ বঙাইগাঁৱলৈ নিৰ্মাণ কৰিবলগীয়া দ্বৈত ৰে’লপথৰ কাম ২০১৭-১৮ বৰ্ষৰ বিত্তীয় বাজেটতে ঘোষণা কৰা হৈছিল। বিশেষকৈ গুৱাহাটীৰ পৰা আজাৰালৈকে পথছোৱা অতি লেহেম গতিত চলি আছে। ইফালে নিউ বঙাইগাঁৱৰ পৰা নলবাৰী হৈ আজ্ঞাঠুৰীলৈকে ১৪২.৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথছোৱা আজ্ঞাঠুৰীলৈ সম্পূৰ্ণ হৈছে কিন্তু শৰাইঘাট দলংসহ কামাখ্যালৈ নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ৭ কিলোমিটাৰৰ কোনো কাম আগবঢ়া নাই। তথ্যমতে শৰাইঘাট দলঙৰ বাবে ২০১৭-১৮ বর্ষতে বাজেটত ১১০৬.৬৭ কোটি টকা ধৰা হৈছিল। তেনেদৰে কামাখ্যা-নিউ গুৱাহাটীলৈ ত্ৰিপথযুক্ত ৰে’লপথটোৰে কোনো কাম আৰম্ভ কৰা নাই, ইয়াৰ বাবে ২০১৭-১৮ বর্ষতে বাজেটত ৬,১২৪ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। আজিপর্যন্ত কোনো কামেই আগবঢ়োৱা নাই লামডিং-তিনিচুকীয়া- ডিব্ৰুগড় জংচন দ্বৈত ৰে’লপথ নিৰ্মাণৰ। ২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেটত নিৰ্ধাৰণ কৰা হৈছিল ৩,৮১০ কোটি টকাৰ এক বৃহৎ পুঁজি। ৩৮১ কিলোমিটাৰজোৰা এই পথটোৰে কেতিয়া ৰে’লসেৱা আৰম্ভ হ’ব সেয়া আজিৰ তাৰিখত অনিশ্চয়তাৰে ভৰা।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top