জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 8, 2026

আইদেউ সন্দিকৈ, অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম গৰাকী অভিনেত্ৰী

by Janagana Desk
1 minutes read
Aaideu Handiq: First Assamese Actress

আইদেউ সন্দিকৈ নামটো চিনি পাইছেনে? অসমৰ চলচ্চিত্ৰ জগতৰ এক ধ্ৰুৱ তৰা, হয় অসমৰ চলচ্চিত্ৰ জগতৰ বাট মুকলি কৰি নাৰীৰ বাবে এক আদৰ্শ। ১৯১৫ চনত গোলাঘাট জিলাৰ মহুৰা মৌজাৰ পানীদিহিঙীয়া গাঁৱত আইদেউ সন্দিকৈৰ জন্ম হয়। আইদেউৱেই হৈছে প্ৰথম অসমীয়া বোলছবিৰ নায়িকা , ছবি খন আছিল জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মান কৰা প্ৰথম কথাছবি “জয়মতী”। ছবি খনত আইদেউ সন্দিকৈয়ে চৰিত্ৰ ৰূপায়ন কৰোতে পৰপুৰুষক বঙহৰদেৱ সম্বোধন কৰাৰ বাবে গাৱৰ ৰাইজে এঘৰীয়া কৰিছিল , সেই সময়ত চিনেমাত অভিনয় কৰাটো অপৰাধ তুল্য আছিল। সমাজৰ এলান্ধুকলীয়া নীতি-নিয়মৰ গইনা লৈ আইদেউক সমাজৰ পৰা বৰ্জন কৰা হৈছিল। পুৰুষতান্ত্ৰিক ৰক্ষণশীল সমাজে নাৰীৰ প্ৰস্থিতি অধিক নিম্ন মানৰ কৰি তুলিছিল আৰু পৰিচয় দিছিল ঠেক তথা নিম্ন মানসিকতাৰ।   

প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ত নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা আইদেউ সন্দিকৈ  আমাৰ বাবে আদৰ্শ আৰু বৰ্তমান নাৰী সমাজৰো এক মূৰ্ত প্ৰতীক। কু সংস্কাৰ – অংশবিশ্বাসত ডুব যোৱা সমাজখন খনৰ পৰা চিনেমা কৰিবলৈ ওলাই গৈ এক ন চিন্তাৰ এক ন পথৰ সন্ধান দিছিল পৰৱৰ্তী প্ৰজন্মক। আজীৱন উকা সেওঁতাৰে চিৰকুমাৰী হৈ মৃত্যুক আকোঁৱালি লোৱা চিৰপৰিচিত এই মহীৰূহ নাৰী গৰাকী ত্যাগ আৰু সহনশীলতাৰো প্ৰতীক। এই মহীয়সী নাৰী ২০০২ চনৰ ১৭ ডিচেম্বৰৰ দিনা ইহলীলা সম্বৰণ কৰে।

Was this article helpful?
Yes0No0

You may also like