জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 16, 2026

বগামাটি: পৰ্যটকৰ আকৰ্ষণ

by Janagana Desk
1 minutes read
Picnic Spot: Bogamati

বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী বৰনদী বনাঞ্চলৰ গাতে লাগি আছে সৌন্দৰ্যৰ ৰাণী বগামাটি। কেৱল মনোমোহা সৌন্দৰ্যই নহয়, বৰনদীৰ নিৰ্মল জলধাৰাত চলা দুঃসাহসিক অভিযান তথা ৰাফটিঙেও বনভোজকাৰী দলক বগামাটিলৈ আকৰ্ষণ কৰে৷ ইয়াৰ পাহাৰত ট্ৰেকিং তথা পৰ্বতাৰোহণৰ সুবিধা ভ্ৰমণকাৰীসকলৰ বাবে অন্যতম আকৰ্ষণ৷ নৌকা বিহাৰ, ৰাফটিং, জিপ লাইন, নৈশ যাপন, জংঘল ট্ৰেকিং কৰিব পৰাকৈ বগামাটিত গ্ৰীণ ট্ৰেক এডভেন্সাৰ নামৰ সংস্থাটোৱে বিগত কেইবাবছৰ ধৰি বিশেষ অৰিহণা যোগাই আহিছে৷ ২০১৫ চনৰ পৰা দুঃসাহসিক ক্ৰীড়া আৰম্ভ কৰি বগামাটিক অসমৰ পৰ্যটনক্ষেত্ৰৰ সৈতে সংযুক্ত কৰি ৰখা গ্ৰীন ট্ৰেক এডভেঞ্চাৰে নৈশ যাপন অৰ্থাৎ কেম্পিঙৰ ব্যৱস্থাও কৰিছে বগামাটিত। বগামাটিৰ বৌদ্ধ মূৰ্তি (Buddha statue in Bogamati) পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ অসমত এক প্ৰকাৰ বিলুপ্তিৰ পথত থকা বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতি দেখিবলৈ পোৱা যায় এই বগামাটিত (Endangered birds in Bogamati)৷ বগামাটিৰ বগৰীৰো আছে বিশেষ বৈশিষ্ট৷ গাহৰি মাংস পোৰাৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ থলুৱা আৰু জনজাতীয় খাদ্য সম্ভাৰ উপলদ্ধ হয় বগামাটিত (Traditional foods in Bogamati picnic spot)৷ নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বগামাটি জাতিস্কাৰ হৈ পৰে। ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ নিৰ্মল জলধাৰাৰ বাবে ভাৰত-ভূটান সীমান্তৰ বগামাটিয়ে পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছে। পৰ্যটনস্থলী বগামাটিয়ে বিগত প্ৰায় দহটা বছৰে ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে এসময়ত বগামাটিৰ বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সুৰক্ষিত স্থান হিচাপে বদনাম আছিল। একালত আলফাৰ গুলী-বাৰুদ, বোমাৰ শব্দ প্ৰতিফলিত হৈছিল ইয়াত৷ ভূটানত আলফাৰ বিৰুদ্ধে অপাৰেচন অল ক্লিয়াৰ চলাৰ সময়ত বগামাটিৰ পৰিৱেশ হৈ পৰিছিল অতি ভয়ংকৰ। কিন্তু এতিয়া ইয়াত শুনা যায় ঢোল, গীটাৰ, চিফুঙৰ সুৰ৷ বগামাটি অঞ্চলৰ কেইবাগৰাকীও যুৱকৰ সন্মিলিত প্ৰচেষ্টাত গঠন হোৱা দাওৰাঝাৰ ইক’ ট্যুৰিজিম ছ’চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বগামাটিৰ দায়িত্ব মূৰ পাতি লৈছে৷

বছৰটোৰ শেষত তথা নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰকৃতিৰ কোলাত এদিন এসাঁজ খোৱাৰ হাবিয়াসেৰে অহা পৰ্যটকৰ বাবে যেন সকলোখিনি উজাৰি দিবলৈ সাজু হৈ উঠে প্ৰকৃতিৰাণী বগামাটি।

Was this article helpful?
Yes0No0

You may also like