লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে এখন সাংবিধানিক সংশোধনী বিধেয়ক ‘ এক দেশ এক নিৰ্বাচন ‘ ক লৈ দেশজুৰি বিতৰ্ক , চিন্তা চৰ্চাৰ অন্ত নাই। দীৰ্ঘদিনীয়া জল্পনা-কল্পনা, বিতৰ্কৰ অন্তত সংসদত উত্থাপন হ’ল এক দেশ, এক নিৰ্বাচনী বিধেয়ক।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনত উত্থাপন কৰা এক দেশ, এক নিৰ্বাচনৰ বিষয়টো নতুন নহয়। পূৰ্বতে ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ স্বাধীন হোৱাৰ পিছত ১৯৫০ চনত সংবিধান গৃহীত হয়। ইয়াৰ পিছতে ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈ লোকসভা আৰু ৰাজ্যৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত হৈছিল। অর্থাৎ ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈকে এক দেশ এক নির্বাচন প্রচলিত হৈছিল। ১৯৫২, ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত হৈছিল যদিও পিছলৈ নতুন ৰাজ্যৰ গঠন আৰু পুৰণি কিছু ৰাজ্যক পুনৰ সংগঠিত কৰাৰ পৰিপ্ৰেক্ষিতত ১৯৬৮-১৯৬৯লৈ কেইবাখনো বিধানসভা ভংগ কৰিবলগীয়া হয়। পৰৱৰ্তী সময়ত লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত কৰাটো প্ৰত্যাহাৰ কৰা হয়। ১৯৮৩ চনত পুনৰ নিৰ্বাচন আয়োগে একেলগে দেশত নির্বাচন পতাৰ বাবে বার্ষিক প্রতিবেদনত পৰামৰ্শ আগবঢ়ায়। ১৯৯৯ চনত আইন আয়োগেও নির্বাচন আয়োগৰ পৰামৰ্শৰ আধাৰত এক দেশ এক নিৰ্বাচনৰ প্ৰাসংগিকতা আছে বুলি প্রতিবেদন দিয়ে। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্রহণ কৰাৰ পিছত লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত কৰাৰ পক্ষত জোৰ দিয়ে। ২০২২ চনৰ ডিচেম্বৰত আইন আয়োগে ৰাজনৈতিক দলসমূহ, ভাৰতৰ নির্বাচন আয়োগ, আমোলা আৰু বিশেষজ্ঞসকলৰ পৰা মতামত বিচাৰে। এক দেশ এক নির্বাচন সন্দৰ্ভত সপক্ষে আৰু বিপক্ষে অনেক যুক্তি আছে। সপক্ষৰ যুক্তিসমূহ হৈছে- লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত হ’লে ব্যয় হ্রাস পাব, সময় বাচিব আৰু চৰকাৰে নির্বাচন জিকাতকৈ পাঁচ বছৰৰ সুস্থিৰ চৰকাৰ চলোৱাত গুৰুত্ব দিব পাৰিব। বিপক্ষৰ যুক্তিসমূহৰ ভিতৰত ই ভি এম মেচিনৰ আয়ুসকাল ১৫ বছৰ। এনে কাৰণত তিনিবাৰতকৈ অধিক নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব। নিৰ্বাচনৰ নতুন নিয়ম হ’লে সংবিধান আৰু জনপ্রতিনিধি আইন সংশোধন কৰিব লাগিব। ৰাজ্য আৰু ৰাজনৈতিক দলৰ সন্মতি লাগিব। সপক্ষ আৰু বিপক্ষৰ অনেক যুক্তিৰ মাজতো এই কথাও গুৰুত্বপূৰ্ণ যে ভাৰত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ।
প্ৰধানমন্ত্ৰীয়ে এক দেশ, এক নিৰ্বাচনৰ সপক্ষে দিয়া যুক্তিৰ কেন্দ্ৰবিন্দু আছিল দেশৰ সম্পদ ৰাহি কৰা আৰু সঘনাই নিৰ্বাচনৰ ফলত শাসন ব্যৱস্থাত সংঘটিত বিঘিনি হ্ৰাস কৰা।এক দেশ, এক নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ সুবিধা হ’ল নিৰ্বাচনৰ খৰচ কমি যাব। পৃথক পৃথক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰতিবাৰেই বিপুল পৰিমাণৰ ধন ব্যয় কৰা হয়। সঘনাই নিৰ্বাচনে প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ ওপৰত বোজা জাপি দিয়ে, কিয়নো প্ৰতিবাৰেই নিৰ্বাচনী কৰ্তব্য পালন কৰিবলগীয়া হয়। নিৰ্বাচন শেষ হ’লে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কামত গুৰুত্ব দিব পাৰিব। বাৰে বাৰে নিৰ্বাচনী প্ৰক্ৰিয়ালৈ নাযায় আৰু উন্নয়নমূলক কামত মনোনিৱেশ কৰিব পাৰিব।
দেশখনক “একনায়কত্ববাদ”ৰ দিশে ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে নেকি শাসনাধিষ্টিত চৰকাৰে ? এক দেশ এক নিৰ্বাচন য়ে সংবিধানৰ ফেডাৰেল গাঁথনিৰ উলংঘা কৰিব। একেলগে নিৰ্বাচনে ফেডাৰেল গণতান্ত্ৰিক গাঁথনিক ক্ষতিগ্ৰস্ত কৰিব আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহক প্ৰান্তীয়ভাৱে ঠেলি দিব। কেন্দ্ৰীয় চৰকাৰ পতন হ’লে ৰাজ্য চৰকাৰ এখন কিয় পতন হ’ব? যুক্তিসংগত দিশক লৈ সমাজসচেতন তথা আন আন দলসমূহে ‘এক দেশ এক নিৰ্বাচন’ গ্ৰহণযোগ্যতাক অস্বীকাৰ কৰিছে।
ভাৰতৰ ফেডাৰেল ব্যৱস্থাই ৰাজ্যসমূহক স্বতন্ত্ৰভাৱে কাম কৰিবলৈ অনুমতি দিয়ে। কিন্তু এক দেশ এক নিৰ্বাচনে ক্ষমতা কেন্দ্ৰীভূত কৰি ৰাজ্যৰ স্বায়ত্তশাসন হ্ৰাস কৰিব পাৰে। বিভিন্ন ৰাজ্যৰ নিজস্ব একক বিষয়ৰ গোট আছে যিবোৰ ইটোৱে সিটোৰ পৰা যথেষ্ট পৃথক। সংবিধানৰ অধীনত ক্ষমতা বিভাজন অনুসৰি ভোটাৰৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিজ নিজ ক্ষমতা আৰু দায়িত্ব আছে।লোকসভা আৰু সকলো ৰাজ্যিক বিধানসভালৈ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিলে ৰাষ্ট্ৰীয় বিষয়সমূহে আঞ্চলিক আৰু ৰাজ্যিক নিৰ্দিষ্ট বিষয়সমূহক প্ৰভাৱ পেলাব। এই ব্যৱস্থাৰ বাবেই আঞ্চলিক দলতকৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে যথেষ্ট সুবিধা লাভ কৰিব।
যদিও খৰচ হ্ৰাস কৰাৰ উদ্দেশ্য আছিল, কিন্তু অতিৰিক্ত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) আৰু ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল (ভিভিপিএটি) ক্ৰয়কে ধৰি একেলগে নিৰ্বাচনৰ বাবে প্ৰাৰম্ভিক ছেটআপৰ বাবে যথেষ্ট ব্যয়ৰ প্ৰয়োজন হ’ব পাৰে । সময় আৰু ধনৰ অপচয় ৰোধ কৰি ৰাইজক সকাহ দিয়াৰ আশা কৰা চৰকাৰৰ এনে সিদ্ধান্তই এটা পৰ্যায়ৰ নিৰ্বাচনতে পুৰণি ই ভি এম সলনি কৰিবলৈ ব্যয় কৰিব লাগিব মোটা অংক । আকৌ একে সময়তে বিভিন্ন কেন্দ্ৰত নিয়োজিত কৰিব লাগিব নিৰাপত্তা বাহিনী আৰু বিষয়া ।
সংবিধানৰ আৰু লোকতান্ত্ৰিক মূল্যবোধৰ দিশৰ পৰাও প্ৰত্যাহ্বান আহিব। ভাৰতত প্ৰত্যোক ৰাজ্যৰ নিজৰ নিজৰ দাবী থাকে আৰু সেই অনুসৰি ৰাজ্য চৰকাৰে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰে। যদি এক ৰাষ্ট্ৰ এক নিৰ্বাচন হয় তেতিয়া স্থানীয় বিষয়সমূহে প্ৰাধান্য কমকৈ পাব। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিষয়সমূহে ৰাজ্যসমূহৰ সমস্যাত প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল লাভান্বিত হোৱাৰ বিপৰীতে ৰাজ্যৰ দল বা স্থানীয় দলসমূহ লোকচানৰ সন্মুখীন হ’ব পাৰে।ভাৰতৰ নিৰ্বাচনী দৃশ্যপটক নতুন ৰূপ দিব পৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ ফলত স্থানীয় সমস্যাসমূহৰ সমাধানৰ বাবে মাত মতা আঞ্চলিক দলবোৰ ৰাষ্ট্ৰীয় সমস্যা তথা ৰাষ্ট্ৰীয় দলৰ দ্বাৰা অৱদমিত হব।
নিৰ্বাচনৰ সময়ত বিভিন্ন স্তৰৰ শাসনৰ বাবে একাধিক বেলটৰ সৈতে ভোটাৰসকলে বিভ্ৰান্ত হ’ব পাৰে বা স্থানীয় বিষয়তকৈ ৰাষ্ট্ৰীয় বিষয়সমূহক অগ্ৰাধিকাৰ দিব পাৰে, যিয়ে সম্ভাৱ্যভাৱে আঞ্চলিক উদ্বেগক ছাঁ দিব পাৰে।
যদি কোনো ৰাজ্য চৰকাৰ আগতীয়াকৈ ভংগ কৰা হয়, তেন্তে পৰৱৰ্তী সমন্বিত নিৰ্বাচনৰ বাবে অপেক্ষা কৰিলে ইয়াক দীৰ্ঘ সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত থাকিব পাৰে, যাৰ ফলত শাসন ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে।লোকসভা বা বিধানসভাৰ ম্যাদ বৃদ্ধি কৰাটো যিহেতু সাংবিধানিক নহয় গতিকে এখন চৰকাৰ অকালতে পতন ঘটিল বা ধ্বংস হলে কি হব সেইয়া এক চিন্তনীয় আৰু বিচাৰ্য বিষয়। কাৰণ এখন চৰকাৰৰ পতনে বিপদ মাতি আনিব সাধাৰণ ৰাইজৰ বাবে। আনহাতে এটা নিৰ্বাচনত সংখ্যাগত পৰিমান যথেষ্ট বৃদ্ধিৰ ফলত নিৰ্বাচনৰ ফলাফল ঘোষনাটো পলম হোৱাৰ লগতে বিশৃঙ্খলতাৰ সৃষ্টি হব।
অৱশ্যে সংবিধানৰ সংশোধনী আৰু সেই সংশোধনী সকলো ৰাজ্য- কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ লগতে ডাঙৰ ৰাজনৈতিক দলৰ অনুমোদন অবিহনে এয়া সম্ভৱ নহয়। এক ৰাষ্ট্ৰ এক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৮৩ নং অনুচ্ছেদ (সংসদৰ কাৰ্যকাল), ৮৫ নং অনুচ্ছেদ (ৰাষ্ট্ৰপতিৰ দ্বাৰা লোকসভা ভংগ কৰা), ১৭২ নং অনুচ্ছেদ (ৰাজ্যিক বিধায়িনী দলৰ সময়সীমা), আৰু ১৭৪ নং অনুচ্ছেদ (ৰাজ্যিক বিধায়িনী দল ভংগ কৰা), লগতে ৩৫৬ নং অনুচ্ছেদ (ৰাষ্ট্ৰপতিৰ কাৰ্যকাল জাপি দিয়া নিয়ম) সলনি কৰিব লাগিব।