আমাৰ দৰ্শকসকলক জনাবলৈ পাই আনন্দিত হৈছোঁ যে অসমৰ ইলেকট্ৰনিক আৰু প্ৰিন্ট মাধ্যমৰ সৈতে আশীৰ দশকৰ পৰা জড়িত দিৱস ফুকনে আপোনাৰ আপোন জনগণ বাৰ্তাৰ এডিটৰ-ইন-চিফ ৰূপে যোগদান কৰিছে। দা চেন্টিনেল গ্ৰুপৰ অসমীয়া কাকত আজিৰ অসমত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা ফুকনে পৰবৰ্ত্তী কালত নতুন দৈনিক, সূত্ৰধাৰ, অগ্ৰদূত কাকতৰ ক্ৰমে ৰিপোৰ্টাৰ, সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে সুদীৰ্ঘ সাত বছৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বাতৰি পৰিবেশক হিচাপে কাম কৰিছিল। পাছলৈ তেখেতে ইণ্ডিয়ান টি এচোছিয়েশ্যন, মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট, বিশ্ব স্বাস্থ্য সংস্থাৰ আৰ. চি. এইছ. আঁচনিআৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগকে ধৰি বিভিন্ন জেষ্ঠ্য পদত কাৰ্যনিৰ্বাহ কৰি বিভিন্ন ক্ষেত্ৰৰ পৰা অভিজ্ঞতা অৰ্জন কৰে। জনগণ বাৰ্তাত তেখেতৰ যোগদানে এই সংবাদ মাধ্যমক এক নতুন গতি আৰু শক্তি প্ৰদান কৰিব।
জনগণ বাৰ্তাৰ মুখ্য সম্পাদক হিচাবে যোগদান দিৱস ফুকনৰ
December 29, 2024•0 second read

Janagana Desk
Janagana Barta News Desk, Guwahati.
Related Articles
Most Discussed






