সময় সলনি হৈছে; সলনি হৈছে মানুহৰ মন, সলনি হৈছে যোগাযোগৰ মাধ্যম। এতিয়া বাতৰি কাকত বা টেলিভিচনতকৈ আগতে খবৰ পোৱা যায় ছ’চিয়েল মিডিয়াত। হাতে হাতে স্মাৰ্টফোন। এই ম’বাইলত লগতে আছে ছ’চিয়েল মিডিয়া বিশেষ ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টুইটাৰ আদি। বর্তমান সময়ত ডিজিটেল উপকৰণসমূহ আমাৰ দৈনন্দিন জীৱনৰ এৰাব নোৱৰা অংশ হৈ পৰিছে। ইয়াৰ ভিতৰত ম’বাইল ফোন, কম্পিউটাৰ, লেপটপ আদি প্রধান। কিন্তু আধুনিকতাৰ গ্ৰাসত আমি নেতিবাচক দিশটোক যেন আওকাণ কৰি আহিছোঁ। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে ম’বাইল ফোন যে কিমান ক্ষতিকাৰক এই বিষয়ে জ্ঞাত হোৱাৰ পিছতো এই আসক্তিৰ পৰা মুক্ত হব পৰা নাই। স্মার্ট ফোনৰ অত্যধিক আৰু অনাৱশ্যক ব্যৱহাৰে এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক দিশত বহু ধৰণৰ বিৰূপ প্রভাৱ পেলায়। সৃষ্টি কৰে এনে কিছুমান সমস্যা যিবোৰৰ কাৰক আজিৰ এই ডিজিটেল যুগ।
(১) ন’ম’ ফ’বিয়া (NOMO): ই এক ধৰণৰ মানসিক সমস্যা য’ত ব্যক্তিজনে নিজৰ ম’বাইল ফোনটো লৈ সকলো সময়তে সচেতন হৈ থকা দেখা যায়। ৰাতিপুৱা শুই উঠিয়ে ফোনটো নিৰীক্ষণ কৰা, দিনৰ প্রতিটো মুহূৰ্ততে ফোনটো হাতত ৰখা আৰু নিশা বহু সময়লৈকে ছছিয়েল মিডিয়াত ব্যস্ত থকা। ফোনৰ বেটেৰিৰ চার্জ শেষ হ’লে বা কভাৰেজ ক্ষেত্ৰৰ বাহিৰ হ’লে ছটফটাই থকা ইত্যাদি বা ইয়াৰ উপৰিও অস্থিৰ, খিংখিঙীয়া স্বভাৱৰ হৈ পৰা আৰু অবাধ্য হৈ পৰা আদিবোৰ ন’ম’ ফ’বিয়াৰ বা ন’ম’বাইল ফ’বিয়াৰ লক্ষণ।
২) ফিয়েৰ অব মিছিং আউট (FOMO): FOMO ফ’বিয়াও এক ধৰণৰ মানসিক সমস্যা, যাৰ কিছু লক্ষণ ন’ম’ ফ’বিয়াৰ দৰে। ইয়াত আক্রান্ত ব্যক্তিজনে সর্বক্ষণ সাম্প্রতিক ঘটনাৱলীৰ সম্পৰ্কে সচেতন হৈ থাকে। ইণ্টাৰনেট বা অন্যান্য ছছিয়েল মিডিয়া ইয়াৰ এটা সুচল মাধ্যমৰূপে বিবেচিত হৈছে। তেনেক্ষেত্রত ম’বাইল ফোনটো ওচৰত নাথাকিলে বা কোনো কাৰণত ফোনত বা কম্পিউটাৰত ইণ্টাৰনেটৰ সুবিধা ব্যাহত
(৩) ফেল্টম ফোন ছিনড্রম: ই এনে এটা অৱস্থা, যিকোনো সময়তে ব্যক্তি এজনে ফোনটো ভাইব্রেছন হৈ থকা যেন অনুভৱ কৰে আৰু তেওঁ ফোনৰ ৰিং বজাক লৈ সদা সতর্ক হৈ থাকে।
(৪) ফেছবুক ডিপ্ৰেছন: বহুলভাবে চর্চিত এটা বিষয় হৈছে ফেছবুক ডিপ্রেছন। শেহতীয়াকৈ লগত সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত যেনেদৰে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে, তেনেদৰে বহুতৰে বাবে ই এটা ডিপ্ৰেছনৰো কাৰণ বুলি বিশ্বৰ বহুতো আগশাৰীৰ প্রতিষ্ঠানে কৰা গবেষণাই প্রমাণ কৰিছে। ইয়াৰ কাৰণ বিভিন্ন ধৰণৰ হ’ব পাৰে। উদাহৰণস্বৰূপে ফেছবুকৰ দবে জনপ্রিয় ছছিয়েল মাধ্যমত সাধাৰণতে বতৰা কৰে। যেনে-ক’ৰবাত ফুৰিবলৈ যোৱা, সুস্বাদু খাদ্যৰ জুতি লোৱা, নতুন কোনোৱে নিজৰ ভাল লগা কিছু মুহূর্ত ভাগ- সম্পদ ক্রয় কৰা ইত্যাদি বহু ধৰণৰ কথা। কিন্তু কাৰোবাৰ এনে আনন্দদায়ক মুহূর্ত কাৰোবাৰ বাবে ডিপ্ৰেছনৰ কাৰণ হ’ব পাৰে কোনো এজন ব্যক্তিৰ কোনো প’ষ্টত কৰা বুলিও ইতিমধ্যে প্রমাণিত হৈছে। আনকি লাইক, কমেন্ট বা শ্বেয়াৰেও কাৰোবাক মনোকষ্ট দিব পাৰে। এই ধৰণৰ কথাবোৰে বিশেষকৈ কম বয়সীয়াসকলৰ ক্ষেত্ৰত বেছিকৈ প্রাধান্য বিস্তাৰ কৰে।
(৫) ছাইবাৰ ক’ন্ড্রিয়া: ই এক ধৰণৰ মানসিক সমস্যা। এই ক্ষেত্রত ব্যক্তিয়ে নিজৰ শাৰীৰিক অসুস্থতাৰ লক্ষণসমূহ ইণ্টাৰনেটৰ সহায়ত বিচাৰি প্ৰকৃত ৰোগ আৰু তাৰ নিদানৰ বাবে প্রয়াস কৰে। কিন্তু বহুক্ষেত্ৰত বহুলোকৰ বাবে ই আহুকলীয়া পৰিস্থিতিৰ উদ্ভৱ কৰিব পাৰে। উদাহৰণস্বৰূপে আমি যদি ইণ্টাৰনেটত মূৰৰ বিষৰ কাৰণসমূহৰ বিষয়ে জানিবলৈ প্রয়াস কৰোঁ তেনেহ’লে বিভিন্ন ছাইটত অন্যান্য কাৰণসমূহৰ লগতে ব্রেইন টিউমাৰৰ উল্লেখো পোৱা যাব। কাজেই ই ব্যক্তিজনক মানসিকভাবে অস্থিৰ কৰি তোলাৰ লগতে আহুকলীয়া পৰিস্থিতিতো পেলাব পাৰে। এজন অভিজ্ঞ চিকিৎসকে দেখা পোৱা লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি ৰোগৰ চিনাক্ত কৰি তাৰ উপযুক্ত বিধান দিয়া আৰু কোনো এজন লোকে ইণ্টাৰনেটৰ সহায়ত নিজে নিজে ৰোগ নিৰূপণ কৰি তাৰ নিদান লাভ কৰাৰ মাজত বহুত পার্থক্য থাকে।
এনেধৰণৰ নানান সমস্যাৰে ভাৰাক্ৰান্ত হৈ আহিছে যুৱ প্ৰজন্ম। সাম্প্রতিক ঘটনাৱলীৰ বিষয়ে অৱগত হৈ থকাটো এটা গুৰুত্বপূৰ্ণ কথা। ইণ্টাৰনেট বা অন্যান্য ছছিয়েল মিডিয়া ইয়াৰ এটা সুচল মাধ্যমৰূপে বিবেচিত হৈছে। কিন্তু সঠিকৰূপত ব্যৱহাৰ নকৰিলে নিয়ন্ত্ৰণহীন হৈ পৰিব।