গণতন্ত্র দিৱস বা গণৰাজ্য দিৱস ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন গ্রহণ কৰাৰে পৰা ভাৰতবৰ্ষত মহা ধুম-ধামেৰে প্ৰতিবছৰে পালন কৰি অহা হৈছে। গণতন্ত্র মানে আমাৰ সকলোৰে সমান অধিকাৰ।
শাসন ব্যৱস্থাত যাতে পোনপটীয়াকৈ অংশগ্রহণ কৰিব পাৰোঁ। আমাৰ দ্বাৰা নির্বাচিত প্রতিনিধিয়ে দেশ শাসন কৰিব পাৰে। সেয়ে সেইসকলক বোলা হয় জনপ্রতিনিধি। কিন্তু প্ৰশ্নটো হ’ল আমি সঁচাকৈ গণতন্ত্র উপভোগ কৰিবলৈ পাইছোঁনে ?
সংবিধানত গণতন্ত্ৰৰ পৰিকাঠামো আৰু মৌলিক অধিকাৰসমূহ সযতনে সংৰক্ষণ কৰা হৈছে। তথাপি প্ৰকৃত গণতন্ত্ৰ লাভ কৰাৰ ক্ষেত্ৰত বাস্তৱিক ক্ষেত্ৰত প্ৰত্যাহ্বান এতিয়াও আছে। ভাৰতক গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ়ি তোলাত বিভিন্ন কাৰণ বাধা সৃষ্টি কৰিছে। এই বাধাসমূহ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত দেখা পোৱা যায়।
ৰাজনৈতিক প্ৰণালীত দুৰ্নীতি এক ডাঙৰ সমস্যা।ৰাজনৈতিক আৰু চৰকাৰী ক্ষেত্ৰত দুৰ্নীতিয়ে গণতান্ত্ৰিক ব্যৱস্থাক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। জনগণৰ কল্যাণমূলক সম্পদৰ অপচয় গণতন্ত্ৰৰ মুল উদ্দেশ্যৰ সম্পূৰ্ণ বিপৰীত। ই গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত জনগণৰ বিশ্বাস নষ্ট কৰে। ২০২৩ চনৰ দুৰ্নীতিৰ ধাৰণা সূচকাংকত ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৯৩ সংখ্যক ।ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ সামগ্ৰিক স্ক’ৰ বহুলাংশে অপৰিৱৰ্তিত হৈ থকাৰ বাবে ২০২৩ চনৰ বাবে দুৰ্নীতিৰ ধাৰণাৰ সূচকাংকত ১৮০খন দেশৰ ভিতৰত ৯৩ নম্বৰ স্থানত আছে। ২০২৩ চনত ভাৰতৰ সামগ্ৰিক স্ক’ৰ আছিল ৩৯ আনহাতে ২০২২ চনত ই আছিল ৪০। ২০২২ চনত ভাৰতৰ ৰেংক আছিল ৮৫।
এক বৃহৎ অংশৰ জনসংখ্যা এতিয়াও অশিক্ষিত। অজ্ঞতা আৰু শিক্ষাৰ অভাৱত বহু সময়ত ভোটৰ অধিকাৰৰ সদ্ব্যৱহাৰ হোৱা দেখা নাযায়।জনগণ সচেতন নহ’লে গণতন্ত্ৰৰ সঠিক বাস্তৱায়ন কঠিন হয়। ভোটাধিকা সদ্ব্যৱহাৰ কৰা জনগণৰ সংখ্যা বৰ্তমানেও সীমিত । গণতান্ত্ৰিক চেতনাৰ বিস্তাৰৰ বাবে শিক্ষাৰ প্ৰয়োজন, কিন্তু ভাৰতত সাৰ্বজনীন শিক্ষাৰ অভাৱ লক্ষ্যণীয়। ২০২৫ চনলৈকে ভাৰতৰ সামগ্ৰিক সাক্ষৰতাৰ হাৰ ৭৭.৭%, যিয়ে পূৰ্বৰ বছৰবোৰৰ পৰা অবিৰত অগ্ৰগতি প্ৰতিফলিত কৰে। ২০১১ চনৰ লোকপিয়লৰ পৰিসংখ্যা ৭৪.০৪%ৰ তুলনাত উন্নত হ’লেও ইয়াৰ অৰ্থ হ’ল এতিয়াও প্ৰতি চাৰিজন ভাৰতীয়ৰ ভিতৰত এজন নিৰক্ষৰ হৈয়েই আছে। পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৪.৭%, আনহাতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৭০.৩%।
ধৰ্ম আৰু জাতিৰ নামত চলা ৰাজনীতি গণতন্ত্ৰ বিৰোধী। ধৰ্ম আৰু জাতি ভিত্তিক ৰাজনীতি গণতন্ত্ৰৰ মুল নীতিৰ পৰা দিশভ্ৰষ্ট কৰে।ই জাতিগত আৰু সামাজিক বৈষম্য বৃদ্ধি কৰে। ৰাজনৈতিক দলসমূহে ধৰ্ম আৰু জাতি ভিত্তিক মুদাক কেন্দ্ৰ কৰি ভোটাৰক প্ৰভাৱিত কৰে।
ধৰ্মীয় আৰু জাতিগত মুৰ্খামিৰ বাবে ৰাষ্ট্ৰীয় একতা ক্ষতিগ্ৰস্ত হয়। ধৰ্মীয় মৌলবাদ, জাতি ভিত্তিক আন্দোলন আৰু সাম্প্ৰদায়িক হিংসা গণতান্ত্ৰিক সমাজৰ স্থিতিশীলতাৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলায়। শাসকীয় পক্ষই সততে ধৰ্মীয় অনুষ্ঠান-প্ৰতিস্থানলৈ ৰাজসাহায্য প্ৰদানৰ এক চেষ্টা কাৰ্যকৰী কৰে। বিশেষকৈ আৰ্থিক অনুদান এনে সাহায্যৰ অন্যতম। ধৰ্মীয় আনুষ্ঠান-প্ৰতিস্থানসমূহৰ মেৰামতিৰ বাবদ এনে আৰ্থিক সাহায্য প্ৰদান কৰা যায়। ইয়াৰ মাধ্যমেৰে শাসকে সেই বিশেষ ধৰ্মীয় সম্প্ৰদায়সমূহ (যিসমূহ সম্প্ৰদায়ৰ ধৰ্মীয় আনুষ্ঠানৰ মেৰামতিৰ বাবে আৰ্থিক সাহায্য দিয়া হৈছে)ৰ জনগণৰ আস্থালাভৰ চেষ্টা চলায়। মূল উদ্দেশ্য হৈছে জনগণৰ আস্থাৰ সহায়ত নিৰ্বাচনী বৈতৰণী পাৰ হৈ শাসনৰ গাদীত দীৰ্ঘদিন বৰ্তি থকা। সাম্প্ৰতিক সময়ত শাসনাধিষ্ঠিত BJP নেতৃত্বাধীন চৰকাৰে মঠ, মন্দিৰ-নামঘৰ আদি নিৰ্মাণৰ বাবে যি আৰ্থিক অনুদানৰ ব্যৱস্থা কৰিছে সেই প্ৰসঙ্গক ইয়াত উদাহৰণ হিচাপে প্ৰক্ষেপ কৰিব পাৰি। বহুসংখ্যক ধৰ্মীয় নেতাই ধৰ্মৰ ভিত্তিত ৰাজনৈতিক দল গঠনৰ এক প্ৰচেষ্টা সততে কাৰ্য্যকৰী কৰি আহিছে। তেওঁলোকৰ এনে প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে নিজস্ব ধৰ্মীয় সম্প্ৰদায়ৰ জনগণৰ সুৰক্ষা।
২০২৪ চনৰ একাধিক প্ৰতিবেদন অনুসৰি, ভাৰতত সম্পত্তি আৰু আয়ৰ বৈষম্য উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ভাৰতত অৰ্থনৈতিক বৈষম্য এক গুৰুত্বপূৰ্ণ বিষয়। লগতে ই প্ৰায়ে ৰাজনৈতিক দৃশ্যপটত বিতৰ্কৰ বিন্দু হিচাপে কাম কৰে। সম্পদৰ বৈষম্য হৈছে এখন দেশত সম্পদ বিতৰণৰ এক পৰিমাপ আৰু ই উপাৰ্জনৰ বৈষম্যৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। ৰাজনৈতিক দলবোৰে বিভিন্ন অৰ্থনৈতিক নীতিৰ বিষয়ে কয়, যিয়ে সম্পদ বিতৰণত প্ৰভাৱ পেলায়। সম্পদৰ বৈষম্য হৈছে এখন দেশত সম্পদ বিতৰণৰ এক পৰিমাপ আৰু ই উপাৰ্জনৰ বৈষম্যৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। বিত্ত, সম্পদ আৰু সুবিধা প্ৰদানত অসমতাৰ বাবে এক বৃহৎ অংশৰ জনসংখ্যাই প্ৰকৃত গণতন্ত্ৰৰ সুফল লাভ কৰিব পৰা নাই। এক বৃহৎ জনসংখ্যা দৰিদ্ৰতাৰ সন্মুখীন, যাৰ ফলত গণতন্ত্ৰৰ সুফল তেওঁলোকৰ হাতত নপৰে। আৰ্থিক বৈষম্যই গণৰাজ্যৰ সঠিক প্ৰয়োগত বাধা সৃষ্টি কৰে।
গণতন্ত্ৰৰ এক গুৰুত্বপূর্ণ অংশ হৈছে বাকস্বাধীনতা। সংবাদ মাধ্যমৰ ওপৰত নিয়ন্ত্ৰণ আৰু ভয় দেখুৱাই জনমত দমন কৰা হয়। ই গণতান্ত্ৰিক প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে। বাকস্বাধীনতাৰ সীমা, কেতিয়াবা চৰকাৰৰ সমালোচনা বা জনমত প্ৰকাশৰ ক্ষেত্ৰত বাধা সৃষ্টিৰ অভিযোগ উঠে। ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ সংস্থাই প্ৰকাশ কৰা প্ৰেছ ফ্ৰিডম ইনডেক্সৰ (Press freedom index) ২০২৪ সংস্কৰণত বিবেচিত ১৮০খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ স্থান ১৫৯। যোৱা বছৰৰ তুলনাত এয়া সামান্য উন্নতি যদিও শেহতীয়াকৈ ভাৰতৰ প্ৰদৰ্শন ধাৰাবাহিকভাৱে দুৰ্বল হৈ আহিছে।
ভাৰতত গণতন্ত্ৰৰ মজবুত ভিত্তি আছে আৰু দেশৰ জনসাধাৰণৰ ভিতৰত গণতান্ত্ৰিক চেতনাও প্ৰসাৰিত হৈছে। কিন্তু প্ৰকৃত গণতন্ত্ৰৰ লক্ষ্য অৰ্জন কৰিবলৈ দুৰ্নীতি, অন্যায় অবিচাৰ, আৰু সামাজিক কূটনীতি দূৰ কৰা অত্যাৱশ্যক। শিক্ষাৰ বিস্তাৰ, সৎ ৰাজনীতি, আৰু জনগণৰ অধিক সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে গণতন্ত্ৰৰ বাস্তৱ ৰূপ প্রতিষ্ঠা কৰিব পাৰি। সেয়ে ক’ব পাৰি, ভাৰতত গণতন্ত্ৰ আছে, কিন্তু প্ৰকৃত গণতন্ত্ৰৰ পূৰ্ণৰূপ পোৱা এতিয়াও এক প্ৰত্যাহ্বান হৈয়েই আছে।
ভাৰতক গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এই বাধাসমূহ দূৰ কৰাৰ প্ৰয়োজন। শিক্ষা, সচেতনতা, ৰাজনৈতিক স্থিতিশীলতা আৰু সামঞ্জস্যপূর্ণ নীতি প্ৰণয়নে ভাৰতক প্ৰকৃত গণতান্ত্ৰিক গণৰাজ্যৰ ৰূপত গঢ়ি তুলিব পাৰে।সুস্থ সবল গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ শিক্ষাৰ বিস্তাৰ আৰু সচেতনতা বৃদ্ধি । দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ধৰ্ম আৰু জাতি ভিত্তিক ৰাজনীতিৰ অৱসান হব লাগিব । গঠনমূলক সমালোচনা আৰু শুদ্ধ তথ্য প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বাকস্বাধীনতা আৰু সংবাদ মাধ্যমক সুৰক্ষা প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।
গণতন্ত্র যদিহে জনতাৰ চৰকাৰ হয়, তেন্তে ‘জনমত’ (Public-opinion) ৰ প্রতি শ্রদ্ধাশীল হোৱাটো স্বাভাৱিক আৰু অপৰিহাৰ্য। জনমত গণতন্ত্রত প্রধানতঃ তিনিটা মাধ্যমত প্রকাশ পায়। সর্বপ্রথম আৰু সর্বোত্তম পদ্ধতি বা মাধ্যমটোৱেই হ’ল ‘নির্বাচন’; দ্বিতীয়টো সংবাদ মাধ্যম আৰু তৃতীয়টো গণ বিক্ষোভ অথবা আন্দোলন। সম্প্রতি প্রথম আৰু তৃতীয়টো জনমত প্ৰকাশৰ পদ্ধতি বা মাধ্যমত নৈতিকতাৰ ঠাইত বৰ্বৰতাই স্থান দখল কৰা পৰিলক্ষিত হৈছে। নির্বাচনী হিংসা, অপৰাধ প্ৰৱণতা থকা প্রার্থীৰ মনোনয়ন, অশ্ব বাণিজ্য (Horse-trading), জালিয়াতি আদি কথাবোৰ দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে। চৌদিশে দুৰ্নীতি , অপৰাধ বোৰৰ পৰিমাণ দ্ৰুত গতিত বৃদ্ধি পাইছে। সাম্প্রতিক আন্দোলন-বিক্ষোভবোৰত আৰম্ভণি শান্তিপূর্ণ গণতান্ত্রিক হ’লেও যিকোনো কাৰণতেই শান্তি ভংগ হোৱা দেখা যায়। দেশৰ প্ৰতিটো অংশই, ক্ষুদ্রাতিক্ষুদ্র বর্গয়ো দেশখনক প্রতিনিধিত্ব কৰাৰ চেতনা হৃদয়ত স্থাপন কৰিব পাৰিলে স্বতঃস্ফূর্তভাৱে হৃদয়ত উদ্দীপিত হ’ব প্ৰজাতন্ত্ৰৰ চেতনা, ফলপ্ৰসু হ’ব মহাত্মাৰ ৰাম ৰাজ্যৰ ধাৰণা, অধিক মুক্ত আৰু উজ্জ্বল হৈ উৰি ৰ’ব গণতন্ত্ৰৰ ধ্বজা।