Skip to content

অৱসৰকালৰ সুৰক্ষা: পুৰণি (OPS) বনাম নতুন পেঞ্চন ব্যৱস্থা (UPS)

Dr Netraranjan
February 1, 20256 second read
Unified Pension Scheme

পেঞ্চন আঁচনি এখন দেশৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ, যিয়ে জ্যেষ্ঠসকলৰ বছৰ বছৰ ধৰি সেৱা আগবঢ়োৱা সেৱাৰ বিনিময়ত আগবঢ়োৱা এক কৃতজ্ঞতা। এই পৰিকল্পনাসমূহে অৱসৰৰ সময়ত আৰ্থিক সুৰক্ষা নিশ্চিত কৰে, ব্যক্তিসকলে তেওঁলোকৰ সমগ্ৰ কৰ্মজীৱনত আগবঢ়োৱা অৱদানক স্বীকাৰ কৰি অৰ্থনৈতিক স্থিতিশীলতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইউনিফাইড পেঞ্চন আঁচনি (UPS) অৰ্থাৎ নতুন পেঞ্চন ব্যৱস্থা হৈছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে শেহতীয়াকৈ সংযোজন কৰা এক পেঞ্চন আঁচনি। এই নতুন পেঞ্চন আঁচনি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হ’ব। দেশৰ সৰ্বত্ৰ পুৰণি পেঞ্চন ব্যৱস্থা (OPS) বাহাল ৰখাৰ প্ৰতিবাদ চলিল , কিন্তু এইবোৰক নিৰৰ্থক প্ৰমাণিত কৰি শাসনাধিষ্ঠিত চৰকাৰে নতুন বৰ্ষতে ঘোষণা কৰিলে ১ এপ্ৰিল ২০২৫ ৰ পৰা কাৰ্য্যকৰী হব নতুন পেঞ্চন নীতি । পেঞ্চন আঁচনিৰ ইতিহাসত হৈছে ইউনিফাইড পেঞ্চন ব্যৱস্থা (UPS) হৈছে শেহতীয়া সংযোজন।

উল্লেখ্য যে দেশত ১৮৫৭ চনতে বৃটিছ চৰকাৰে আৰম্ভ কৰা আৰু অসম চৰকাৰে ১৯৬৯ ৰ পেঞ্চন আইন আৰু ১৯৬৪ ৰ পৰিয়াল পেঞ্চন আইনৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে যি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল তাক এতিয়া মোডী চৰকাৰে নিজৰ অর্থনৈতিক নীতিৰ ব্যর্থতা ঢাকিবলৈ জীৱনজুৰি সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দি গ্ৰহণ কৰিব খুজিছে নতুন পেঞ্চন আঁচনি। নতুন পেঞ্চন আঁচনি অনুসৰি কৰ্মচাৰীসকলৰ দৰমহাৰ ১০ শতাংশ ধন পেঞ্চনৰ শিতানত কাটি ৰখাৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে আৰু ১৪ শতাংশ ধন চৰকাৰে কৰ্মচাৰীজনৰ বাবদ জমা দিব আৰু এই সমুদায় ধন কেতবোৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে বজাৰত বিনিয়োগ কৰিব আৰু তাৰ লাভ্যাংশৰ পৰা কৰ্মচাৰীজনৰ অৱসৰৰ পিছত সেই অনুপাতে মাহিলী পেঞ্চন প্ৰদান কৰা হৈছে৷ নতুন নীতিৰ অধীনত যোৱা কেইবছৰত অৱসৰ গ্ৰহণ কৰা সাত সহস্ৰাধিক শিক্ষক-কর্মচাৰীয়ে মাহিলী পেঞ্চনৰ নামত পাইছে মাত্ৰ ৫০০ ৰ পৰা ১২০০ টকাকৈ৷ UPS অনুসৰি গোটেই সেৱাৰ সময়ছোৱাৰ বাবে মৌলিক দৰমহাৰ ১০% বৰঙণি দিয়াৰ পিছতো পেঞ্চনাৰসকলে এককালীন ধন লাভ নকৰে। বহুতে বিবেচনা কৰে যে নতুন পেঞ্চন আঁচনিখনে প্ৰয়োজনীয় আৰ্থিক স্থিতিশীলতা প্ৰদান নকৰে।

OPS আঁচনিখনেই আটাইতকৈ পুৰণি আঁচনি। এই আঁচনিৰ অধীনত নূন্যতম ১০ বছৰ সেৱা আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন লাভ কৰে। পুৰণি পেঞ্চন আঁচনিৰ জৰিয়তে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক শেষবাৰৰ বাবে উলিওৱা দৰমহাৰ ৫০ শতাংশৰ সমান মাহিলী পেঞ্চন প্ৰদান কৰা হৈছিল। ডিয়াৰনেছ ভাট্টা (ডি এ)ৰ হাৰ বৃদ্ধিৰ লগে লগে এই ধনৰাশি বৃদ্ধি হোৱাৰ আৱশ্যক আছিল। অৱসৰৰ পিছত কৰ্মচাৰীসকলে গ্ৰেচুইটি পেমেণ্টো লাভ কৰাৰ অধিকাৰ আছিল, যাৰ সৰ্বোচ্চ সীমা আছিল ২০ লাখ টকা। আনহাতে OPS যদি কোনো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মৃত্যু হয় তেন্তে তেওঁলোকৰ পৰিয়ালে পেঞ্চনৰ সুবিধা লাভ কৰি থাকিব। আন এক উল্লেখযোগ্য দিশ হৈছে পুৰণি পেঞ্চন নীতি অনুসৰি এজন কৰ্মচাৰীৰ দৰমহাৰ পৰা পেঞ্চন বৰঙণিৰ দিশত কোনো কৰ্তন কৰা হোৱা নাছিল, যিটো NPS ৰ বিপৰীত। এন পি এছত পেঞ্চনৰ পৰিমাণ নিৰ্দিষ্ট নহয় কাৰণ ই বজাৰৰ গতিবিধিৰ সৈতে জড়িত, আনহাতে ইউ পি এছে ২০০৪ চনৰ ১ জানুৱাৰীৰ পিছত সেৱাত যোগদান কৰাসকলৰ বাবে দৰমহাৰ ৫০% নিশ্চিত পেঞ্চন প্ৰদান কৰে।

সদ্যঘোষিত UPS, ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (NPS) ৰ দৰে এটা শ্বেয়াৰ মার্কেট-নিৰ্ভৰশীল ব্যৱস্থা। অধিসূচনা মতে, এই UPS ত চৰকাৰে কৰ্মচাৰীজনৰ মূল দৰমহা আৰু মৰগীয়া বনাচৰ ১০ শতাংশ আদায় দিয়াৰ উপৰি অতিৰিক্ত ৮.৫ শতাংশ আদায় দিব। NPS ৰ দৰে কৰ্মচাৰীৰ দৰমহাৰ পৰা ১০ শতাংশ কর্তন চলি থাকিব। এই আঁচনিৰ মুখ্য সুবিধাসমূহ হৈছে- (১) ২৫ বছৰ চাকৰি কাল সম্পূর্ণ হোৱা কৰ্মচাৰীয়ে পেন্সন হিচাপে শেষৰ ১২ মাহৰ গড় মূল দৰমহাৰ ৫০ শতাংশকৈ মৰগীয়া সাহায্যসহিতে মাহিলি পেন্সন লাভ কৰিব। (২) কমেও ১০ বছৰ সেৱা কৰাসকলক প্রতিমাহে ন্যূনতম ১০ হাজাৰ টকাকৈ আৰু ১০-২৫ বছৰৰ ভিতৰত চাকৰি কৰাসকলক আনুপাতিক হিচাপত মাহিলি পেন্সন দিয়া হ’ব। (৩) মৰগীয়া সাহায্য (DR) পেন্সনৰ লগত যোগ হ’ব কৰ্মচাৰীৰ মৰগীয়া বানচ (DA)ৰ সমানে। (৪) মাহিলি পেন্সনৰ ৬০ শতাংশকৈ পতি/পত্নীক পৰিয়াল পেন্সন দিয়া হ’ব আৰু (৫) অৱসৰৰ সময়ত সম্পূৰ্ণ কৰা প্ৰতি ৬ মাহত ১/১০ অংশকৈ শেষ মাহৰ দৰমহাৰ লগত হিচাপ কৰি এককালীনভাবে আদায় দিয়া হ’ব। উল্লেখ্য যে, সমগ্ৰ দেশতে নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হৈছিল যদিও কৰ্মচাৰীৰ প্ৰতিবাদত সেও মানি ইতিমধ্য ৰাজস্থান, ছট্টিশগড়, ঝাৰখণ্ড, পঞ্জাব আৰু হিমাচল প্ৰদেশ চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছে৷

অসমৰ চৰকাৰী কৰ্মচাৰীসকলে নিজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আহিছে । কিয়নো পুৰণি পেঞ্চন ব্যৱস্থাত নিৰ্ভৰযোগ্যতা আৰু নিশ্চয়তা বেছি আছিল, কিন্তু ইয়াৰ বাবে চৰকাৰৰ ওপৰত অৰ্থনৈতিক ভাৰ বেছি আছিল। চৰকাৰে এই ভাৰৰ বোজা কমাবলৈ নতুন পেঞ্চন ব্যৱস্থাৰ সৃষ্টি কৰিছে। কাৰণ ই মাৰ্কেট ওপৰত নির্ভৰশীল। ইউনিফাইড পেন্সন আঁচনিৰ কেইবাটাও অসুবিধা আৰু অনিশ্চয়তা আছে। ই কিছু সুবিধা প্রদান কৰা যেন লাগিছে যদিও কেইবাটাও জটিল ক্ষেত্ৰত ই পুৰণি পেন্সন আঁচনি (OPS)ৰ পৰা বহু গুণে পৃথক। চৰকাৰে এই উদ্বেগসমূহৰ সমাধান কৰিব লাগিব আৰু চৰকাৰী কৰ্মচাৰীয়ে যাতে তেওঁলোকৰ সঠিক পেন্সনৰ পৰা বঞ্চিত নহয় তাৰ বাবে ৰূপায়ণৰ ক্ষেত্ৰত স্পষ্টতা প্রদান কৰিব লাগিব।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top