Skip to content

বেটি বচাও, বেটি পঢ়াও: নাৰী সবলীকৰণ নে প্ৰচাৰ অভিযান ?

Dr Netraranjan
March 8, 20256 second read
Beti Bachao Abhiyan

দেশৰ এক অভিলাষী আঁচনি ‘বেটি বচাও, বেটি পড়াও’, এই আঁচনি এতিয়া পৰিণত হৈছে ফ্লপ শ্ব’ত। ‘বেটি বচাও, বেটি পঢ়াও’ আঁচনিৰ লক্ষ্য নাৰী সবলীকৰণ আৰু শিক্ষাৰ সুযোগ বৃদ্ধি কৰা কিন্তু বিত্তীয় অনিয়ম আৰু দুৰ্নীতিয়ে আঁচনিৰ প্ৰকৃত উদ্দেশ্যক ব্যৰ্থ কৰি তুলিছে। ‘বেটি বচাও, বেটি পঢ়াও’ অভিযান হৈছে এটি সামাজিক প্ৰচাৰ অভিযান, যাৰ লক্ষ্য হ’ল কন্যা সন্তানৰ বাবে কল্যাণমূলক সেৱা প্ৰদানৰে দক্ষতা বৃদ্ধি তথা সচেতনতা সৃষ্টি। এই প্ৰকল্পটিৰ প্ৰাথমিক তহবিলৰ বাবে ১০০ কোটি টকা আৱন্তন কৰা হৈছিল। চৰকাৰী হিচাপ মতে ‘বেটি বচাও, বেটি পড়াও’ ৰ নামত বিগত ১০ বছৰত ব্যয় হৈছে ৯৫২.৪ কোটি টকা। কিন্তু এতিয়া ব্যাপক কেলেংকাৰীৰ বাবে বহুল চৰ্চিত হৈছে। ‘বেটি বাচাও, বেটি পঢ়াও’ ত ৪৫৫ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে।

তথ্যৰ অধিকাৰৰ অধীনত লাভ কৰা তথ্যই স্পষ্ট কৰিছে ‘বেটি বচাও, বেটি পড়াও’ ৰ নামত চলিছে  বৃহৎ কেলেংকাৰী। চৰকাৰৰ অভিলাষী ‘বেটি বাচাও, বেটি পঢ়াও’ আঁচনিৰ পৰা ৪৫৫ কোটি টকা নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰী হিচাপ মতে ‘বেটি বচাও, বেটি পড়াও’ ৰ নামত বিগত ১০ বছৰত ব্যয় হৈছে ৯৫২.৪ কোটি টকা, ইয়াৰে ৪৯৬.৯৭ কোটি টকা আবণ্টন দিছে ৩৫ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চললৈ। কিন্তু ৯৫২.৪ কোটি টকাৰ ৪৫৫ কোটি টকা ক’ত খৰচ হ’ল হিচাপ নাই চৰকাৰৰ হাতত । ক’ত ব্যয় হল এই ৪৫৫ কোটি টকা, চৰকাৰ নিমাত। মন্ত্ৰালয়ৰ হাতত নাই কোনো তথ্য। আৰটিআইৰ উত্তৰত পোহৰলৈ আহিছে এই ভয়ংকৰ বিত্তীয় অনিয়ম। মোডী চৰকাৰৰ বাবে যেন নাৰী সবলীকৰণ কেৱল এটা নিৰ্বাচনী শ্লোগান হে হৈ পৰিছে।

বাস্তৱ ক্ষেত্ৰত আঁচনি খন ৰূপায়নৰ বিপৰীতে প্ৰচাৰত হে অধিক গুৰুত্ব দিছিল বিজেপি চৰকাৰে। আঁচনি খনৰ মূল লক্ষ্য নাৰী সলীকৰণৰ বিপৰীতে ই এক প্ৰচাৰমুখী বিজ্ঞাপনলৈ হে ৰূপান্তৰিত হৈছিল। আন এক তথ্য মতে ২০১৬-১৭ ৰ পৰা ২০১৯-২০ লৈ মহিলা আৰু শিশু কল্যাণ মন্ত্রালয়ে এই আঁচনিৰ বাবে আবণ্টন দিছিল ৫৫৫.২৭ কোটি টকা। এই ধনৰ ৩৫১.৫৫ কোটিয়ে ব্যয় হৈছিল বিজ্ঞাপন আৰু প্ৰচাৰৰ নামত। ২০২২-২৩ বৰ্ষলৈকে ৭৭৪ কোটি টকা আবণ্টন কৰা হৈছিল। গৰিহনাৰ যোগ্য যে আবণ্টিত ৭৭৪ কোটিৰ ভিতৰত ৪০১ কোটি কৰিছিল বিজ্ঞাপনতে ব্যয়। বাকী থকা ৩০০ কোটি টকা কন্যাৰ শিক্ষা আৰু সুৰক্ষাৰ বাবে অপৰ্যাপ্ত হৈ ৰল। নামমাত্ৰ হে ব্যয় হল কন্যা শিক্ষা আৰু সুৰক্ষাৰ নামত।

কন্যা শিশুক শিক্ষিত কৰা আছিল এই আঁচনিৰ আন এক মূল লক্ষ্য , কিন্তু তথ্যই প্ৰমাণ কৰিছে এইখন আঁচনিৰ ব্যৰ্থতা। ২০২৩-২৪ত বালিকাৰ ড্রপআউটৰ হাৰ ৯.৪ শতাংশ। উপলব্ধ তথ্য অনুসৰি ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত বিহাৰ, অসম, আৰু ঝাৰখণ্ডত অসম , মধ্যপ্ৰদেশ, আৰু আদিত কন্যা ছাত্ৰীৰ ড্ৰপআউটৰ অৰ্থাৎ আধাতে বিদ্যালয় এৰা হাৰ যথেষ্ট বেছি।

দেশত আঁচনিৰ অভাৱ নাই, কিন্তু অভাৱ কাৰ্য্যকৰীকৰণৰ। বিভিন্ন আঁচনি আৰু পৰিকল্পনা যদিও দেশত উপলব্ধ, কিন্তু সেইবোৰৰ সঠিক কাৰ্য্যকৰী অভাৱ আৰু দুৰ্নীতি আৰু অনিয়মৰ বাবে সঠিক ফলাফল নোহোৱা দেখা যায়। সঠিক কাৰ্য্যকৰীকৰণৰ অভাৱ আৰু সুপৰিকল্পনাৰ বিৰত ৰখা প্ৰশাসনিক দেশৰ ক্ষেত্ৰত এইদৰে বিকাশত বাধা আহিয়েই থাকিব। গতিকে এইবোৰ দূৰ কৰাটো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top