যিখন দেশত নাৰীক দেৱীৰ ৰূপত পূজা কৰা হয়, য’ত নাৰীৰ সন্মান আৰু মর্যাদা বৃদ্ধি আৰু ৰক্ষাৰ বাবে সংস্কৃতিৱান আৰু সু-সভ্য মহলে অহর্নিশে চেষ্টা কৰে সেইখন দেশ ভাৰততে আকৌ ৰামায়ণ মহাভাৰতৰ যুগৰে পৰা বর্তমানলৈকে এচাম বৰ্বৰ লোকৰ হাতত নাৰী বিভিন্ন ধৰণৰ নির্যাতনৰ বলি হৈ থাকিব লগা বিষয়টো যথেষ্ট চিন্তাজনক। ভাৰতত মহিলাৰ মৰ্যাদা এটি জটিল বিষয়, যাৰ সামাজিক, সাংস্কৃতিক, আৰু আইনগত বিভিন্ন দিশ আছে। ইতিহাসত, ভাৰতীয় সমাজে মহিলাক উচ্চ মর্যাদা প্ৰদান কৰিছিল, বিশেষকৈ বৈদিক যুগত। তেতিয়া মহিলাসকলে শিক্ষা, ধৰ্ম, আৰু ৰাজনৈতিক ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু ক্ৰমাৎ ভয়ংকৰ ৰূপ ললে নাৰীজনিত অপৰাধে । ক্রমবর্ধিত হাৰত সংঘটিত এই নাৰীজনিত অপৰাধ এখন সমাজৰ বাবে চৰম লজ্জাজনক।এই কথা আজিৰ নহয়, এই সমস্যা এতিয়াৰ নহয় নাইবা এই অপৰাধ অসম বা ভাৰতৰ নহয়।অতীজৰে পৰাই নাৰী অবদমিত। সমগ্ৰ ভাৰততে লিংগ বৈষম্য বিদ্যমান আৰু ইয়াৰ ফলত মহিলা আৰু ছোৱালীৰ বাবে অসমান সুযোগৰ সৃষ্টি হয় । ভাৰতত মাতৃৰ মৃত্যু আৰু ৰক্তহীনতাৰ হাৰ সৰ্বাধিক, আৰু নিৰক্ষৰতা, পুষ্টিহীনতা, আৰু লিংগভিত্তিক হিংসাৰ দৰে বিষয়বোৰ অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ লিংগ বৈষম্য সূচকাংকত ভাৰতৰ ১৮৯খন দেশৰ ভিতৰত ১২৩ খন দেশৰ স্থানে ইংগিত দিয়ে যে লিংগ ব্যৱধান হ্ৰাস কৰিবলৈ আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যৰ ভিতৰত অন্যতম অসমতো লিংগ সমস্যা সন্দৰ্ভত সজাগতা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে যদিও বৈষম্য এক প্ৰত্যাহ্বান হৈয়েই আছে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত এক ধাৰাবাহিক প্ৰত্যাহ্বানৰ সম্মুখীন হৈয়েই আছে সমগ্ৰ দেশৰ লগতে অসমে। যুগে যুগে নাৰী শোষিত, পীড়িত, বঞ্চিত,লাঞ্চিত। প্ৰশ্ন হয় কেৱল পুৰুষতান্ত্ৰিক সমাজ খনেই জগৰীয়া নে এইবোৰৰ কাৰণে?
একবিংশ শতিকাত হিমা দাস, ৰীমা দাসৰ দৰে অসম কন্যাই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক জিলিকাই তুলিছে আৰু আনফালে কোনোবাই আত্মীয় – স্বজন , সহকৰ্মী, ঘৰুৱা হিংসাৰ প্ৰলেপত নিৰ্যাতিত হৈছে , কাৰোবাৰ অন্ধ বিশ্বাসৰ ফলত হৈ কোনো নাৰী হৈ পৰিছে ডাইনী! সহিছে অমানুষিক অত্যাচাৰ,এয়া এচাম মানুহৰ অন্ধবিশ্বাসৰ ফল । অহৌবলিয়া এচাম মানুহৰ মানসিক বিকৃতিৰ বা ঠেক মনোবৃত্তিৰ বাবে বাৰে বাৰে সংঘটিত এনে ঘটনা। অসমতো চাৰিওদিশে অপহৰণকাৰী, লুণ্ঠন, নাৰী সৰবৰাকাৰী , ধৰ্ষণকাৰীৰ দপদপনি , সুৰক্ষিত নহয় মাতৃ গৰ্ভত থিতাপি লোৱা ভ্ৰুণ, যাক হত্যা কৰা হয় কন্যা সন্তান হিচাপে সৃষ্টি হোৱাৰ বাবে।আঁচনিৰ অভাৱ নাই ! অসমতো চৰকাৰ, জনগণ, বিভিন্ন দল – সংগঠনে বিভিন্ন প্ৰচেষ্টা- কাৰ্যসূচী, আঁচনি আৰু শাস্তিমূলক পদক্ষেপক ভ্ৰুক্ষেপ নকৰি নাৰীকেন্দ্ৰিক সমস্যা ঘটিয়েই আহিছে , তাৰ হিচাপ অগণন। এদিনতে অসমৰ প্ৰতিটো কোণতে ধৰ্ষণ, বলাৎকাৰ, অশ্লীল ভিদিও ভাইৰেল, অপহৰণ , বলপূৰ্বক বেশ্যা বৃত্তি ,যৌন নিৰ্যাতন, যৌতুক জনিত ঘৰুৱা হিংসা যেন চাৰিওফালে নিত্য নৈমিত্তিক ঘটনা। ক্ৰমান্বয়ে বৃদ্ধি পায় অহা অপৰাধৰ তুলা- ছালনীত এই অপৰাধ নিৰ্মূলকৰণৰ পদক্ষেপৰ ওজন তেনেই নগণ্য। গতিকে এই ক্ষেত্ৰত চৰকাৰ, বিভিন্ন দল সংগঠন, সমিতিৰ কাৰ্যকলাপ যেন ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। দিনক দিনে এই মহিলা সম্পৰ্কীয় সমস্যাবোৰ নিয়ন্ত্ৰণহীন হৈ পৰিছে, যাৰ ফলত এগৰাকী ছোৱালীৰ পৰা এগৰাকী বৃদ্ধ পৰ্যন্ত নিৰ্যাতনৰ বলি হব লগা হৈছে। তেওঁলোক ঘৰৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত বলি হয় কামনা , ভোগ – বিলাসৰ । সেইয়া লাগিলে শাৰীৰিকভাৱে হওঁক বা মানসিকভাৱে। মনঃস্তাত্বিক দিশত দিশ দিশহাৰীৰ মনলৈ দ্বিধাবোধ জন্মে নাৰী হোৱাটো যেন দোষ।
২০২৪ চনৰ ভিতৰত ৰাষ্ট্ৰীয় মহিলা আয়োগে ঘৰুৱা হিংসাৰ সৈতে জড়িত মুঠ ২৫,৭৪৩টা অভিযোগৰ ২৪% (৬,২৩৭) অভিযোগৰ সৈতে ঘৰৰ পৰিসীমাৰ ভিতৰত হিংসা গুৰুতৰ চিন্তাৰ বিষয় হৈয়েই আছে। ৩১ ডিচেম্বৰলৈকে এনচিডব্লিউৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি যোৱা বছৰ লাভ কৰা মুঠ অভিযোগৰ ১৭% (৪,৩৮৩) যৌতুক হাৰাশাস্তিৰ সৈতে জড়িত, আৰু যৌতুকত মৃত্যুৰ অভিযোগো ২৯২টা হৈছে। ২০২৪ চনৰ তথ্য অনুসৰি ২০২৩ চনৰ তুলনাত সামগ্ৰিকভাৱে অভিযোগ হ্ৰাস পাইছে যেতিয়া মহিলাৰ বিৰুদ্ধে সকলো শ্ৰেণীৰ অপৰাধৰ সংখ্যা আছিল ২৮,৮১১। ২০২৩ চনত মুঠ অভিযোগৰ ভিতৰত ঘৰুৱা হিংসাৰ ৬,৩৫০টা অভিযোগ আছিল। ২০২৪ চনত মুঠ অভিযোগৰ ভিতৰত ৫৪% (১৩,৮৬৮) উত্তৰ প্ৰদেশৰ পৰা , প্ৰায় ৯% দিল্লীৰ পৰা (২,২৪৫), ৫.১% মহাৰাষ্ট্ৰৰ পৰা (১,৩১৭), ৪.৮% বিহাৰৰ পৰা (১,২৩৩), ৪.২% মধ্যপ্ৰদেশৰ পৰা (১,০৭০), আৰু ৪.১% হাৰিয়ানাৰ পৰা (১,০৪৮)। ষ্টকিং আৰু ভয়ৰিজমৰ ৬০০ৰো অধিক অভিযোগ, মহিলাৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ৫২৩টা অভিযোগ আৰু কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ ২০৫টা গোচৰো লাভ কৰে ।
এইটোও মন কৰিবলগীয়া যে ২০২৪ চনত সামগ্ৰিকভাৱে অভিযোগ হ্ৰাস পোৱাৰ পিছতো , এই সংখ্যা এতিয়াও প্ৰাক-কভিড সংখ্যাতকৈ অধিক, যেতিয়া ২০১৯ চনত সামগ্ৰিকভাৱে অভিযোগ আছিল ১৯,৭৩০ আৰু ২০২০ চনত মহামাৰী সংঘটিত হোৱাৰ সময়ত প্ৰায় ২৩,৭২২। ২০২১ আৰু ২০২২ চনত এই অভিযোগ ৩০ হাজাৰতকৈ অধিক হৈছিল, আৰু তাৰ পিছত ২০২৩ চনত প্ৰথমবাৰৰ বাবে এই অভিযোগ হ্ৰাস পাইছিল। মহামাৰীৰ সময়ত দেশজুৰি ঘৰুৱা হিংসা বৃদ্ধি পোৱাক লৈ বিশ্বজুৰি ক্ষোভৰ সৃষ্টি হৈছিল।
অসমৰ মুখ্যমন্ত্ৰীৰ সদনত দাখিল কৰা এক তথ্য অনুসৰি ২০২৫ চনৰ প্ৰথম দুমাহত অসমত ১২১টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছে । পৰিসংখ্যা অনুসৰি ২০২৪ চনত অসমত ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল ১০১৯টা , ২০২৩ চনত ৯৮৯টা, আৰু ২০২২ চনত ১১১৩টা । ২০২১ চনত ১৭৩৩ টা আৰু ২০২০ চনত এই সংখ্যা আছিল ১৬৫৭টা ধৰ্ষণৰ ঘটনা। পূৰ্বতে তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪ চনৰ আগষ্ট মাহত তেওঁ প্ৰকাশ কৰিছিল যে ২০২১ চনৰ পৰা ২০২৪ বছৰৰ জুলাইলৈকে অসমত ৪০ হাজাৰৰো অধিক ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। অসমত ২০০১ চনৰ পৰা ৪০,০৬৫টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে।
অসমৰ মহিলাৰ শৈক্ষিক মৰ্যাদা ভাৰতৰ অন্যান্য ৰাজ্যতকৈ পিছ পৰি আছে। এক তৃতীয়াংশতকৈও কম (২৯.৬%) মহিলাই দহ বছৰ বা তাতকৈ অধিক বছৰ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছে আৰু প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাত মহিলাৰ নামভৰ্তি ক্ৰমে ৫০% আৰু ৪৫% ।
অসমৰ ৭৫% মহিলা সাক্ষৰ, ৮২% পুৰুষৰ তুলনাত। অৱশ্যে পূৰ্বৰ তুলনাত ভাৰতবৰ্ষৰ প্ৰায় অঞ্চলসমূহৰ মহিলা সকলৰ মাজত বৃদ্ধি পাইছে সাক্ষৰতা হাৰ । চৰকাৰী প্ৰতিবেদন অনুসৰি, ২০১১ চনৰ তুলনাত ২০২৩-২৪ বৰ্ষত গ্ৰামাঞ্চলৰ মহিলাৰ সাক্ষৰতা হাৰ বৃদ্ধি পাইছে । চাহ বাগিচাত সাক্ষৰতাৰ হাৰ কম, আৰু কিছুমান বাগিচাত মাত্ৰ ২২% মহিলা শ্ৰমিক সাক্ষৰ। ছোৱালীয়ে সম্পূৰ্ণ কৰা বিদ্যালয়ৰ গড় সংখ্যা গ্ৰাম্য অঞ্চলতকৈ চহৰ অঞ্চলত (৮.১) যথেষ্ট বেছি (৪.৮)।
ভাৰতৰ ৰাষ্ট্ৰীয় গড়ৰ তুলনাত অসমত অধিক শতাংশ মহিলা (৬০%) ঘৰুৱা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে । অসমৰ এক তৃতীয়াংশতকৈ অধিক (৩৪%) মহিলাই লিংগভিত্তিক হিংসা (GBV)ৰ সন্মুখীন হৈছে, আৰু চহৰ অঞ্চলতকৈ (২৮%) গ্ৰাম্য অঞ্চলত (৩৫%) পত্নীৰ হিংসা বেছি। অসমত বসবাস কৰা মহিলাসকল বিশেষভাৱে দুৰ্বল কাৰণ ভাৰতৰ ভিতৰতে ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ সৰ্বাধিক। বৈষম্যমূলক সামাজিক নীতি , দৰিদ্ৰতা, শিক্ষা আৰু সুযোগৰ অভাৱ, আৰু অপৰ্যাপ্ত আইন প্ৰয়োগ আদি ইয়াৰ অন্যতম কাৰক।
লিংগ বৈষম্যৰ সৈতে মোকাবিলা কৰাৰ সময়ত শিক্ষাৰ সুবিধা উন্নত কৰাটো অতি প্ৰয়োজনীয়। শিক্ষাই মহিলাসকলৰ বাবে উন্নত স্বাস্থ্য ফলাফল আৰু নিয়োগৰ সুযোগৰ পৰা আৰম্ভ কৰি অধিক আয় আৰু উন্নত অৰ্থনৈতিক স্থিতিশীলতালৈকে কেইবাটাও সুবিধাৰ সূচনা কৰে। অসমত লিংগ অনুপাত ৯৫৮ অৰ্থাৎ প্ৰতি ১০০০ পুৰুষৰ বাবে, যিটো শেহতীয়া লোকপিয়ল অনুসৰি ৰাষ্ট্ৰীয় গড় ৯৪০ৰ তলত। ২০০১ চনত অসমত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ লিংগ অনুপাত আছিল ৯৩৫।
চৰকাৰে মহিলা সুৰক্ষাৰ বাবে পৃথক আইন প্ৰণয়ন কৰাৰ লগতে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ পিছতো কিয় নাৰীজনিত অপৰাধ হ্ৰাস হোৱা নাই ? মহিলা সৱলীকৰণৰ কথা যিমান কলেও ঘৰৰ পৰা কৰ্ম অভিমুখী, স্কুল বা বাহিৰলৈ যাবলৈ বা বাছত উঠোতেও কামনাবিলাসী এচামৰ অশালীন ব্যৱহাৰৰ বলি হয়। সামাজিক মাধ্যমতো আপত্তিজনক ফটো, ভিদিঅ নাইবা অশালীন মন্তব্যৰ চিকাৰ হয় গতিকে সকলো ধৰণৰ বাহ্যিক, আভ্যন্তৰীণ নাইবা virtual পৃথিৱীত হাজাৰ বাৰ ভাবিব লগা হয় প্ৰতি গৰাকী নাৰীয়ে। যি দৰে কেৱল নাৰী ঘৰত থকা মানে সুৰক্ষিত নহয় ঠিক সেইদৰে নিশা মানেই অসুৰক্ষিত , এনে নহয়। নাৰী সকলো সময়, সকলো পৰিস্থিতে যে অসুৰক্ষিত, এই কথাৰ প্ৰমাণ দিয়ে এইখন অসমত সংঘটিত হোৱা হিংসা, হত্যা – লুণ্ঠন জৰ্জৰিত অসমৰ প্ৰেক্ষাপটে।’নেশ্যনেল ক্রাইম ৰেকৰ্ড ব্যু ‘ৰোৰ শেহতীয়া তথ্য অনুসৰি একেৰাহে ৫ম বছৰৰ বাবে ভাৰতবৰ্ষৰ অসমতে মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ সৰ্বাধিক হোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই পৰিস্থতিয় দুৰ্বল তথা বিশৃংখল পৰিস্থিতিক প্ৰতীয়মন কৰাইচে।ভ্ৰূণ হত্যা, ধর্ষণ, অপহৰণ, যৌতুক দাবী, ঘৰুৱা হিংসা, নাবালিকা ধর্ষণ, কর্মস্থানত যৌন নির্যাতন ইত্যাদি অপৰাধ নিতৌ অসমত বৃহৎ সংখ্যাত সংঘটিত হৈ থকা এই সমস্যা সমূহ সোনকালে নিশেষ কৰাটো কঠিন হলেও এখন সফল গণতন্ত্ৰত যোগাত্মক ছবি দাঙি ধৰিব। মহিলা আৰক্ষীৰ লগতে ৰাষ্ট্রীয় মহিলা আয়োগ, ৰাজ্যসমূহত ৰাজ্যিক মহিলা আয়োগ, মহিলাৰ হৈ কাম কৰা অগণন সংগঠন, মহিলা বিকাশ তথা শিশু কল্যাণ মন্ত্র্যালয়, নাৰীৰ সহায়ৰ বাবে বিভিন্ন আইন সমূহ সঠিক ক্ষেত্ৰত, সঠিক পৰ্যায়ত কাৰ্যকৰী হওক । ন্যায় প্ৰদানৰ যুজঁখুন দীঘলীয়া নহওক ।ৰাজ্য চৰকাৰ এই ক্ষেত্ৰত আৰু অধিক গুৰুত্ব তথা শৃখলাবদ্ধ, সুস্থ সমাজ গঢ়াত ফলপ্ৰসূ সিদ্ধান্ত লব লাগিব। কাৰ্য্যসূচী কেৱল সৃষ্টিতেই গুৰুত্ব নিদি ৰূপায়নত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। অপৰাধৰ শাস্তি কঠোৰ হোৱা উচিত, যাতে অপৰাধী এজনৰ অপৰাধ প্ৰৱণতা সম্পূৰ্ণ ৰূপে নাইকীয়া হওঁক। জনশূণ্য এলেকা বোৰত আৰক্ষীৰ নজৰত ৰাখিব লাগে। সুৰাপায়ীৰ বিহিত ব্যৱস্থা, ৰাস্তাত পোহৰৰ ব্যৱস্থা ,হেল্প লাইন সক্ৰিয় কৰা, স্বাস্থ্যসন্মত ব্যৱস্থা, ষ্ট্ৰিট লাইট, কৰ্মক্ষেত্ৰত সুৰক্ষা কমিটি গঠন কৰা আদি পদক্ষেপ হাতত লব লাগিব। লগতে প্ৰতিগৰাকী মহিলাক আত্ম – প্ৰতিৰক্ষা, সবল মানসিকতা গঢ় দিয়া, নিজক ৰক্ষা কৰাৰ স্বাৰ্থত দিব লগা সকলো অধিকাৰ প্ৰদান কৰিব লাগে। ইতিমধ্যে চৰকাৰ, দল সংগঠন আদিৰ প্ৰচেষ্টা, পদক্ষেপ উল্লেখনীয় কিন্তু এনকুৱা ধৰণৰ অপৰাধ নিৰ্মূলত আৰু বেছি মনোনিবেশ দি, যোগাত্মক কাৰ্য্য- কলাপে অপৰাধ নিৰ্মূলত সহায়ক হয়।ভুক্তোগীয়ে কোনো অপৰাধক যেন লুকুৱাই নাৰাখে, এই ক্ষেত্ৰত তেওঁলোকৰ লগত আৰু ন্যায়ৰ যুঁজত আস্থা তথা বিশ্বাস জন্মাবলৈ প্ৰশাসন দায়বদ্ধ। আমি সকলোৱে মনত ৰখা উচিত যে এই সমস্যা কেৱল মাত্ৰ নাৰীৰ নহয়, এই সমস্যা সমাজৰো। গতিকে নাৰী দুৰ্বল নহয়, এই মানসিকতা আৰু পৰিৱেশ গঢ়ি তোলাটো অতি প্ৰয়োজনীয়।