Skip to content

ডাম্পিং গ্ৰাউণ্ডৰ সমস্যা: নীৰৱ চৰকাৰ, অতিষ্ঠ জনতা

Dr Netraranjan
April 2, 20254 second read
Problem of Dumping Ground

নগৰায়ন আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে আৱৰ্জনা ব্যৱস্থাপনাই বৃহৎ সমস্যা সৃষ্টি কৰিছে। দ্ৰুত গতিত বৃদ্ধি পোৱা নগৰীয়া জনসংখ্যাই অধিক আৱৰ্জনা উৎপন্ন কৰে, যাৰ ফলত বৰ্তমানৰ নিষ্কাশন ব্যৱস্থাৰ ওপৰত অধিক হেঁচা পৰে।বিশেষকৈ ডাম্পিং গ্ৰাউণ্ডসমূহৰ অনিয়ন্ত্রিত ব্যৱস্থাপনাৰ ফলত দুৰ্গন্ধ, পানী আৰু বায়ু দূষণ বৃদ্ধি পোৱাৰ লগতে স্থানীয় বাসিন্দাসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে । ডাম্পিং গ্ৰাউণ্ডৰ দুৰ্গন্ধৰ সমস্যা যিকোনো নগৰ বা গাঁও অঞ্চলৰ বাবে এটা গুৰুত্বপূৰ্ণ সমস্যা। ইয়াৰ মূল কাৰণ হ’ল অপৰিষ্কাৰভাৱে আৱৰ্জনা সংগ্ৰহ, দুৰ্বল ব্যৱস্থাপনা, আৰু অপচয়ৰ নিস্কাশনৰ অভাৱ আদি।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ (CPCB) শেহতীয়া তথ্য অনুসৰি ভাৰতে প্ৰতিদিনে প্ৰায় ১৬০,০৩৮.৯ টন পৌৰসভাৰ কঠিন আৱৰ্জনা (MSW) উৎপাদন কৰে, য’ত প্ৰায় ৯৫.৪% সংগ্ৰহ কৰা হয়, কিন্তু মাত্ৰ ১৮.৪%হে লেণ্ডফিলত নিষ্কাশন কৰা হয়, আনহাতে উল্লেখযোগ্য ৩১.৭% ৰ হিচাপ নোহোৱাকৈয়ে আছে যিয়ে লেণ্ডফিলত অনুচিত ডাম্পিং গ্ৰাউণ্ড ব্যৱস্থাপনাৰ মূল বিষয়টোক অধিক স্পষ্ট কৰি তুলিছে । ইয়াৰ পৰা বুজা যায় যে আৱৰ্জনাসমূহৰ এটা বৃহৎ অংশ মুকলি ডাম্প বা অবৈজ্ঞানিকভাৱে পৰিচালিত স্থানত পেলাই আহিছে। ভাৰতত বিপুল পৰিমাণৰ আৱৰ্জনা উৎপাদন হয়, দৈনিক গড়ে ১৬০,০৩৮.৯ টন পৌৰসভাৰ কঠিন আৱৰ্জনা (MSW) উৎপাদন হয়। আৱৰ্জনাৰ এক উচ্চ শতাংশ (৯৫.৪%) সংগ্ৰহ কৰা হয় যদিও অপৰ্যাপ্ত নিষ্কাশন আন্তঃগাঁথনিৰ বাবে ইয়াৰ এটা উল্লেখযোগ্য অংশ এতিয়াও মুকলি ডাম্পতে পেলাই দিয়া হয়। মুম্বাইৰ দেওনাৰ ডাম্পিং গ্ৰাউণ্ডটো হৈছে বৃহৎ, অতিমাত্ৰা বোজাযুক্ত লেণ্ডফিলৰ অন্যতম কুখ্যাত উদাহৰণ।

অসমৰ ক্ষেত্ৰতো একেই সমস্যা। গুৱাহাটীৰ সমীপৱৰ্তী এক গুৰুত্বপূৰ্ণ জলাশয় দীপৰ বিলৰ আশে-পাশে থকা অঞ্চলসমূহৰ বাসিন্দাসকলে বৰগাওঁৰ ডাম্পিং গ্ৰাউণ্ডৰ ফলত বৃদ্ধি পোৱা প্ৰদূষণ আৰু নতুন ৰে’লপথ নিৰ্মাণক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমে পৰিৱেশ বিধি মানি চলাত ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে গুৱাহাটী পৌৰ নিগম। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি টি) পূৰ্বে কঠিন আৱৰ্জনা ব্যৱস্থাপনা নিয়ম, ২০১৬ আৰু জলাশয় (সংৰক্ষণ আৰু ব্যৱস্থাপনা) নিয়ম, ২০১৭ৰ অধীনত দীপৰ বিল বাধ্যতামূলক সংৰক্ষণৰ নিৰ্দেশ দিছিল। কিন্তু জিএমচিয়ে বৰাগাঁৱৰ ডাম্পিং ছাইট ব্যৱহাৰ কৰি আছে, যাৰ ফলত মাটি, পানী, বায়ু প্ৰদূষণ হৈছে।

ডাম্পিং গ্ৰাউণ্ডৰ সমস্যা যদি সঠিকভাৱে সমাধান কৰা নাযায়, তেন্তে পৰিবেশ আৰু জনস্বাস্থ্যৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিব। সেয়ে, চৰকাৰ আৰু জনসাধাৰণ উভয়ে মিলি এই সমস্যা সমাধানৰ দিশত অগ্ৰসৰ হ’ব লাগিব। সমস্যা আঁতৰ নহ’ল বৰাগাঁৱৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ। পৌৰ নিগমৰ ডাম্পিং গ্রাউণ্ডৰ পৰা নির্গত দুর্গন্ধ আৰু বিষাক্ত বতাহে চৌপাশৰ বাসিন্দাক অতিষ্ঠ কৰি আহিছে। কিন্তু পৌৰ নিগমে বিষয়টো সমাধানৰ আশ্বাস দিও কার্যত রূপায়ণ কৰিব পৰা নাই। উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমৰ এলেকাৰ ৬০ টা ৱাৰ্ডৰ আৱৰ্জনা পেলোৱাৰ বাবে পশ্চিম বৰাগাঁৱৰ বেলৰতলত হাউছিং ব’ৰ্ডৰ প্রায় ৬০ বিঘা মাটিত নিগমে ২০২১ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত দিপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত এটা ডাম্পিং গ্রাউণ্ড স্থাপন কৰিছিল। কিন্তু বিগত প্রায় চাৰে তিনি বছৰ ধৰি ডাম্পিং গ্রাউণ্ডটোৱে সৃষ্টি কৰা দূষিত ভয়াৱহ প্ৰদূষণৰ বাবে পশ্চিম বৰাগাঁৱৰ লগতে দাঁতি-কাষৰীয়া পামহী, মইনাখোৰোং, দেউছতাল, মাঘুৱাপাৰা, বৰাগাঁওকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দুৰ্গন্ধৰ সৈতে সহাবস্থান কৰি আহিব লগা হৈছে।

গুৱাহাটী সচেতন নাগৰিক মঞ্চ, ইয়ং গ্রীন ক্লাব, দেউছতালৰ নৱজ্যোতি সংঘকে ধৰি অঞ্চলটোৰ ৰাইজে বেলৰতলত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডটো তাৰ পৰা স্থানান্তৰ কৰাৰ বাবে বিভিন্ন প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। আনকি দিপৰ বিল সুৰক্ষা মঞ্চই এই সন্দর্ভত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি পত্র প্ৰেৰণ কৰিছিল। তাৰ পাছত গুৱাহাটী পৌৰ নিগমে দুর্গন্ধ আঁতৰ কৰাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হ’ব বুলি প্রতিশ্রুতি দিছিল। কিন্তু প্রতিবাদী ৰাইজৰ দাবী মানি লোৱা দেখুৱাই বিশেষ অত্যাধুনিক বৈজ্ঞানিক প্রযুক্তি ব্যৱহাৰ কৰাৰ সলনি সাধাৰণ ব্যৱস্থা গ্রহণ কৰাৰ বাবে দুৰ্গন্ধ সম্পূর্ণ আঁতৰ হোৱা নাই। একে সময়তে ডাম্পিং গ্রাউণ্ডৰ আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ আঁতৰ কৰাৰ বাবে বিশেষ অত্যাধুনিক বৈজ্ঞানিক পদ্ধতি প্রয়োগ নকৰাত আজিও দুর্গন্ধই ছানি ধৰি আছে বৃহত্তৰ অঞ্চলটোৰ আকাশ-বতাহ। এই কথা গভীৰ আক্ষেপেৰে প্ৰকাশ কৰিছে গোগ, পামহী, মিকিৰপাৰা, চকৰদৌ তালুকৰ সভাপতি কেষ্টৰাম ৰংপি, সমাজকর্মী অশোক থাপ্পা, দিপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিদ টেৰণ, সাধাৰণ সম্পাদক প্রমোদ কলিতা, সহকাৰী সম্পাদক সুশীল টেৰণকে ধৰি অঞ্চলটোৰ কেইবাজনো বাসিন্দাই। বিশেষকৈ সন্ধিয়াৰ পাছত ডাম্পিং গ্রাউণ্ডৰ পৰা বতাহৰ সৈতে অহা দুর্গন্ধই বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছে কেইবাখনো গাঁৱৰ বাসিন্দাক। যাৰ বাবে অচিন ৰোগত আক্ৰান্ত হোৱাৰ আশংকাত ভুগিছে বাসিন্দাসকলে। উল্লেখযোগ্য যে ২০০৬ চনত পশ্চিম বৰাগাঁৱত পৌৰ নিগমে পূৰ্বতে স্থাপন কৰা ডাম্পিং গ্রাউণ্ডটো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বন্ধ কৰাৰ নিৰ্দেশ দিছিল। কিন্তু পূৰ্বৰ স্থানৰ কিছু নিলগৰ বেলৰতলত বিগত ২০২১ চনৰ আগষ্টত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডটোত পৌৰ নিগমে পুনৰ দৈনিক আঠশৰ পৰা এহেজাৰ টন পর্যন্ত আৱৰ্জনা, মৃত জীৱ-জন্তু আদি পেলাই আহিছে। আদালতৰ ৰায় আৰু পৰিৱেশ ক্ষতিৰ স্পষ্ট প্ৰমাণ পোৱাৰ পিছতো এতিয়ালৈকে কৰ্তৃপক্ষই কোনো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা নাই। বাসিন্দাসকলে জোৰ দি কয় যে দীপৰ বিলক সুৰক্ষা দিয়াটো কেৱল স্থানীয় জনসাধাৰণৰ বাবেই নহয়, অঞ্চলটোৰ পৰিৱেশ ভাৰসাম্য বজাই ৰখাৰ বাবেও অতি গুৰুত্বপূৰ্ণ।

আৱৰ্জনা পচি দুৰ্গন্ধৰ সৃষ্টি কৰে, যি স্থানীয় বাসিন্দাসকলৰ জীৱনযাত্ৰাত স্বাস্থ্যজনিত দিশত প্ৰভাৱ পেলায় । বায়ু আৰু পানী দূষণৰ ফলত শ্বাসকষ্ট, এলাৰ্জি আদি ৰোগ বৃদ্ধি পাইছে । স্থানীয় চৰকাৰ আৰু ব্যৱস্থাপনা সংস্থাসমূহে যথাযথ পদক্ষেপ নলোৱাৰ বাবে জনসাধাৰণৰ ক্ষোভ বৃদ্ধি পাইছে। কৰ্তিপক্ষই উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক আৱৰ্জনা হ্ৰাস কৰিবলৈ উৎসাহিত কৰা, প্লাস্টিক আৰু ক্ষতিকাৰক বস্তুৰ ব্যৱহাৰ সীমিত কৰা, প্রযুক্তিগত সমাধান বায়’গেছ প্লান্ট স্থাপন, আধুনিক Landfill Management Technology ব্যৱহাৰ, জনসচেতনতা বৃদ্ধি, সাধাৰণ মানুহক সঠিকভাৱে আৱৰ্জনা নিষ্পত্তি কৰাৰ প্ৰশিক্ষণ চৰকাৰ আৰু স্থানীয় সংগঠনক সহযোগিতা আগবঢ়োৱা আদিৰ দৰে এই প্ৰচেষ্টাসমূহ সঠিকভাৱে কার্যকৰী কৰিলে ডাম্পিং গ্ৰাউণ্ডৰ সমস্যাৰ পিৰা পৰিত্ৰাণ পোৱাৰ লগতে পৰিবেশতো ইতিবাচক প্ৰভাৱ পৰিব।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top