প্ৰতি বছৰে লাখ লাখ ভাৰতীয় বহিঃৰাজ্যলৈ যায়, কোনোবাই পঢ়া-শুনাৰ বাবে আৰু কোনোৱে চাকৰি আৰু ব্যৱসায়ৰ বাবে। ভাৰতীয় অনুপ্ৰৱেশকাৰীসকল মূলতঃ আমেৰিকা, ব্ৰিটেইন, কানাডা আৰু মধ্যপ্ৰাচ্যৰ দৰে দেশত বাস কৰে। সাধাৰণতে উন্নত দেশত বসতি স্থাপন কৰা ভাৰতীয়সকলে নাগৰিকত্ব পাবলৈ সেই দেশৰ নাগৰিকত্ব লাভ কৰে, যাৰ বাবে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিবলগীয়া হয়। ইয়াৰ পিছত যেতিয়াই তেওঁলোকে ভাৰতলৈ আহিব লগা হয় তেতিয়াই ভিছা লোৱাটো প্ৰয়োজনীয় হৈ পৰে। এই সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে OCI (Overseas Citizen of India) কাৰ্ড প্ৰদান কৰে। অৱশ্যে ইয়াক দ্বৈত নাগৰিকত্ব বুলি গণ্য কৰা নহয়।
দেশৰ মাজত জনগাঁথনি আৰু আয়ৰ পাৰ্থক্য আৰু পৰিবহণ আৰু যোগাযোগৰ অধিক সহজতাকে ধৰি ঠেলা আৰু টানিব পৰা কাৰকসমূহৰ দ্বাৰা সক্ষম হোৱা মানুহৰ অভূতপূৰ্ব গতিবিধিয়ে নতুন অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সংযোগৰ সৃষ্টি কৰিছে। বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে বিশ্ব ক্ৰমান্বয়ে ভাৰতৰ কৰ্মক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে।
আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, জাৰ্মানী, ছুইডেন, নৰৱে, ব্ৰিটেইন, আয়াৰলেণ্ড, ফিনলেণ্ড আৰু নিউজিলেণ্ড আদি বিশ্বৰ বহু দেশত দ্বৈত নাগৰিকত্বৰ অনুমতি দিয়া হৈছে। কিন্তু ভাৰতত এনে নহয়। ভাৰতীয় সংবিধানে দ্বৈত নাগৰিকত্বক স্বীকৃতি নিদিয়ে। নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৭এ অনুসৰি ভাৰত চৰকাৰে ভাৰতৰ সৈতে সংযুক্ত হৈ থাকিবলৈ সক্ষম হ’বলৈ ভাৰতীয় মূলৰ কিছুমান বিশেষ লোককহে অ’চিআই (OCI) কাৰ্ড প্ৰদান কৰে।
OCI কাৰ্ড হৈছে এক বিশেষ সুবিধা যিটো সেইসকল লোকৰ বাবে সৃষ্টি কৰা হৈছে যিসকলে আন দেশৰ নাগৰিকত্ব লৈছে কিন্তু তথাপিও ভাৰতৰ সৈতে আৱেগিক আৰু পাৰিবাৰিক সম্পৰ্ক আছে। ইয়াৰ পূৰ্বে ২০০৩ চনত ভাৰত চৰকাৰে PIO (Person of Indian Origin) কাৰ্ড প্ৰদান কৰিছিল, যিখন কাৰ্ড ১০ বছৰৰ বাবে বৈধ আছিল। কিন্তু ২০০৬ চনত অ’চিআই কাৰ্ড আঁচনি প্ৰৱৰ্তন কৰা হয় আৰু ২০১৫ চনত পিআইঅ’ কাৰ্ড বাতিল কৰা হয়।
বহুতে ধৰি লৈছে যে অ’চিআই কাৰ্ড লাভ কৰাটো দ্বৈত নাগৰিকত্ব থকাৰ সমতুল্য, কিন্তু সেয়া নহয়। OCI কাৰ্ডত কেৱল ভাৰতত থকা আৰু ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হয়, ই ভাৰতীয় নাগৰিকত্ব নিদিয়ে। অ’চিআই কাৰ্ডধাৰীয়ে লাইফটাইম ভিছাৰ সুবিধা লাভ কৰে, যাৰ বাবে তেওঁলোকে ভিছা অবিহনে ভাৰতলৈ আহিব পাৰে। কিন্তু তেওঁক ভাৰতৰ পূৰ্ণ নাগৰিক বুলি গণ্য কৰা নহয় আৰু কিছু অধিকাৰৰ পৰা বঞ্চিত।
১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পিছত ভাৰতীয় নাগৰিকত্ব থকা বা পিতৃ-মাতৃ ভাৰতীয় নাগৰিক সেইসকল লোকক ভাৰত চৰকাৰে OCI কাৰ্ড প্ৰদান কৰে। কিন্তু এই সুবিধা পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, নেপাল, আফগানিস্তান আৰু ইৰাণৰ নাগৰিকক দিয়া নহয়। অ’চিআই কাৰ্ডধাৰীক ভাৰতত থাকিবলৈ, কাম কৰিবলৈ আৰু অৰ্থনৈতিক লেনদেন কৰিবলৈ অনুমতি দিয়া হৈছে। এই কাৰ্ড আজীৱন বৈধ হৈ থাকে। অ’চিআই কাৰ্ডধাৰীসকলে বহু অধিকাৰ লাভ কৰে, কিন্তু কিছুমান নিষেধাজ্ঞাও আৰোপ কৰা হয়: ভাৰতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। ভাৰতত তেওঁলোকৰ ভোটাধিকাৰ নাই।কোনো চৰকাৰী চাকৰি বা সাংবিধানিক পদত নিযুক্তি দিব নোৱাৰিব। ভাৰতত কৃষিভূমি কিনিব নোৱাৰে।
ভাৰতত দ্বৈত নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত বহু বাধা আছে, যিবোৰ সাংবিধানিক, ৰাজনৈতিক, আৰু কৌশলগত চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি স্থাপন কৰা হৈছে।
দ্বৈত নাগৰিকত্বত বাধা দিয়া মূল বাধাসমূহৰ ভিতৰত আছে সাংবিধানিক বাধাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ ৯ নং অনুচ্ছেদ অনুসৰি দ্বৈত নাগৰিকত্ব নিষিদ্ধ কৰে। যদি কোনো ব্যক্তিয়ে বিদেশী নাগৰিকত্ব গ্ৰহণ কৰে, তেন্তে তেওঁ স্বয়ংক্ৰিয়ভাৱে ভাৰতীয় নাগৰিকত্ব হেৰুৱায় । দ্বিতীয়তে গণতান্ত্ৰিক আৰু ৰাজনৈতিক প্ৰত্যাহ্বান সমুহৰ কথা কব লাগিব। নাগৰিকত্ব মানেই দেশৰ ওপৰত অবিভক্ত আনুগত্য। যদি কোনো ব্যক্তিয়ে বিদেশী নাগৰিকত্ব লৈ ভাৰতত ভোটাধিকাৰ বা ৰাজনৈতিক পদ লাভ কৰে, তেন্তে ই গণতান্ত্ৰিক সাৰ্বভৌমত্ব ক্ষুণ্ণ কৰিব পাৰে।
আনহাতে বিদেশী নাগৰিকসকলে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, যিয়ে ঘৰুৱা ৰাজনীতিত বহিঃশক্তিৰ হস্তক্ষেপৰ আশংকা বৃদ্ধি কৰে । আকৌ নিৰাপত্তা আৰু কৌশলগত সমস্যাসমূহৰ যুক্তিও আহি পৰে। দ্বৈত নাগৰিকসকলে দেশৰ গোপন তথ্য বা সেনাৰ কৌশলগত দিশ উন্মোচন কৰাৰ আশংকা থাকে। বিশেষকৈ যদি তেওঁলোক দেশৰ প্ৰতি সম্পূৰ্ণ সজাগ নোহোৱাকৈ অন্য দেশৰ স্বার্থ ৰক্ষা কৰে ।স্বাধীনতাৰ পিছৰ সময়ত দেশভাগৰ পৰিপ্ৰেক্ষিতত নাগৰিকত্ব সম্পৰ্কে কঠোৰ নীতি গ্ৰহণ কৰা হৈছিল । অর্থনৈতিক আৰু প্ৰশাসনিক প্ৰত্যাহ্বানো বাধা হিচাপে পৰিলক্ষিত হয়। দ্বৈত নাগৰিকসকলৰ টেক্স, ভূমি মালিকীস্বত্ব, আৰু ব্যৱসায়িক বিনিয়োগৰ নিয়ন্ত্ৰণ কঠিন হ’ব পাৰে। যদি বিদেশী নাগৰিকসকলে ভাৰতীয় নাগৰিকত্ব পায়, তেন্তে দেশৰ অভ্যন্তৰীণ সম্পদৰ ওপৰত অধিক চাপ পৰিব
ভাৰতীয় নাগৰিকত্ব আইনৰ (Citizenship Act, 1955) অধীনত ভাৰতীয় নাগৰিকসকলক কেৱল এজন নাগৰিক হিচাপে স্বীকৃতি দিয়া হয়। যদি কোনো ব্যক্তি আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে, তেওঁ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা বুলি গণ্য কৰা হয়। বিদেশত বসবাস কৰা ভাৰতীয়সকলৰ বাবে OCI (Overseas Citizen of India) কাৰ্ড উপলব্ধ, যিয়ে তেওঁলোকক কিছু বিশেষ সুবিধা দিয়ে কিন্তু নাগৰিকত্ব নহয়।
সাংবিধানিক আৰু নিৰাপত্তা সংবেদনশীল চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি স্থাপন কৰা হৈছে তথাপি বিশ্বব্যাপী প্ৰব্ৰজন আৰু ভাৰতীয় অর্থনীতিৰ বৃদ্ধি বিবেচনা কৰি, অ’চিআই কাঠামোক অধিক স্থিতিশীল আৰু অধিকাৰযুক্ত কৰি মধ্যপন্থী সংস্কাৰ আনি ল’লে ভাৰত আৰু বিদেশী ভাৰতীয়সকলৰ মাজত অধিক সংযোগ স্থাপন সম্ভৱ।