শ্ৰমিক দিৱস প্ৰতিবছৰে মে’ মাহৰ প্ৰথম তাৰিখে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। এই দিৱসটো শ্ৰমিকসকলৰ অধিকাৰ, কৰ্মসংস্থান, মজুৰি আৰু শ্ৰমিকসুৰক্ষাৰ দাবীত হোৱা দীঘলীয়া আন্দোলনৰ ফলত স্বীকৃতি লাভ কৰিছিল। এই দিনটো ১৯শ শতিকাৰ শেষভাগত যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত হোৱা শ্ৰমিক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। শ্ৰমিকসকলে তেতিয়া দৈনিক ৮ ঘণ্টা কামৰ অধিকাৰ দাবী কৰিছিল। এই আন্দোলনে শ্ৰমৰ মূল্য, শ্ৰমিকৰ অধিকাৰ আৰু সংগঠনৰ প্ৰয়োজনীয়তা সমগ্ৰ বিশ্বক বুজাই দিছিল।
শ্ৰমিক দিৱসত বিশ্বজুৰি কৰ্মজীৱী লোকৰ অধিকাৰ, সন্মান আৰু সংগঠন শক্তিক স্বীকৃতি জনায়। এই দিনটোৱে শ্ৰমিকসকলৰ অৱদানক উদযাপন কৰাৰ লগতে বিশেষকৈ সামাজিক ভাবে অৱহেলিত আৰু বিপদসঙ্কুল পেছাত জড়িত শ্ৰমিকসকল সকলোৰে সুৰক্ষা, স্বাস্থ্য আৰু ন্যায্য অধিকাৰ দাবী সমৰ্থন কৰে।
কিন্তু আজিৰ দশকত প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশ, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু অটোমেছনৰ অগ্ৰগতিৰ লগত শ্ৰমিক সমাজ এক নতুন প্ৰেক্ষাপটত পৰিণত হৈছে। বহু ধৰণৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ কাম এখনত যন্ত্ৰ বা প্ৰযুক্তিয়ে কৰি পেলাব পৰা পৰিস্থিতিত শ্ৰমিকৰ পৰিচয়, অধিকাৰ আৰু দায়িত্ববোৰ নতুনকৈ সংজ্ঞায়িত হ’ব ধৰিছে ।
AI আৰু অটোমেছন ব্যৱস্থাই বহু চৰম কষ্টৰ কাম সহজ কৰি পেলালেও, ইয়াৰ ফলত বহু মানুহে চাকৰি হেৰুৱাৰ আশংকা কৰিছে। এই পৰিস্থিতিত ন্যায্য বেতন, চাকৰিৰ স্থায়িত্ব, কৰ্মসংস্থাপনৰ সুৰক্ষা আদি অধিকাৰবোৰ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। আগতে মজদুৰ বা শ্ৰমিক মানেই যেন শিল ভঙা পৰিশ্ৰম কিন্তু এতিয়া প্ৰযুক্তিনির্ভৰ কৰ্মক্ষেত্ৰত চফ্টৱেৰ ইঞ্জিনিয়াৰ, ডেটা এনালিষ্ট, কন্টেন্ট মডাৰেটৰ আদিও একো একোটা নতুন শ্ৰমিকৰ ৰূপত আত্মপ্ৰকাশ কৰিছে। শ্ৰমিকসকলে নিজৰ চাকৰি ৰক্ষা কৰিবলৈ নতুন প্ৰযুক্তিৰ সৈতে খাপ খোৱাটো অত্যাৱশ্যক হৈ পৰিছে।
AI যিমানেই উন্নত হওক, মানৱিক অনুভূতি, নৈতিকতা, সহানুভূতি, আৰু সৃষ্টিশীলতাৰ কোনো বিকল্প নাই। এইবিলাক গুণৰ ওপৰত আধাৰিত কৰ্মই ভৱিষ্যতৰ কৰ্মক্ষেত্ৰত শ্ৰমিকক আগবঢ়াব। কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত শ্ৰমিক দিৱসৰ তাৎপৰ্য কেৱল অতীতৰ গৌৰৱ গাথা স্মৰণ কৰাই নহয় এই দিনটো এক প্ৰতিজ্ঞাৰ দিন। শ্ৰমৰ ন্যায্য মূল্য, নতুন যুগৰ কৰ্মসংস্থাপনৰ নীতি আৰু শ্ৰমিকৰ মানৱিক অধিকাৰক সুনিশ্চিত কৰাৰ বাবে আগবাঢ়ি যোৱাৰ।
বহু ক্ষেত্ৰত সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ মানুহ বিশেষকৈ দলিত, আদিবাসী বা অৰ্থনৈতিক দিশত অত্যন্ত দুৰ্বল শ্ৰেণীয়ে অত্যন্ত কম মজুৰিত কঠিন পৰিশ্ৰম কৰিবলৈ বাধ্য হয়। সামাজিক ভাৱে পিছপৰা শ্ৰেণীসমূহ সাধাৰণতে সমাজত কম মূল্যৰ, কঠিন আৰু নিন্দনীয় কামত নিয়োজিত হৈ থাকে। এই শ্ৰমিকসকলৰ পৰিশ্ৰমৰ দ্বাৰাই আমাৰ সমাজ, অৰ্থনীতি আৰু উন্নয়নৰ ভিত্তি গঢ় লৈ উঠে, তথাপি তেওঁলোকৰ অধিকাৰ, মান-সম্মান আৰু জীৱন মান প্ৰায়ে উপেক্ষিত হৈ পৰে। শ্ৰমিক দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে এই শ্ৰমিকসকলৰ অৱদানক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ অধিকাৰৰ প্ৰতি সচেতনতা সৃষ্টি কৰা। এই দিৱসত আমি বিশেষকৈ সেইসকল সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ শ্ৰমিকসকলৰ কথাও মনত ৰাখিব লাগে, যিসকলে দীৰ্ঘ সময় ধৰি সমাজৰ নীচ পৰ্যায়ত কষ্টসহিষ্ণুতা আৰু ন্যায়হীনতাৰ মাজেৰে কাম কৰি আহিছে। উদাহৰণস্বৰূপে স্কেভেঞ্জাৰসকলেৰ দৰে নিম্ন পৰ্য্যায়ৰ কাম নকৰিলে পথৰ, নলাৰ বা পৰিবেশৰ দূষণে ভয়ংকৰ ৰূপ ল’ব পাৰে। তেওঁলোকৰ কঠোৰ শ্রমৰ বাবে আমাৰ সমাজ পৰিষ্কাৰ, স্বাস্থ্যসম্মত পৰিবেশ লাভ কৰে। প্ৰতিদিনে দূষিত বস্তুক স্পৰ্শ কৰে যাৰ বাবে ৰাসায়নিক পদাৰ্থ আৰু জীৱাণুময় আবর্জনাৰ সংস্পৰ্শলৈ অহাৰ বাবে দুৰাৰোগ্য স্বাস্থ্যজনিত সমস্যাৰে ভাৰাক্ৰান্ত হয়।
ভাৰতৰ দৰে দেশত Minimum Wages Act (1948), Factories Act (1948) আদিৰ দৰে বহু আইন শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষাৰ উদ্দেশ্যে কৰা হৈছে। শ্ৰমিক দিৱস সেই আইনী সজাগতা আৰু নীতিগত দিশবোৰলৈ দৃষ্টিপাত কৰাৰ সুযোগ দিয়ে।
১৯৪৮ চনৰ নূন্যতম মজুৰি আইন অনুসৰি প্ৰতিজন ভাৰতীয় শ্ৰমিকে অন্ততঃ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা নূন্যতম মজুৰি লাভ কৰাৰ অধিকাৰ আছে। কিন্তু এতিয়াও এনেকুৱা বহুত শ্ৰমিক আছে যি তেওঁলোকৰ পাবলগীয়া মজুৰিৰ পৰা বঞ্চিত হৈয়েই আছে। দাবী , প্ৰতিবাদ বোৰৰ প্ৰতিও সঁহাৰি নাই কৰ্তৃপক্ষৰ। অসমৰ প্ৰেক্ষাপটত চাব গলে দেখা যায় কষ্টকৰ কামৰ বিনিময়ত তেওঁলোকে জীয়াতু ভুগিব লগা হৈছে। এম্বুলেন্সৰ কৰ্মীসকলে, যিসকল লোকেই জৰুৰীকালীন অৱস্থাত জীৱন ৰক্ষা কৰিবলৈ লৰালৰি কৰে, তেওঁলোকে লাভ কৰা নাই তেওঁলোকৰ পাৰিশ্ৰমিক। আৰ্থিক চিন্তাৰ উপৰিও কৰ্মচাৰীসকলে একাংশ বিষয়াৰ দুৰ্ব্যৱহাৰৰ অভিযোগো উত্থাপিত হৈছে।আনহাতে ২০২৫ বৰ্ষৰ ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত দাখিল কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত ৰাজ্যৰ ৬.৮ লাখ চাহ শ্রমিকৰ প্ৰত্যেকজনকে এককালীন বিত্তীয় সাহায্য হিচাপে পাঁচ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল কিন্তু ৰাজ্য চৰকাৰখনে পিছে আজিলৈকে নিগমৰ অধীনৰ বাগিচাকেইখনৰ শ্ৰমিক-কৰ্মচাৰীসকলে পাবলগীয়া ধনৰাশিকে মোকলাই দিয়া নাই। তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ে গঠন কৰা এজনীয়া আয়োগৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ ৩১ অক্টোবৰলৈকে শ্রমিক আৰু কৰ্মচাৰীসকলে পাবলগীয়া ধনৰ পৰিমাণ আছিল ৬৩০.৭৭ কোটি টকা। ইয়াৰে ভিতৰত অসম চৰকাৰে এতিয়ালৈকে বিভিন্ন শিতানত ৩৩৯.৬৭ কোটি টকা মোকলাই দিছে। কিন্তু আশ্চর্যজনকভাৱে উচ্চতম ন্যায়ালৰ নিৰ্দেশৰ পাছতো একমাত্র শ্রমিকসকলে পাবলগীয়া বাকী ২৯৮ কোটি টকা যোৱা তিনি বছৰে ৰাজ্য চৰকাৰখনে মোকলাই দিয়া নাই। এনেকৈ বহুতো শ্ৰমিক লাভ কৰা নাই পাৰিশ্ৰমিক।
শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি আমি ক’ব পাৰো যে সামাজিক ভাৱে পিছপৰা শ্ৰেণীলৈ অধিক মনোযোগ, ন্যায্য মজুৰি, শ্ৰমিক সুৰক্ষা আৰু শিক্ষা-প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰাটোৱেই হ’ল প্ৰকৃত অৰ্থত শ্ৰমিক দিৱস উদযাপনৰ ন্যায়সংগত আৰু সাৰ্থক পথ। শ্ৰমিক দিৱস কেৱল এটা দিৱস নহয়, ই এটা আন্দোলন, এটা সজাগতা আৰু এটা মৰ্যাদাৰ দাবী।