পঞ্চায়তীৰাজৰ মূল উদ্দেশ্য ক্ষমতাৰ বিকেন্দ্রীকৰণ। গাঁওবাসীক নিজৰ সমস্যা সমাধানত সক্রিয়ভাৱে অংশগ্রহণৰ সুযোগ দিয়াৰ মাধ্যমে গণতান্ত্ৰিক মূল্যবোধ প্ৰসাৰৰ লক্ষ্য।গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়তক সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা দিয়াটোও এক অত্যন্ত গুৰুত্বপূর্ণ বিষয়।
১৯০৯ চনত প্রকাশ পোৱা মহাত্মা গান্ধীৰ ‘হিন্দ স্বৰাজ’ত আধুনিক ভাৰতত প্ৰথমবাৰৰ বাবে গ্রাম্য শাসন ব্যৱস্থাৰ কথা বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছিল। পশ্চিমীয়া দেশৰ চিন্তাবিদসকলে গান্ধীৰ ‘হিন্দ স্বৰাজ’ক Indian Home Ruleৰ আদিপাঠ বুলি বৰ্ণনা কৰিছে। এই গ্ৰন্থৰ জৰিয়তে গান্ধীয়ে ভাৰতীয় গ্রামীণ জনজীৱনৰ স্বতন্ত্রতা স্থাপনৰ মাধ্যমেৰে ৰাজনৈতিক স্বাধীনতা অর্জন কৰা চিন্তাধাৰাক উপস্থাপন কৰিছিল। ইংৰাজে প্ৰতিষ্ঠা কৰিব বিচৰা পশ্চিমীয়া সমাজ-জীৱনক এই গ্ৰন্থখনৰ জৰিয়তে তীব্র সমালোচনা কৰাৰ সমান্তৰালভাৱে ভাৰতীয় সনাতনী গ্রাম্য সমাজ পুনৰ গঠনৰ জৰিয়তে নতুন ভাৰতৰ প্রস্তাৱ তুলি ধৰিছিল মহাত্মা গান্ধীয়ে। কিন্তু তদানীন্তন কংগ্ৰেছকে ধৰি দেশৰ বৌদ্ধিক সমাজে গান্ধীৰ হিন্দ স্বৰাজৰ চিন্তাক বিশেষ গুৰুত্ব দিয়া দেখা নগৈছিল। কিন্তু গান্ধীয়ে ক্ষমতাৰ ব্যাপক বিকেন্দ্ৰীকৰণ অবিহনে ভাৰতীয় মানুহৰ মংগল সম্ভৱ নহয় বুলি নিজৰ মত দৃঢ়তাৰে প্ৰকাশ কৰি আহিছিল। পৰৱৰ্তী সময়ত বাল গংগাধৰ তিলকে ১৯১৬ চনত Swaraj is My Birth Right বুলি কৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ আন্দোলনক নতুন মাত্রা প্রদান কৰে। তিলকৰ মতে স্ব-শাসন, স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ, বিদেশী সামগ্রী বর্জন আৰু উমৈহতীয়া ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ জৰিয়তেহে প্ৰকৃত অৰ্থত ‘গ্রাম স্বৰাজ’ স্থাপন কৰিব পৰা যাব।
গ্ৰাম্য উন্নয়ন অৰ্থাৎ গাঁওবাসীৰ জীৱনৰ সমগ্ৰ দিশৰ উন্নতি সাধন। ইয়াত অন্তৰ্ভুক্ত হয় কৃষি উন্নয়ন, শিক্ষা, স্বাস্থ্য, পানী যোগান, পথ নিৰ্মাণ আদিৰ উন্নয়ন। গাঁওবাসীক আত্মনিৰ্ভৰশীল আৰু সচেতন কৰি তোলা গ্রামোন্নয়নৰ মূল লক্ষ্য।
অসমৰ বহু গাঁওত এতিয়াও শিক্ষা, আৰ্থিক সম্পদ, বজাৰৰ সুবিধা আদি অভাৱৰ বাবে খেতি আৰু জীৱন পৰিস্থিতি উন্নত হব পৰা নাই । পঞ্চায়তসমূহে ইয়াৰ উন্নয়নলৈ গুৰুত্ব দিয়ে, আৰু এই ক্ষেত্ৰত পঞ্চায়তৰ ভূমিকা বেছি সময়ত নির্ণায়ক হৈ পৰে। পঞ্চায়ত নিৰ্বাচন যিহেতু স্থানীয় সমস্যাক কেন্দ্ৰ কৰি আয়োজিত হয়, সেয়েহে স্থানীয় সমস্যাবোৰেই প্ৰধান বিষয় হৈ উঠে। পঞ্চায়ত নিৰ্বাচনত তীব্ৰ প্ৰতিযোগিতা পৰিলক্ষিত হয়, আৰু নিৰপেক্ষ আৰু শান্তিপূর্ণ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে নানা সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰে।
পঞ্চায়তৰ সফলতা মূলত জনসাধাৰণৰ সচেতন অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে। যদিও বহু সময়ত দেখা যায় যে দুর্নীতি, ৰাজনৈতিক হস্তক্ষেপ, অপচয় আৰু প্রশাসনিক উদাসীনতাই পঞ্চায়তৰ উন্নয়নমূলক কাম-কাজ বাধাগ্ৰস্ত কৰিছে। মধ্যস্বত্বভোগীৰ উপস্থিতিৰ বাবেও বহু আঁচনিৰ সঠিক ৰূপায়ণ নহয়।
সংবিধানৰ ৭৩সংখ্যক সংশোধনীয়ে ভাৰতৰ গ্ৰাম্য পঞ্চায়তীৰাজ ব্যৱস্থাত এক আমূল পৰিৱৰ্তন সাধন কৰে। এই সংশোধনীৰ প্ৰধান উদ্দেশ্য আছিল স্থানীয় স্বায়ত্তশাসনক অধিক শক্তিশালী কৰি গঢ়ি তুলি স্থানীয় সমস্যাবোৰ সমাধানৰ সঠিক পথ ৰচনা কৰা।অসমত সাম্প্ৰতিক পঞ্চায়ত নিৰ্বাচনত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱর্তন দেখা গৈছে। ভাৰতীয় সংবিধানৰ চতুর্থ অধ্যায়ত ৰাজ্য পৰিচালনাৰ নীতিসমূহৰ ভিতৰত পঞ্চায়তীৰাজ ব্যৱস্থাৰ উল্লেখ আছে। অসম পঞ্চায়তী ৰাজ আইন (১৯৯৪)ৰ সংশোধন অনুসৰি এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহৰ নতুনকৈ সমষ্টি নিৰ্ধাৰণ কৰা হৈছে। এইবাৰ নিৰ্বাচনত গাঁও পঞ্চায়তৰ সভাপতি জনসাধাৰণৰ দ্বাৰা নহয়, সদ্য-নির্বাচিত সদস্যসকলৰ দ্বাৰা নিৰ্বাচিত হ’ব। আন এক গুৰুত্বপূর্ণ পৰিৱর্তন হৈছে – গাঁও পঞ্চায়তৰ নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ প্রতীক ব্যৱহাৰ নহ’ব। EVM ৰ সলনি প্ৰাৰ্থীৰ নাম আৰু প্রতীক থকা বেলট পেপাৰত ভোট দিয়া হ’ব।
পঞ্চায়তসমূহ গণতান্ত্রিক ভিত্তিত গঠিত হোৱা অতি প্ৰয়োজন। গাঁৱৰ অশিক্ষিত আৰু অর্ধশিক্ষিত লোকক পঞ্চায়তত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা আৱশ্যক। পঞ্চায়ত বিভাগত সাধাৰণতে দেখা কিছু সমস্যা তলত উল্লেখ কৰা হ’ল।
১) অসম পঞ্চায়ত আইন, ১৯৯৪ৰ ৬ নং ধাৰা অনুযায়ী গাঁও পঞ্চায়তৰ ১০জন ৱার্ড সদস্য আৰু এজন সভাপতি নির্বাচনৰ যোগেদি পোনপটীয়াকৈ নির্বাচন কৰে। বহু ক্ষেত্রত দেখা যায় যে সভাপতিজন এটা ৰাজনৈতিক দলৰ আৰু ৱার্ড সদস্যসকলৰ গৰিষ্ঠসংখ্যক অন্য ৰাজনৈতিক দলৰ হয়। এনে পৰিপ্ৰেক্ষিতত সচৰাচৰ দেখা যায় যে বিৰোধী সদস্যসকল একগোট হৈ সভাপতিৰ বিপক্ষে কিছুমান ভুৱা অভিযোগ উপস্থাপন কৰি অনাস্থা প্রস্তাৱ গ্রহণ কৰে। সভাপতিজনো অনাস্থা ভোটত জয়ী হ’বলৈ ৰাজনৈতিক কৌশল অবলম্বন অথবা আইনী সাহায্যৰ সহায় ল’বলগীয়া হয়। এনে পৰিস্থিতিত গাঁও পঞ্চায়তৰ প্ৰশাসনীয় কাৰ্য আৰু ৰাইজৰ উন্নয়ন বাধাপ্রাপ্ত হয়। সুখৰ কথা যে অহা নিৰ্বাচনত এই ব্যৱস্থাৰ বিলুপ্তি ঘটাই সদস্যসকলৰ মাজৰপৰাই সভাপতি নির্বাচন কৰা হ’ব। ঠিক বিধায়কসকলে মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰাৰ দৰে।
২) ৰাজ্যৰ বিধানসভা নির্বাচনত ৰাজনৈতিক পট পৰিৱৰ্তন হোৱাৰ লগে লগে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলেও ৰাজনৈতিক দল পৰিৱৰ্তন কৰা দেখা যায়। ফলস্বৰূপে বহুক্ষেত্রত পঞ্চায়তত বিৰোধী দল ক্ষমতাশীল হ’লেও সদস্যই দল সলনি কৰাৰ ফলত দলটো সংখ্যালঘুত পৰিণত হয় আৰু অনাস্থা প্রস্তাৱৰ দাবী উত্থাপন হয়। প্ৰস্তাৱ উত্থাপনৰপৰা প্ৰস্তাৱ গৃহীত হোৱালৈকে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ উন্নয়নমূলক কাম-কাজ স্থৱিৰ হৈ পৰে। মাথোঁ কেইজনমান সদস্যৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ ফলত প্ৰগতিৰ ধাৰা ব্যাহত হৈ পৰে। পঞ্চায়ত আইনৰ সংশোধন কৰি দলত্যাগ বাৰণ ব্যৱস্থা গ্রহণ কৰিব লাগে।
৩) ২০১৬ চনৰ ১২ ছেপ্টেম্বৰত ৰাজ্যপালে জাৰি কৰা জাননী অনুযায়ী ৰাজ্যৰ জিলা গ্রামোন্নয়ন অভিকৰণক জিলা পৰিষদৰ লগত চামিল কৰা হয়। চামিলকৰণৰ সময়ত দুয়োটা বিভাগৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া সেবাবিধি প্রস্তুত কৰা নহ’ল। বিভাগটোত কৰ্মৰত কাৰিকৰী বিষয়াসকলৰ পদোন্নতি হ’ল যদিও জিলা পৰিষদৰ কাৰিকৰী বিষয়াসকলক উপেক্ষিত কৰা হ’ল। জিলা পৰিষদত কৰ্মৰত কাৰিকৰী বিষয়াসকল একেই পদবীতে থাকিল। কনিষ্ঠ অভিযন্তাৰপৰা পদোন্নতি লাভ কৰা অভিকৰণৰ কাৰিকৰী বিষয়াৰ অধীনত জিলা পৰিষদত কৰ্মৰত স্নাতকোত্তৰ ডিগ্রীধাৰী অভিযন্তায়ো কার্যনির্বাহ কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত বঞ্চিত বিষয়াসকলৰ কৰ্মস্পৃহা হ্রাস হৈছে। প্রশাসনিক দিশবোৰৰ পুনৰ পৰীক্ষণৰ প্রয়োজন আছে।
৪) পঞ্চায়ত বিভাগে ৰূপায়ণ কৰি থকা এখন গুৰুত্বপূর্ণ আঁচনি হৈছে প্রধানমন্ত্রী আবাস যোজনা-গ্রামীণ (PMAY-G)। বহুক্ষেত্রত দেখা যায়, আঁচনিখন বিফল হোৱাৰ মূলতে বহু ক্ষেত্রত হিতাধিকাৰীসকলহে, বিভাগীয় কর্তৃপক্ষ নহয়। আবাসগৃহ নির্মাণৰ সমুদায় ধন হিতাধিকাৰীৰ বেষ্ক একাউণ্টত তিনিটা কিস্তিত জমা হয়। আঁচনিখনৰ হিতাধিকাৰীসকল দৰিদ্ৰ সীমাৰ তলৰ ব্যক্তি। বেঙ্কত ধন জমা হোৱাৰ পাছতে এই দৰিদ্ৰ লোকসকল ৰোগত আক্রান্ত/দুর্ঘটনাগ্রস্ত হ’লে গৃহ নির্মাণৰ আবণ্টিত ধনেই ব্যয় কৰে, যাৰ ফলত আবাস নির্মাণ অসম্পূর্ণ হয়। আঁচনিখনত প্রথম কিস্তিত ৩২,৫০০ টকা, দ্বিতীয় কিস্তিত ৭৮,০০০ টকা আৰু তৃতীয় কৃষ্টিত ১৯,৫০০ টকা আবণ্টন কৰা হয়। বহু হিতাধিকাৰীয়ে প্রথম কিস্তিৰ পুঁজি ব্যৱহাৰ কৰি ঘৰটোৰ ভেটিটোৰ নিৰ্মাণ সম্পূর্ণ কৰে। কিন্তু দ্বিতীয় কিস্তিৰ ধন বেঙ্কত জমা হোৱাৰ পাছত মদ্যপান, ঘৰুৱা সামগ্রী ক্রয় আদিত ধনৰ অপব্যয় কৰে, যাৰ ফলত ঘৰ অসম্পূর্ণ হয়। চৰকাৰী বিষয়া অহাৰ কথা গম পালেই আঁতৰি থাকে। এনেধৰণৰ পৰিস্থিতি নিবাৰণ কৰিবলৈ আবাস নিৰ্মাণৰ দায়িত্বপ্রাপ্ত চৰকাৰী বিষয়াজনৰ লগত হিতাধিকাৰীৰ যুটীয়া বেঙ্ক একাউণ্টৰ ব্যৱস্থা কৰি দুয়োকে দায়বদ্ধ কৰিব লাগে।
৫) পঞ্চায়ত বিভাগৰ এখন গুৰুত্বপূর্ণ আৰু জনপ্রিয় আঁচনি হৈছে মহাত্মা গান্ধী এনৰেগা (MGNREGA)। আঁচনিখনৰ ফলত গাঁও অঞ্চলৰ বাট-পথ, নলা-নর্দমা আদি স্থায়ী সম্পদ সৃষ্টিৰ লগতে শ্রম নিয়োগৰ যোগেদি বহু লোকে আর্থিক সকাহ পাইছে। তদুপৰি আঁচনিখনৰ অধীনত আঁচনিখন ৰূপায়ণ কৰিবলৈ বহু নিবনুৱা যুৱক-যুৱতীক বিভিন্ন পদবীত ঠিকাভিত্তিত নিয়োগ কৰা হৈছে। অর্থাৎ বহু শিক্ষিত যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিছে।
কিন্তু আঁচনিখনৰ প্রধান দুর্বলতা হৈছে সমগ্ৰ ভাৰততে ৰূপায়ণ কৰা আঁচনিসমূহৰ প্ৰকাৰ কৰা হৈছে। ভাৰত এখন বিশাল ৰাষ্ট্র, স্থান ভেদে প্রাকৃতিক পরিবেশো বিভিন্ন ধৰণৰ আৰু সেয়ে ৰাজ্য ভেদে আঁচনিৰ প্ৰকাৰ সুকীয়া হোৱাটো প্রয়োজন। বৰফাবৃত লাডাখ, বর্ষা প্রধান অসম-কেৰালা, মৰুময় ৰাজস্থান-গুজৰাট আদি সকলোতে একে ধৰণৰ আঁচনি ৰূপায়ণ সম্ভর নহয়। MGNREGA আইনৰ সংশোধন ঘটাই ভাৰতক কেইটামান মণ্ডলত ভাগ কৰিলে মণ্ডলভিত্তিক নতুন নির্দেশনা প্রস্তুত কৰিলে আঁচনি ৰূপায়ণ অধিক ফলপ্রসু হ’ব। দ্বিতীয়তে, নগৰৰ উপকণ্ঠৰ (Sub-Urban) গাঁও পঞ্চায়ত এলেকাবোৰ প্ৰায় নগৰৰ দৰেই। এইবোৰ অঞ্চলতো নগৰৰ দৰেই জনসংখ্যাৰ ঘনত্ব অধিক, খেতিপথাৰহীন, বহুমহলীয়া ঘৰৰ উপস্থিতি আদি দেখা যায়। এনেবোৰ অঞ্চলত মাটিৰ সম্পর্ক থকা কাম যেনে- কেঁচা পথ, কেঁচা নলা-নর্দমা আদি তেনেই সীমিত আৰু NREGAৰ জবকার্ডযুক্ত শ্রমিকৰ সংখ্যাও নগণ্য। দূৰণিবটীয়া গাঁও পঞ্চায়তৰ সামাজিক আৰু আর্থিক পৰিৱেশৰ লগত নগৰৰ উপকণ্ঠৰ গাঁও পঞ্চায়তৰ পৰিৱেশ সম্পূর্ণ বিপৰীত।
৬) পঞ্চায়ত আইনত প্রতিনিধিসকলৰ মুঠ আসনৰ ৫০ শতাংশ মহিলাৰ বাবে সংৰক্ষণ কৰি মহিলা সবলীকৰণত এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা হ’ল। কিন্তু বাস্তৱত বহুক্ষেত্ৰত এখন বিপৰীত ছবিহে দেখা পোৱা গ’ল। বহুক্ষেত্রত মহিলা প্রতিনিধিৰ পুত্র অথবা স্বামীয়ে প্রতিনিধিৰ ভূমিকা পালন কৰে আৰু প্রতিনিধিগৰাকীৰ কাৰ্যকলাপ এটা বাবাৰ ষ্টাম্পৰ দৰে হয়। এনে প্রতিনিধিসকলক বিশেষ প্রশিক্ষণৰ যোগেদি কর্মদক্ষতা বৃদ্ধিৰ ব্যৱস্থা আৰু মানসিক সবলতাৰ ব্যৱস্থা গ্রহণ কৰিব লাগে। ৰাজনৈতিক দলসমূহেও প্রার্থিত্ব প্রদান কৰোঁতে এনেবোৰ বিষয়ত সচেষ্ট হোৱা প্রয়োজন।
৭) স্বায়ত্তশাসিত অনুষ্ঠানৰ দৰে কাৰ্যনিবাহ কৰিবলৈ গাঁও পঞ্চায়তৰ পুঁজি টনকীয়াল কৰাৰ ব্যবস্থা গ্রহণ কৰিব লাগে। পঞ্চায়ত আইনতো পঞ্চায়ত এলেকাত বিভিন্ন সম্পত্তিত কৰ-কাটল সংগ্ৰহৰ বিধি অন্তর্ভুক্ত কৰা হৈছে যদিও বাস্তব ক্ষেত্রত সফল প্রয়োগ হোৱা নাই। আর্থিক সবলসকলৰ ব্যবসায়িক প্রতিষ্ঠান, পকী আবাস গৃহত কৰ আৰোপৰ ব্যৱস্থা গ্রহণ কৰিব লাগে। কেঁচা ঘৰসমূহ কৰ ব্যৱস্থাৰ আওতাৰ বাহিৰত ৰাখিব লাগে। লগতে গাঁও অঞ্চলৰ সকলো ঘৰত ক্রমিক নম্বৰ (গৃহনম্বৰ) প্রদান কৰিব লাগে। এনে ব্যবস্থাত অবৈধ দখল, অবৈধ নির্মাণ আদি বহু পৰিমাণে হ্রাস হ’ব। পঞ্চায়তৰ তিনিওটা তৰপৰ প্ৰতিনিধিৰ মাহেকীয়া পাৰিতোষিকৰ পৰিমাণ চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিছে। অসম ৰাজ্যিক বিত্ত আয়োগৰপৰা প্রতিনিধিসকলৰ পাৰিতোষিকৰ বাবে ধন আবণ্টন দিয়া হয় যদিও সেয়া অনিয়মীয়া হোৱাত প্রতিনিধিসকলে পৰিতোষিক নোপোৱাকৈয়ে নিৰ্দ্ধাৰিত পাঁচ বছৰ উকলি যায়। পঞ্চায়তৰ নিজস্ব পুঁজি টনকীয়াল হ’লে এনে অৱস্থাৰ অৱসান ঘটিব।
৮) গাঁও পঞ্চায়ত পর্যায়ত পৰিকল্পনা প্রস্তুত কৰিব পৰা দক্ষ আৰু অভিজ্ঞ লোকৰ অভাব দেখা যায়। সেয়ে গাঁওসভা প্রধানকৈ হিতাধিকাৰী নির্বাচন আৰু আঁচনিৰ বাছনি কৰা থলীত পৰিণত হৈছে। প্রকৃত সামাজিক উন্নয়ন আৰু দবিদ্র জনতাৰ আর্থিক উন্নয়নত সহায়ক হোৱাৰ পৰিকল্পনা প্রস্তুত সফল হোৱা নাই। গাঁওসভাত সামাজিক সমস্যাৰাজিৰ আলোচনা প্রায়েই নহয় বুলিব পাৰি।
এখন গাঁও পঞ্চায়তত ১০জন ৱার্ড সদস্য থাকে আৰু পঞ্চায়তলৈ আবণ্টিত ধন প্রতিটো ৱার্ডত সমান অনুপাতত ভাগ কৰাত প্রতিখন আঁচনিৰ অনুমোদিত ধন অতি ক্ষুদ্র পৰিমাণৰ হয়। সামান্য ধনেবে স্থায়ী আৰু চকুত লগা সম্পদ সৃষ্টি কৰিব নোৱাৰে। ফলত ধনৰ অপব্যৱহাৰ হয়। ইয়াৰ বিপৰীতে আবণ্টিত সমুদায় ধনেৰে এখন বৃহৎ আঁচনি ৰূপায়ণ কৰি সমগ্র পঞ্চায়তখনৰ কোনো এটা সমস্যাৰ (ধৰা হ’ল পঞ্চায়তখনৰ মূল শিক্ষানুষ্ঠান) স্থায়ী সমাধান সম্ভব হ’লহেঁতেন। সদস্যসকলৰ পৰিকল্পনা সম্পর্কে প্রকৃত ধাৰণা নথকা বাবেই এনে পৰিস্থিতি হৈছে। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ততো একেই পৰিস্থিতি বিৰাজমান। চৰকাৰে শেহতীয়াকৈ ‘গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা’ৰ (GPDP) অধীনত পৰিকল্পনা প্রস্তুতত অভিনৱ পদক্ষেপ গ্রহণ কৰাত পৰিস্থিতি
পূর্বতকৈ বহু উন্নত হৈছে। জিলা পৰিষদৰ জিলা প্রকল্প পৰিচালকে প্রতিটো বাৰ্ডৰ সমস্যাৰাজিৰ বুজ লৈ গাঁও পঞ্চায়তৰ মূল সমস্যাৰ প্ৰতিবেদন প্রস্তুত কৰে। এই প্রতিবেদনৰ ভিত্তিত গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰা হয়। নিশ্চয়কৈ ই আদৰণীয় পদক্ষেপ। পৰিকল্পনা প্রস্তুত কার্যত গাঁও পঞ্চায়তৰ দক্ষ, শিক্ষিত আৰু অভিজ্ঞ ব্যক্তিক জড়িত কৰাত চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিলে, পৰিকল্পনা অধিক ফলৱতী হ’ব বুলি আশা কৰিব পাৰি।
৯) চৰকাৰী আঁচনিৰ সুবিধা লাভৰ আশাত বহু লোকে দৰিদ্ৰ সীমাৰ তলত (BPL-Below Poverty Line) তালিকাত নাম অন্তর্ভুক্ত কৰাৰ প্ৰয়াস কৰা দেখা যায়। হিতাধিকাৰী আঁচনি বৃদ্ধিৰ লগে লগে এই প্রবণতা অধিক বৃদ্ধি হৈছে। দৰিদ্ৰ সীমাৰ ওপৰৰ ব্যক্তিয়ে চৰকাৰী আঁচনিৰ সুবিধা গ্রহণ কৰিলে প্রকৃত যোগ্য ব্যক্তিসকল বঞ্চিত হয়। দ্বিতীয়তে, BPL লোকসকলৰ বহুতৰ সন্তানে সুশিক্ষিত হৈ উপার্জন কৰাত বা স্বকীয় প্রচেষ্টাবে আর্থিক দিশত সফল হৈ APLলৈ উন্নীত হোৱাৰ বহু উদাহৰণ দেখা যায়। দৰিদ্র সীমাৰ ওপৰলৈ উন্নীত হোৱাৰ পাছতো এই লোকসকলে হিতাধিকাৰী আঁচনিৰ সুবিধা লাভ কৰি থাকে। ৰাজ্য চৰকাৰে ৰাজ্যিক ভিত্তিত অন্ততঃ প্রতি তিনি বছৰৰ অন্তৰত SECC (Social Economic Caste Census) পিয়ল সম্পাদন কৰি এনে ধৰণৰ
কাৰ্য ৰোধ কৰিব পাৰে।
পূৰ্বৰ পঞ্চায়তসমূহে এৰি থৈ যোৱা, নকৰাকৈ থকা অজস্র কামেৰে আৰম্ভ কৰিব লাগিব নতুন পঞ্চায়তসমূহৰ কাৰ্যসূচী। কেৱল সেয়াই নহয় পঞ্চদশ বিত্তীয় আয়োগে অসমৰ বিভিন্ন জিলাক মুকলি কৰি দিয়া ধন সময়মতে ব্যয় কৰিব নোৱৰাত পূৰ্বৰ ধনসমূহ ব্যয় কৰিবলৈ বাধ্য থাকিব পঞ্চায়তসমূহ। তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন জিলাৰ পঞ্চায়তসমূহে পঞ্চদশ বিত্ত আয়োগৰ প্ৰায় এহেজাৰ কোটি টকা ব্যয় কৰিব পৰা নাছিল। এইক্ষেত্ৰত ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে জিলাসমূহৰ আয়ুক্তক সময়মতে ধন ব্যয় কৰিবলৈ নির্দেশ দিয়াৰ পিচতো সেয়া সম্ভৱ হৈ নুঠিল। ৰাজ্যখনৰ সাতাইশখন জিলাৰ পঞ্চদশ বিত্ত আয়োগে পুঁজি মুকলি কৰি দিছিল যদিও কেৱল নলবাৰী জিলাৰ বাহিৰে আন সকলোবোৰ জিলাই সময়মতে ধন ব্যয় কৰাত ব্যর্থ হৈছে। লক্ষণীয়ভাৱে আঁচনিৰ পুনৰ নিৰ্ধাৰণ, পলমকৈ আঁচনি ৰূপায়ণ আৰম্ভ কৰা, প্রাকৃতিক দুর্যোগ (বান)ৰ বাবে কাম সম্পূৰ্ণকৰণত বাধা,প্ৰশাসনীয় অনুমোদনৰ বিলম্ব আদি বিভিন্ন অজুহাত দেখুৱাই পঞ্চায়তসমূহে বিত্ত আয়োগৰ ধন সময়মতে ব্যয় কৰিব নোৱৰা বুলি জিলাসমূহে জানিবলৈ দিয়ে। এইক্ষেত্রত বিজেপি মিত্ৰজোঁট নেতৃত্বাধীন চৰকাৰখন আৰু শাসকীয় দলৰ পঞ্চায়ত প্রতিনিধিসকলে চৰকাৰী পুঁজি ব্যয়ত শোচনীয়ভাৱে ব্যর্থ হোৱাৰ অভিযোগ উঠিছে।
উল্লেখ্য যে পঞ্চদশ বিত্ত আয়োগৰ অধীনত অসমৰ ২৭ খন জিলাই ২০২০ চনৰ পৰা ২০২৪ চনলৈ পুঁজি লাভ কৰিছে। পঞ্চায়ত ব্যৱস্থাৰ অধীনত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তলৈ আঁচনি ৰূপায়ণৰ নামত জিলাসমূহলৈ সেই পুঁজি আগবঢ়োৱা হয়। উক্ত সময়ছোৱাত বিত্ত আয়োগে জিলাসমূহলৈ মুঠ ৩,৬৮৫.১৪ কোটি টকা মোকলাই দিছিল। এই সর্বমুঠ আবণ্টিত ধনৰ তুলনাত পঞ্চায়তসমূহে খৰচ কৰা ধনৰ পৰিমাণ হ’ল ২,৬৮৯ কোটি টকা। এনে প্রেক্ষাপটত দেখা গৈছে যে ৰাজ্যখনে পঞ্চদশ বিত্ত আয়োগৰ প্ৰায় এহেজাৰ কোটি টকা ব্যয় কৰিব নোৱাৰিলে। বজালী জিলাৰ ক্ষেত্ৰত দেখা গৈছে যে জিলাখনে আয়োগৰ ৪৫.০৩ কোটি টকা লাভ কৰিছিল যদিও ২০.৬৪ কোটি টকা ব্যয় কৰা নাই, অৱশ্যে জিলাখনৰ প্রশাসনে আগত তিনিমাহৰ ভিতৰত সেই ধন সম্পূর্ণ ব্যয় হ’ব বুলি জানিবলৈ দিছে। বৰপেটা জিলাই মুঠ ২১১.৯৫ কোটি টকা পাইছিল যদিও ৯২ কোটি টকা ব্যয় কৰিব নোৱৰাৰ অন্যতম কাৰণ হ’ল বহুকেইখন আঁচনিয়ে আদালতৰ মজিয়াত বিচাৰাধীন অৱস্থাত আছে। বিশ্বনাথতো লাভ কৰা ১১৪ কোটি টকাৰ প্ৰায় ১০ কোটি টকা ব্যয় কৰিবলৈ বাকী আছে। বঙাইগাঁও জিলাত আকৌ অধিকাংশ পুঁজিয়েই ব্যয় নোহোৱাকৈ ৰৈ গ’ল। তথ্যমতে জিলাখনে উক্ত সময়ছোৱাতে ১৩২ কোটি টকা লাভকৰিছিল যদিও ৭৬.৭৪ কোটি টকাই ব্যয় কৰাত সমর্থ নহ’ল। শ্রীভূমি জিলাখনলৈও আবণ্টিত ২৪০.৬৬ কোটি টকাৰ ৭০ কোটি টকাই ব্যয় কৰাত ব্যর্থ। তেনেদৰে নতুন জিলা চৰাইদেউলৈ দিয়া ৭২.২০ কোটি টকাৰ ব্যয় কৰিব নোৱাৰিলে ১৪ কোটি টকা। একেসময়তে দৰং জিলাই লাভ কৰা ১১০.০৬ কোটি টকাৰ ৩৯ কোটি টকাই ব্যয় কৰাত ব্যর্থ। ধেমাজিয়েও ১৮২ কোটি টকাৰ ৩২ কোটি টকা ব্যয় কৰিব নোৱাৰিলে। ধুবুৰীয়ে ৩৩.৮১ কোটি টকা লাভ কৰিছিল আৰু ইয়াৰে ৫ কোটি টকা খৰচ কৰিব নোৱাৰিলে। ডিব্ৰুগড় জিলাই লাভ কৰা ১৮৯ কোটি টকাৰ ৬৩.৩৬ কোটি টকা ব্যয় কৰিব নোৱাৰিলে যদিও ইয়াৰ কাৰণ হিচাপে জনাইছে যে ইয়াৰে ২৮.৭৫ কোটি টকাই ‘Operation and maintenance of JJM & SBM Project’ ৰ বাবে ৰখা হৈছে। গোৱালপাৰা জিলায়ো ১৬৬ কোটি টকা লাভ কৰি সময়মতে খৰচ কৰিব নোৱাৰিলে ৪০ কোটি টকা। আনহাতে গোলাঘাট জিলায়ো ৩৫ কোটি টকা ব্যয়ত ব্যর্থ হৈছে যদিও ধনৰাশি পি ডব্লিউ এছ এছ আঁচনিত ব্যয় কৰিবলৈ সংৰক্ষণ কৰি থোৱা বুলি জানিবলৈ দিয়ে। হাইলাকান্দি জিলালৈ আবণ্টিত ১২৩ কোটি টকাৰ অব্যৱহৃত ধনৰ পৰিমাণ হ’ল ৩১ কোটি টকা। যোৰহাট জিলাৰ বাবে অহা ১১৭ কোটি টকাৰ ৩৮ কোটি টকা ব্যয় নোহোৱাকৈ থাকিল। কামৰূপ মেট্র’ জিলাৰো ১০৮ কোটি টকাৰ ৫৯ কোটি টকাই ব্যয় নহ’ল। কামৰূপ (গ্রাম্য) জিলাত অৱশ্যেই অব্যৱহৃত ধনৰ পৰিমাণ মাথোঁ ৬ কোটি টকা। শ্রীভূমি জিলাত ব্যৱহাৰ নহ’ল ৪৭ কোটি টকা। লখিমপুৰে ১৭১ কোটি টকাৰ ভিতৰত ২২ কোটি টকা ব্যয় কৰিব নোৱাৰিলে। মৰিগাঁও জিলাৰ প্রায় ৫৯ কোটি টকাই নহ’ল ব্যয়। নগাঁৱতো ২৫৫ কোটি টকাৰ ভিতৰত অব্যবহৃত ৰূপত থাকিল ৬৪ কোটি টকা। শিৱসাগৰ জিলাত অব্যৱহৃত ৰূপত থাকিল ৪১ কোটি টকা। শোণিতপুৰত ব্যয় নহ’ল ৪৬ কোটি আৰু তিনিচুকীয়া জিলায়ো লাভ কৰা ১৯২ কোটি টকাৰ ভিতৰত ৬৪ কোটি টকাই ব্যয় কৰিব নোৱাৰিলে। অৱশ্যে দক্ষিণ শালমৰা-মানকাচৰ জিলাত মাথোঁ ৪ কোটি টকাহে ব্যয় কৰিবলৈ বাকী থাকিল। এনেদৰে জিলাই জিলাই পঞ্চদশ বিত্ত আয়োগৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে পঞ্চায়তসমূহে। উল্লেখ্য যে যোৱাটো পঞ্চায়তৰ কাৰ্যকালৰ অন্ত পৰিবৰ প্ৰায় এবছৰ হৈ গ’ল। এই সময়ছোৱাত জিলা আযুক্তৰ নেতৃত্বত নির্ধাৰিত আঁচনিসমূহৰ ৰূপায়ণৰ কাম-কাজ চলি আছিল। ২০২০ চনৰ পৰা ২০২৪-২৫ বিত্তীয় বর্ষলৈ পঞ্চদশ বিত্ত আয়োগে ৩৬৮৫.১৪ কোটি টকা জিলাসমূহক মোকলাই দিছিল যদিও যোৱা মাৰ্চৰ মধ্যভাগলৈ প্রায় এহেজাৰ কোটি টকা ব্যয় কৰিব পৰা নাছিল। এনে প্রেক্ষাপটত নতুন পঞ্চায়তসমূহে কার্যসূচী হিচাপে প্রথম অৱস্থাত পুৰণি আঁচনিসমূহৰ কাম সম্পূৰ্ণকৰণতে অগ্ৰাধিকাৰ দিবলগা হ’ব। এই আঁচনি ৰূপায়ণৰ পিচতহে পঞ্চায়তসমূহে নতুন আঁচনি গ্রহণ কৰাৰ সুযোগ পাব।
ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নির্বাচনৰ ভোটগ্রহণ নৌহওঁতেই বিজেপি তথা শাসকীয় জোঁটৰ বহু প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে যদিও গ্রামোন্নয়নৰ দুখন গুৰুত্বপূৰ্ণ কেন্দ্রীয় আঁচনি এম জি এনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্রামীণ) ৰূপায়ণত ৰাজ্য চৰকাৰৰ ব্যর্থতাহে পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ গ্রামোন্নয়ন মন্ত্রণালয়ৰ আজিৰ তথ্য অনুসৰি,ৰাজ্যত সক্ৰিয় জব্কাৰ্ডৰ সংখ্যা ৩৩.৯২ লাখ। ইয়াৰ বিপৰীতে সক্রিয় কর্মীৰ মাত্র ৫.৩১ শতাংশ অনুসূচিত জাতিৰ আৰু ১৭.৫২ শতাংশহে অনুসূচিত জনজাতিৰ। মন্ত্রণালয়ৰ শেহতীয়া তথ্য অনুসৰি, ২০২৩-২৪ চনত জবকাৰ্ড থকাসকলৰ ভিতৰত প্ৰতি ঘৰ লোকক গড়ে মাত্র ৩৮.৯২ দিনকৈ, ২০২৪-২৫ চনত ৩৭.১৭ দিনকৈ আৰু ২০২৫-২৬ চনত ৮.৮৮ দিনকৈহে কাম দিবলৈ চৰকাৰ সক্ষম হৈছে। উল্লেখ্য যে জৱকার্ড পোৱাসকলক ১০০ দিনৰ কাম দিয়াটো বাধ্যতামূলক যদিও ৰাজ্য চৰকাৰে ২০২৪-২৫ চনত মাত্র ২৪,০৪৩ জনকহে ১০০ দিনৰ কাম দিব পাৰিছে। ২০২৫-২৬ বিত্তীয় বর্ষত এই পর্যন্ত এই সংখ্যা শূন্য। কেন্দ্ৰীয় চৰকাৰৰ আন এখন গুৰুত্বপূর্ণ আঁচনি প্রধানমন্ত্রী আবাস যোজনা (গ্রামীণ)ৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ ব্যৰ্থতা পৰিলক্ষিত হৈছে। গ্রামোন্নয়ন মন্ত্রণালয়ৰ আজিৰ তথ্য অনুসৰি, দুটা পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে অসমলৈ ২৬.১১ লাখ আবাসগৃহ আবণ্টনৰ লক্ষ্য লৈছিল যদিও ২৫.৭২ লাখ আবাসগৃহতহে অনুমোদন দিয়ে। কিন্তু ৰাজ্য চৰকাৰে তাৰ ভিতৰত ২০.২০ লাখ আৱাসগৃহহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। ৫.৫২ লাখ আৱাসগৃহ ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে আজিকোপতি সম্পূর্ণ কৰিব পৰা নাই। উল্লেখ্য যে পঞ্চায়ত নির্বাচন নির্দ্ধাৰিত সময়তকৈ প্রায় ১১ মাহ পলমকৈ অনুষ্ঠিত কৰিছে ৰাজ্য চৰকাৰে। কেন্দ্ৰৰপৰা গ্রামোন্নয়ন শিতানত ধন অনাতো ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে। ইয়াৰ ফল ভুগিছে ৰাজ্যৰ দুখীয়া ৰাইজে।
গাঁওবাসী বিশেষকৈ শিক্ষিত লোকসকলক পঞ্চায়তত অংশ লোৱাৰ বাবে সচেতন আৰু উৎসাহিত কৰা উচিত। দুর্নীতি প্ৰতি শূন্য সহনশীলতা বজাই ৰাখিব লাগিব। পঞ্চায়তসমূহে স্থানীয় সমস্যা সমাধান আৰু উন্নয়নমূলক আঁচনিৰ সঠিক ৰূপায়ণৰ বাবে গাঁওবাসীৰ সক্ৰিয় সহযোগিতা আৰু সচেতনতা সকলোতকৈ গুৰুত্বপূৰ্ণ। সেয়ে, পঞ্চায়তীৰাজৰ সফলতা আৰু গ্রামোন্নয়ন দুয়ো একে সূত্ৰে সংলগ্ন।
ভাৰতবৰ্ষ এখন কৃষি আৰু গ্রাম্য প্রধান দেশ। স্বাধীনোত্তৰ সময়ত ৮০ শতাংশ লোকেই গাঁৱত বসবাস কৰিছিল। বর্তমানেও মুঠ জনসংখ্যাৰ ৭০ শতাংশ লোকে গাঁৱতে বসবাস কৰে। এইখিনি লোকৰ সমস্যা, অভাৱ-অভিযোগ, দৰিদ্ৰতা, নিৰক্ষৰতা আদিৰ দৰে সমস্যাবোৰ নির্মূল নোহোৱালৈকে দেশৰ উন্নতি হোৱা কথাটো অবাস্তৱ কল্পনা হৈ ৰ’ব। কেৱল নগৰ বা চহৰ অঞ্চলৰ চমক লগা উন্নয়নে ভাৰতবৰ্ষৰ সামগ্রিক উন্নয়নক প্রতিনিধিত্ব নকৰে। গতিকে, পঞ্চায়তীৰাজ অনুষ্ঠানৰ মাধ্যমেৰে দেশৰ বিকাশৰ সৈতে সকলো শ্ৰেণীৰ লোকক চামিল কৰিব পাৰিলেহে প্রকৃত অৰ্থত দেশৰ বিকাশ সম্ভৱ হ’ব।
বহু সময়ত পঞ্চায়ত আৰু দুর্নীতি একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি হৈ পৰাৰ অভিযোগ উঠিছে। ইয়াৰ ফলত পঞ্চায়তীৰাজ ব্যৱস্থাৰ অধীনত এখন আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ সপোন আজিও আধৰুৱা হৈয়ে ৰৈছে।