গণতন্ত্ৰৰ সৌন্দৰ্য তেতিয়াহে প্ৰকাশ পায়, যেতিয়া প্ৰতিনিধিসকলে জনতাৰ আশা-আকাংক্ষা সন্মুখত ৰাখি, যুক্তি আৰু সদ্ভাৱনাৰে আলোচনাত অংশ লয়। কিন্তু সাম্প্ৰতিক সময়ত ভাৰতীয় সংসদ আৰু বিধানসভাসমূহ যি ধৰণৰ অপসংস্কৃতিৰ মঞ্চলৈ পৰিণত হৈছে, তাক “গণতান্ত্ৰিক প্ৰতিনিধিত্ব” বুলি ক’ব নোৱাৰি। ভদ্রতা, যুক্তি, আৰু নীতিৰ পৰিবর্তে এতিয়া হিংসা, দলীয় ষড়যন্ত্ৰ, দল-বদলৰ ৰাজনীতি হে দ্ৰুতগতিত বৃদ্ধি পাইছে।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যক্তিগত আক্ৰমণ, অশালীন ভাষাৰ ব্যৱহাৰ আৰু জাতি-ধৰ্ম ভিত্তিক বিভাজনমূলক বক্তব্য সম্পূৰ্ণৰূপে গণতান্ত্ৰিক আদৰ্শ আৰু শালীনতাৰ পৰিপন্থী।প্ৰচাৰত আঁচনিৰ লোভ দেখুৱাই জনতাক বিভ্ৰান্ত কৰাৰ অপচেষ্টা এটা গভীৰ নৈতিক অবক্ষয়। এনে বেয়া প্ৰবণতাই দেশৰ গণতান্ত্ৰিক ভাবমূৰ্তিক ক্ষুণ্ণ কৰিব পাৰে। জনপ্ৰতিনিধিসকলে সমাজৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া একো একোজন ব্যক্তি। কিন্তু দেখা গৈছে, আবেগৰ বশত ভোট দিয়া লোকসকলৰ বিশ্বাসক ভাঙি বহু প্ৰাৰ্থীয়ে স্বাৰ্থকেই আগত ৰাখিছে। এনে আচৰণে কেৱল সমাজত উত্তেজনা আৰু বিভেদ সৃষ্টি কৰে নহয়, গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত জনগণৰ বিশ্বাসো দুর্বল কৰে।
জনপ্ৰতিনিধিৰ আচৰণে গণতন্ত্রৰ মর্যাদা ক্ষুণ্ণ কৰে। বিধানসভাৰ ভিতৰ-বাহিৰত কিছুমান প্ৰাৰ্থী বা জনপ্ৰতিনিধিৰ অশালীন, অসংযত আৰু দায়িত্বহীন আচৰণে গণতান্ত্ৰিক আদৰ্শৰ ওপৰত গভীৰ আঘাত হানে। যি পদৰ সৈতে জনসেৱা, শালীনতা আৰু নৈতিকতা জড়িত, সেই পদ অলংকৃত কৰা ব্যক্তিৰ পৰা যদি অপেশাদাৰ আচৰণ প্ৰদৰ্শিত হয়, তেন্তে তাতে জনপ্ৰতিনিধিত্বৰ উচ্চ মর্যাদা হ্ৰাস পায়। এনে আচৰণে কেৱল ৰাজনীতিৰ পৰিৱেশক বিষাক্ত নকৰে, বৰঞ্চ নাগৰিকৰ মনত গণতন্ত্ৰ প্ৰতি সন্দেহ আৰু আস্থা-হানিও সৃষ্টি কৰে। নিৰ্বাচনী প্ৰচাৰত শালীনতা, নৈতিকতা আৰু জনস্বাৰ্থৰ পৰিৱৰ্তে দলীয় স্বাৰ্থ, ব্যক্তিগত আক্ৰমণ আৰু আঁচনিৰ প্ৰলোভনেৰে ভোটাৰক প্ৰভাৱিত কৰাৰ চেষ্টা এক অপসংস্কৃতি ৰূপে প্রতিষ্ঠিত হৈছে।
গণতন্ত্ৰৰ মূল আধাৰ হ’ল প্ৰতিনিধিত্ব আৰু সঠিক মত-বিনিময়ৰ মাধ্যমত জনতাৰ স্বাৰ্থ সংৰক্ষণ। নৈতিকতা, শৃংখলা আৰু সুস্থ আচৰণেই গণতন্ত্রৰ মূল ভেটি। কিন্তু সাম্প্ৰতিক সময়ত ভাৰতৰ সংসদ আৰু বিধানসভাসমূহত যি ধৰণৰ ভাষা, আচৰণ আৰু দলবদলৰ ৰাজনীতি দেখা গৈছে, সেয়া গণতন্ত্ৰক অগভীৰ আৰু বিশৃংখল ৰূপত উপস্থাপন কৰি তুলিছে। ভাৰতীয় সংসদত শেহতীয়াকৈ হোৱা ব্যাঘাত আৰু নিৰাপত্তা ভংগে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিধানসভাৰ প্ৰতিষ্ঠানটোৰ ভিতৰত শিষ্টাচাৰ আৰু নিৰাপত্তা প্ৰট’কল দুয়োটাকে লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়া বছৰবোৰত লোকসভা আৰু ৰাজ্যসভা দুয়োখনতে ব্যাঘাত আৰু বলপূৰ্বকভাৱে স্থগিত ৰখাৰ সংখ্যা আতংকজনকভাৱে বৃদ্ধি পোৱা দেখা গৈছে। সংসদ হ’ব লাগিছিল মতবিনিময় আৰু নীতিগত সিদ্ধান্তৰ পবিত্ৰ ক্ষেত্ৰ। কিন্তু বৰ্তমান সময়ত এই মঞ্চ বহু সময়তে এক উত্তাল “মাছৰ বজাৰ”ত পৰিণত হৈছে। অশ্ৰাব্য গালি-গালাজ, ব্যক্তিগত আক্ৰমণ আৰু ধৰ্মীয় বা জাতিগত উত্তেজনামূলক ভাষা ব্যৱহাৰ এক নিয়মীয়া পৰিঘটনাৰ ৰূপ লৈছে। সাংসদ-বিধায়কসকলৰ বিৰোধী পক্ষৰ উদ্দেশ্যি অপমানজনক , আক্ৰমণাত্মক বাক্য বাণী, শাৰীৰিক হিংসা, আৰু দলীয় ষড়যন্ত্ৰৰ আৱৃত্তি বৃদ্ধি পাইছে। যিয়ে স্পষ্ট কৰি দেখুৱাইছে যে দেশৰ উচ্চতম ৰাজনৈতিক মঞ্চসমূহৰ স্তৰ ক্রমাগত হ্ৰাস পাইছে। ২০২৩ চনৰ ৰমেশ বিধুৰীৰ সাম্প্রদায়িক মন্তব্য, কপিল মিশ্ৰৰ উচতনি মূলক ভাষা , ৰূপজ্যোতি কুৰ্মী আদিৰ দৰে উদাহৰণে দেখুৱাইছে যে ৰাজনৈতিক নেতাসকলৰ ভাষাত শালীনতাৰ অভাৱে গণতন্ত্ৰৰ স্বাস্থ্য সংকটত পেলাইছে। অভব্য আচৰণ আৰু মৌখিক হিংসাৰ পৰিৱৰ্তে সংসদ হ’ব লাগে যুক্তিৰ ক্ষেত্ৰ।
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত লোকসভাৰ অধিৱেশনৰ সময়ত বিজেপিৰ সাংসদ ৰমেশ বিধুৰীয়ে মায়াৱতীৰ বহুজন সমাজ পাৰ্টিৰ সাংসদ দনিশ আলীক সাম্প্ৰদায়িক গালি-গালাজ কৰিছিল। তেওঁৰ এই মন্তব্য চৰকাৰী অভিলেখৰ পৰা মচি পেলোৱা হয় আৰু অধ্যক্ষই যিকোনো পুনৰাবৃত্তিৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক লৈ অপমানজনক মন্তব্যকে ধৰি আপত্তিজনক বক্তব্য দিয়াৰ ইতিহাস আছে বিধুৰীৰ। শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ প্ৰাৰ্থী আতিশীয়ে উত্থাপন কৰেক অভিযোগ অনুসৰি তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী এই ৰমেশ বিধুৰীৰ ভতিজা আৰু অন্যান্য বিজেপি কর্মীসকলে অঞ্চলটোৰ আপ কর্মীসকলক ভাবুকি দিয়ে আৰু কেইবাজনকো স্বেচ্ছাসেৱকসকলক বি ইউ পিৰ একাংশ কৰ্মীয়ে মৌখিক আৰু শাৰীৰিক আক্ৰমন কৰে।
তেতিয়াৰ বিজেপি নেতা কপিল মিশ্ৰই ২০২০ চনৰ ২৩ ফেব্ৰুৱাৰীত ভাষণ দি আৰক্ষীক CAA বিৰোধী প্ৰতিবাদকাৰীক মুক্ত কৰাৰ বাবে এক ধমকি সদৃশ দাবী কৰে। ইয়াৰ কিছু সময়ৰ পিছতে উত্তৰ-পূব দিল্লীত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হয়, যাৰ ফলত ৫০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। ২০২৫ চনৰ এপ্ৰিল মাহত দিল্লীৰ আদালতে মিশ্ৰৰ বিৰুদ্ধে দাঙ্গাত ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন কৰাৰ বাবে এফআইআৰ পঞ্জীয়নৰ নিৰ্দেশ দিছিল।
এক প্ৰশ্ন , দল বাগৰা প্ৰকৃততে নৈতিকতাৰ সূচক নে ক্ষমতাৰ বেহা ? বিধায়কসকলৰ দল সলনি কৰাৰ প্ৰবণতা এতিয়া এক নৈতিক ৰোগত পৰিণত হৈছে। যেনেকৈ আপৰ দলৰ চৰকাৰ ভাঙি নতুন চৰকাৰ গঠনৰ অপচেষ্টা, যেনে মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক ইত্যাদিত দেখা গৈছে। এই দলবদলৰ আঁৰত থাকে পুৰস্কাৰস্বৰূপ মন্ত্ৰিত্ব, ধন বা গোপন চুক্তি যাৰ সৈতে জনতাৰ আশা-ভৰসাৰ একো সম্পৰ্ক নাই। অসমৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ২০২১ চনৰ জুন মাহত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰে। ২০২৫ চনৰ এপ্ৰিল মাহত বিধানসভাৰ অধিৱেশনৰ সময়ত কুৰ্মিয়ে বিৰোধী বিধায়কক ভাবুকি দিছিল, যাৰ ফলত বিজেপিয়ে তেওঁৰ আচৰণৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল। সময়ে সময়ে ৰূপজ্যোতি কুৰ্মীৰ অশালীন মন্তব্য বা ব্যৱহাৰে ৰাজনীতি ক্ষেত্ৰত তেওঁক লেকাম নাইকীয়া ৰাজনীতিবিদ হিচাপে অভিহিত কৰিছে।
সংসদীয় বিতণ্ডা আৰু অপসংস্কৃতি এতিয়া সংবাদ মাধ্যমৰ TRP ব্যৱসায়ৰ মূল উপজীৱিকা। সংসদৰ শালীন আলোচনাৰ কোনো স্থান নাই। কাগজ ছিঙা, মাইক উৰুৱোৱা, চিঞৰ বাখৰ কৰা হৈছে নতুন “প্ৰচাৰমুখী নায়কত্ব”। এই দৃশ্যই তৰ্জন-গৰ্জনক ‘প্ৰতিবাদ’ বুলি প্ৰচাৰ কৰে।
যুৱ প্ৰজন্মৰ আশা আৰু বিশ্বাসৰ সংকট; যুৱসকল আশা কৰে শিক্ষা, স্বাস্থ্য, নিযুক্তি, আত্মনির্ভৰশীলতা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত গম্ভীৰ আলোচনা। কিন্তু প্ৰতিনিধিসকলৰ ভাষা আৰু ব্যৱহাৰে তেওঁলোকক বেয়া উদাহৰণ দিছে। যুৱসকলে যদি দেখিবলৈ পায় যে ৰাজনীতি মানে হ’ল হিংসা, কেলেংকাৰি আৰু ভাঁওনা বাজি তেওঁলোকৰ বিশ্বাস গণতন্ত্ৰৰ পৰা লোপ পাব পাৰে।
ভাৰতৰ গণতন্ত্ৰ এতিয়া এক সন্ধিক্ষণত উপনীত হৈছে। যি সংসদ আৰু বিধানসভাই সঁচাকৈয়ে নীতিৰ আলোচনাৰ স্থান হ’ব লাগিছিল, সেয়া এতিয়া দৰ্শনীয় নাট্যশালাত পৰিণত হৈছে। যদি এই অপসংস্কৃতি অব্যাহত থাকে, তেন্তে গণতন্ত্ৰ ৰূপত থাকি, আত্মাই নোহোৱা এক খোলাৰূপেই থাকি যাব। জনতাৰ ভূমিকা এতিয়া হ’ল—সচেতন হ’ব, প্ৰশ্ন কৰিব, আৰু নৈতিকতা-ভিত্তিক নেতাক বাচনি কৰিব। কাৰণ গণতন্ত্ৰৰ স্বাস্থ্য নিৰ্ভৰ কৰে সংসদৰ মানসিকতা আৰু আচৰণৰ ওপৰত।
সংসদ আৰু বিধানসভা হ’ব লাগিছে আদৰ্শ আৰু আচৰণৰ মঞ্চ। যদি ইয়াতেই অপসংস্কৃতি আৰু স্বার্থপূৰণৰ নাটক চলি থাকে, তেন্তে গণতন্ত্ৰ এটা শূন্য আৱৰণত পৰিণত হ’ব। এতিয়া সময় হৈছে জনতাই সচেতনভাৱে চিন্তাশীল, নৈতিক আৰু দায়িত্ববান নেতাক বাচি লৈ, গণতন্ত্ৰৰ স্তম্ভসমূহক পুনৰ সুদৃঢ় কৰা। কিয়নো গণতন্ত্ৰৰ স্বাস্থ্য সংসদৰ মনোবৃত্তি আৰু আচৰণৰ ওপৰতে নিৰ্ভৰ কৰে।
মূল সমস্যাৰপৰা আঁতৰাই কেৱল প্রতিপক্ষলৈ বোকা ছটিওৱাৰ ৰাজনীতিয়ে দেশৰ নতুন প্রজন্মৰ মাজত গণতান্ত্রিক ব্যৱস্থাটোৰ প্রতি নেতিবাচক ধাৰণা সৃষ্টি কৰিছে । জনপ্রতিনিধিসকল নৈতিক জ্ঞানেৰে সমৃদ্ধ নোহোৱা আৰু তেওঁলোক শৃংখলাবদ্ধতা বর্তাই ৰখাত ব্যর্থ হোৱাটোৱেই প্রগতিশীল গণতান্ত্রিক ব্যৱস্থাটোৰ অন্তৰায় আৰু এনে কার্য গণতান্ত্রিক ব্যৱস্থাটোৰ বিকাশৰ ক্ষেত্রত বিপজ্জনক হিচাপে চিহ্নিত হোৱাৰ সম্ভাবনা আছে। দেশৰ এগৰাকী উদীয়মান নাগৰিক হিচাপে নির্বাচন হৈছে গণতন্ত্র নির্মাণৰ এক শক্তিশালী অস্ত্ৰ। কিন্তু ৰাইজৰ আশা-আকাংক্ষা পূৰণ আৰু সমস্যা সমাধানৰ বাবে পঠিওৱা জনপ্রতিনিধিসকলৰ একাংশৰ আচৰণে মনোকষ্ট দি অহাৰ লগতে সমাজখনৰে ক্ষতি কৰি আহিছে। প্রার্থীগৰাকীৰ সামাজিক দায়িত্ববোধৰ লগতে অতীতৰ মূল্যায়ন নকৰাকৈ আৱেগৰ বশবর্তী হৈ ভোট দান জনসাধাৰণৰ বাবে সদায়েই আত্মঘাতী। জনপ্রতিনিধিসকলে বিভিন্ন আঁচনিৰ লোভ দেখুৱাই সমূহীয়া স্বার্থক আওকাণ কৰি নিজৰ আৰু দলীয় স্বার্থক অগ্রাধিকাৰ দি সাধাৰণ জনতাক মূর্খ সজোৱাৰ ৰাজনৈতিক কুচ কাৱাজে সদায়েই তেওঁলোকক চিন্তান্বিত কৰি আহিছে। প্ৰচাৰৰ সময়ত ব্যক্তিগত আক্ৰমণ, অশালীন ভাষা, আৰু বিভাজনমূলক বক্তব্য প্ৰদান গণতান্ত্রিক আদৰ্শৰ পৰিপন্থী। জনপ্ৰতিনিধিসকলে সামাজিক দায়িত্ববোধ উপেক্ষা কৰি দলীয় স্বার্থক অগ্রাধিকাৰ দিছে।
নতুন প্ৰজন্মৰ মতে, গণতন্ত্ৰৰ বিকাশ আৰু সুস্থ ৰাজনৈতিক পৰিৱেশৰ নিৰ্মাণত নাগৰিক সচেতনতা আৰু গঠনমূলক শিক্ষা একান্তভাবে প্ৰয়োজনীয়। এজন শিক্ষিত নাগৰিকে মাথোঁ ভোটাধিকাৰ প্রয়োগৰ মাজতেই নিজৰ কৰ্তব্য সীমাবদ্ধ নৰাখি, যোগ্য, নৈতিকতাৰে সমৃদ্ধ নেতৃত্ব বাছনি কৰাৰ ক্ষেত্ৰত জড়িত হোৱাৰো দায়িত্ব ল’ব লাগে। সংবাদমাধ্যম, সামাজিক মাধ্যম আদিৰ জৰিয়তে সচেতনতা বৃদ্ধিৰ লগতে ভুল তথ্যৰ বিৰুদ্ধে সজাগ থাকিও নাগৰিকে সমাজত এক গঠনমূলক ভূমিকা গ্ৰহণ কৰিব লাগে। গণতন্ত্ৰত সফলতা মাত্ৰ প্ৰতিনিধিৰ ওপৰত নিৰ্ভৰ নকৰে; ই নাগৰিকৰ জ্ঞান, বিচাৰক্ষমতা আৰু সদ্ব্যৱহাৰৰ ওপৰতো সমানকৈ নিৰ্ভৰ কৰে।
গণতান্ত্ৰিক মূল্যবোধৰ অবক্ষয়ৰ প্ৰতি সচেতন নতুন প্ৰজন্মই সক্ৰিয় পক্ষ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। তেওঁলোকে বিশ্বাস কৰে যে, গণতন্ত্রক কেৱল ৰক্ষা নহয়, শুদ্ধ কৰাৰ বাবে সক্ৰিয়ভাৱে আগভাগ লোৱাৰ সময় আহি পৰিছে। নৈতিকতা, জবাবদিহি আৰু জনসেৱাৰ আদৰ্শ পুনৰুজ্জীবিত কৰিবলৈ নতুন প্ৰজন্মে শিক্ষাৰ আধাৰত সমাজত নেতৃত্ব ল’ব লাগিব। ‘সমালোচনা কৰি থকাৰ পৰিৱৰ্তে’, তেওঁলোকে নিজেই ব্যৱস্থাত প্ৰৱেশ কৰি পৰিৱর্তনৰ বাহক হ’বলৈ আগ্ৰহী হৈছে। এনে ধৰণৰ দৃষ্টিভংগী গণতন্ত্রৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনে। ভোট এক মুহূর্তৰ সিদ্ধান্ত নহয় , ই হৈছে আগন্তুক পাঁচ বছৰৰ দিশ নিৰ্ধাৰণ। এই সমগ্ৰ পৰিপ্ৰেক্ষিতত এখন গুৰুত্বপূৰ্ণ কথাই স্পষ্ট হয় নতুন প্ৰজন্ম গণতন্ত্ৰৰ মূল ভেটিত নৈতিকতা, শিক্ষিত সিদ্ধান্ত আৰু দায়িত্বশীল নেতৃত্ব বিচাৰে।