Skip to content

দীৰ্ঘজীৱনৰ চাবিকাঠি:লি চিং-ইউন: ২৫৬ বছৰীয়া জীৱনৰ গোপন ৰহস্য

Janagana Desk
May 21, 20252 second read
Longest Living Person

পৃথিৱীৰ অধকাংশ মানুহেই সুখী আৰু দীৰ্ঘায়ু জীৱন যাপন কৰিব বিচাৰে কিন্তু বহুতে সেইয়া লাভ কৰিব নোৱাৰে। যি সময়ত মানুহৰ গড় জীৱন প্ৰায় ৭০ৰ পৰা ৮০ বছৰ, সেই সময়ত প্ৰায় ২৫০ বছৰ জীয়াই থকা এজন চীনা মানুহৰ কাহিনী কেৱল আকৰ্ষণীয়ই নহয় অনুপ্ৰেৰণামূলকো।

লি চিং-ইউন এজন চীনা বনৌষধি বিশেষজ্ঞ, যুদ্ধবিদ, আৰু কৌশলগত উপদেষ্টা। বহুতে বিশ্বাস কৰে যে তেওঁ এতিয়ালৈকে জীয়াই থকা আটাইতকৈ বয়সীয়াল ব্যক্তি। লিয়ে ১৭৩৬ চনত জন্মগ্ৰহণ কৰা বুলি দাবী কৰিছিল, যাৰ ফলত ১৯৩৩ চনত মৃত্যুৰ সময়ত তেওঁৰ বয়স ১৯৭ বছৰ হ’লহেঁতেন বুলি বাতৰি প্ৰকাশ পাইছে। কিন্তু তাতোকৈ আচৰিত ধৰণৰ ৰেকৰ্ড অনুসৰি তেওঁৰ জন্ম হয়তো ১৬৭৭ চনত হৈছিল, সেই হিচাপত তেওঁৰ বয়স ২৫৬ বছৰ। জানো আহক কেনেকৈ লি চিং-ইউনে আন মানুহতকৈ বেলেগ ধৰণে কি কৰিছিল যিয়ে তেওঁক ২৫০ বছৰতকৈও অধিক সময় জীয়াই থকাত সহায় কৰিছিল।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি চীনৰ এটা ডিচপেচত কোৱা হৈছে যে লিয়ে তেওঁৰ অবিশ্বাস্য দীৰ্ঘায়ুৰ কৃতিত্ব দিছিল মানসিক শান্তিক। বিশ্বৰ আটাইতকৈ দীৰ্ঘজীৱী চীনা ব্যক্তি হিচাপে তেওঁৰ উল্লেখযোগ্য জীৱন আৰু দীৰ্ঘায়ুৰ আছে গোপনীয় ৰহস্য। লি চিং-ইউনে প্ৰায়ে কৈছিল যে যিকোনো ব্যক্তিয়েই আভ্যন্তৰীণ শান্তি আয়ত্ত কৰিলে ১০০ বছৰৰ পিছতো জীয়াই থাকিব পাৰে। সকলোৰে পৰিচিত যে মানসিক চাপে শৰীৰৰ প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত কৰি আমাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। যেতিয়া আমি অহৰহ মানসিক চাপত থাকোঁ তেতিয়া শৰীৰে উচ্চ মাত্ৰাৰ কৰ্টিছল নামৰ হৰম’ন নিৰ্গত কৰে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি ৰক্তচাপ বৃদ্ধি কৰিব পাৰে আৰু সময়ৰ লগে লগে হৃদৰোগত অৰিহণা যোগাব পাৰে। মানসিক চাপে হজম শক্তি, টোপনি, মানসিক স্পষ্টতা আদিতো প্ৰভাৱ পেলায়, যাৰ ফলত ক্লান্তি, উদ্বেগ, হতাশা আদিৰ সৃষ্টি হয়।

দীৰ্ঘম্যাদী মানসিক চাপে আনকি বয়স বৃদ্ধি ক্ষিপ্ৰ কৰিব পাৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সামগ্ৰিক সুস্থতাৰ বাবে মানসিক চাপ পৰিচালনা কৰাটো অতি প্ৰয়োজনীয়। সেয়েহে মানসিক চাপক আঁতৰাই ৰাখি শান্তিপূৰ্ণ জীৱন যাপন কৰিলে দীৰ্ঘ আৰু সুস্থ জীৱন গঢ়ি তোলাত শক্তিশালী ভূমিকা থাকিব পাৰে। আভ্যন্তৰীণ শান্তিয়ে ভাল টোপনি, সুস্থ চিন্তাধাৰা আৰু সুস্থ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে। সকলোবোৰ সামগ্ৰিক সুস্থতাৰ বাবে অতি প্ৰয়োজনীয়।

লিৰ দীৰ্ঘায়ুৰ আন গোপন কথাবোৰলৈ চালে দেখা যায় প্ৰতিবেদনখনে শ্বেয়াৰ কৰিছে যে তেওঁৰ দীৰ্ঘায়ুৰ কৃতিত্বও কিছুমান বিশেষ বনৌষধিৰ বাবে দিয়া হৈছিল যিবোৰ তেওঁ গোটেই জীৱন গ্ৰহন কৰিছিল। ১০ বছৰ বয়সলৈকে লিয়ে ইতিমধ্যে তিব্বত, আন্নাম, চিয়াম আদি দূৰৈৰ অঞ্চলত অন্বেষণ কৰি ঔষধি উদ্ভিদ সংগ্ৰহ কৰিছিল যিবোৰ তেওঁ চীনা বনৌষধি বিশেষজ্ঞ হিচাপে বিক্ৰী কৰিছিল। তেওঁ চীনৰ পৰম্পৰাগত বনৌষধি যেনে লিংজি, গ’জি , জামু, বনৰীয়া জিনচেং, আৰু গটু কোলা বিক্ৰী কৰিছিল। তেওঁ কেৱল সেইবোৰ কেৱল বিক্ৰী কৰাই নাছিল—তেওঁ এই বনৌষধি আৰু চাউলৰ মদকে ধৰি সাধাৰণ খাদ্যৰ দ্বাৰা জীৱন নিৰ্বাহ কৰিছিল। যাৰ বাবে বহুতে বিশ্বাস কৰে যে তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যত অৰিহণা যোগাইছিল। জীৱনকালত যেতিয়া লি দীৰ্ঘজীৱনৰ বাবে বিখ্যাত হৈছিল, তেতিয়া যুদ্ধাধিপতি ৱু পেই-ফুৱে এবাৰ লি চিং-য়ুনক তেওঁৰ সৈতে থাকিবলৈ আমন্ত্ৰণ জনাইছিল, তেওঁৰ উল্লেখযোগ্য দীৰ্ঘায়ুৰ আঁৰৰ ৰহস্য উন্মোচন কৰাৰ আশাত। লিৰ এজন ছাত্ৰৰ মতে দীৰ্ঘজীৱনৰ বাবে তেওঁৰ পৰামৰ্শ সহজ কিন্তু কাব্যিক আছিল: “নিস্তব্ধ হৃদয় ৰাখক, কচ্ছপৰ দৰে বহি থাকক, কপৌৰ দৰে খৰখেদাকৈ খোজ কাঢ়িব আৰু কুকুৰৰ দৰে শুব।” এই শব্দবোৰে ৰিপ’ৰ্ট অনুসৰি দীৰ্ঘ আৰু সুস্থ জীৱন যাপনৰ চাবিকাঠি হিচাপে শান্তি, কোমল গতিবিধি আৰু গভীৰ বিশ্ৰামৰ ওপৰত লিৰ বিশ্বাসক প্ৰতিফলিত কৰিছিল। লি চিং-ইউনৰ ব্যক্তিগত জীৱনৰ বিষয়ে সকলো লিৰ বয়সৰ বিষয়ে কিংবদন্তিবোৰ কেৱল স্বঘোষিত নাছিল। ১৯৩০ চনত চীনৰ এজন অধ্যাপকে লিৰ ১৫০ আৰু ২০০ বছৰীয়া জন্মদিন উদযাপনৰ সাম্ৰাজ্যবাদী অভিলেখো আৱিষ্কাৰ কৰিছিল, যিবোৰ তেওঁৰ অবিশ্বাস্যভাৱে দীৰ্ঘায়ুৰ প্ৰমাণ। লিৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে ১৯৩৩ চনলৈকে (লিৰ মৃত্যুৰ বছৰটোলৈকে) কোৱা হয় যে তেওঁৰ ১১টা প্ৰজন্মৰ ভিতৰত ১৮০ জন জীৱিত বংশধৰ আছিল আৰু তেওঁৰ ১৪ৰ পৰা ২৩ বাৰ বিয়া হোৱাৰ কাহিনীয়ে ৰহস্যটোক আৰু অধিক বৃদ্ধি কৰিছিল। যদিও সন্দেহবাদীসকলে ৰেকৰ্ডসমূহক লৈ প্ৰশ্ন উত্থাপন কৰিছিল, লিক শেষ বছৰবোৰত লগ পোৱা বহুতেই তেওঁৰ যৌৱনৰ চেহেৰাত স্তম্ভিত হৈ পৰিছিল— তেওঁক দুশতিকা সৰু যেন লগা এজন ব্যক্তি বুলি বৰ্ণনা কৰিছিল।

সঁচা হওক বা নহওক, লি চিং-য়ুন স্বাস্থ্য, সৰলতা আৰু শান্ত জীৱন-যাপনৰ শক্তিৰ এক আকৰ্ষণীয় প্ৰতীক হৈয়েই আছে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top