Skip to content

বাজি উঠিছে বিপদঘণ্টা! এজনো বাংলাদেশীৰ প্ৰৱেশ মানি নলয় অসমবাসীয়ে…

Dr Netraranjan
August 9, 20245 second read
বাজি উঠিছে বিপদঘণ্টা! এজনো বাংলাদেশীৰ প্ৰৱেশ মানি নলয় অসমবাসীয়ে…

বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা জাৰি কৰিছে বি এছ এফে। বিএছএফৰ তৰফৰ পৰা সীমান্তত কঠোৰ নিৰাপত্তা জাৰি কৰা হোৱা বুলি সংবাদ সংস্থা এ এন আইয়ে প্ৰকাশ কৰিছে। জানিব পৰা মতে, সীমান্তত মোতায়েন কৰা জোৱানৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে, চুবুৰীয়া দেশখনত ছাত্ৰসকলে আৰম্ভ কৰা সংৰক্ষণ বিৰোধী আন্দোলনে পাছত চৰকাৰ বিৰোধী আন্দোলনত পৰিণত হৈ পৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশত্যাগ কৰিবলৈ বাধ্য হৈ পৰে।

শ্বেখ হাছিনাৰ পদত্যাগ আৰু দেশত্যাগৰ পিছতে দেশখনত সৃষ্টি হৈছে একাধিক হিংসাত্মক ঘটনা। বহু ঠাইত হাছিনা বিৰোধী লোকসকলে হাছিনাৰ সমৰ্থকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। হাছিনা চৰকাৰে সংখ্যালঘুসকলক একাধিক সা-সুবিধা প্ৰদান কৰালৈ চাই একাংশ আক্ৰমণকাৰীয়ে সংখ্যালঘু হিন্দুসকলক টাৰ্গেট কৰি লৈছে। চুবুৰীয়া দেশখনত উদ্ভৱ হোৱা এনে গোষ্ঠীগত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ভাৰতলৈ যাতে কোনো লোকে অবৈধভাৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। বাতিল কৰা হৈছে বাংলাদেশ ভাৰতৰ মাজত চলি থকা মৈত্ৰী ৰেল। বন্ধ কৰা হৈছে বিমান চালনাও।

এইবোৰৰ মাজতে বাতৰি আহিছে যে বাংলাদেশৰ সৈতে লাগি থকা পশ্চিমবংগৰ সীমান্তৰে কেবা শতাধিক বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশৰ যো-জা চলাইছে। অৱশ্যে এই লোকসকলক বিএছএফে বাধা প্ৰদান কৰাৰ লগতে পুনৰ বাংলাদেশলৈ ওভতাই পঠিয়াইছে বুলিও বাতৰিত প্ৰকাশ পাইছে। কিন্তু অসমৰ সৈতে থকা বাংলাদেশ সীমান্ত একাধিক ঠাইত উন্মুক্ত হৈ থকালৈ চাই আকৌ এবাৰ অসমলৈ বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ ঘটিব বুলি আশংকা কৰা হৈছে। বিশেষকৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত গৃহীত কৰা ‘কা’ আইনৰ জৰিয়তে হিন্দু বাংলাদেশীক ভাৰতত প্ৰৱেশৰ সুবিধা কৰি দিব পাৰে বুলি ভিন্ন মহলে শংকা ব্যক্ত কৰা দেখা গৈছে।

উদ্বেগজনক কথা এয়ে যে বিজেপি চৰকাৰৰ একাংশ সমৰ্থকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে পশ্চিমবংগৰ লগতে অসমতো বাংলাদেশৰ শেহতীয়া ঘটনাৰাজিক লৈ একাধিক ভুৱা প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। দুই-এজনে বাংলাদেশত নিৰ্যাতিত হিন্দুসকলৰ প্ৰতি অত্যাধিক দৰদ দেখুৱাই চৰকাৰে ব্যৱস্থা কৰি নিদিয়ালৈকে নিজৰ ঘৰত থকাৰ সুবিধা কৰি দিব বুলিও পোষ্ট কৰিছে। যি দেশৰেই নহওক কিয় মানৱীয়তাৰ খাতিৰত গোষ্ঠীসংঘৰ্ষত আক্ৰান্ত হোৱাসকলৰ প্ৰতি সকলোৰে সহানুভূতি থাকিবই। এনে লোকসকলৰ বাবেই ৰাষ্ট্ৰসংঘই শৰণাৰ্থী বিষয়ক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় নিয়ম যুগুত কৰি থৈছে। ৰাষ্ট্ৰসংঘৰ এনে নিয়মক প্ৰতিখন সদস্য ৰাষ্ট্ৰই মানি লৈছে। তেনেক্ষেত্ৰত শৰণাৰ্থীক লৈ থকা আন্তঃৰাষ্ট্ৰীয় নিয়ম আৰু জনসংখ্যা বিস্ফোৰণ, ভাষা-সংস্কৃতিৰ অস্তিত্ব বিপদাপন্ন হৈ পৰাকে ধৰি নিজ দেশৰ এহেজাৰ এবুৰি সমস্যাৰ কথা মনলৈ নানি পোনছাটেই ধৰ্মৰ ভিত্তিক একাংশ বিদেশী লোকক বৰপীৰা পাৰি দিবলৈ গাত তত নাইকিয়া হোৱা কাৰ্য মুঠেই গ্ৰহণীয় নহয়। এইক্ষেত্ৰত দেশৰ বাকী ৰাজ্যৰ কথা আলোচনা নকৰাকৈ কেৱল অসমৰ কথাকেই কোৱাতো যুগুত হ’ব। কিয়নো অবৈধ বাংলাদেশীৰ সমস্যাই জৰ্জৰিত কৰি ৰখা ৰাজ্যখনেই হৈছে অসম। পূৰ্বৰ একাধিক ৰাজনৈতিক ভুল বা আন পৰিস্থিতিগত কাৰণত বছৰৰ পিছত বছৰ ধৰি চুবুৰীয়া দেশখনৰ পৰা লাখে লাখে লোক অসমলৈ প্ৰব্ৰজন কৰি আহিছে। প্ৰব্ৰজনকাৰী লোকসকলে অসম তথা সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি ভাবুকি হৈ পৰা বাবেই কেবাবছৰ ধৰি অসমত ছাত্ৰসকলৰ নেতৃত্বত অসম আন্দোলন হৈছিল। সেই অসম আন্দোলনত বহু লোক শ্বহীদ হৈছিল। আজি বাংলাদেশত যিদৰে স্বেচ্ছাচাৰী চৰকাৰক উৎখাত কৰিবৰ বাবে ছাত্ৰসকলৰ নেতৃত্বত আন্দোলন হৈছিল ঠিক তেনেধৰণে অসমতো সেইসময়ত বিদেশী বহিষ্কাৰৰ দাবীত আন্দোলন হৈছিল।

পৰৱৰ্তী সময়ত আন্দোলনৰ নেতৃত্বৰ ভুলৰ বাবে বিদেশী বহিষ্কাৰ সম্পূৰ্ণৰূপে সম্ভৱ নহ’ল যদিও ঐতিহাসিক অসম চুক্তি সম্পন্ন হ’ল। সেই অসম চুক্তিক অসমৰ সকলোৱে মানি ল’লে। অসম চুক্তি অনুযায়ী অসমত বহু উন্নয়নমূলক কাম-কাজো হ’ল। কিন্তু সেই অসম চুক্তি স্বাক্ষৰকাৰী লোক বৰ্তমানৰ চৰকাৰৰ অংশীদাৰ হোৱা সত্বেও চুক্তিক ভৰিৰে মোহাৰি আজি ‘কা’ৰ দৰে আইনক মানি ল’বলৈ উঠি-পৰি লাগিছে এসময়ৰ জাতীয়তাবাদী নেতাই। অসম চুক্তিৰ আধাৰতেই ‘কা’ আইনৰ বিৰুদ্ধে ছাত্ৰসকলৰ নেতৃত্বত আন এক আন্দোলনো সংঘটিত হৈছে যদিও এই আন্দোলনো সময়ত গৈ স্তিমিত হৈ পৰে। জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কৈ শাসনলৈ অহা বিজেপিয়ে এতিয়া ধৰ্মৰ দোহাই দি অসমীয়া জাতি আৰু ভাষাক বিপদাপন্ন কৰি বিদেশীক বৰপীৰা পাৰি দিবলৈ যত্নপৰ হৈছে। কিন্তু অসম আৰু অসমীয়া জাতিয়ে এয়া কোনো কাৰণতে হ’বলৈ নিদিয়ে। মানৱীয়তাৰ খাতিৰত ৰাজনৈতিক আৰু সামাজিক কাৰণত হিন্দুৱেই হওক বা মুছলমান ১৯৭১ৰ পূৰ্বে অহা একাংশ বাংলাদেশী শৰণাৰ্থীক ইতিমধ্যে অসমে ৰাখিবলৈ বাধ্য হৈ পৰিছে। ইয়াৰ পিছত নতুনকৈ পুনৰ এবাৰ এজনো বাংলাদেশীক মাটি-ভেটি এৰি দিবলৈ অসম সাজু নহয়। এই কথা হিন্দু বাংলাদেশী দৰদী বৰ্তমানৰ চৰকাৰেও জানে। সেয়ে নতুন কৌশলেৰে অসমীয়া ৰাইজৰ অলক্ষিতে হয়তো তেনে কৰিবলৈ চেষ্টা চলাব পাৰে। গতিকে সকলোৱে এতিয়াৰে পৰা সাজু থাকিব লাগিব।

ইফালে, চুবুৰীয়া ৰাষ্ট্ৰখনত দেখা দিয়া ৰাজনৈতিক অস্থিৰতাৰ আন একাধিক প্ৰভাৱ অসম তথা সমগ্ৰ উত্তৰ-পূবত পৰিবলৈ আছেই। বিশেষকৈ অন্তৱৰ্তীকালীন চৰকাৰৰ নিৰীক্ষণত অনুষ্ঠিত নিৰ্বাচনত যদিহে আশংকা কৰা ধৰণে পাকিস্তান আৰু চীন দৰদী উগ্ৰ ইছলামিক দলে বাংলাদেশৰ শাসনভাৰ লাভ কৰে তেন্তে নব্বৈৰ দশকৰ দৰে পুনৰ অসমত উগ্ৰপন্থী সমস্যা মূৰ দাঙি উঠাৰ পূৰ্ণমাত্ৰাই আশংকা আছে। কিয়নো শ্বেখ হাছিনাৰ পূৰ্বৰ খালেদা জিয়া নেতৃত্বাধীন বিএনপিৰ চৰকাৰে সেই সময়ত ইছলামিক সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়াৰ লগতে আলফাকে ধৰি একাধিক বিদ্ৰোহী সংগঠনক ঘাটি স্থাপন কৰিবলৈ সুযোগ দিছিল। একেদৰে বৈদেশিক নীতিতো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ আহিছে মোদী চৰকাৰ। চৰকাৰে কেৱল শ্বেখ হাছিনাকে বাংলাদেশ বুলি ভাবি থকাৰ পৰিণতিত এতিয়া আন আন নেতাসকলৰ সৈতে কূটনৈতিক সম্পৰ্ক বৰ্তাই ৰখাটো কঠিন হৈ পৰিব। কেৱল যে বাংলাদেশৰ সৈতে কূটনৈতিক সম্পৰ্ক বৰ্তাই ৰখাত বিফল হৈছে তেনে নহয়, চুবুৰীয়া আটাইকেইখন ৰাষ্ট্ৰৰ সৈতে আজি ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে। ফলত মোদী চৰকাৰে দাবী কৰা ‘নেইবাৰহুড ফাৰ্ষ্ট’ (Neighborhood First) পলিচি এতিয়া হৈ পৰিছে ‘নেইবাৰহুড লষ্ট’ (Neighborhood Lost) পলিচি।

এনে ধৰণৰ সমস্যাৰ মাজতে ভূতৰ ওপৰত দানহৰ দৰে আকৌ নতুনকৈ অসমলৈ এজনো বাংলাদেশীক আশ্ৰয় দিবলৈ হ’লে সমস্যা গুৰুতৰ হৈ পৰিব। সেয়ে প্ৰতিজন অসমীয়াই বাংলাদেশৰ এই মুহূৰ্তৰ অভাৱনীয় পৰিস্থিতিক লৈ দুখপ্ৰকাশ কৰিলেও বা সমভাগী হ’লেও অধিক দৰদ দেখুৱাবলৈ গৈ সেই ঘটনাৰ ভুক্তভোগীক আথে-বেথে মাতি আনি শুশ্ৰূষা কৰিলে পিছলৈ নমতা সেই আলহীয়ে গৃহস্থৰ বুকুতেই গোৰ মৰাৰ পূৰ্ণ সম্ভাৱনা আছে। দাঢ়ি-কমা নসলোৱাকৈ কাৰ্যকৰী কৰিম বুলি কোৱা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত ধূলি জমা হৈ গ’ল। ২০১৪ত সকলো বাংলাদেশী টালি-টোপোলা বান্ধি যাব বুলি আশ্বাস দিয়া চৰকাৰে আজিলৈ কেইজন বাংলাদেশীক বহিষ্কাৰ কৰিলে সেই বিষয়ে নিশ্চুপ হৈ থাকিল। জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নকৰিলে। গতিকে বিপদ আহি ঘৰৰ দুৱাৰডলি পোৱাৰ পূৰ্বেই এতিয়া বিপদঘণ্টা বাজি উঠোতেই আমি সকলো সাৱধান হৈ থাকিব লাগিব।

◼️ ড০ নেত্ৰৰঞ্জন

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and ex Civil Servant with over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Follow Us

Follow us via social media to get the latest news when it happens.

Our Team
Dr Netraranjan
Most Discussed
Back To Top