“Freedom of the press is a precious privilege that no country can forego” – Mahatma Gandhi.
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা মনলৈ আহিছে 2017 চনৰ কৰ্ণাটকৰ গৌৰী লঙ্কেশ হত্যাকাণ্ডৰ কাহিনী আৰু কিদৰে যোৱা ৯ অক্টোবৰ তাৰিখে তেখেতৰ হত্যাকাৰী কেইজনক মুকলি কৰি দিয়াৰ পিছত শ্ৰীৰামসেনাৰ স্থানীয় নেতা সকলে আদৰ সন্মানেৰে সম্ভাসিত কৰিলে।
স্বতন্ত্ৰ সংবাদিকতাই বিভিন্ন সময়ত যথেষ্ট প্ৰত্যাহ্বান নেওচি সেৱা আগবঢ়াই আহিছে । স্বতন্ত্ৰ সাংবাদিকতাক ৰুদ্ধ কৰাৰ বাবে ষড়যন্ত্ৰ আৰু ন ন অপযশৰ চেষ্টা চলাই অহা দেখিবলৈ পোৱা গৈছে।সমগ্ৰ বিশ্বতে এক ভয়ংকৰ ধাৰাত চৰকাৰসমূহে স্বতন্ত্ৰ সাংবাদিকতাক নীৰৱ কৰিবলৈ অৰ্থনৈতিক আৰু বিত্তীয় অপৰাধৰ অভিযোগ ক্ৰমান্বয়ে প্ৰয়োগ কৰিছে বুলি ইণ্টাৰ আমেৰিকান প্ৰেছ এছ’চিয়েশ্যন (APA)আৰু ৱৰ্ল্ড এছ’চিয়েশ্যন অৱ নিউজ পাব্লিচাৰ্ছ ((WANP)ৰ এক নতুন যৌথ প্ৰতিবেদনত প্ৰকাশ পাইছে। বিভিন্ন মহাদেশৰ শেহতীয়া আঠটা গোচৰ পৰীক্ষা কৰি “প্ৰেছক নীৰৱ, ভাবুকি আৰু আক্ৰমণ কৰিবলৈ অৰ্থনৈতিক অভিযোগৰ অপব্যৱহাৰ” শীৰ্ষক প্ৰতিবেদনখনে প্ৰকাশ কৰিছে কেনেকৈ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ কাৰ্য্যকলাপ অচল আৰু কুখ্যাতি অনাৰ স্বাৰ্থত কৰ ফাঁকি, ধন সৰবৰাহ, মিথ্যাচাৰৰ দৰে অৰ্থনৈতিক অভিযোগ ব্যৱহাৰ কৰে। এই কৌশল বিশেষভাৱে ফলপ্ৰসূ বুলিও প্ৰমাণিত হয় কাৰণ ই অভিযুক্ত অপৰাধী কঠোৰ অপৰাধমূলক শাস্তি বহন কৰাৰ লগতে পৰম্পৰাগত প্ৰেছ স্বাধীনতা সুৰক্ষাক আওকাণ কৰে। এনেধৰণৰ অপৰাধমূলক অভিযোগবোৰে সাংবাদিকৰ সৰ্বশ্ৰেষ্ঠ সম্পদ বিশ্বাসযোগ্যতা আৰু আৰ্জিত সুখ্যাতি হ্ৰাসৰ লগতে সম্পূৰ্ণৰূপে সৰ্বস্ব নিঃশেষ কৰে।
WAN ৰ প্ৰেছ ফ্ৰিডমৰ কাৰ্যবাহী সঞ্চালক এণ্ড্ৰু হেছলপে বিত্তীয় অপৰাধসমূহে সংবাদ মাধ্যম আৰু সাংবাদিকসকলক নীৰৱ কৰি ৰখাত ফলপ্ৰসূ বুলি প্ৰমাণিত হয় বুলি মন্তব্য দিছে। তদন্তত কেইবাটাও সাধাৰণ আৰ্হি যেনে কৰ্তৃপক্ষই সঘনাই সংবাদ মাধ্যমৰ বেংক একাউণ্ট ফ্ৰীজ কৰা , অপৰাধমূলক তদন্তত প্ৰায়ে বিচাৰৰ পূৰ্বে দীঘলীয়া সময় ধৰি আটক কৰা হয় ।আনহাতে জটিল আৰ্থিক অভিযোগৰ পৰা ৰক্ষা পাবলৈ বেছিভাগ সাংবাদিকক সামৰ্থ্যৰ বাহিৰত ব্যয়বহুল আইনী আৰু একাউণ্টিং বিশেষজ্ঞতাৰ প্ৰয়োজন হয়।
এনেধৰণৰ কাৰ্য্য ভাৰতটো সংঘটিত হৈছিল। “দ্য হিন্দু” ৰ জ্যেষ্ঠ সহকাৰী সম্পাদক ভাৰতীয় সাংবাদিক মহেশ লাংগাক প্ৰথম অৱস্থাত প্ৰাথমিক FIR ত নাম নথকাৰ পিছতো জি এছ টি (GST) জালিয়াতিৰ গোচৰত আটক কৰা হৈছিল।গোপনীয় চৰকাৰী নথি-পত্ৰ ৰখাৰ বাবেও অতিৰিক্ত অভিযোগৰ সন্মুখীন হৈছিল, যি তদন্তমূলক সাংবাদিকতাৰ বাবে এটা সাধাৰণ প্ৰয়োজনীয়তা। সম্পাদক গিল্ড অৱ ইণ্ডিয়া আৰু প্ৰেছ ক্লাব অৱ ইণ্ডিয়াকে ধৰি আগশাৰীৰ সংবাদ সংস্থাসমূহে সাংবাদিকসকলৰ বিৰুদ্ধে আৰ্থিক আৰু প্ৰশাসনিক অভিযোগৰ দৰে এই কাৰ্য্যক গৰিহণা দিছে ।
কাৰ্য্য সিদ্ধিৰ বাবে চৰকাৰে পৰিকল্পিতভাৱে দমন কাৰ্য্যৰ বাবে উপযুক্ত সময় নিৰ্ধাৰণ কৰে ডাঙৰ ডাঙৰ পৰিঘটনাৰ পূৰ্বে। আজাৰবাইজানৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু COP ২৯ (COP 29) আয়োজন কৰাৰ পূৰ্বে অবৈধ উদ্যোগ আৰু ধন সৰবৰাহৰ অভিযোগত আবজাছ মিডিয়া (Abzas Media)ৰ ছয়জন সাংবাদিকক বাৰ বছৰৰ কাৰাদণ্ড বিহিছিল। ফিলিপাইনছত নোবেল বিজয়ী মাৰিয়া ৰেছাৰ গোচৰত প্ৰমাণ পোৱা গৈছিল এল ছালভাডৰৰ চৰকাৰে এল ফাৰো নামৰ এক বিশিষ্ট ডিজিটেল সংবাদ মাধ্যমক আক্ৰমণ কৰিবলৈ ধন ৰপ্তানিৰ অভিযোগ ব্যৱহাৰ কৰিছিল। এই অধ্যয়নটোৱে সাংবাদিকৰ আইনী প্ৰতিনিধিক লক্ষ্য কৰি কৰ্তৃপক্ষৰ এক বিৰক্তিকৰ আৰ্হিও উন্মোচন কৰিছে। তাঞ্জানিয়াত তদন্তকাৰী সাংবাদিক এৰিক কাবেণ্ডেৰাৰ অধিবক্তাই ভাবুকিৰ সন্মুখীন হৈ সাময়িকভাৱে দেশ এৰি পলায়ন কৰিবলগীয়া হৈছিল। গুৱাটেমালাত জোচে ৰুবেন জামোৰাৰ তিনিজন অধিবক্তাক ৰচনামূলক অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল, আনহাতে আন এজনক নিৰ্বাসন কৰিবলৈ বাধ্য কৰা হৈছিল।
WAN-IFRA’s “2023-2024 World Press Trends Outlook” অনুসৰি সমীক্ষাত অংশগ্ৰহণ কৰা সংবাদ মাধ্যম সংস্থাই বিগত বছৰৰ তুলনাত ৪৪ শতাংশ (44%) আইনী ভাবুকি আৰু প্ৰতিশোধৰ সন্মুখীন হোৱা বুলি জনাইছে। গতিকে দেখা গৈছে স্বতন্ত্ৰ সংবাদিকতাক ষড়যন্ত্ৰৰ জৰিয়তে নিঃশেষ কৰাৰ অপচেষ্টা কৰি আহিছে।
ইতিমধ্যে World Press Freedom Index ত বিশ্বৰ 180 খন দেশৰ ভিতৰত ভাৰত 159 স্থানলৈ অৱনমিত হৈছে যত পাকিস্তানৰ দৰে এখন দেশৰ স্থান 152 ! মন কৰিব লগীয়া কথা 2013 চনত ভাৰতৰ স্থান আছিল 79 l পৰিতাপৰ কথা যে আগৰ চৰকাৰ বোৰৰ ক্ষুৰধাৰ সমালোচনা কৰা মুধাফুটা সাংবাদিক সকল অতি নিলজ্জ ভাবে চৰকাৰ আৰু শাসকীয় দলৰ গুণ গান প্ৰচাৰত ব্যস্ত হৈ গল।
দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত 1949 চনত প্ৰকাশিত হোৱা ভয়ংকৰ ভবিষ্যতৰ ইংগিত বহনকাৰী জৰ্জ অৰ্ৱেলৰ উপন্যাস 1984 প্ৰকাশ পায়, পঢ়িলে এনে লাগে যেন সেয়া 1949 নহয় বৰং 2024 ত লিখা সঁচা কাহিনী। ভাৰতৰ সংবাদ মাধ্যমৰ আজিৰ অৱস্থাৰ বিষয়ে সূক্ষ্ম ভাবে বুজিবলৈ এই উপন্যাস খনতকৈ ভাল সমল নাই।
সংবাদ মাধ্যমক পুনৰ সঠিক পথলৈ অনা আজিও সম্ভৱ, মাথোঁ মালিক পক্ষই নিজ স্বাৰ্থৰ উৰ্দ্ধত ৰাষ্ট্ৰ যন্ত্ৰৰ ভয় ভাবুকি ভ্ৰূখেপ নকৰি সাংবাদিক সকলক স্বাধীন ভাৱে বাতৰি সংগ্ৰহ, সত্যাসত্য নিৰূপণ কৰা সুবিধা দি “নিৰ্ভিক সাংবাদিকতা” কৰা এটা পৰিবেশ দিব পাৰিব লাগিব। তাৰ বিনিময়ত যদি Urban Naxal বনাই ফোনত ধমকি, সমাজ মাধ্যমত ট্ৰল কৰি অথবা ৰাজতন্ত্ৰৰ ব্যৱহাৰ কৰি দিয়া প্ৰতিটো ভাবুকি সাহসেৰে মোকাবিলা কৰা আত্মশক্তি লাগিব।