Skip to content

এটা নিষিদ্ধ শব্দ ‘নৰেন্দ্ৰ মোদী’! ৰাহুল গান্ধীৰ ভাষণৰ পৰা আঁতৰালে ২৪৬টা শব্দ

Janagana Desk
July 8, 20240 second read

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথমটো ভাষণতেই তীব্ৰ আগ্ৰাসী ৰূপত দেখা গ’ল বিৰোধী দলপতি ৰাহুল গান্ধীক। ৰাহুল গান্ধীয়ে নিজৰ ভাষণত আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি, আৰ এছ এছ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। নীটৰ প্ৰশ্নকাকত ফাদিলৰ পৰা মণিপুৰৰ সমস্যালৈ, নিবনুৱা সমস্যাৰ পৰা অগ্নিবীৰ আঁচনিলৈ বহুকেইটা প্ৰাসংগিক বিষয়ত বিজেপি চৰকাৰক জবাবদিহি কৰে নিম্ন সদনৰ বিৰোধী দলপতিয়ে। কিন্তু ৰাহুল গান্ধীৰ সেই ভাষণৰ এক বৃহত্ অংশ ৰেকৰ্ডৰ পৰা আঁতৰাই দিলে লোকসভা সচিবালয়ে। ৰাহুল গান্ধীৰ ভাষণৰ পৰা নৰেন্দ্ৰ মোডী, বিজেপি, আৰএছএছ, অগ্নিবীৰ… আদি ২৪৬টা শব্দ কাটি পেলাইছে লোকসভা সচিবালয়ে। সেই শব্দবোৰ ‘আপত্তিজনক’ বুলি অভিহিত কৰি ৰেকৰ্ডৰ পৰা আঁতৰাই পেলোৱা হৈছে বুলি জানিব পৰা গৈছে।

কেৱল ৰাহুল গান্ধীয়েই নহয়, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, কল্যাণ বেনাৰ্জী, প্ৰতিমা মণ্ডল, শিৱসেনাৰ উদ্ধৱ থাকৰেপন্থী সাংসদ অৰবিন্দ সাৱন্তৰো ভাষণৰ পৰা আঁতৰাই পেলোৱা হৈছে কিছু অংশ। লোকসভা সচিবালয়ৰ এই সিদ্ধান্তৰ প্ৰতিবাদত বিৰোধী নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ লিখি প্ৰশ্ন উত্থাপন কৰে যে, ‘বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে দিয়া ভাষণ অভিযোগেৰে ভৰা আছিল। অৱশ্যে তেওঁৰ ভাষণৰ পৰা এটা শব্দহে বাদ পৰিল। কিন্তু মোৰ ভাষণৰ এটা ডাঙৰ অংশ বাদ পৰিছে! এয়া কেনেকুৱা যুক্তি?’ পত্ৰত ৰাহুল গান্ধীয়ে লগতে লিখে, ‘মোডীজীৰ শাসনকালত সত্যৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হ’ব পাৰে, কিন্তু বাস্তৱত সত্যক বাদ দিব নোৱাৰি।’

সংসদত বিৰোধীয়ে পূৰ্বতকৈ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰা পাছত এনেকৈয়ে বিৰোধীৰ কণ্ঠ ৰূদ্ধ কৰাৰ বাবে চেষ্টা চলোৱা হৈছে শাসকীয় পৃষ্ঠপোষকতাত। শাসকীয় পক্ষক সমালোচনা কৰা বাবেই আপত্তিজনক বুলি আঁতৰাই পেলোৱা হৈছে বিৰোধী দলপতিৰ ২৪৬টাকৈ শব্দ। যাৰ ভিতৰত আছে নৰেন্দ্ৰ মোদীও। যাৰ বাবে এতিয়া প্ৰশ্ন উঠিছে, সদনৰ মজিয়াত নৰেন্দ্ৰ মোদী শব্দ নিষিদ্ধ নেকি? নে সদনৰ মজিয়াত নৰেন্দ্ৰ মোদীক সমালোচনা কৰাত আছে কঠোৰ বাধা?

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts

6 days ago

জনগণ বাৰ্তা
📌হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাৰ্তীৰে উৰ্তীৰ্ণ হোৱা শিবসাগৰৰ গনকপতিৰ বাসিন্দা শিবসাগৰ নিউলুক একাদমীৰ ছাত্ৰ অঞ্চীত শইকীয়াৰ সৈতে অপৰ্না ভৰালীৰ এক আছুতীয়া সাক্ষাৎকাৰ.... ... See MoreSee Less
View on Facebook

6 days ago

জনগণ বাৰ্তা
📌দক্ষিণ কামৰূপৰ সোণতলী টুপামাৰী সংযোগী পথত ভয়ংকৰ দৃশ্য....📌বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথচোৱাত ঠায়ে ঠায়ে হৈ পৰিছে পুখুৰী সদৃশ....শ্বাহানুৰ ইছলাম, সোণতলী। ... See MoreSee Less
View on Facebook
📌বকোৰ বৰুৱা গাও পঞ্চায়তত PMAY-G ঘৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লাভ কৰিলে অচিনাকী বাসিন্দাই.... ... See MoreSee Less
View on Facebook
📌জনপ্ৰতিনিধিয়ে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন..... ... See MoreSee Less
View on Facebook
📌বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছাৰ পুৰুব লাইনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি তথা আদিবাসী জনগোষ্ঠীৰ জাতীয় নায়ক বজ্ৰ কণ্ঠ আচাৰ বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰয়াত প্ৰদীপ নাগলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান..... ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top