জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 5, 2026

এটা নিষিদ্ধ শব্দ ‘নৰেন্দ্ৰ মোদী’! ৰাহুল গান্ধীৰ ভাষণৰ পৰা আঁতৰালে ২৪৬টা শব্দ

by Janagana Desk
1 minutes read

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথমটো ভাষণতেই তীব্ৰ আগ্ৰাসী ৰূপত দেখা গ’ল বিৰোধী দলপতি ৰাহুল গান্ধীক। ৰাহুল গান্ধীয়ে নিজৰ ভাষণত আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি, আৰ এছ এছ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। নীটৰ প্ৰশ্নকাকত ফাদিলৰ পৰা মণিপুৰৰ সমস্যালৈ, নিবনুৱা সমস্যাৰ পৰা অগ্নিবীৰ আঁচনিলৈ বহুকেইটা প্ৰাসংগিক বিষয়ত বিজেপি চৰকাৰক জবাবদিহি কৰে নিম্ন সদনৰ বিৰোধী দলপতিয়ে। কিন্তু ৰাহুল গান্ধীৰ সেই ভাষণৰ এক বৃহত্ অংশ ৰেকৰ্ডৰ পৰা আঁতৰাই দিলে লোকসভা সচিবালয়ে। ৰাহুল গান্ধীৰ ভাষণৰ পৰা নৰেন্দ্ৰ মোডী, বিজেপি, আৰএছএছ, অগ্নিবীৰ… আদি ২৪৬টা শব্দ কাটি পেলাইছে লোকসভা সচিবালয়ে। সেই শব্দবোৰ ‘আপত্তিজনক’ বুলি অভিহিত কৰি ৰেকৰ্ডৰ পৰা আঁতৰাই পেলোৱা হৈছে বুলি জানিব পৰা গৈছে।

কেৱল ৰাহুল গান্ধীয়েই নহয়, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, কল্যাণ বেনাৰ্জী, প্ৰতিমা মণ্ডল, শিৱসেনাৰ উদ্ধৱ থাকৰেপন্থী সাংসদ অৰবিন্দ সাৱন্তৰো ভাষণৰ পৰা আঁতৰাই পেলোৱা হৈছে কিছু অংশ। লোকসভা সচিবালয়ৰ এই সিদ্ধান্তৰ প্ৰতিবাদত বিৰোধী নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ লিখি প্ৰশ্ন উত্থাপন কৰে যে, ‘বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে দিয়া ভাষণ অভিযোগেৰে ভৰা আছিল। অৱশ্যে তেওঁৰ ভাষণৰ পৰা এটা শব্দহে বাদ পৰিল। কিন্তু মোৰ ভাষণৰ এটা ডাঙৰ অংশ বাদ পৰিছে! এয়া কেনেকুৱা যুক্তি?’ পত্ৰত ৰাহুল গান্ধীয়ে লগতে লিখে, ‘মোডীজীৰ শাসনকালত সত্যৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হ’ব পাৰে, কিন্তু বাস্তৱত সত্যক বাদ দিব নোৱাৰি।’

সংসদত বিৰোধীয়ে পূৰ্বতকৈ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰা পাছত এনেকৈয়ে বিৰোধীৰ কণ্ঠ ৰূদ্ধ কৰাৰ বাবে চেষ্টা চলোৱা হৈছে শাসকীয় পৃষ্ঠপোষকতাত। শাসকীয় পক্ষক সমালোচনা কৰা বাবেই আপত্তিজনক বুলি আঁতৰাই পেলোৱা হৈছে বিৰোধী দলপতিৰ ২৪৬টাকৈ শব্দ। যাৰ ভিতৰত আছে নৰেন্দ্ৰ মোদীও। যাৰ বাবে এতিয়া প্ৰশ্ন উঠিছে, সদনৰ মজিয়াত নৰেন্দ্ৰ মোদী শব্দ নিষিদ্ধ নেকি? নে সদনৰ মজিয়াত নৰেন্দ্ৰ মোদীক সমালোচনা কৰাত আছে কঠোৰ বাধা?

Was this article helpful?
Yes0No0

You may also like