Skip to content

ৰুছ-ভাৰত সম্পৰ্ক আৰু ʼ১৯ ৰ বঁটা ʼ২৪ ত মোডীক

Dr. Mamun Imdadul Haque Chowdhury
July 23, 202417 second read

যোৱা ৯ জুলাই তাৰিখে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান “Saint Andrew the Apostle ” প্ৰদান কৰিছে। ভাৰত- ৰাছিয়া দ্বিপাক্ষিক  সম্পৰ্ক উন্নয়নৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। স্বাভাৱিকতেই ভাৰতবৰ্ষৰ বাবে ই গৌৰৱৰ কথা। এইখিনিতে কৈ থোৱা ভাল — দুবছৰ জুৰি চলা ইউক্ৰেন ‐ ৰাছিয়া যুদ্ধৰ বাবে ৰাছিয়াৰ পেট্ৰলিয়ামৰ বজাৰখনৰ ব্যাপক ক্ষতি হৈছে আৰু  বিগত ২ বছৰত ৰাছিয়াৰ পৰা সৰ্বাধিক পেট্ৰলিয়ামজাত সামগ্ৰী ক্ৰয়  কৰা দেশখন হৈছে ভাৰত। তাৰোপৰি ভাৰতবৰ্ষ হ’ল ৰাছিয়াৰ প্ৰতিৰক্ষা সামগ্ৰীৰ  বজাৰখনৰ (Defence Market) দ্বিতীয় সৰ্ববৃহৎ গ্ৰাহক। গতিকে, বুজাত নিশ্চয় অসুবিধা নহয় যে ৰাছিয়াৰ বাবে আৰ্থিক দিশত ভাৰতবৰ্ষ কিমান গুৰুত্বপূৰ্ণ!

ভাৰতবৰ্ষৰ সৈতে যে ৰাছিয়াৰ সম্পৰ্ক এতিয়াৰ তেনে নহয়। যুগ যুগ ধৰি এই সম্পৰ্ক। বেছি দূৰলৈ নগৈ যদি আমি কেৱল  ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ৰ পৰা চাওঁ — তেন্তে দেখা যায় ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ ঠিক আগমূহুৰ্তত ১৯৪৭ চনৰ এপ্ৰিলত চীনত থকা  ভাৰতবৰ্ষৰ ৰাজদূত কে.পি.এচ. মেননে চীনত থকা তেতিয়াৰ USSR ৰ ৰাজদূত গৰাকীলৈ  ভাৰত- ৰাছিয়া সম্পৰ্ক দৃঢ় কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেয়াই আৰম্ভণি ভাৰত- ৰাছিয়া দ্বিপাক্ষিক সম্পৰ্কৰ। বৃটিছৰ পিছৰ ভাৰতবৰ্ষৰ। অথচ নেহেৰু প্ৰধানমন্ত্ৰী হৈ থাকিলেও বৃটিছ আছিলেই। তেতিয়াও। যোৱাই নাই। ভাৰতবৰ্ষ স্বাধীন হোৱাই নাই। হ’বহে। সেই সময়ত নেহেৰুৰ সৈতে এই কে. পি.এচ. মেননৰ কেনেধৰণৰ গভীৰ সম্পৰ্ক আছিল সেয়া ৰাজনীতিৰ ভূ- ৰখা মহল মাত্ৰেই জানে। বৃটিছ যোৱাৰ পিছত নেহেৰুৱে এই কে. পি. এচ. মেননক ভাৰতবৰ্ষৰ প্ৰথম গৰাকী বৈদেশিক সচিব পাতে। অৱসৰৰ পিছত নেহেৰুৱে তেওঁক চোভিয়েট ৰাছিয়ালৈ ভাৰতবৰ্ষৰ ৰাজদূত কৰি পঠিয়ায়। অৰ্থাৎ, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত   ৰাছিয়াৰ সৈতে যে সুসম্পৰ্ক বজাই ৰখাটো অত্যন্ত জৰুৰী হ’ব —  সেই কথা দেশ স্বাধীন হোৱাৰ পূৰ্বেই নেহেৰুৱে অনুধাৱন কৰিছিল আৰু সেয়ে মেননৰ পত্ৰৰ জৰিয়তে এই সম্পৰ্ক গভীৰ কৰাৰ প্ৰস্তাৱ দিছিল। সেয়ে, ৰাছিয়াৰ সৈতে ভাৰতবৰ্ষৰ সুসম্পৰ্ক আজিৰ নহয়। নেহেৰুৰ যুগৰ পৰাই। আনকি ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ Socialist শব্দটোও USSR ৰ Socialist শব্দটোৰ পৰা অনুপ্ৰাণিত হৈহে লোৱা।

ৰাছিয়াৰ সৈতে ভাৰতবৰ্ষৰ দ্বিপাক্ষিক সম্পৰ্ক ইমানেই আন্তৰিক যে ১৯৫১ চনত ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদত কাশ্মীৰ সম্পৰ্কে আলোচনা হওঁতে ৰাছিয়াই ভাৰতবৰ্ষৰ পক্ষৰ সমৰ্থনত ভেটো পৰ্যন্ত প্ৰদান কৰে। তাৰোপৰি বিগত দুটা দশকে  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচিত হৈ থকা ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদত ভাৰতবৰ্ষৰ স্থায়ী সদস্যতাৰ বিষয়টোতো ৰাছিয়াৰ স্থিতি অতি স্পষ্ট। UNSC ত ভাৰতবৰ্ষৰ  স্থায়ী সদস্যতা ৰাছিয়াই মুকলিকৈ সমৰ্থন কৰে। এইবোৰ এদিনতে হোৱা নাই। সৰ্বপল্লী ৰাধাকৃষ্ণণ যেতিয়া USSR ত ভাৰতবৰ্ষৰ ৰাজদূত আছিল তেতিয়া চোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি যোচেফ ষ্টেলিনে  তেখেতক  কৈছিল — Both you and Mr. Nehru are persons whom we do not consider our enemies. This will continue to be our policy.

১৯৫৫ ৰ জুনত ৰাছিয়ালৈ যোৱাৰ পিছত ভাৰতবৰ্ষৰ প্ৰায় গৰাকী প্ৰধানমন্ত্ৰীয়েই ৰাছিয়া লৈ চৰকাৰী ভ্ৰমণলৈ গৈছে যদিওঁ মোডী এইবাৰলৈ ৬ বাৰলৈ প্ৰধানমন্ত্ৰী হিচাবে ৰাছিয়া ভ্ৰমণ কৰিছে আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মহলত ১৭ বাৰ লগ কৰিছে। ৰাছিয়াই যে এইবাৰ মোডীক সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিছে এইটো প্ৰকৃতাৰ্থত ২০১৯ ৰ বঁটা বা সন্মান হে। প্ৰদান কৰিছে এইবাৰ ২০২৪ ত মোডী India Russia Intergovernmental Commission ৰ ২৪ সংখ্যক অধিবেশনত যোগদান কৰোতেহে। এই খিনিতে কৈ থোৱা ভাল — ভাৰত ৰাছিয়া দ্বিপাক্ষিক সম্পৰ্ক মজবুত কৰাৰ মুখ্য প্লেটফৰ্ম হ’ল এই IRIC । তাত নিৰ্দিষ্ট কোনো দল বা চৰকাৰৰ কথা নাই। যি দলৰেই চৰকাৰ নহওঁক কিয় ৰুছ- ভাৰত সম্পৰ্ক ভালে থাকিবই । কাৰণ — ই ভাৰতৰ  বৈদেশিক নীতিৰ অংশ আৰু এই কামবোৰ কৰি থাকিব এই IRIC এ।

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top