Skip to content

ৰাজনীতি, জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ

Janagana Desk
September 8, 202427 second read

ড০ আৰ কে বেজবৰুৱা

ৰাজনীতিৰ ধাৰণাটো প্ৰথমে দাৰ্শনিক এৰিষ্ট’টলে দিছিল। গ্ৰীচত পোন প্ৰথমে ৰাষ্ট্ৰৰ ধাৰণা গঢ় লৈ উঠিছিল। তেওঁলোকে ৰাষ্ট্ৰক ‘পলিচ’ শব্দৰে অভিহিত কৰিছিল।

” সুস্থ আৰু স্বাৱলম্বী জীৱন-যাপন কৰিবলৈ সংগঠিত হোৱা পৰিয়াল আৰু গাঁৱৰ সমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।” -এয়া এৰিষ্ট’টলে আগবঢ়োৱা সূত্ৰ। আনহাতে, ” Politics is the process or activity through which power is gained and lost, whereas government is a system for exercising authority over a body of people.”
নাইবা –
” Politics is a set of activities related to decision making in groups to manage society, or other forms of energy relations between individuals, such as wealth or position distribution.
তাৰ বিপৰীতে, জাতীয়তাবাদ হৈছে এক প্ৰকাৰৰ ৰাজনৈতিক চিন্তাধাৰা। তাৰ অৰ্থ বহুত বহল আৰু গভীৰ। জাতীয়তাবাদে এক সামূহিক অস্তিত্বৰ ধাৰণা সৃষ্টি কৰে। ৰাষ্ট্ৰৰ প্ৰাধান্যতা, কোনো গোষ্ঠীৰ নিজস্ব ‘গৃহভূমি’ স্থাপনৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা, কোনো জাতিৰ নিজস্ব জাতীয় সত্তাৰ প্ৰীতি আৰু গৌৰৱৰ বহিৰ্প্ৰকাশ, কোনো কাল্পনিক সত্তা, গৰিষ্ঠ সংখ্যক নেতৃত্বৰ দ্বাৰা উপেক্ষিত জনগোষ্ঠীৰ নিজস্ব স্বাধীন ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম আদি জাতীয়তাবাদৰ আৱৰ্তত সোমাই থাকে। বুৰঞ্জীবিদ ই. জে.হব্‌চবানে জাতীয়তাবাদক ‘সংকলিত ঐতিহ্য’ (invented traditions) বুলি কৈছে। কোনো কোনো ক্ষেত্ৰত জাতীয়তাবাদ প্ৰতিক্ৰিয়াশীল বা সংঘৰ্ষ যুক্ত হয়। মুঠতে
জাতীয়তাবাদে এক সামূহিক পৰিচয়ৰ সৃষ্টি কৰে য’ত একীভূত আৰু একে জাতীয় সংস্কৃতিৰে পৰিচিত এক স্বতন্ত্ৰ জনতাৰ গোট থাকে।
আমাৰ ভাৰতবৰ্ষৰ অতীজত ষোল্লখন মহা জনপদৰ উত্থান ঘটিছিল। ‘জনপদ’ৰ অৰ্থ হৈছে ৰাষ্ট্ৰ। একোটা জনগোষ্ঠীৰ একোজন শক্তিশালী ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈছিল এই জনপদ সমূহ। বিভিন্ন পৰ্য্যায়ৰ মাজেৰে পাৰ হৈ আহি কালক্ৰমত ই বৰ্তমানৰ ৰূপ পাইছেহি। এতিয়া গোটেই পৃথিৱীতে বিভিন্ন ৰাষ্ট্ৰই নিজৰ নিজৰ ধৰণেৰে ৰাষ্ট্ৰ পৰিচালনা কৰি আছে। প্ৰত্যেকেই নিজৰ নিজৰ ৰাষ্ট্ৰবাদ অক্ষুন্ন ৰাখিছে।
আন হাতে ৰাজ্য আৰু ৰজাৰ শাসনৰ পৰা ‘ৰাজনীতি’ৰ ধাৰণাৰ সৃষ্টি হৈছে। যি আদৰ্শ বা নীতিৰ আধাৰত এখন দেশ বা ৰাষ্ট্ৰ পৰিচালিত হয়, তাকেই ৰাজনীতি বুলি কোৱা হয়। বিভিন্ন ৰাষ্ট্ৰত ৰাজনীতি বেলেগ বেলেগ। নায়ক, চৰ্দাৰ, শাসক বা ৰজাই যি ধৰণে তেওঁৰ অধিকৃত অঞ্চলত শাসন নিয়ন্ত্ৰণ কৰে, সেই দেশৰ বাবে সেয়াই নীতি বা ৰাজনীতি। কিন্তু বৰ্তমান ৰাজনীতিৰ ধৰণ আৰু পদ্ধতিৰ সলনি হৈছে। আধুনিক বিশ্বত ৰাজনীতিৰ স্বৰূপ এতিয়া গণতান্ত্ৰিক পদ্ধতিত চলে। তাত জনতাৰ উন্নয়ন আৰু বিকাশৰ ওপৰত ৰাজনীতি প্ৰৱৰ্তিত হয়। মানুহৰ কল্যাণ, উন্নত মানৰ শিক্ষা, জীৱন যাপন পদ্ধতি, বাক স্বাধীনতা, জীৱন আৰু সম্পত্তিৰ স্বাধীনতা প্ৰদান কৰাই হৈছে ৰাজনীতিৰ গূঢ়াৰ্থ। তাৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে সহ অৱস্থানৰ বিষয়টোও সমানেই প্ৰযোজ্য।একোখন স্বাধীন ৰাষ্ট্ৰই যি স্বাভিমান আৰু সাৰ্বভৌমত্ব প্ৰদৰ্শণ কৰি চলে সেয়া ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰীয়তাবাদ।
কিন্তু বৰ্তমান এই ধাৰণাৰ বিস্তৃত সলনি হোৱা দেখা গৈছে। এতিয়া ৰাজনীতি কৰা হয় কেৱল ৰাজনৈতিক নেতা বা দলৰ লাভালাভ বিচাৰ কৰি। এতিয়া ৰাজনীতি কৰা হয় দেশত অশান্তি বিয়পাই নেতাৰ পক্ষত ভোট আকৰ্ষণ কৰিবলৈ। কেতিয়াবা এনেকুৱাও দেখা যে পৰৰাষ্ট্ৰৰ উচতনিত কোনো দল বা সেনাপ্ৰধানে দেশৰ শাসন হস্তগত কৰে আৰু তাত ৰাজনীতি কলুষিত হৈ পৰে। তেনে দেশত জাতীয়তাবাদ বা ৰাষ্ট্ৰীয়তাবাদ ধূলিসাৎ হৈ পৰে। ৰাজনীতিৰ সমান্তৰাল ভাৱে জাতীয়তাবাদৰ চৰিত্ৰৰো সলনি হৈছে। প্ৰত্যেক দল-সংগঠনৰ জাতীয়তাবাদ বেলেগ বেলেগ।
ৰাজনীতিক ব্যক্তিগত কৰণৰ ৰূপ আমি দেখা পাইছোঁ ভাৰতৰ শেহতীয়া ঘটনা ক্ৰমৰ মাজত। কলকাতাত এটা নৃশংস ঘটনা সংঘটিত হৈছিল। যি গৰাকী মহিলাৰ ভোটৰ দ্বাৰা প্ৰাৰ্থী নিৰ্বাচিত হৈ চৰকাৰ গঠন কৰিছিল, সেই চৰকাৰে তেওঁক জীৱিত অৱস্থাত বলাৎকাৰীৰ পৰা সুৰক্ষিত কৰিব নোৱাৰিলে। হত্যাকাৰীৰ হাতৰ পৰা তেওঁৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে । অৱশেষত সেই চৰকাৰৰ পুলিচ বিভাগে তেওঁৰ হত্যাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰি অপৰাধীক সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব খুজিছিল। এফ আই আৰ দাখিলৰ আগতেই মৰা শ দাহ কৰি পেলালে। এয়া হৈছে বৰ্তমানৰ ৰাজনীতিৰ নমুনা। একেই নমুনা দেখা গৈছে মহাৰাষ্ট্ৰৰ বদলাপুৰত। চৰকাৰ আৰু চৰকাৰী প্ৰশাসনে পাৰ্যমানে অপৰাধীক সংৰক্ষণ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। এয়াই বৰ্তমানৰ ৰাষ্ট্ৰনীতি।
আমি বদলাপুৰত জাতীয়তাবাদ প্ৰত্যক্ষ কৰিব পাৰোঁ তাৰ অধিবক্তাসকলৰ মাজত। তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বলাৎকাৰীৰ হৈ কোনো অধিবক্তাই ওকালতি নকৰে। আনহাতে, গোটেই ভাৰতবৰ্ষৰ প্ৰতিবাদ সত্বেও জ্যেষ্ঠ উকীল শ্ৰীমান কপিল চিবালে বলাৎকাৰী সঞ্জয় ৰয়, বলাৎকাৰীৰ সহযোগী চাৰিজন, কলকাতাৰ পুলিচ বিভাগ , মেডিকেল কলেজৰ প্ৰিন্সিপালজন তথা মমতা বেনাৰ্জীৰ চৰকাৰক বচাবলৈ উচ্চতম ন্যায়ালয়ত ওকালতি কৰিবলৈ গৈছে। সেয়া এক বেলেগ জাতীয়তাবাদী চৰিত্ৰ। দেশখনৰ জনতাৰ ইচ্ছাক নস্যাৎ কৰি অপৰাধী আৰু অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰক ৰক্ষা কৰিবলৈ বৰ্তমানৰ চৰকাৰ বিৰোধী দলৰ জাতীয়তাবাদৰ নমুনা সেয়া । এয়া আন এক ৰাজনীতিৰো চিত্ৰ ।
সেই যে এৰিষ্ট’টলে আগবঢ়োৱা মতবাদটো
” সুস্থ আৰু স্বাৱলম্বী জীৱন-যাপন কৰিবলৈ সংগঠিত হোৱা পৰিয়াল আৰু গাঁৱৰ সমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।” আজি যেন সি অৰ্থহীন হৈ পৰিছে। আমি সুস্থ ভাবে জীৱন যাপন কৰা অসম্ভ হৈ পৰিছে। কৰ’বাত যদি ধৰ্মীয় উন্মত্ততা আৰু ক’ৰ’বাত বিচ্ছিন্নতাবাদী কাৰ্য্যকলাপ। নাৰীৰ ওপৰত দানবীয় আতিশয্য ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ভাৰত বৰ্ষত ন্যায়িক দায়িত্ব পালন কৰিব পৰা মানুহ এক মাত্ৰ মূখ্য ন্যায়াধীশ চন্দ্ৰচূড় ডাঙৰীয়াইহে যেন ৰৈছে গৈ।
ভাৰতৰ এজন সুদক্ষ প্ৰধান মন্ত্ৰী আছে। তেওঁ মাতৃ-ভগ্নী, দেশৰ জনতাৰ ৰক্ষক। কিন্তু অসম, কলকাতা বা বদলাপুৰৰ ঘটনাত তেওঁ নিৰ্বিকাৰ। ইতিমধ্যে বহুতে পশ্চিম বংগত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী তুলিছে। দেশৰ প্ৰথম গৰাকী নাৰীৰো (ৰাষ্ট্ৰপতি) এইবোৰ কথাত যেন মূৰৰ বিষ নাই। যি নীতিয়ে দেশৰ কল্যাণ কৰিব পৰা নাই, আমাৰ দেশৰ সেয়াই ৰাজনীতি। মানুহৰ চকুৰ পানী মঁচিব নোৱাৰা নীতিক আমি ৰাজনীতি বুলি মানিবলৈ বাধ্য। কাৰণ – ৰাজনীতিৰ মূল্য কেৱল নেতাৰ ৰক্ষণাবেক্ষণৰ বাবে। চৰকাৰ, মন্ত্ৰী, বিধায়ক, সাংসদক পাঁচটা বছৰ চকু কাণ বন্ধ কৰি শাসন কৰিবলৈ সৃষ্টি কৰা সুবিধাৰ অন্য নাম ৰাজনীতি।
বিশ্বৰ বৃহত্তম শক্তি – আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কান্ধত কান্ধ মিলাই থিয় হ’ব পৰাটো নিশ্চয় ৰাষ্ট্ৰীয়তাবাদ। দেশৰ উন্নতি বিচৰা, দেশৰ প্ৰগতি কামনা কৰা, প্ৰতিজন ভাৰতীয়ৰ বাবে সেয়া ৰাষ্ট্ৰীয়তাবাদ। নিজ দেশক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত আন্তৰ্জাতিক লাভা-লাভ প্ৰথম স্বৰ্ত হিচাপে বিবেচিত হ’বই। সেয়াই ৰাষ্ট্ৰীয়তাবাদ। দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আপোচ নকৰাটো ৰাষ্ট্ৰীয়তাবাদ। এক দেশ এক নিয়মো ৰাষ্ট্ৰীয়তাবাদৰ উত্তম চৰিত্ৰ। কিন্তু দেশৰ গৰিমা ৰক্ষাৰ ভাৰ ন্যায়ালয়ে গ্ৰহণ কৰিব লগীয়া হোৱাত ৰাষ্ট্ৰীয়তাবাদৰ অস্তিত্বৰ প্ৰশ্ন উত্থাপন হ’বই।আজি আমাৰ ৰাষ্ট্ৰীয়তাবাদ অৱনমিত হোৱাটোও সত্য।অসম, মহাৰাষ্ট্ৰ, পশ্চিম বংগ , উত্তৰ প্ৰদেশ আদি সকলো প্ৰদেশৰ জাতীয়তাবাদী পৰিচয় আছে। কিন্তু সেই পৰিচয় আজি আমি কি বুলি দিছোঁ?
অপৰাধত কোন প্ৰদেশ, কোন দলৰ সদস্য, কি জাতি, তাৰ বিচাৰ নকৰি বিচাৰ কৰা উচিত অপৰাধীৰ শাস্তিৰ। বলাৎকাৰ আৰু হত্যাৰ দৰে অপৰাধ কৰা অপৰাধীক বচাবলৈ যোৱা জন গণশত্ৰু হিচাপে চিহ্নিত হোৱা উচিত।
দেশৰ নেতাসকলে জনতাৰ কথা ভাবক। বিৰোধীয়েই হওক, বা শাসকীয় নেতাই হওক, দেশৰ জনতাৰ কাষত থিয় হওক। অযথা বাক- বিতণ্ডা বাদ দি জনতাৰ কল্যাণৰ কাম কৰক। পীড়িতৰ জাতি-বৰ্ণ বা ধৰ্ম বিচাৰ নকৰিব। সকলো সময়তে সকলো ক্ষেত্ৰতে ৰাজনীতি কোনোৱেই নকৰে যেন।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Follow Us

Follow us via social media to get the latest news when it happens.

Our Team
Dr Netraranjan
Most Discussed
Back To Top