Skip to content

গৃহযুদ্ধত বিধ্বস্ত ছুডান

Dr. Mamun Imdadul Haque Chowdhury
September 9, 202423 second read

ড৹ মামুন ইমদাদুল হক চৌধুৰী

আফ্ৰিকাৰ এখন অত্যন্ত গৰীৱ দেশ ছুডান। দেশখন বিগত দেৰ বছৰৰ পৰা চলি থকা গৃহযুদ্ধত বিধ্বস্ত। গৃহযুদ্ধবোৰ সাধাৰণতে চৰকাৰ আৰু সশস্ত্ৰ  গৰিলা সংগঠন সমূহৰ মাজত হয়। কিন্তু, ছুডানৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম। গৃহযুদ্ধত লিপ্ত মূল দুয়োটা  বাহিনীয়েই চৰকাৰী সশস্ত্ৰ  বাহিনী। এটা সামৰিক আৰু এটা অৰ্ধ সামৰিক।

ঘটনাটো এনেধৰণৰ — সুদীৰ্ঘ ৩০ বছৰে ছুডানত স্বৈৰাচাৰী শাসন চলোৱা ৰাষ্ট্ৰপতি ওমৰ আল বাশ্বাৰৰ বিৰুদ্ধে লাখ লাখ জনতা ৰাজপথলৈ ওলাই আহিল। সেয়া,২০১৯ চনৰ কথা। জনতাৰ প্ৰতিবাদত পৰিস্থিতি বিষম দেখি দেশখনৰ সেনা বাহিনীয়ে ৰাষ্ট্ৰপতি ওমৰ আল বাশ্বাৰক পদত্যাগ কৰিবলৈ ক’লে। গণ অভ্যুত্থান আৰু সেনা বাহিনীৰ নিৰ্দেশৰ ফলত ৰাষ্ট্ৰপতি গৰাকীয়ে ২০১৯ চনৰ ১১ এপ্ৰিলত পদত্যাগ কৰিলে। ঠিক সৌ সিদিনা বাংলাদেশত হোৱাৰ দৰে ঘটনা। এতিয়া কথা হ’ল — চৰকাৰখন ভংগ হোৱাৰ পিছত দেশখন চলাব কোনে? তাৰ সমাধান উলিওৱা হ’ল। ছুডানৰ সেনা বাহিনী Sudanese Armed Forces ৰ প্ৰধান আব্দেল ফাতাহ আল বুৰহানৰ  নেতৃত্বত দেশখনৰ সামৰিক আৰু  অৰ্ধ সামৰিক বাহিনীৰ যৌথ সহযোগত গঠন কৰা হ’ল Transitional Military Council ।

ৰাষ্ট্ৰপতি ওমৰ আল বাশ্বাৰৰ বিৰুদ্ধে অভ্যুত্থানত মুখ্য ভূমিকা লোৱা Forces of Freedom and Changes ৰ সৈতে এই Transitional Military Council ৰ মাজত ২০১৯ চনৰ ১৭ আগষ্টত  এখন চুক্তি হ’ল। এই চুক্তি খনৰ জৰিয়তে নিৰ্দিষ্ট কিছু  সামৰিক, অৰ্ধ সামৰিক আৰু  অসামৰিক লোকক লৈ গঠন কৰা হ’ল Transitional Sovereignty Council । SAF প্ৰধান বুৰহানক এই পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ল। অৰ্থাৎ এক কথাত  সামৰিক শাসন। কিন্তু, এই চুক্তি খনত স্পষ্ট ভাৱে কোৱা হ’ল যে— ৩৯ মাহৰ ভিতৰত গণতান্ত্ৰিক ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰি শাসন ক্ষমতা দেশখনৰ জনসাধাৰণৰ হাতত গতাই দিব লাগিব। নিৰ্ধাৰিত ৩৯ মাহ কেতিয়াবাই পাৰ হ’ল। কিন্তু, SAF  প্ৰধান তথা Transitional Sovereignty Council ৰ মুৰব্বী আব্দেল ফাতাহ আল বুৰহানে ক্ষমতা ত্যাগ নকৰিলে। সামৰিক শাসন চলাই গৈ থাকিল।

চুক্তি অনুসৰি হ’বলগীয়া  নিৰ্বাচনৰ কোনো নাম গোন্ধ  নাইতো নায়েই বৰঞ্চ SAF  প্ৰধান বুৰহানে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে গঠন হোৱা Transitional Sovereignty Council ৰ পৰা আঁতৰি আহবলৈকে অস্বীকাৰ কৰিলে। এই লৈ দেশখনৰ অৰ্ধ সামৰিক বাহিনী Rapid Support Forces ৰ মুৰব্বী মোহাম্মদ হামদান ডাগালোৰ মাজত সংঘাত হ’ল। তেনেতে হঠাৎ ২০২৩ ৰ ১৫ এপ্ৰিল তাৰিখে RSFএ সামৰিক অভিযান চলাই দেশখনৰ ৰাজধানী চহৰস্থিত খাৰটোম আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ সহ ভালে কেইখন বিমান বন্দৰ দখল কৰি পেলালে। RSF ৰ এই অভিযানৰ পিছত আন এটা সামৰিক বাহিনী Joint Defence Forces ও এই গৃহযুদ্ধত জপিঁয়াই পৰে। RSF প্ৰধান ডাগালোৱে যে  চুক্তি অনুসৰি দেশখনৰ জনসাধাৰণক ক্ষমতা উভতাই দিবলৈ SAF ৰ বিৰুদ্ধে যুদ্ধ কৰিছে তেনে নহয়। তেওঁ যুদ্ধ কৰিছে SAF প্ৰধান হিচাপে যদি বুৰহানে ক্ষমতা ভোগ দখল কৰিব পাৰে, দেশখনত আধিপত্য বিস্তাৰ কৰিব পাৰে তেন্তে RSF ৰ দৰে শক্তিশালী বাহিনীৰ প্ৰধান হৈ তেওঁ ক্ষমতাৰ শীৰ্ষত কিয় থাকিব নোৱাৰে ! ইয়াত জনসাধাৰণৰ কোনো ধৰণৰ আশা আকাংক্ষাৰ কথা নাই। আছে কেৱল ব্যক্তিগত আক্ৰোশ আৰু উচ্চাকাংক্ষা ।

এই যি গৃহ যুদ্ধ আৰম্ভ হ’ল আজিলৈকে তাৰ শেষ হোৱা নাই। বিগত দেৰ বছৰে ছুডানৰ সামৰিক বাহিনী  SAF, অৰ্ধ সামৰিক বাহিনী RSF আৰু এই গৃহযুদ্ধত  পিছত চামিল হোৱা JDF ৰ মাজত চলি থকা ৰক্তক্ষয়ী সংঘাতত  দেশ খনৰ কেৱল  অৰ্থনীতি বিধ্বস্ত হোৱাই নহয় প্ৰায় ১৫ হাজাৰতকৈও অধিক লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১ কোটিতকৈ অধিক লোক গৃহহাৰা হৈছে। ৫ কোটি জনসংখ্যাৰ দেশখনত ১ কোটি গৃহহীন! তাকো নিজ দেশৰেই সামৰিক আৰু অৰ্ধ সামৰিক বাহিনীৰ ভাতৃ ঘাতী সংঘাতত!

এই দৰিদ্ৰ  দেশখনৰ বিভিন্ন ঠাইত সদ্যহতে তিনিটা সামৰিক/ অৰ্ধ সামৰিক বাহিনীৰ প্ৰশাসন চলি আছে। ইয়াৰে ৰাজধানী চহৰ খাৰটোম সহ পশ্চিম ডাৰফুৰ আদি অঞ্চল RSF ৰ দখলত। আনহাতে, দেশখনৰ পূৱ আৰু উত্তৰ অঞ্চলৰ সৰহভাগ অংশ SAF ৰ দখলত আৰু উত্তৰ  ডাৰফুৰ অঞ্চল JDF ৰ দখলত।

এখন দেশ। তিনিটা প্ৰশাসন! তাকো সামৰিক! কল্পনা কৰকচোন — কিমান বিশৃংখল হ’ব পাৰে তাৰ প্ৰশাসনীয় ব্যৱস্থা। কিমান অস্থিৰ আৰু অসহ্যকৰ হ’ব পাৰে তাৰ জনজীৱন!

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top