জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 12, 2026

‘সৰ্বজন হিতায়’ নে ‘শাসকৰ হিতায়’ ?

by Dr Netraranjan
2 minutes read
Beneficiary Scheme

ক্ষমতাৰ কেন্দ্ৰত আত্মীয়বাদ (Crony Politics) অৰ্থাৎ ভাৰতীয় ৰাজনীতিত আত্মীয়বাদ নতুন নহয়। এইয়া বিৰোধী দলৰ বাবে অস্ত্ৰ , কিন্তু ৰাজনৈতিক সংস্কৃতিৰ বাবে কলংক। ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে গণতন্ত্ৰৰ বিশ্বাসযোগ্যতাৰ ওপৰত। জনসেৱা যদি আত্ম-সেৱা হৈ পৰে, তেন্তে সেই ৰাজনীতিৰ ভিত্তিমূলেই ধ্বংস হ’ব ধৰিছে। ৰাজ্যত হিতাধিকাৰী কেন্দ্ৰিক ৰাজনীতি। হিতাধিকাৰী এতিয়া ৰাজ্য বা দেশৰ বাবে গুৰুত্বপূৰ্ণ বিষয় নহয় , হিতাধিকাৰী এতিয়া ৰাজনীতিৰ বিষয়। হিতাধিকাৰীৰ তালিকাত থাকে সচৰাচৰ দুৰ্বল আৰু আৰ্থিকভাৱে অসহায় নাগৰিকৰ নাম কিন্তু সকলোকে আচৰিত কৰি হিতাধিকাৰীৰ তালিকাত নাম সন্নিৱষ্ট আছে মুখ্যমন্ত্ৰী তথা প্ৰভাৱশালী মন্ত্ৰীৰ পত্নীকে ধৰি কেইবাগৰাকী প্ৰভাৱশালী নেতাৰ পত্নীৰ নাম। মন্ত্ৰী পত্নীৰ নাম ১২০০ টকীয়া অৰুণোদয় তালিকাত নাই , তেওঁলোকৰ নাম সোমাল ৫০ লাখ টকীয়া হিতাধিকাৰীৰ তালিকাত । ডাঙৰ মানুহৰ ডাঙৰ কথা, নহয়নে ? কিন্তু এই ঘটনাই এটা গুৰুত্বপূর্ণ প্ৰশ্ন উত্থাপন কৰে যদি চৰকাৰী মন্ত্ৰীৰ পৰিয়ালৰ লোক হিতাধিকাৰী হ’ব পাৰে, তেন্তে দৰিদ্ৰ সকলৰ কি হ’ব ? ভাৰতীয় ৰাজ্যসমূহত কল্যাণনীতিসমূহে প্ৰায় ভোট-মুখী ৰূপ লৈছে । দৰিদ্ৰক সহায় কৰা আঁচনি যেন ভোট-বেংকৰ ‘চাবিকাঠি’। সেই আঁচনিসমূহৰ বিতৰণত যদি ৰাজনৈতিক ‘ইচ্ছা’ আৰু আত্মীয়সুবিধা প্ৰাধান্য পায় , তেন্তে তাত নৈতিকতা ক’ত থাকিল ? যি ধন – পুঁজি মুখ্যভাৱে গাঁও অঞ্চলৰ দৰিদ্ৰ পৰিয়াল, কৃষক, নিঃসহায় বৃদ্ধ-বৃদ্ধা, নিবনুৱা যুৱক-যুৱতীৰ বাবে প্ৰদান কৰা হয়, সেই হিতাধিকাৰৰ অংশ কিহৰ  আধাৰত এগৰাকী মন্ত্ৰীৰ পত্নীয়ে লাভ কৰিলে?

ৰাজনীতিৰ মূল আধাৰ হৈছে জনসেৱা। কিন্তু যেতিয়া শাসকীয় বৰ্গই সেই পুঁজি নিজৰ সুবিধাৰ উৎস হিচাপে ব্যৱহাৰ কৰে , তেতিয়া সেই ৰাজনীতি নৈতিকতা, বিশ্বাস আৰু গণতান্ত্ৰিক মূল্যমান্যৰ পৰা বিচ্যুতি ঘটে। গতিকে ৰাজ্যত এতিয়া শাসন নহয় , আত্মীয়স্বজন কেন্দ্ৰিক সুবিধা বিতৰণ চলিছে। দৰিদ্ৰ জনতাৰ বাবে উন্মুক্ত ৰাজহুৱা কল্যাণ যোজনাত যদি শাসকবৰ্গৰ পৰিয়ালৰ সদস্যই সুবিধা লাভ কৰে, তেন্তে সেই ব্যৱস্থাক জনকল্যাণমূলক বুলিব পাৰিনে? এই প্রশ্নই এতিয়া ৰাজনৈতিক মহল, সচেতন নাগৰিক আৰু নাগৰিক সমাজত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। জনতাৰ সৈতে এক বিশ্বাসঘাতকতা।

“সৰ্বজন হিতায়, সৰ্বজন সুখায়” বুলি যিবোৰ আঁচনি আহে, সেইবোৰত পদ-পৰিচয় সম্পন্ন ব্যক্তি তথা শাসকৰ আত্মীয়বৰ্গৰ অগ্ৰাধিকাৰ যেন নিয়ম হৈ পৰিছে। এইয়া এক “পাৱাৰ সিন্ড্ৰোম”, অৰ্থাৎ ক্ষমতাৰ মোহত আঁজুৰি অনা মানসিকতা আৰু এক “কনফ্লিক্ট অৱ ইন্টাৰেষ্ট” অৰ্থাৎ নিজৰ পদৰ অপব্যৱহাৰ কৰি ব্যক্তিগত বা পৰিয়ালগত লাভ লোৱাৰ অনৈতিকতা। অবাধ স্বাধীনতা নিয়ন্ত্রণহীন আৰু ক্ষমতা আৰু শাসনৰ মাজেদি ব্যক্তিৰ স্বাধীনতা সীমাৰ মাজত ৰাখি সমাজ পৰিচালনা কৰা হয়। সমাজ পৰিচালনা কৰাৰ এই নিয়মত বিসংগতি ঘটিলেই অৰাজকতা আৰু অশান্তিৰ সৃষ্টি হয়, যি মানৱ সভ্যতাৰ বাবে কেতিয়াও কাম্য নহয়। গতিকে, ‘ক্ষমতা’, ‘স্বাধীনতা’ আৰু ‘শাসন’ৰ মাজত প্রকৃত সন্তুলন আনিব পাৰিলেহে এখন সুশৃংখল আৰু সুস্থ সমাজ গঢ়ি তুলিব পৰা যাব।

Was this article helpful?
Yes0No0

You may also like