Skip to content

ছাত্ৰ ৰাজনীতিৰ প্ৰাসংগিকতা…

Dr Netraranjan
November 7, 202414 second read
Student Politics

‘When politics decides everything in your life, decide what your politics should be’

ভাৰতৰ্বষৰ দৰে স্বাধীন বৃহৎ গণতান্ত্ৰিক দেশত নিৰ্বাচন ব‍্যৱস্থাৰ প্ৰাসংগিকতা অতি লক্ষনীয়। ছাত্ৰ-ছাত্ৰীসকলো এই ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। প্ৰাক স্বাধীন কালৰে পৰা তেওঁলোকে অনবদ্য অৱদান আগবঢ়াই আহিছে।

যদি পূৰ্বৰ ৰাজনৈতিক প্ৰেক্ষাপটত আলোকপাত কৰো তেন্তে দেখিম প্ৰাক স্বাধীন কালৰ পৰাই ছাত্ৰ আন্দোলন চলি আহিছে, সবল শক্তিশালী ৰূপত। ছাত্ৰ ৰাজনীতি ৰাষ্ট্ৰীয় ৰাজনীতিৰ সৈতে এক প্ৰাসংগিক বিষয়। ছাত্ৰ ৰাজনীতিৰ পৰাই একো একোজন সবল নেতৃত্বশীল প্ৰতিনিধি ৰাষ্ট্ৰীয় ৰাজনীতি লৈ গমন কৰে। প্ৰাক স্বাধীন কালত কেইবাটাও ছাত্ৰ  সংগঠন গঠন হৈছিল। ১৯৩১ চনৰ মাৰ্চ মাহত জৱাহৰলাল নেহৰ সভাপতিত্বত  কৰাচীত আয়োজন কৰা সভাৰ মূল উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুৱ সকলক একত্ৰিত কৰা। ১৯৩৭ চনত মুছলিম ষ্টুডেণ্টছ ফেডাৰেচন (MSF) অস্তিত্বলৈ আহিছিল। ৰাষ্ট্ৰীয় ছাত্ৰ আন্দোলন ধৰ্মীয় আৰু ৰাজনৈতিক ৰেখাৰে বিভক্ত হ’বলৈ দুবছৰতকৈও কম সময় লাগিছিল। ১৯৪০ চনত নাগপুৰ অধিৱেশনত দুটা বিষয় ভাৰতৰ স্বাধীনতা আৰু ফেচিবাদৰ বিৰুদ্ধে বিশ্বব্যাপী সংগ্ৰামৰ বিৰুদ্ধ প্ৰাধান্য দিয়া বিষয়ক লৈ (AISF) ছাত্ৰ আন্দোলন বিভক্ত হৈছিল। ১৯৪৩ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছ ছাত্ৰ সংগঠন (NCSO) গঠন হয়।

স্বাধীনতাৰ পিছত, RSS ৰ উদ্যোগত, বিশ্ববিদ্যালয় চৌহদত সাম্যবাদী প্ৰভাৱ প্ৰতিৰোধ কৰাৰ উদ্দেশ্য অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ 1949 জুলাইত প্ৰতিষ্ঠা কৰা হৈছিল। 1971 চনৰ এপ্ৰিলত ইন্দিৰা গান্ধীৰ অধীনত National Students Union of India (NSUI)  প্ৰতিষ্ঠা কৰা হৈছিল।

গতিকে দেখা যায় যে মুক্তি যুদ্ধৰ শক্তিশালী নেতা আৰু স্বাধীন ভাৰতৰ নতুন নেতৃত্বৰ বাবে ছাত্ৰ সংগঠন স্থাপনৰ দায়িত্ব আছিল যাতে ছাত্ৰ সকলৰ শক্তি, সৃষ্টিশীলতা আৰু সম্ভাৱনাৰ জৰিয়তে বৃহত্তৰ ৰাষ্ট্ৰীয় উদ্দেশ্য পূৰণ কৰা । সেই দশকবোৰত সমগ্ৰ বিশ্বতে আদৰ্শগত বিভেদ সৃষ্টি হৈছিল। এনেকৈয়ে বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় ৰাজনীতিত বিশিষ্ট ভূমিকা পালন কৰা নেতাসকলৰ জন্ম দিছিল।সেই সময়খিনি ছাত্ৰ আন্দোলন আৰু সংগ্ৰামৰ সময় আছিল। ১৯৬৫ চনত দক্ষিণ ভাৰতত হিন্দী বিৰোধী আন্দোলন আৰু ১৯৬৭ চনত উত্তৰ ভাৰতত ইংৰাজ বিৰোধী আন্দোলন ভাষিক ভিত্তিক আছিল যদিও অতি সোনকালেই অধিক বহুত্ববাদী ছাত্ৰ আন্দোলনৰ সূচনা কৰিছিল। ১৯৬৮ চনত পেৰিছৰ ছাত্ৰ আন্দোলনে বিশ্বব্যাপী যুৱ সকলৰ হৃদয় আকৰ্ষন কৰিছিল । বাওঁপন্থী ৰাজনীতি, যুদ্ধ বিৰোধী ভাৱনা, নাগৰিক অধিকাৰৰ গুৰুত্ব আৰু ১৯৭০ ৰ দশকৰ হিপ্পি আন্দোলনত অনুৰণন পোৱা এক প্ৰতি-সংস্কৃতিৰ প্ৰতিষ্ঠানিককৰণক মূলসুঁতিলৈ  লৈ আনিছিল।এয়া আছিল ছাত্ৰ আন্দোলন আৰু সংগ্ৰামৰ যুগ। আকৌ 1970s  জৰুৰীকালীন পৰিস্থিতিৰ পৰা আৰম্ভ হোৱা JP Movement টো ছাত্ৰ ছাত্ৰীৰ ভূমিকা অগ্ৰণী আছিল আৰু আজিৰ ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজনৈতিক দলৰে শীৰ্ষ নেতৃত্বই  ৰাজনৈতিক জীৱন সেই JP Movement পৰাই আৰম্ভ কৰিছিল।

আন নালাগে আমাৰ অসমৰ সদৌ অসম ছাত্ৰ সন্থাই বিদেশী বহিষ্কাৰ আন্দোলনৰ দ্বাৰা বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তথা সমগ্ৰ অসমৰ ৰাইজক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে পিছলৈ ৰাজনীতিলৈ আহি সমগ্ৰ ৰূপৰেখা কি হল আৰু বিদেশী বহিষ্কাৰৰ উদ্দেশ্য কিমান সফল হল সেয়া ৰাইজে ভালদৰে জ্ঞাত।

১৯৯১ চনৰ অৰ্থনৈতিক শাসন সংস্কাৰ লগতে বাৰ্লিন দেৱালৰ পতনৰ দ্বাৰা সাম্যবাদৰ বিশ্বব্যাপী পতন, ছোভিয়েট ইউনিয়নৰ বিলুপ্তি আৰু পূৱ ইউৰোপত ৰাজনৈতিক পৰিৱৰ্তনৰ ফলত হঠাতে ছাত্ৰ ৰাজনীতিৰ এক মুখ্য অংশ আদৰ্শ-চালিত বিতৰ্কৰ এক যুগৰ ৰক্ষা পৰে ।এই যুগান্তকাৰী পৰিৱৰ্তনবোৰ “Rather exuberant exhortation”, “The End of History and the Last Man” (1992) ত উল্লেখ আছে। ১৯৯১ চনত ভাৰতে অৰ্থনৈতিক সংস্কাৰৰ দ্বাৰা বিশ্বায়নৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল।বিশ্বায়ন, ভাৰতীয় অৰ্থনীতিৰ উদাৰীকৰণ আৰু ৱাশ্বিংটন চুক্তিয়ে যুৱ লোকসকলৰ বাবে এক নতুন দিগন্তৰ বাট মুকলি কৰিছিল। 1991 চনৰ পিছত, ভাৰতলৈ অহা নতুন সুযোগৰ সৈতে, ছাত্ৰ ৰাজনীতি পিছ পৰিবলৈ আৰম্ভ কৰে।কাৰণ সেই সময়ত সাধাৰণ যুৱ শিক্ষাৰ্থীয়ে  অপ্ৰয়োজনীয় সক্ৰিয়তা কেৱল সময়ৰ অপচয় বুলিহে অনুভৱ কৰিছিল।

বৰ্তমান সময়ত ছাত্ৰ ৰাজনীতি বিভিন্ন দলীয় সংগঠন মাত্ৰ হৈ পৰিছে; সমাজ আৰু দেশৰ দিক নিৰ্ণায়ক ভূমিকা নলৈ ছাত্ৰ নেতা সকল একো একোটা ৰাজনৈতিক দলৰ বহতীয়া হৈ নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা এক কঠিয়াতলী হিচাপেহে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ ফলত শৈক্ষিক পৰিবেশ বিনষ্ট হোৱাৰ লগতে আন ছাত্ৰ ছাত্ৰী সকল বিপথে পৰিচালিত হৈ নিজৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে। নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰী সকলে নিজকে নিয়োগৰ বাবে তৈয়াৰ নকৰি কোনোবাই চাকৰি বা ঠিকা এটা দিব বুলি আশা কৰি ছাত্ৰ নেতা সকলৰ পিছত ঘূৰি সময় নষ্ট কৰি আছে। সেয়েহে ভাবিবলৈ বাধ্য হৈছোঁ যে Student Union কৈ Student Welfare Association বেছি সাৰ্থক হব নেকি ?

সেই বুলি আকৌ ছাত্ৰ সকলে ৰাজনৈতিক ভাবে অজ্ঞ হৈ থকাও কামনা কৰা অনুচিত কিয়নো ছাত্ৰ ছাত্ৰী সকল দেশৰ ভৱিষ্যত আৰু ৰাজনৈতিক ভাৱে তেওঁলোক সচেতন হোৱা অতি আবশ্যক যাতে ভৱিষ্যতে ৰাজনীতি মূল্যবোধৰ ৰাজনীতি হয়, ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ ভিত্তিত তৰ্ক হয় আৰু উঠি অহা চামৰ পৰা আমি কিছুমান আপোচ বিহীন শিক্ষিত আৰু নিকা ভাৱ মূৰ্তিৰ নেতা লাভ কৰোঁ।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top