২০০ বছৰীয়া অসমৰ ঐতিহ্যপূৰ্ণ চাহ উদ্যোগটোৰ গুৰুত্বপূৰ্ণ অংশ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। পিছে ভীষণ সমস্যাত পৰিছে ৰাজ্যৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক। একাধিক চাহ বাগিচা বিক্রী , বাগিচাৰ ১০ শতাংশ ভূমি বেলেগ কামত ব্যবহাৰৰ অনুমতি, বাগিচাৰ মাটিৰ চৰকাৰী মূল্য হাসৰ লেখীয়া সিদ্ধান্ত, দশক দশক ধৰি উচিত মূল্য নোপোৱা আদি বিভিন্ন সমস্যাই চাহৰ উদ্যোগলৈ অশনি সংকেত কঢ়িয়াই আনিছে। ফেক্টৰীৰ মালিকৰ দাদাগিৰি, অৰুণাচলৰ কেঁচা চাহ পৰিবহণ বন্ধ, প্ৰতিবাদত আইন প্রস্তুতকৰণ, কেঁচা – চাহৰ স্থিৰ দৰ- দাম, ক্ষুদ্র চাহ খেতিয়কৰ সুৰক্ষাতৰ প্ৰতিবাদত উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাত সহস্রাধিক ক্ষুদ্র চাহ খেতিয়কে অংশ লৈছিল গণপ্ৰতিবাদত। মূলত অৰুণাচলৰ পৰা অবাধ গতিত অহা নিম্নমানৰ কেঁচা চাহেৰে তিনিচুকীয়া জিলাখনৰ কলাঘৰসমূহ ভৰি পৰাত স্থানীয় খেতিয়কসকলে ইয়াৰ বিৰুদ্ধে মাত মতিব লগা হৈছিল। উল্লেখ্য যে ৰাজ্যৰ প্রায় দুই লাখৰো অধিক ক্ষুদ্র চাহ খেতিয়কে সন্মুখীন হোৱা সমস্যাটো হৈছে কেঁচা চাহপাতৰ সঠিক দাম লাভ নকৰা। কেঁচা চাহপাতত খৰচৰ পৰিবৰ্তে উপযুক্ত মূল্য নোপোৱাত সকলো খেতিয়কে অৰ্থ সংকটত ভুগিব লগা হৈছে। তিনিচুকীয়া জিলাত অসমৰ এচাম চাহ বাগিচাৰ মালিকে অনুজ্ঞাপত্র লৈ অসমৰ ৰাজকোষৰ পৰা ঋণ লৈ অসমৰ মাটিত কলঘৰ পাতি ক্ষুদ্র চাহ খেতিয়কক হাতেৰে নামাৰি ভাত বন্ধ কৰি অৰুণাচলত লীজত লোৱা বাগিচাৰ পাতেৰে কলঘৰ চলোৱাৰ দৰে নীতিবিৰুদ্ধ কাম কৰিছে। ইতিমধ্যে জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱে অসমৰ সকলো ক্ষুদ্র চাহ খেতিয়কক কম বেছি পৰিমাণে জুৰুলা কৰি আহিছে। তাতে আকৌ উৎপাদনো যথেষ্ট হ্রাস পোৱা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত চাহ বাগানৰ উৎপাদনৰ পৰা আৰ্জিত ধনৰ পৰিমানে বৰ্দ্ধিত ৰাসায়নিক সাৰ, কীট-পতংগ নাশক দৰৱ তথা দৈনিক হাজিৰাৰ বাবে যথেষ্ট নহয়।
১৯৫৩ চনত গঠন কৰা হৈছিল ভাৰতীয় চাহ পৰিষদ। ১৯৫৩ ৰ চাৰি নং ধাৰা অনুসৰি ভাৰতৰ চাহ খণ্ডৰ উন্নয়নৰ বাবে কাৰ্য্যকৰী ব্যৱস্থা হাতত লোৱাৰ পিছতো চাহ খেতিৰ উন্নয়নত বিকাশ হোৱা দেখা নগ’ল। বৰঞ্চ নতুনকৈ সমস্যাইহে বিপদ মাতি আনিছে। উন্নয়নে চুব পৰা নাই ভাৰতৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা দেহে কেহে খাটি থকা ক্ষুদ্র চাহ খেতিয়কসকলক। ২০১৮ চনৰ হিচাপ মতে, অসমত পঞ্জীয়নভুক্ত ক্ষুদ্ৰ চাহ খেতিয়ক আছিল ১ লাখ ৪৪ হাজাৰ ২২২ জন। সেই সংখ্যা এতিয়া প্ৰায় ২লাখ হৈছে। ২০২০-২১ বৰ্ষত ৫০ শতাংশতকৈও অধিক চাহ উৎপাদন কৰিছে এই সকল ক্ষুদ্র খেতিয়কসকলে। ২০১৫ চনৰ চাহ বিপণন নিয়ন্ত্ৰণ (সংশোধনী)ৰ আইনৰ আদেশ অমান্য হৈছে কাৰন প্ৰতিমাহে কৰিব লগা সেউজীয়া পাতৰ গড় মূল্য নিৰ্ধাৰন হোৱা নাই ১৮খন চাহ উৎপাদিত জিলাৰ ১০ খনতে। অৱশ্যে বাকী আঠখন জিলাত বৈঠক অনুষ্ঠিত হৈছে যদিওঁ বছৰত চাৰিমাহতকৈ ও কম বৈঠক অনুষ্ঠিত হৈছিল। ২০১৬-১৭ত চাহৰ সামগ্রিক উৎপাদনশীলতা আছিল প্রতি হেক্টৰত ২.১৬৫ কিলোগ্রাম। যত ২০২০-২১ ত এই পৰিমাণ হ্ৰাস হৈ ২.০১৬ কিলোগ্ৰাম হৈছিল। উৎপাদিত চাহ গুণগত নোহোৱাত ৰপ্তানি আৰু উৎকৃষ্ট দামৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। আজিৰ পৰা ১০-১৫ বছৰ আগলৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ অৰ্থনৈতিক উন্নতিৰ বিকাশ ঠিকেই আছিল। জানিব পৰা মতে ক্ষুদ্র চাহ খেতিয়কৰ গোটেই বছৰৰ প্ৰতি বিঘাত কেঁচা চাহপাতৰ উৎপাদন গড়ে ১৫০০-১৭০০ কেজি হোৱাৰ বিপৰীতে মাৰ্চৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহলৈকে কেঁচা পাত বিক্রী কৰি পোৱা টকা গড়ে ১৫-১৮টকা প্রতি কেজিত হয়। প্ৰতি বিঘা খেতিত ৩২-৩৭ হেজাৰ টকাৰ খৰচৰ বিপৰীতে গোটেই বছৰৰ উপাৰ্জন মাত্ৰা ১০-১৫ হেজাৰ টকাৰ ভিতৰত হৈছেগৈ। ৰপ্তানি কৰাত আৰু উৎকৃষ্ট দাম নপোৱাত তেওঁলোকে সততে অসুবিধাৰ সম্মুখীন হ’ব লগা হৈছে। জমা খৰচৰ হিচাপ কৰিলে দেখা যায় প্ৰতিজন খেতিয়কৰ প্ৰতি বিঘা মাটিত ১০ হেজাৰ টকাৰ লোকচান হয়। ইফালে ১৫-২০ বছৰ ধৰি নিলাম বজাৰতো চাহৰ শ্রেণী (কেটেগৰি) অনুযায়ী নাই হোৱা দামৰ ক্ষেত্ৰত বিশেষ পৰিৱর্তন। প্রতি কেজি কেঁচা চাহপাত তোলোতে ১০-১৫ বছৰৰ আগতে যিমান আছিল তাৰ দুগুণতকৈ অধিক খৰচ কৰিব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে।
ভাৰতৰ মুঠ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱদান ৫০ শতাংশত কৈও অধিক। কীট- পতংগ নিয়ন্ত্ৰণ, সাৰ প্ৰয়োগ, দৈনিক হজিৰা আৰু অন্যান্য খৰচৰ লগতে দামতকৈ বাগিচাখনে বিজ্ঞানসন্মত ভাৱে চলোৱাত লোকচান হোৱাহে পৰিলক্ষিত হৈছে। ৰাজ্যৰ চাহ খেতিৰ লগত জড়িত উন্নত মানৰ চাহপাত তৈয়াৰ কৰা থলুৱা লোকৰ সামাজিক আৰু অৰ্থনৈতিক দিশৰ প্ৰতি দায়বদ্ধ নহয় বটলিফ কলঘৰৰ মালিকপক্ষ। ২০২২ চনতে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ দাবীৰ প্ৰত্যুওৰ হিচাপে কেঁচা চাহপাতৰ মূল্য সঠিকভাৱে দিবলৈ মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিছিল যদিও সেই পৰামৰ্শ কাৰ্যতঃ ৰূপায়ন নহল।
ক্ষুদ্ৰ উদ্যোগটোৱে চাহ উদ্যোগলৈ অতুলনীয় অৱদান আবঢ়াই আহিছে। গৌৰৱময় চাহ উদ্যোগৰ নামি অহা সংকটৰ প্ৰতি সচেতন হৈ যথা সময়ত চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ১.৫ লাখ মানুহৰ জীৱন দুৰ্বিসহ হৈ পৰিব। অতি শীঘ্ৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ সুৰক্ষাৰ বাবে আইন প্রনয়ন কৰিব লাগে। চৰকাৰে তেওঁলোকৰ সৰ্বাংগীন উন্নতিৰ বাবে প্ৰচেষ্টা সমূহ হাতত লৈ কাৰ্য্যকৰী হোৱাকৈ ৰূপায়ন কৰিব লাগে।