জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, August 30, 2026

GDP বৃদ্ধি কেৱল সংখ্যাত হে: বাস্তৱ জীৱনত ঋণেই পৰিছে একমাত্ৰ ভৰষা !

by Dr Netraranjan
2 minutes read
GDP growth is a myth, State is in debt trap

ঋণেই এতিয়া শেষ ভৰষা দেশ তথা ৰাজ্যৰ।
দিনক দিনে বৃদ্ধি পাইছে ভাৰতীয় লোকৰ ওপৰত ঋণৰ বোজা। যোৱা দুবছৰত ২৩% বৃদ্ধি পাইছ। ভাৰতীয়ৰ ওপৰত ঋণৰ বোজা প্রায়
৪.৮ লাখ টকালৈ বৃদ্ধি। ভাৰতীয় ৰিজার্ভ বেংকৰ জুন মাহৰ বিত্তীয় সুস্থিৰতা (Financial Stability) প্রতিবেদনত প্রকাশ পাইছে এই তথ্য। প্রতিবেদনখনত উল্লেখ কৰা মতে, বৰ্তমান প্রতিজন ভাৰতীয়ৰ মূৰৰ ওপৰত গড় হিচাপত ৪.৮ লাখ টকাৰ ঋণৰ বোজা। ২০২৩ চনত প্ৰতিজন ভাৰতীয়ৰ ঋণৰ বোজা আছিল ৩.৯ লাখ টকা। প্রতিজন ভাৰতীয়ৰ ঋণৰ বোজা গড় হিচাপত ৯০ হাজাৰ টকা বৃদ্ধি পাইছে। ঋণৰ বোজা বৃদ্ধি পোৱাৰ অৰ্থ হ’ল ভাৰতীয় লোকসকলে পূৰ্বতকৈ অধিক হাৰত ঋণ লৈছে । ইয়াৰ ভিতৰত গৃহ ঋণ, ব্যক্তিগত ঋণ, ক্রেডিট কার্ডৰ বকেয়া আৰু আন খুচুৰা ঋণো আছে।

বিশেষকৈ ব্যক্তিগত ঋণ আৰু ক্রেডিট কাৰ্ডৰ জৰিয়তে লোৱা ঋণৰ দৰে নন-হাউছিং খুচুৰা ঋণ দ্ৰুত গতিত বৃদ্ধি পাইছে। ৰিজার্ভ বেংকে প্রকাশ কৰা মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ৪২% ঋণ। প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি ভাৰতৰ সৰ্বাধিক সংখ্যক লোকে গৃহ ঋণ লয়। মুঠ ঘৰুৱা ঋণৰ প্ৰায় ২৯% অংশ হ’ল গৃহ ঋণ। আনহাতে, ঘৰুৱা ঋণৰ ক্ষেত্ৰত নন-হাউছিং ঋণৰ পৰিমাণ সর্বাধিক। আৰ বি আয়ে প্রকাশ কৰা অনুসৰি দেশৰ মুঠ ঘৰুৱা ঋণৰ ৫৪.৯% হ’ল নন-হাউছিং ঋণ। এই ঋণ মূলতঃ উপভোগত ব্যৱহাৰ কৰা হয়। নন-হাউছিং ঋণক সম্পত্তি ঋণ বুলিও কোৱা হয়। এনেধৰণৰ ঋণ বাণিজ্যিক সম্পত্তি, কাৰ্যালয়ৰ স্থান বা ঔদ্যোগিক চৌহদ বন্ধকত ৰাখি লোৱা হয়।

ৰিজার্ভ বেংকৰ মতে মাইক্র ‘ফাইনেন্স খণ্ডত (ক্ষুদ্র ঋণ গ্রুপ) ঋণ লোৱা ধৰুৱাৰ সংখ্যা গড় হিচাপত প্রায় ১১.৭% হ্রাস পাইছে ৰিজার্ভ বেংকৰ মতে মাইক্ৰ’ফাইনেন্স কোম্পানীবোৰে অধিক হাৰত সুত আদায় কৰে।

ভাৰতীয় ৰিজার্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি আঠ বছৰৰ আগতে অর্থাৎ ২০১৬-১৭ বৰ্ষত প্রৱাসী ভাৰতীয়ই স্বদেশলৈ প্ৰেৰণ কৰা ধনৰ পৰিমাণ আছিল ৬১০০ কোটি ডলাৰ অৰ্থাৎ ৫.২২ লাখ কোটি টকা। ৰিজার্ভ বেংকৰ মতে ভাৰত একেৰাহে এক দশকতকৈ অধিক সময় প্রৱাসী ভাৰতীয়ই প্ৰেৰণ কৰা ধনৰ ক্ষেত্ৰত শীর্ষ স্থানত আছে। যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ বাণিজ্য ঘাটি আছিল ২৮৭০০ কোটি ডলাৰ। ইয়াৰে ৪৭% অংশ পূৰণ কৰে প্ৰৱাসী ভাৰতীয়ই প্ৰেৰণ কৰা ধনেৰে।

সম্পত্তিৰ দাম আয়তকৈ দুগুণ হাৰত বৃদ্ধিৰ ফলত মধ্যবিত্তৰ বাবে ঘৰ ক্ৰয় এক দুঃস্বপ্ন হৈ পৰিছে। ঋণ বৃদ্ধিৰ বোজাই এই প্রবণতা আৰু সম্পত্তিৰ জুই-চাই দামে মধ্যবিত্ত ভাৰতীয়ক অধিক আৰ্থিক উদ্বেগৰ সন্মুখীন কৰি তুলিছে। দেশৰ অৰ্থনীতি যিমানেই বৃদ্ধি পায়, সাধাৰণ নাগৰিকৰ ওপৰত বোজা সিমানেই বেছি হৈ যায়।

ভাৰতত অৰ্থনৈতিক বৃদ্ধিৰ সৈতে সংগতি ৰাখি সামঞ্জস্যপূর্ণ আৰু অন্তৰ্ভুক্তিমূলক অর্থনীতি গঠন কৰা বিশেষ প্ৰয়োজন। মাথোন GDP বা দৰ্শনীয় সংখ্যাই সফলতা নহয় সাধাৰণ নাগৰিকৰ ওপৰত সেই বৃদ্ধিয়ে কিমান আৰ্থিক স্বাচ্ছন্দ্য, উন্নয়ন, আৰু সুৰক্ষা আনিছে সেইটোহে লক্ষ্যনীয়।

উন্নয়ন নে ‘ঋণনয়ন’? চৰকাৰে ঋণসুবিধাক উন্নয়ন বুলি প্ৰচাৰ কৰে। সেইয়া চৰকাৰৰ বিভ্ৰান্তি হে ! Mudra Loan, PMAY, PMEGP ইত্যাদিৰ জৰিয়তে লোকক ঋণ লোৱাৰ উৎসাহ দিয়ে কিন্তু সেই ঋণ উৎপাদন আৰু লাভত পৰিণত কৰাৰ বাবে কোনো কাঠামোগত সহায় কৰিবলৈ অপাৰগ চৰকাৰ। সামান্য আয় থকা লোকক EMI-EMI কৰি জীৱন নিৰ্বাহ কৰি জীয়াই থকাৰ স্বাৰ্থত মানুহক বন্ধকী সামগ্ৰিলৈ ৰূপান্তৰিত কৰিছে। কিন্তু কোনোদিনো ঋণ-উৎপাদন বা স্বনির্ভৰতাৰ বাস্তৱ পথ দেখুওৱা হোৱা নাই চৰকাৰে।

আমি উন্নয়নৰ বাবে ঋণৰ ও নিৰ্ভৰ হলেই নহব। সাৱধান উন্নয়নৰ সন্ধানত ঋণৰ কাষ চাপি নাযাব।

Was this article helpful?
Yes0No0

You may also like