সুদীর্ঘ ৩২ বছৰ আগেয়ে ভাৰত চৰকাৰে গ্ৰহণ কৰা এক উল্লখযোগ্য পদক্ষেপ আছিল লুক ইষ্ট নীতি (Look East Policy) । ১৯৯২ চনত তেতিয়াৰ প্রধানমন্ত্রী পি ভি নৰসিংহ বাও চৰকাৰে গ্ৰহণ কৰা এই নীতিক ২২ বছৰৰ মূৰত ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোডী চৰকাৰে ‘এক্ট ইষ্ট পলিচী’ নামেৰে নতুন নামকৰণ কৰে। লুক ইষ্ট পলিচী হৈছে ভাৰতৰ এটা বৈদেশীক নীতি যাৰ দ্বাৰা দক্ষিণ-পূৱ এচিয়াৰ দেশসমূহৰ লগত দেশৰ অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক উন্নীত কৰি ভাৰতে নিজকে এক স্থানীয় শক্তিৰুপত আত্ম প্ৰকাশৰ বাবে কৰা প্ৰচেষ্টা। Look East Policy অৰ্থাৎ ভাৰতৰ পূৱলৈ চোৱা নীতি ,এই নীতিক লৈ অনেক ৰাজনৈতিক কথা-বতৰা, বাক-বিতণ্ডা চলিল যদিও দক্ষিণ-পূর্ব এছিয়াৰ দেশবোৰৰ মাজত যোগাযোগ, বাণিজ্য, প্রতিৰক্ষা, সাংস্কৃতিক সহযোগিতা বৃদ্ধি কৰাটোৱে ভাৰত চৰকাৰৰ এই কূটনৈতিক নীতিৰ মূল উদ্দেশ্য। পৰৱৰ্তী সময়ত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চললৈ (Indo-Pacific Region) এই সহযোগিতা বৃদ্ধিৰ লক্ষ্য অন্তর্ভুক্ত হৈছে। দক্ষিণ-পূর্ব এছিয়াৰ সৈতে পূর্বোত্তৰৰ যোগাযোগ, বাণিজ্য, সাংস্কৃতিক সহযোগিতাৰ ছবিখন অস্পষ্ট হৈয়ে থাকিল।এই নীতি গ্রহণৰ সুদীর্ঘ ৩২ বছৰত চৰকাৰে দক্ষিণ-পূব এছিয়াৰ ‘দুৱাৰমুখ’ পূর্বোত্তৰলৈ আহিব পৰা অনেক সম্ভাৱনাৰ কথা কৈ উন্নয়নৰ অনেক ৰাজনৈতিক বচন মাতিলে । লুক ইষ্টৰ ২২ বছৰ আৰু এক্ট ইষ্টৰ ১০ বছৰত বর্তমানৰ চৰকাৰে Act East Through North East ৰ কথা কৈয়ে সমৰিলে। পথ যোগাযোগৰ ক্ষেত্ৰত অনেক অভিলাষী প্রকল্পৰ কথা কোৱা হ’ল, দ্বি-পাক্ষিক অথবা ত্রি-পাক্ষিক পথ প্রকল্পবোৰৰ কথা বাদেই, নগাঁৱৰপৰা উজনি অসমলৈ নির্মীয়মাণ চাৰিশৰীয়া ঘাইপথটোৱে বিগত দহ বছৰত নির্মাণ হৈ নুঠিল। লুক ইষ্ট আৰু এক্ট ইষ্টৰ ৩২ বছৰীয়া পৰিক্ৰমাত গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো নামতহে আন্তঃৰাষ্ট্ৰীয় হৈ থাকিল। পূৰ্বোত্তৰলৈ মাহি আইৰ দৃষ্টি চৰকাৰৰ ।দক্ষিণ-পূর্ব এছিয়াৰ ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতৰ বাণিজ্যৰ এক শতাংশৰো অংশীদাৰ নহয় পূর্বোত্তৰ।
ভাৰতৰ পূবলৈ চোৱা নীতিৰ যোগেদি ভাৰতে দক্ষিণ-পূৱ এচিয়া দেশ সমূহৰ লগত অৰ্থনৈতিক আৰু কুটনৈতিক সম্পৰ্ক উন্নত কৰিছে।কিন্তু দক্ষিণ-পূৱ এচিয়াৰ দেশ সমূহৰ গাতে লাগি থকা অসম বা উত্তৰ-পূৰ্বাঞ্চলে পূৱলৈ চোৱা নীতিৰ পৰা কোনো সুফল পোৱা নাই বা লব পৰা নাই। আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰচুৰ সম্ভাৱনা থকা অসম বা উত্তৰ-পূৰ্বাঞ্চল এতিয়াও উপেক্ষিত হৈ আছে।হয়তো আমাৰ ৰাজনৈতিক পৰ্যায়ত সদিচ্ছাৰ অভাৱ,কেন্দ্ৰীয় চৰকাৰৰ আঞ্চলিক বৈষম্য,আমোলা আৰু পৰিকল্পনাকাৰী সকলৰ মাজত দুৰদৰ্শী বিজ্ঞ ব্যক্তিৰ অভাৱ আৰু আন্ত:গাঁথনিৰ অভাৱ।ঔপনিবেশিক কালৰ ষ্টীলৱেল পথৰ পুনৰ মুকলিয়ে দক্ষিণ-পূব এছিয়াৰ দেশবোৰৰ সৈতে পূর্বোত্তৰৰ বাণিজ্য আৰু অর্থনৈতিক লেনদেন অধিক সুচল হোৱাৰ সম্ভাৱনা আছিল যদিও বিশেষ অগ্রগতি হৈ উঠা নাই। অসমৰ লিডুৰপৰা ম্যানমাৰ হৈ চীনৰ য়ুনান প্রদেশৰ ৰাজধানী কুনমিঙলৈ থকা এই পথটো মুকলিৰ ক্ষেত্ৰত এতিয়াও ত্রি-পাক্ষিক সিদ্ধান্তৰ অভাৱ।এই পথটো অসমৰ লেখাপানীৰপৰা জয়ৰামপুৰলৈ ইতিমধ্যে দুইশৰীয়া পথ হিচাপে (ৰাষ্ট্ৰীয় ঘাইপথ ১৫৩ৰ অংশ) মেৰামতি কৰা হৈছে। কিন্তু এই পথটো সংযোগী ৩৭ নং আৰু ৩৮ নং ৰাষ্ট্রীয় ঘাইপথৰ বহলকৰণ, মেৰামতি অসম্পূর্ণ হৈয়ে আছে।দহ বছৰৰো অধিক কাল নিৰ্মীয়মান আছে অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উজনিৰ অংশ।
অসম চৰকাৰৰ এক্ট ইষ্ট পলিচী বিভাগ ২০১৭ চনত অসম চৰকাৰৰ অধীনত এক্ট ইষ্ট পলিচী ৰূপায়নৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ সৈতে চুবুৰীয়া দক্ষিণ-পূব এছিয়াৰ অন্তর্গত দেশবোৰৰ সংযোগ স্থাপন তথা ৰাজ্যখনত বিনিয়োগ আৰু দ্রুত উদ্যোগীকৰণৰ পৰিৱেশ সহজসাধ্য কৰাৰ উদ্দেশ্যে এক্ট ইষ্ট পলিচী এফেয়াৰ্ছ নামেৰে এটা বিভাগ আৰম্ভ কৰা হয়। ২০১৭ চনত স্থাপন কৰা গুৱাহাটীৰ বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কার্যালয় আৰু ২০১৮ চনত ভুটানৰ কনছুলেট স্থাপনকে সফলতা বুলি দাবী কৰি আহিছে বিভাগটোৱে। বিভাগটোৰ আন কাম-কাজৰ ভিতৰত আছে কেইবাখনো আলোচনাচক্র আদি অনুষ্ঠিত কৰা। ইয়াৰ ভিতৰত আছে ২০২১ চনত গুৱাহাটীত অনুষ্ঠিত কৰা এছিয়ান কনফ্লুৱেন্স, ২০২২ চনৰ এক্ট ইষ্ট প্ৰু নর্থ-ইষ্ট সম্মিলন, ২০১৯ চনত ভাৰত-এছিয়ান যুৱ সম্মিলন আদি। ২০০৪ চনত ভাৰত চৰকাৰে স্বাক্ষৰ কৰা এছিয়ান হাইৱৈ নেটৱৰ্কৰ আন্তঃচৰকাৰী চুক্তি অনুসৰি সংশ্লিষ্ট এছীয় দেশবোৰে এই এছিয়ান হাইৱে সম্পূর্ণ কৰি তোলাৰ বাবে নিজ নিজ দেশৰ অংশত নির্দিষ্ট মানৰ পথ নির্মাণ কৰিব। ২০,৫৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১ নং এছিয়ান হাইৱে জাপানৰ টকিঅ’ৰপৰা আৰম্ভ হৈ কোৰিয়া, চীন, ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ড, ম্যানমাৰ, বাংলাদেশ, ভাৰত, পাকিস্তান, আফগানিস্তান, ইবান হৈ তুর্কীলৈ আগবাঢ়িব। তাৰপৰা ই বুলগেৰিয়া, ইস্তানবুল হৈ ইউৰোপিয়েন ৰুট ৮০ৰ সৈতে মিলিব বুলিও কোৱা হৈছে। আনহাতে, ইণ্ডোনেছিয়াৰপৰা ছিংগাপুৰ, মালয়ছিয়া, থাইলেণ্ড, ম্যানমাৰ, ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান হৈ ইৰানলৈ ১৩,১০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২ নং এছিয়ান হাইবেবো পৰিকল্পনা কৰা হৈছে। এই দুয়োটা পথতে পূর্বোত্তৰৰ ম’ৰে -ইম্ফল (১০২ নং ৰাষ্ট্ৰীয় ঘাইপথ), ইম্ফল-বিশ্বেমা-ক’হিমা (২ নং ৰাষ্ট্ৰীয় ঘাইপথ), কহিমা- চুমৌকেডিমা-ডিমাপুৰ-নগাঁও-ডবকা-যোৰাবাট- ডিমাপুৰ-চিলনীজান-ৰঙাজান-নুমলীগড় (৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ), (২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ), ডবকা- যোৰাবাট (২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ), যোৰাবাট-শিলং (৬ নং ৰাষ্ট্রীয় ঘাইপথ) আৰু শ্বিলং-ডাউকী (২০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ) অংশ সংযোজিত হৈছে। ইয়াৰে অসমৰ অংশখিনি দুশৰীয়া পথ হিচাপে পুনৰ নির্মাণ কবি ইতিমধ্যেই ১ নং এছিয়ান হাইবে বুলি ঘোষণাও কৰা হৈছে।কিন্তু ঘোষণাৰ বাদে এই পথ প্রকৃততে এছিয়ান হাইৱে হৈ পৰাৰ কোনো চিন-মোকাম নাই।
পূৰ্বৰ এল ই পি আৰু বর্তমানৰ এ ই পিত চাৰিটা ‘চি’ (C) অৰ্থাৎ Capacity Building, Connectivity, Culture আৰু Commerce ৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈ আহিছে। পূর্বোত্তৰক কেন্দ্র হিচাপে লৈ ভাৰত চৰকাৰে এই নীতি আগুৱাই নিয়াৰ কথা কৈ আহিছে যদিও সময় বাগৰাৰ বাদে কার্যকৰী ফলাফল এতিয়াও অস্পষ্ট।এল ই পিত কোৱা হৈছিল ভাৰতৰ সৈতে এছিয়ান দেশবোৰে সামুদ্রিক পথেৰে বেহা-বেপাৰ হৈছিল,ফলত উপকৃত হৈছিল ঘাইকৈ দক্ষিণৰ ৰাজ্যবোৰ। কিন্তু ২০১৪ চনৰপৰা হোৱা এ ই পিয়েও পূর্বোত্তৰৰ সলনি কৰিব পৰা নাই ভাগ্য। ২০১০ চনত এছিয়ান দেশবোৰলৈ ভাৰতৰ বাণিজ্যৰ (ৰপ্তানি আৰু আমদানি) পৰিমাণ আছিল প্রায় ৫৬.২৩ বিলিয়ন ডলাৰ ,২০২২-২৩ বর্ষত এই পৰিমাণ প্রায় ১৩৩ শতাংশ বাঢ়ি ১৩১.৫৭ বিলিয়ন ডলাৰ হৈছেগৈ। কিন্তু ইয়াত পূর্বোত্তৰৰ অংশ এক শতাংশও নাই। ২০২২-২৩ বর্ষত পূর্বোত্তৰৰ ৰাজ্যকেইখনৰপৰা এছিয়ান দেশবোৰৰ সৈতে হোৱা বাণিজ্যৰ পৰিমাণ আছিল দহ মিলিয়ন ডলাৰতকৈও কম। ইয়াৰে সৰহখিনিয়ে হৈছে চুবুৰীয়া বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে হোৱা বাণিজ্য। ঘাইকৈ অসম আৰু মেঘালয়ৰ সৈতে বাংলাদেশৰ আমদানি-ৰপ্তানিৰ বাণিজ্য হয়। ম্যানমাৰৰ সৈতে ঘাইকৈ মণিপুৰৰহে বাণিজ্য হৈ আহিছে। ভুটান আৰু নেপালৰ সৈতেও অসমৰ কিছু বাণিজ্য অব্যাহত আছে। এই সম্পর্কীয় স্পষ্ট শেহতীয়া তথ্য উপলব্ধ নহয়। আনহাতে, এই দেশকেইখনৰ সৈতে চোৰাং কাৰবাৰ চলি থকাৰ তথ্যও পোৱা যায়। শেহতীয়াকৈ অসমকে ধৰি পূৰ্বোত্তৰৰ কেইবাখনো ৰাজ্যৰপৰা ফল-মূল আৰু শাক-পাচলি ৰপ্তানিৰ বিষয়ে চৰকাৰী প্ৰচাৰ চলোৱা হৈছে যদিও ই ঘাইকৈ মধ্যপ্রাচ্যৰ কেইখনমান দেশলৈহে সীমিত।
এ.ই.পিৰ যোগেদি ভাৰতে ‘স্পষ্টতঃ কূটনৈতিক সহযোগিতা বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে। দক্ষিণ-পূব এছিয়া, পূব এছিয়া, দক্ষিণ এছিয়া আৰু অস্ট্রেলিয়া, নিউজিলেণ্ড আদিকে ধৰি দক্ষিণ প্রশান্ত মহাসাগৰীয় অ’চেনীয় (Oceania) দেশবোৰৰ সৈতে সহযোগিতা বৃদ্ধিৰ প্রয়াস কৰা হৈছে। অস্ট্রেলিয়া, ইণ্ডোনেছিয়া, ভিয়েটনাম, মালয়ছিয়াৰ সৈতে ভালেমান কৌশলী সহযোগিতা চুক্তি কৰা ভাৰতে আছিয়ান (ASEAN), কোৰিয়া গণৰাজ্য আৰু জাপানৰ সৈতেও চুক্তি কৰিছে। ASEANৰ উপৰি ASEAN Regional Forum (ARF), East Asia Summit (EAS), Bay of Bengal Initiative for Multi Sectoral Technical and Econimic Cooperation (BIMSTEC), ASIA Cooperation Dialogue (ACD), Mekong-Ganga Cooperation (MGC), India Ocean Rim Association (IORA), Indian Ocean Commission (IOC), Forum for India-Pacific Island Cooperation (FIPIC) আদিত ভাৰতে সক্রিয় সহযোগিতা অব্যাহত ৰাখিছে। এনে সহযোগিতাৰ অংশ হিচাপে ভাৰতে বিভিন্ন দেশলৈ Lines of Credit, Grants-in-aid আৰু Capacity Building Programme যোগেদি আর্থিক অনুদান আগবঢ়াইছে। তাৰ ভিতৰত আছে ভিয়েটনামলৈ ৬১৯ মিলিয়ন ডলাৰ, লাওছলৈ ২২৬ মিলিয়ন ডলাৰ,কম্বোডিয়ালৈ ১০২ মিলিয়ন ডলাৰ, পাপুৱা নিউগিনিয়ালৈ ১০০ মিলিয়ন ডলাৰ, ম্যানমাৰলৈ ২ বিলিয়ন ডলাৰ আদি। তদুপৰি ভাৰতে কালাদান মাল্টি মডেল ট্রেন্সপ’র্ট প্রজেক্ট, ইণ্ডিয়া-ম্যানমাৰ-থাইলেণ্ড ট্রাইলেটাৰেল হাইৱে প্রজেক্ট, মেকং-গংগা সহযোগিতাৰ বিভিন্ন প্রজেক্ট, বাংলাদেশৰ মংলা বন্দৰৰ উন্নয়ন, নেপালৰ বিভিন্ন পথ আৰু বেল প্রকল্প, মালদ্বীপত পথ প্রকল্প, ক্রীড়া প্রকল্প, ক্রিকেট ষ্ষ্টেডিয়াম নির্মাণ, শ্রীলংকাত হাউছিং আৰু ৰেলপথ নির্মাণ, ভুটানত জলবিদ্যুৎ প্রকল্প আদিত আর্থিক সহযোগিতা আগবঢ়োৱাৰ উপৰি এই দেশবোৰৰ ছাত্র আৰু বৃত্তিধাৰীক বিভিন্ন বৃত্তি, ফেলশ্বিপ আদিও দি আছে।
পূর্বোত্তৰ ভাৰতক এক্ট ইষ্ট পলিচীৰ কেন্দ্রবিন্দু হিচাপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পথ যোগাযোগৰ সমান্তৰালভাবে বিমান যোগাযোগ ব্যৱস্থা সুচলৰ বাবে আৰম্ভণিৰে পৰাই বিশেষজ্ঞসকলে কৈ আহিছে। ইয়াৰ প্ৰধান কাৰণ হৈছে এই অঞ্চলটোৰ সৈতে পোনপটীয়া সামুদ্রিক সংযোগ নাই। বিমানৰ ক্ষেত্ৰতো কোনোধৰণৰ অগ্ৰগতি দেখিবলৈ পোৱা ন’গল।কিন্তু পূর্বোত্তৰৰ একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰপৰা নিয়মীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ কোনো ইতিহাস নাই। বেংকক, ঢাকা, ছিংগাপুৰ আদিলৈ মাজে-সময়ে গুৱাহাটীৰপৰা বিমান উৰে যদিও সেয়া তেনেই খন্তেকীয়া। সদ্যহতে বেংকক, ছিংগাপুৰ আৰু পাৰোলৈকে গুৱাহাটীৰপৰা বিমান চলাচল কৰি আছে। ঢাকা আৰু কাঠমাণ্ডুলৈ বিমান যোগাযোগ নাই।
ভূটান আৰু বাংলাদেশৰ সৈতে পথ যোগাযোগ চুবুৰীয়া ভূটান সংযোগী ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথক দুশৰীয়া পথ হিচাপে নির্মাণ কৰা হৈছে। ১২৭ (চি) আৰু ১২৭ (ডি) নং ৰাষ্ট্রীয় ঘাইপথেও ভূটানক সংযোগ কৰিছে। পূর্বোত্তৰৰপৰা বাংলাদেশৰ ৰাজধানী ঢাকা সংযোগী তিনিটা প্রধান পথ আছে- ৩৭ আৰু ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গুৱাহাটী-যোৰাবাট-শ্বিলং- ডাউকী-ছিলেট হৈ ঢাকা; ৩৭, ৪০, ৪৪, ১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গুৱাহাটী-যোৰাবাট-শ্বিলং-কৰিমগঞ্জ-সতাৰকান্দি-ছিলেট হৈ ঢাকা: আৰু ৩৭ আৰু ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ গুৱাহাটা-পাইকান-ভালু হৈ ঢাকা। লক্ষণীয় যে এই পথকেইটাৰ গুৱাহাটী শ্বিলং অংশহে সুচল, বৰাক উপত্যকাৰ মাজেৰে আগবঢ়া পথ অংশ বাৰিষা দুর্বিষহ হৈয়ে আছে। পূৰ্বোত্তৰলৈ বিশেষ গুৰুত্ব নাই চৰকাৰৰ।আন্ত:ৰাষ্ট্ৰীয় ব্যৱসায়ৰ কেন্দ্ৰৰুপে গঢ়ি তুলিবলৈ আমাৰ অসম আৰু পুৰ্বাঞ্চলত প্ৰচুৰ সম্ভাৱনা নীহিত হৈ আছে। কেন্দ্ৰবিন্দু পূৰ্বোত্তৰক লৈ কৰা পৰিকল্পনাবোৰ কল্পনা হৈয়ে ৰ’ব নেকি?