GDP অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদন। GDP হৈছে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত দেশৰ সীমাৰ ভিতৰত উৎপাদিত সকলো সমাপ্ত সামগ্ৰী আৰু সেৱাৰ মুঠ মুদ্ৰা বা বজাৰ মূল্য। জিডিপি (GDP) ৰ বিকাশে এখন দেশৰ অৰ্থনৈতিক বিকাশক নুবুজায়। পুঁজিবাদী অৰ্থনীতিৰ উন্নয়নৰ সংজ্ঞা হল মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ। ভাৰতৰ নিচিনা দেশ এখনত ঘৰুৱা উৎপাদনৰ বিকাশ (GDP) প্রকৃততে বৃহৎ পুঁজিপতিসকলক অধিক অৰ্থনৈতিক দিশত সৱল কৰে। ভাৰতৰ দৰে দেশত ৭০ শতাংশ মানুহৰে জি.ডি.পি বিকাশত নাই কোনো অৱদান। গতিকে এখন দেশৰ GDPৰ বিকাশে দেশৰ উন্নয়নক নুবুজায়। GDP ৰ বিকাশৰ সমান্তৰালভাৱে বৈষম্যতা আঁতৰ কৰি সম্পদৰ সমবিতৰণ হ’লেহে এখন দেশৰ উন্নয়ণক সম্ভৱ হব।
GDP বিকাশৰ সম্পদ বিতৰণৰ ক্ষেত্ৰত অক্সফাম ইণ্ডিয়া প্রতিবেদনে ভাৰতৰ জন সধাৰণৰ ধনী আৰু দুখীয়াৰ মাজৰ অসমতা আৰু বৈষম্যতা বৃদ্ধিক স্পষ্ট ৰূপত দেখুৱাইছে। প্ৰতিবেদন খনত লিখিছে “Survival of the richest .The India Supplement“ৰ প্ৰতিবেদনে স্পষ্ট কৰিছে এই তথ্য। ২০২১ চনত ধনী এক শ্রেণীৰ হাতত দেশৰ ৪০.৫০% সম্পদ কেন্দ্ৰীভূত হোৱাৰ লগতে সমাজৰ উচ্চ শিখৰত থকা ৫ শতাংশ মুষ্টিমেয় লোকৰ হাতত আছে ৬০% সম্পদ। জনসংখ্যাৰ নিম্নস্তৰত থকা ৫০% লোকৰ হাতত আছে দেশৰ মুঠ সম্পদৰ মাত্ৰ তিনি শতাংশ। ২০১৪ চনৰ পৰা ৰূপায়িত হোৱা নৰেন্দ্ৰ মোডী চৰকাৰৰ উগ্ৰ উদাৰ নীতিয়ে দেশৰ দৰিদ্ৰ শ্ৰেণীক সম্পদ লাভৰ পৰা বঞ্চিত কৰি সম্পদৰাজি ধনী শ্রেণীৰ হাতত তুলি দিছে। ২০২০ চনত দেশত বিলিয়নাৰ সংখ্যা আছিল ১০২ জন (নূন্যতম ১০০ কোটি ডলাৰ বা ৮২৯৬ কোটি টকা)। এফালে কৰণা মহামাৰীৰ গ্ৰাসত পৰি সৰ্বহাৰা শ্ৰেণীটোৱে এমুঠি আহাৰৰ বাবে হাবাথুৰি খাইছিল সেইসময়তে কিন্তু বৃদ্ধি পাইছিল পুঁজিপতিৰ আয়। ২০২২ চনত বিলিয়নাৰ সংখ্যা ২৬৬ বৃদ্ধি হৈছে। সমগ্ৰ দেশৰ লকডাউনৰ সময়ত বন্ধ হৈ গৈছিল অৰ্থ উপাৰ্জনৰ পথ কিন্তু সেই সময়তে অৰ্থাৎ ২০২২ চনত বৃহৎ পুঁজিপতি সকলৰ আয় বৃদ্ধি পাইছিল ১২১ শতাংশ। প্ৰতিদিনে বৃদ্ধি পাইছিল ৩৬০৮ কোটি টকা আৰু প্ৰতিমিনিটত ২.৫ কোটি টকা।
ভাৰতবৰ্ষৰ দৰে এখন দৰিদ্ৰ দেশত ক্ষুধাৰ্ত মানুহৰ সংখ্যা বিপজ্জনক ভাৱে বৃদ্ধি হৈ ১৯ কোটিৰ পৰা ৩৫ কোটি বৃদ্ধি পাইছে। এশজন সৰ্বোচ্চ ধনী লোকৰ হাততে আছে মুঠ সম্পদ ৫৫.১২ লাখ টকা। ক্ষুধা,দৰিদ্রতা, মুল্যবৃদ্ধি, কর্ম সংজ্ঞাপনহীনতা, মুদ্ৰাস্ফীতি আদি অৰ্থনৈতিক সমস্যাৰে জর্জৰিত দেশৰ একাংশ সর্বহাৰা জীয়াই থকাৰ বাবে সংগ্ৰাম কৰি থকাৰ বিপৰীতে একাংশ ব্যস্ত আর্থিক মুনাফা অৰ্জনত। কেন্দ্ৰীয় চৰকাৰৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা তথ্যত পোৱা গৈছিল দেশত খাদ্যৰ অভাৱত মৃত্য হোৱা ৬৫ শতাংশ শিশুৰ ভয়ংকৰ তথ্য। আনফালে দৰিদ্ৰ শ্ৰেণীক আৰ্থিক সকাহ প্ৰদান কৰা এনৰেগাৰ লগতে আন কল্যাণমূলক আঁচনিৰ আবণ্টন হ্ৰাস পাইছে। আনহাতে মোডী অর্থনীতিয়ে লাভৱান কৰিছে কৰ্পৰেট গোষ্ঠীক। কৰ্পৰেট কৰ ৩৩ শতাংশৰ পৰা ২২ শতাংশলৈ হ্ৰাস পাইছে।২০২০-২১ বিত্তীয় বৰ্ষতে কৰ্পৰেটসকলক ১,০৩, ২৮৬ কোটি টকাৰ কৰ ৰেহাই দিছে। আমাৰ দেশৰ শ্ৰমিক বাহিনী আমেৰিকাৰ মুঠ জনসংখ্যাৰ দুগুণ প্ৰায় ৭০ কোটি। ক’ভিদ মহামাৰীৰ সময়ত উদ্যোগীয় খণ্ডৰ ৫৬ লাখ আৰু সেৱাখণ্ডৰ ২৫ লাখ বিতাড়িত হৈছিল। মহামাৰীত বিশ্বস্ত দেশৰ উদ্যোগখণ্ডই এতিয়াও কৰ্ম সংস্থাপন সৃষ্টি কৰিব পৰা নাই।এই পুঁজিপতিয়ে ব্যৱহাৰ কৰা উচ্চ পৰ্যায়ৰ টেকনি’লজীয়ে কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান জনাই আহিছে। বৰঞ্চ আই আই টি কে ধৰি বহু কোম্পানীয়ে কৰ্মচাৰী ছাটাইহে কৰিছে।
গতিকে GDP বিকাশ নাইবা জনমূৰি আয়ৰ বৃদ্ধি মানেই দেশৰ অৰ্থনৈতিক উন্নয়ন নহয়। জনমূৰী আয়ো বৃদ্ধিৰ হিচাপ মুঠ ঘৰুৱা বা সম্পদৰ গড় ভাগ কৰি কৰা হয়। গতিকে পুঁজিপতিসকলৰ বিৰাট আকাৰৰ আয়ো জনগণৰ আয় হিচাপে জনমূৰি আয়ত প্ৰতিফলিত হয়। GDP বৃদ্ধি মানে পুঁজিপতিৰ সম্পদ বৃদ্ধিহে বুজায় ! উন্নয়নেৰ নীতিয়ে সকলোকে স্পৰ্শ কৰিব নোৱাৰিলে GDPৰ বিকাশ বা জনমূৰী আয় বৃদ্ধি জনসাধাৰণৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত অপ্ৰাসংগিক। জনমূৰী সম্পদৰ সমবিতৰণ তথা দেশৰ সকলো শ্ৰেণীৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পন্থা বা নীতি, বাস্তৱ ক্ষেত্ৰত ৰূপায়ন কৰা কাৰ্য্যসূচীয়েহে অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজনীয়।