Skip to content

দেশৰ ভিতৰতে নিম্ন অসমীয়াৰ ব্যয় ক্ষমতা

Dr Netraranjan
April 4, 20250 second read
Assam Expense Ratio

অসমৰ জনসাধাৰণৰ ব্যয় ক্ষমতাৰ হ্ৰাস তথা এই ক্ষেত্ৰত ৰাজ্যখনৰ শোচনীয় অৱস্থাৰ বিষয়টো অতি গুৰুত্বপূর্ণ। ব্যয় ক্ষমতা হ্ৰাস পোৱাৰ অৰ্থ হৈছে কোনো মানুহৰ বা গোটৰ খৰচ কৰিবলৈ সক্ষমতা হ্ৰাস পোৱা। সাধাৰণতে, মুদ্রাস্ফীতি, আয়ৰ হ্ৰাস, বা মূল্যবৃদ্ধিৰ ফলত এনে পৰিস্থিতি দেখা যায়।

জনমুৰি ঘৰুৱা ব্যয়ত অসমৰ অৱস্থা অতিশয় শোচনীয়। দেশৰ আন ৰাজ্যৰ জনতাৰ তুলনাত অসমৰ জনতাৰ ব্যয় কৰাৰ ক্ষমতা একেবাৰে কম। আনকি চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, মিজোৰাম, নগালেণ্ড, মেঘালয়, ছিকিমতকৈ এই ক্ষেত্রত অসম বহু পিছপৰি আছে। যিসময়ত বিজেপি মিত্রজোটৰ চৰকাৰখনে অসমক দেশৰ প্রথম পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰা হ’ব বুলি ঘোষণা কৰিছে, সেই সময়তে ৰাজ্যখনৰ জনসাধাৰণৰ এই শোচনীয় আর্থিক অৱস্থাৰ কথা উন্মোচিত হৈছে সংসদৰ মজিয়াত। ৰাজ্য সভাত কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্ৰজিত সিঙে প্রকাশ কৰা তথ্য মতে মাহিলি জনমূৰি ঘৰুৱা ব্যয়ৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ তালিকাত দেশৰ ভিতৰতে অসমৰ স্থান হৈছে ২৭ আৰু নগৰাঞ্চলৰ তালিকাত দেশৰ ভিতৰতে অসম আছে ২৪ নম্বৰ স্থানত। আনকি ৰাষ্ট্ৰীয় গড়তকৈ অসম বহু পিছপৰি আছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা বিস্তৃত তথ্য মতে অসমৰ গ্রামাঞ্চলত বাস কৰা এজন ব্যক্তিৰ মাহেকত ব্যয় কৰাৰ ক্ষমতা অৰ্থাৎ মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে গড়ে মাত্র ৩৭৯৩ টকা। আনহাতে নগৰাঞ্চলৰ এজন ব্যক্তিৰ মাহিলি জনমূৰি ঘৰুৱা ব্যয় কৰাৰ ক্ষমতা হৈছে গড়ে ৬৭৯৪ টকা। অর্থাৎ নগৰাঞ্চলৰ তুলনাত গ্রামাঞ্চলৰ লোকৰ ব্যয় ক্ষমতা ৭৯ শতাংশ কম। ৰাষ্ট্ৰীয় গড় অনুসৰি গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৪১২২ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৬৯৯৬ টকা। মন কৰিব লগীয়া কথা যে এই তালিকাত প্রথম স্থানত আছে ছিকিম। ছিকিমৰ গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ব্যয় হৈছে ৯৩৭৭টকা আৰু নগৰাঞ্চলৰ মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ১৩৯২৭ টকা। ছিকিমৰ পাছতে এই ক্ষেত্রত দ্বিতীয় স্থানত চণ্ডীগড় আৰু তৃতীয় স্থানত আন্দামান নিকোবৰ আছে। চণ্ডীগড়ৰ গ্রামাঞ্চলৰ এজন ব্যক্তিৰ মাহিলি জনমূৰি ঘৰুৱা ব্যয় ৮৮৫১ টকা হোৱাৰ বিপৰীতে নগৰাঞ্চলৰ এজন ব্যক্তিৰ মাহিলি জনমূৰি ঘৰুৱা ব্যয় ১৩৪২৫ টকা। একেদৰে আন্দামান নিকোবৰৰ গ্ৰামাঞ্চলৰ জনমূৰি ব্যয় ক্ষমতা ৭৭৭১ টকা আৰু নগৰাঞ্চলত জনমূৰি ব্যয় হৈছে ১০৪৫১ টকা। ইফালে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৫৯৯৫ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৯৮৩২ টকা। একেদৰে মণিপুৰৰ গ্রামাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৪৫৩১ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৫৯৪৫ টকা, মেঘালয়ৰ গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৩৮৫২ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৭৮৩৯ টকা, মিজোৰামৰ গ্ৰামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৫৯৬৩ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৮৭০৯ টকা, গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৫৯৯৫ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৯৮৩২ টকা, নগালেণ্ডৰ গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৫১৫৫ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৮০২২ টকা আৰু ত্ৰিপুৰাৰ গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৬২৫৯ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৮০৩২ টকা। একেদৰে অন্ধ্রপ্রদেশৰ গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৫৩২৭টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৭১৮২ টকা, দিল্লীত গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৭৪০০ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৮৫৩৪ টকা, গোৱাৰ গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৮০৪৮ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৯৭২৬ টকা, গুজৰাটৰ গ্রামাঞ্চলত মাহেকীয়া জনমূৰি ঘৰুৱা ব্যয় হৈছে ৪১১৬ টকা আৰু নগৰাঞ্চলত মাহিলি জনমূৰি ঘৰুৱা ব্যয় হৈছে ৭১৭৫ টকা।

প্রণিধানযোগ্য যে অসমৰ ৰাইজৰ মাহিলি জনমূৰি ঘৰুৱা ব্যয়ৰ এই তথ্যই ৰাজ্যখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে। কিয়নো উপার্জন কৰিব পাৰিলেহে মানুহে ব্যয় কৰিব পাৰে। কিন্তু অসমৰ জনতাৰ ব্যয় কৰিব পৰা ক্ষমতাই কম। অৱশ্যে ৰাজ্যখনৰ একাংশ ধনৱন্ত লোকৰ হাতত কোটি কোটি টকা আছে। কিন্তু সর্বাধিক লোকেই আজিও চৰকাৰে দিয়া অৰুণোদয়ৰ ধন আৰু ৰেছনৰ চাউললৈ বাট চাই থাকিব লগীয়া হয়। অসমৰ চৰকাৰে যদি ৰাজ্যখনক আগুৱাই নিয়াৰ সংকল্প কৰে, তেন্তে কৃষি উন্নয়ন, উদ্যোগ-ব্যৱসায়ৰ প্ৰসাৰ, আৰু শিক্ষাৰ উন্নতিৰ দিশে অধিক গুৰুত্ব দিয়াটো আৱশ্যক। অৰুণোদয় আঁচনি বা ৰেছনৰ চাউলৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰিৱৰ্তে স্ব-উন্নয়নৰ সুযোগ সৃষ্টি কৰাটো অধিক প্ৰয়োজনীয়।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top