তাহানিৰ প্রাগজ্যোতিষপুৰতে অতীজৰে পৰা জ্যোতিষ বিদ্যাৰ লগতে বয়ন শিল্পৰ জন্ম হৈছিল বুলি কোৱা হয়। বিশেষকৈ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমৰ সাহিত্য, সংস্কৃতিৰ লগতে হস্তশিল্প, বয়নশিল্পকো নানা সা- সুবিধা প্রদান কৰি এক নান্দনিক ৰূপ দিছিল। তাহানি অসমীয়া মহিলাই যুঁজলৈ যাবলৈ ওলোৱা স্বামীক নিশাটোৰ ভিতৰতে কৱচ কাপোৰ বৈ, স্বামীক পিন্ধাই যুঁজলৈ পঠিয়াইছিল- আৰু বিশ্বাস কৰামতে যুদ্ধত জয়ী হৈছিল। তাহানিতে গান্ধীজী প্রথম অসমলৈ আহি অসমীয়া মহিলাই হাতে বোৱা কাপোৰ দেখি অভিভূত হৈ প্রশংসা কৰি কৈছিল “অসমীয়া মহিলাই তাঁতত সপোন ৰচে।”
যোড়শ শতিকাত শ্রীমন্ত শংকৰ গুৰুজনাই বৌদ্ধিক, আধ্যাত্মিক সংস্কৃতিৰ লগতে শিল্প কলা, কুটীৰ শিল্প, বয়ন শিল্পকো এক নান্দনিক ৰূপ দিছিল। গুৰুজনাৰ পৰিকল্পনা, পৃষ্ঠপোষকতাত প্রাণ পাই উঠিছিল অনুপম বৃন্দাৱনী বস্তু, শিল্পৰ মাজেৰে ভক্তি ৰসক প্রকাশ কৰি, বিশ্ব দৰবাৰত অসমৰ নাম জ্যোতিষ্কাৰ কৰি থৈ গৈছে।বৃন্দাবনী বস্ত্ৰৰ আক্ষৰিক অৰ্থ হৈছে ‘বৃন্দাবনৰ কাপোৰ’। চৰিত পুথিত আছে এই বস্ত্ৰ সম্পৰ্কে উল্লেখ আছে ‘বৃন্দাৱনী বস্তু নামে অতি মনোৰম। বোৱাইলা প্রবন্ধে তাক শ্রীমন্ত শংকৰ’।
এদিন ৰজা নৰনাৰায়ণ আৰু ভাতৃৰ অনুৰোধতে গুৰুজনাৰ জীৱনৰ অপূৰ্বসৃষ্টি ‘বৃন্দাবনী বস্ত্ৰ’ ৰ জন্ম হৈছিল। চৰিত পুথিত এই বস্ত্রভাগিৰ কথা সবিস্তাবে লিখা আছে। এই অনুপম বস্তুখনিৰ লগত সম্পৃক্ত হৈ আছে বহু কথা,বহু মনোমোহা কাহিনী। কিছু চৰিত পুথিত উল্লেখ আছে যে এই বস্তু গুৰুজনাৰ প্রথমবাৰ ৰজাৰ ৰাজসভালৈ যোৱাৰ সময়ত বোৱা হৈছিল। আনহাতে লক্ষ্মীনাথ বেজবৰুৱা আৰু বহুজন গবেষকৰ মতে এয়া গুৰুজনাব দ্বিতীয়বাৰ কোচবিহাৰলৈ যোৱাৰ পিচৰ ঘটনা বুলি আখ্যা দিছে।এই বস্ত্ৰবিধ ১৬৫৪ খ্ৰীঃৰ শেষত বোৱা হৈছিল বুলি যুক্তিৰে প্রমাণ কৰিছে।বস্ত্রখনিৰ দীঘলে আছিল ছকুৰি হাত, পুতলে তিনিকুৰি হাত, বাৰজন তাঁতীয়ে এবছৰত এই বস্ত্ৰ বৈ উলিয়াইছিল, য’ত কৃষ্ণৰ জন্মৰ পৰা বৃন্দাবনৰ নানা লীলা, কংশ বধলৈ সকলো দৃশ্য আখৰ লিখি বর্ণনা কৰিছিল। বস্ত্রখনি বোৱা সম্পূৰ্ণ হোৱাত গাঁৱৰ, ঘৰৰ মানুহে এই অনুপম বস্ত্রখনি চাবলৈ ইচ্ছা কৰাত গুৰুজনাই বাঁহৰ চাং সাজি কাপোৰখন মেলি দেখুৱাইছিল আৰু তেওঁলোকে টকা দি সেৱা জনাই এই বস্ত্র চাইছিল। তাৰ পিছত আহে বস্ত্রখনি ৰাজগৃহত দান কৰাৰ সময়। চৰিত পুথিমতে বস্ত্রখনি কোচবিহাৰলৈ নিবলৈ আঢ়ৈ কুৰি মানুহৰ প্রয়োজন হৈছিল। ৰজা আৰু ভাতৃ চিলাৰায়ে উপবাসে থাকি স্নান কৰি সেই বস্ত্র দর্শন কৰি অভিভূত হৈছিল, গুৰুজনাই বস্তুত থকা ঘটনাবোৰ তেওঁলোকক বুজাই সুন্দৰকৈ বৰ্ণনা কৰাত দুয়োৰে চকুৰ পৰা হেনো চকুপানী নিগৰি আহিছিল , বহুসময়লৈকে বাকৰুদ্ধ হোৱা দুইজনেই গুৰুজনাৰ চৰণত সেৱা লৈছিল।
বস্ত্ৰখনিত খোদিত চিত্ৰই মধ্যযুগৰ অসমীয়া শিপিনিৰ কলা-কৌশলতাৰ নিদৰ্শন দিয়ে।এই খনি বস্ত্ৰই আজিও বিদেশীসকলক আকৃষ্ট কৰে আৰু অসমীয়াৰ নাম উজ্বলাই ৰাখে। এই বস্ত্ৰ ১৫৬৭ ৰ পৰা ১৫৬৯ চনৰ ভিতৰত বৰপেটাৰ তাঁতীকুছিৰ শিপিনিসকলৰ হতুৱাই বৈ উলিওৱা হৈছিল, তাৰপিছত ই বিভিন্ন কাৰণত ভূটান হৈ তিব্বত পায়গৈ আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ আহে। বৰ্তমান সময়ত এই বস্ত্ৰ লণ্ডনৰ ভিক্টৰিয়া এলবাৰ্ট সংগ্ৰহালয় আৰু পেৰিচৰ গুইমেট সংগ্ৰহালয়ৰ (the Guimet Museum) তত্ত্বাৱধানত আছে। ২০০৪ চনত, শংকৰদেৱে ১৬ শতিকাত আৰ্হি কৰা বুলি অনুমান কৰা এনে এটুকুৰা বস্ত্ৰ নিউয়ৰ্ক চহৰৰ ‘অক্সন হাউচ অৱ খ্ৰীষ্টী’য়ে ১২০,০০০ ডলাৰ সংৰক্ষিত মূল্যত নীলাম কৰিছিল। ২০১৩ চনত অসম চৰকাৰে ব্ৰিটিছ মিউজিয়ামক কলামোদী, গৱেষক আৰু লণ্ডনত থকা অসমীয়া মূলৰ লোকসকলে মহান কাৰুশিল্পৰ দৰ্শন লাভৰ বাবে এই বস্ত্ৰ প্ৰদৰ্শিত কৰিবলৈ অনুৰোধ জনাইছিল।