নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিতহে অধিক গুৰুত্ব আৰোপ কৰি আহিছে৷ প্রতিশ্রুতিৰে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিলেও ৰাজ্যত বৃহৎ সংখ্যক যুৱক- যুৱতীয়ে অতিবাহিত কৰিছে “বেকাৰ ” জীৱন। সংস্থাপনহীনতাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধিহে পাব ধৰিছে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত দক্ষতা বিকাশ ৰাজ্য চৰকাৰে নিয়োগ মেলা পাতি সংস্থাপন দিলে মাথোঁ ৪১৪ গৰাকীক। আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ যুৱক-যুৱতীক প্রশিক্ষণ দিলেও কর্মসংস্থাপন দিয়াত চৰম ব্যৰ্থতা দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ। ৰাজ্য চৰকাৰৰ এই বিভাগটোৰ অধীনত দক্ষতা বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৭খন আঁচনি গ্ৰহণ কৰিছে যদিওঁ তাৰ ফল তেনেই আশানুৰূপ নহয়।
ৰাজ্য চৰকাৰৰ এনে ব্যৰ্থতাৰ ছবিখন প্ৰকাশ কৰিছে হৈছে বিভাগীয়ভাৱে সম্পর্কিত ষ্টেণ্ডিং কমিটীৰ প্রতিবেদনে। প্রতিবেদনখনত স্পষ্টভাৱে দেখুওৱা হৈছে যে এই বিভাগৰ দ্বাৰা দক্ষতা বিকাশৰ বাবে ৬খনকৈ বিয়াগোম আঁচনি গ্ৰহণ কৰা হৈছে যদিও ইয়াৰ জৰিয়তে সংস্থাপন লাভ কৰা যুৱক-যুৱতীৰ সংখ্যা তেনেই নগণ্য। প্রতিবেদনৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (দ্বিতীয় আৰু তৃতীয় পর্যায়) কে ধৰি বিগত সময়ছোৱাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগে ২,১৫,৭৭১ জন যুৱক-যুৱতীক প্রশিক্ষণ দিছে যদিও এতিয়ালৈ কৰ্মসংস্থাপনৰ বাবে ‘অফাৰ’ কৰা হৈছে মাথোঁ ৮৪,২৮৪ জন যুৱক-যুৱতীকহে। সেই হিচাপত দক্ষতা বিকাশৰ প্ৰশিক্ষণ গ্রহণ কৰি ৰাজ্যৰ ১,৩১,৪৮৭ জন প্রশিক্ষার্থীয়ে আজিও নাপালে কোনো কর্মসংস্থাপন। লক্ষণীয়ভাবে এই সময়ছোৱাত ৰাজ্যৰ চৰকাৰী আই টি আইৰ জৰিয়তে প্রশিক্ষণ লাভ কৰা যুৱক-যুৱতীৰ সংখ্যা আৰু অধিক নগণ্য।
উল্লেখ্য যে অসম চৰকাৰে বৰ্তমান দক্ষতা বিকাশৰ বাবে অসমত স্থাপিত মুঠ ১৪১ খন চৰকাৰী-বেচৰকাৰী ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত ক্রাফ্টমেন ট্রেনিক আঁচনিৰ অধীনত বিভিন্ন ট্রেডত প্রশিক্ষণ দি আছে। তদুপৰি যুৱক- যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে গ্রহণ কৰা আঁচনি ৭খন হ’ল- প্রেছমেন্ট লিংক স্কিল ডেভেলপমেন্ট ট্রেইনিং প্রগ্রাম (PLSDTP), প্রধানমন্ত্রী কৌশল বিকাশ যোজনা (PMKVY), চি এছ এছ এম, দা নর্থ ইষ্ট স্কিল চেণ্টাৰ (NESC), দক্ষতা অধিগ্রহণ আৰু জ্ঞান সজাগতাৰ বাবে জীৱিকা নিৰ্ভৰ পদোন্নতি (SANKALP), পি এম কে ভি ৱাই আৰ পি এল (ৰিকোগনাইজেচন অব্ প্রায়’ৰ লার্নিং) চি এছ এছ এম, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা নিৰ্ভৰ অভিযান (DAY-NULM) আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু বিত্তীয় উন্নয়ন নিগম (NSFDC)। উল্লেখ্য যে অসম বিধান সভাৰ সদস্য তথা বিধায়ক ভবেন্দ্র নাথ ভৰালীৰ অধ্যক্ষতাত আৰু ২৪ জনীয়া জনপ্রতিনিধিৰ সদস্যৰে গঠিত এই স্টেন্ডিং কমিটীৰ ‘Departmentally related standing committee on development (B) departments, 2024-2025’ শীর্ষক প্রতিবেদনখন যোৱা ২৫ ফেব্ৰুৱাৰীত পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষৰ ওচৰত দাখিল কৰা এই প্রতিবেদনত কোৱা হয় যে ৰাজ্যত ৰূপায়িত কর্মসংস্থাপনৰ বাবে যি দক্ষতা বিকাশৰ কাৰ্যসূচী (PLSDTP) গ্রহণ কৰা হৈছে, ইয়াৰ জৰিয়তে ৫০১ টা প্রশিক্ষণ সহযোগী আৰু ১,৩৪৯ টা প্রশিক্ষণ কেন্দ্ৰৰ জৰিয়তে ১,৫১,৪৫২ নিবনুৱা যুৱক-যুৱতীক প্রশিক্ষণৰ বাবে নামভর্তি কৰোৱা হয় আৰু ইয়াৰে ১,১১,০২৬ জনক প্রমাণপত্র প্রদান কৰা হয়। তাৎপর্যপূর্ণ কথা যে যোৱা ফেব্ৰুৱাৰী মাহলৈ ইয়াৰে ৫৭,৪৮৬ জন প্রশিক্ষার্থীকহে কৰ্মসংস্থাপনৰ বাবে আহ্বান (offered) জনোৱা হয়। ইফালে প্রধানমন্ত্রী কৌশল বিকাশ যোজনাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত ৰাজ্যত নিবনুৱাৰ দক্ষতা বিকাশৰ বাবে ৪৮টা ট্রেইনিং প্রভাইডাৰ আৰু ১৭১ টা ট্রেইনিং চেণ্টাৰ স্থাপন কৰি মুঠতে ৩৫,০৩৯ জনক প্রশিক্ষণ দিয়ে যদিও যোৱা ফেব্ৰুৱাৰী মাহলৈ মাথোঁ ১১,১৮৮ জনকহে কৰ্মসংস্থাপনৰ বাবে আহ্বান জনোৱা হয়। তেনেদৰে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা নিৰ্ভৰ অভিযানৰ অধীনত ৰাজ্যখনৰ ৩০ খন জিলাত ২৯,২৮০ নিবনুৱাক প্রশিক্ষিত কৰে যদিও ইয়াৰে ১৫,৬১০ জনেহে কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হয়। আনহাতে প্রতিবেদনখনত কোৱা হৈছে যে ‘ৰিকোগনাইজেচন অব্ প্রায়’ৰ লার্নিঙৰ জৰিয়তে এন এছ চি চি য়ে ২,০৫,৩১৭ জন দক্ষ কর্মীক কৃষি, হস্ততাঁত আৰু বস্ত্র শিল্প, নির্মাণ, পর্যটন আদি খণ্ডৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লক্ষ্য কৰি কার্যসূচী গ্রহণ কৰিছিল যদিও মূৰকত মাথোঁ ১,৪৮,৫০৬ জনকহে প্রমাণপত্র দিবলৈ সক্ষম হয়। লক্ষণীয়ভাবে বিগত তিনিটা বছৰত নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে অসম চৰকাৰে মাথোঁ ৭,০১৪ জনকহে কর্মসংস্থাপন দিবলৈ সক্ষম হৈছে। প্রতিবেদন মতে ২০২০-২১ বৰ্ষৰ পৰা ২০২২-২৩ বর্ষলৈ নিয়োগ বিনিময় কেন্দ্রই ব্যক্তিগত খণ্ডত ৮৭৬ জনক কর্মসংস্থাপন দিয়ে। এনে সময়তে আই টি আইৰ প্লেচমেন্ট কোষৰ দ্বাৰা নিয়োগ মেলাৰ জৰিয়তে ৫,৫১৪ জনক কর্মসংস্থাপন দিয়ে। নিয়োগ মেলাৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ কৰ্মসংস্থাপন দিবলৈ সক্ষম হয় মাথোঁ ৪১৪ জনক। ডিই চি টিৰ অধীনত নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে কর্মসংস্থাপন দিয়া হয় ২১০ জনক। এনেকৈয়ে নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে দক্ষতা বিকাশৰ প্রশিক্ষিতক কর্মসংস্থাপন দিলেও এয়া মুঠেও সন্তোষজনক নহয়।