দৰিদ্ৰতা সঁচাকৈয়ে বহু ব্যক্তি আৰু সম্প্ৰদায়ে সন্মুখীন হোৱা এক কঠোৰ বাস্তৱ, আৰু তেওঁলোকৰ বাবে ই হয়তো এক প্ৰত্যাহ্বানমূলক আৰু প্ৰায়ে কষ্টকৰ যাত্ৰাৰ আৰম্ভণিক প্ৰতিনিধিত্ব কৰিব পাৰে। অতীজৰে পৰা দৰিদ্ৰতাকে ধৰি নানান সমস্যাই দেশৰ অৰ্থনীতি বিধ্বস্ত কৰি ৰাখিছে। দৰিদ্ৰতা আৰু নিবনুৱা ওত: প্ৰোত ভাৱে জঢ়িত।দৰিদ্ৰতা হ’ল নিবনুৱা সমস্যাৰ এক মূল কাৰক৷ আমাৰ দেশতে দৰিদ্ৰতাৰ কৱলত পৰি বহু লোকে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে৷ অশিক্ষিত হোৱা বাবে তেওঁলোকে চৰকাৰী-বেচৰকাৰী কোনো খণ্ডতে নিয়োগৰ সুবিধা লাভ নকৰে৷ উপাৰ্জন কম হোৱা বাবে তেওঁলোক পুষ্টিকৰ খাদ্য আৰু আধুনিক চিকিৎসাৰ পৰাও বঞ্চিত হৈ থাকে৷ তাৰ ফলত তেওঁলোক স্বাস্থ্যৰ ক্ষেত্ৰতো পিছপৰি ৰয়৷ কম কৰ্মঠ হোৱা বাবেও তেওঁলোকে উচিত নিয়োগৰ সুবিধা লাভ নকৰে৷ দৰিদ্ৰ লোকসকল অশিক্ষিত আৰু অজ্ঞ হোৱা বাবে যথেষ্ট সন্তানৰ জন্ম দিয়ে৷ ইয়াৰ ফলতো নিবনুৱা সমস্যা অধিক বিস্তৃত হৈ পৰে৷
অনুন্নত দেশসমূহৰ আয় কম হোৱা বাবে সেইবোৰ দেশৰ সঞ্চয়ৰ পৰিমাণো অতি নগন্য হয়৷ ইয়াৰ ফলত সেইবোৰ দেশত মূলধন গঠন নহয় আৰু বিনিয়োগ কম হয়৷ বিনিয়োগ কম হোৱা বাবে অৰ্থনৈতিক বিকাশ নহয় আৰু তাৰ ফলত নিয়োগৰ সুবিধাও কম হয়৷ এইবোৰ কাৰণতে দৰিদ্ৰ দেশসমুহে নিবনুৱা সমস্যাৰ সৈতে সংগ্ৰাম কৰি থাকিবলগীয়া হয়৷বিশ্ব খাদ্য দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্রসংঘই ২০২৪ৰ ১৬ অক্টোবৰত ‘বিশ্ব বহুমাত্রিক দৰিদ্র সূচক-‘২০২৪’ প্রকাশ কৰিছে। বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি বিশ্বত সম্প্রতি ১১০ কোটি লোক চৰম দৰিদ্ৰতাৰ গ্ৰাসত। সকলোতকৈ শীৰ্ষত থকা ভাৰতৰ দৰিদ্র লোকৰ সংখ্যা ২৪.৪০ কোটি।
বিশ্ব বেংকে পূর্বে প্রকাশিত প্রতিবেদন অনুসৰি ভাৰতত দৰিদ্রতাৰ হাৰ ক্রমাগত হ্রাস পাই আহিছে। ১৯৭৭৩ এই হাৰ আছিল ৬৩,১১ শতাংশ। ১৯৮৩ হ্রাস পালে ৫৬.২৬ শতাংশলৈ। পৰৱর্তী কেইবছৰ মানৰ ব্যৱধানত এই হাৰ প্রকাশ কৰা হৈছে যথাক্রমে ১৯৮৭ চনত ৫০.৫৯ শতাংশ, ১৯৯৩ চনত ৪৭.৬৪ শতাংশ, ২০০৪ বর্ষত ৩৯.৯১ শতাংশ। ২০০৯ বর্ষত হ্রাস পালে ৩২,৮৭ শতাংশলৈ। ২০১১ বর্ষত দৰিদ্রতাৰ হাৰ ২২.৫৩ শতাংশ, ২০১৫ বর্ষত ১৮.৭৩ শতাংশৰ তথা ২০২০ চনত ১৪.৭২ শতাংশৰ লগতে ২০২১ বর্ষত হ’লগৈ ১১.৯ শতাংশ। অথচ দেশখনত জনসংখ্যা বৃদ্ধিৰ লগতে আশানুৰূপভাৱে দৰিদ্র লোকৰ সংখ্যা হ্রাস নোপোৱাটো সম্প্রতি চৰম উদ্বেগৰ বিষয়। শেহতীয়া বিশ্ব বেংকৰ প্রতিবেদন অনুসৰি বিশ্ব ক্ষুধাৰ সূচক নিৰূপণৰ বাবদ, ১২৭ খন দেশক সামৰি চলোৱা ক্ষুধাৰ সুচকত, ভাৰতৰ স্থান ১০৫ সংখ্যক স্থান বুলি উল্লেখ কৰা হৈছে। বিশ্ব ক্ষুধা সূচকত ভাৰতৰ নির্ণায়ক দিশসমূহৰ ভিত্তিত মুলাংক হৈছে ২৭.৩। ক্ষুধা আৰু দৰিদ্রতা মূলত পৰস্পৰ নির্ভৰশীল।
দেশৰ আৰ্থিক অসমতা, পুষ্টিকৰ খাদ্য, খোৱাপানীৰ অভাৱ আদি ক্ষুধাতুৰ, দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ হোৱাত প্রৱল প্রত্যাহ্বান অব্যাহত আছে। অৱশ্যে দীর্ঘকালৰ তলা বন্ধ ক’ভিড পৰিস্থিতি, বিমুদ্রাকৰণ, ৰাছিয়া ইউক্রেইন যুদ্ধৰ প্রভাৱ, সাম্প্রতিক মধ্য প্রাচ্যৰ সংঘর্ষ, বিদ্রোহ, যুদ্ধ আদিৰ প্রত্যক্ষ বা পৰোক্ষ প্রভাব, দেশৰ দৰিদ্রতা আর্থিক সামাজিক বৈষম্য বৃদ্ধিত, মুখ্য কাৰণ ৰূপে পৰিস্ফুত হৈছে।
ভাৰতৰ অপুষ্টিত ভোগা শিশুৰ হাৰ ১৩.৭ শতাংশ, পাঁচ বছৰৰ কম বয়সৰ শিশুৰ বয়স অনুসৰি উচ্চতা কম হাৰ ৩৫.৫ শতাংশৰ। উচ্চতা অনুসৰি ওজন কম শিশুৰ হাৰ ১৮.৭ শতাংশ। এই হাৰ বিশ্বৰ ভিতৰত সর্বাধিক। তদুপৰি পাঁচ বছৰ হোৱাৰ পূৰ্বেই শিশুৰ মৃত্যুৰ হাৰ ২.৯ শতাংশ আদি তথাই ভাৰতৰ দাৰিদ্ৰতাৰ ছবিখন অধিক স্পষ্ট ৰূপত দেখুৱাই।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে অনাময় ব্যবস্থাৰ উন্নতি নোহোৱাত, স্বচ্ছ ভাৰত অভিযান গ্রহণ কৰাৰ পূর্বে ভাৰতত তিনি লাখ শিশু মৃত্যুৰ মুখত পৰিছিল। বর্তমান শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পালেও, অনাময় ব্যবস্থাৰ অভাৱত, জলপ্রদূষণ বা দুষিত পানী সেবনত বোগৰ হাৰ আশানুৰূপ ভাবে হ্রাস পোৱা নাই। WHO আৰু UNICEF ৰ এক যুটিয়া আঁচনিৰ টোকা অনুসৰি ১৭ শতাংশ গ্রাম্য বসতিৰ ২০২২ পর্যন্ত মুকলি মল ত্যাগ প্রবণতা অব্যাহত আছে। এই হাৰ অধিক জনবসতি নগৰত সাত শতাংশ বুলিও প্রতিবেদনত প্রকাশ কৰিছে।
দেশত ক্রমাৎ ধনী-দুখীয়াৰ মাজৰ ব্যৱধান ক্ষিপ্রগতিত বৃদ্ধি পোৱাৰ বিষয়ে বিভিন্ন আগশাৰীৰ সংগঠনৰ প্ৰতিবেদনত প্রকাশ পাই আহিছে। শেহতীয়াকৈ চি বি আব ই ছাউথ এছিয়া নামৰ প্রতিষ্ঠানৰ ‘ইন্ডিয়া মার্কেট মণিটৰ কিউ-‘ত ২০২৪’ শীর্ষক প্রতিবেদন অনুসৰি, দেশৰ বিভিন্ন মহানগৰীত চাবি কোটি বা তাতোধিক মূল্যৰ আবাসিক সম্পত্তিৰ বিক্রী ৩৭.৮ শতাংশ বৃদ্ধি পাইছে। এই তথ্য ২০২৪ ৰ প্রথম ন মাহৰ ভিত্তিত। এহাতে দেশৰ একাংশই ধন- সম্পদেৰে বিলাসী জীবন কটাইছে আৰু আনফালে দৰিদ্ৰতাৰ কৱলত ককবকাইছে । কঠোৰ শাৰীৰিক আৰু মানসিক পৰিশ্রম কৰা সত্ত্বেও ভালেসংখ্যক পুষ্টিকৰ খাদ্য গ্রহণ বা আহৰণ কৰাৰ পৰা বঞ্চিত হৈছে। খাদ্যবস্তুৰ আকাশলংগী মূল্যবৃদ্ধিৰ বাবেই এনে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। স্মর্তব্য যে প্রধানমন্ত্রী আর্থিক উপদেষ্টা পৰিষদৰ প্রতিবেদনতে উল্লেখ কৰা অনুসৰি দেশত ৭৫ বছৰৰ তুলনাত খাদ্য বস্তুত মকবা ব্যয় ৫০ শতাংশৰ অধিক হ্রাস চৰকাৰে দৰিদ্র পৰিয়াল সমূহলৈ বিনামুলীয়া খাদ্য যোগানৰ কাৰণেই পৰিয়ালে প্রতি খাদ্য সামগ্রী ক্রয় হ্রাস পাইছে। তৎসত্ত্বেও দেশৰ আর্থিক অসমতা, পুষ্টিকৰ খাদ্য, খোৱাপানীৰ অভাব আদি ক্ষুধাতুৰ, দৰিদ্রতাব কৰাল গ্রাসৰ পৰা উদ্ধাৰ হোৱাত প্রবল প্রত্যাহ্বান অব্যাহত আছে। অবশ্যে দীর্ঘকালৰ তলা বন্ধ ক’ভিড পৰিস্থিতি, বিমুদ্রাকৰণ, বাছিয়া ইউক্রেইন যুদ্ধৰ প্রভাব, সাম্প্রতিক মধ্য প্রাচ্যৰ সংঘর্ষ, বিদ্রোহ, যুদ্ধ আদিৰ প্রত্যক্ষ বা পরোক্ষ প্রভাব, দেশৰ দৰিদ্ৰতা আর্থিক সামাজিক বৈষম্য বৃদ্ধিত, মুখ্য কাৰণৰূপে পৰিলক্ষিত হয়। তদুপৰি উৎপাদন, বিতৰণ, বিশ্ববাণিজ্যৰ নেতিবাচক প্রভাব এইক্ষেত্রত অন্যতম দিশৰূপেও বিবেচিত কৰিব পাৰি।
ভাৰতে আগন্তক কেইবছৰমানত বিশ্বৰ তৃতীয়, সর্ববৃহৎ অর্থনীতি তথা ২০৪৭ লৈ এখন বিকশিত দেশ হ’ব বুলি প্রকাশ কৰিছে। অথচ দেশত বৃদ্ধি পোৱা দাৰিদ্রতা আক ক্ষুধাতুৰৰ হাৰ বৃদ্ধিৰে লক্ষ্যত উপনিত হোৱাত প্রবল প্রত্যাহ্বানৰ সন্মুখীন হব লাগিব। সাম্প্রতিক বিশ্ব বেংকে প্রকাশ কৰিছে যে ২০৩০ বর্ষৰ ভিতৰত ভাৰতে চৰম দাৰিদ্ৰৰ পৰা মুক্তিৰ লক্ষ্য নির্ধাৰণ কৰিছে। অথচ পৰিস্থিতিত এই লক্ষ্য সফল নহ’ব বুলিহে প্রকাশ কৰিছে। লগতে লক্ষ্য পুৰণৰ কাৰণে কে’বা দশকৰ প্রয়োজন হ’ব বুলিও উল্লেখ কৰিছে। নিত্য-ব্যৱহার্য সামগ্রীৰ দাম নিয়ন্ত্রণ বা হ্রাস, আত্মসংস্থাপন বা নিয়োগ সৃষ্টিত, অধিক অগ্রাধিকাৰ, জনস্বাস্থ্য, শিক্ষা, অনাময় ব্যবস্থা, বিদ্যুত শক্তিৰ যোগান, খাদ্য খোৱাপানী, সকলোৰে বাবে জীবন ধাৰণৰ মান উন্নত কৰা আদি দিশ সমূহতো অধিক কৰণীয় আছে। আগন্তুক সময়ত দেশৰ পৰা দাৰিদ্রতা দুৰীকৰণ বা লক্ষ্যত উপনীত হ’বলৈ কেন্দ্রই লোৱা বিভিন্ন আঁচনি বা কার্যব্যবস্থাসমূহ কেনে ধৰণেৰে সফল হয় সি হ’ব লক্ষ্যণীয়।