Skip to content

বৰ্দ্ধিত শিশু শ্ৰমিক সমস্যাৰ সমাধান সম্ভৱ নে ?

Dr Netraranjan
January 10, 20254 second read
Child Labour: Need Urgent Attention

বিশ্বত কোটি কোটি শিশু শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰ ফলত শিশু সকল উপযুক্ত শিক্ষা, স্বাস্থ্য, আৰাম আৰু ন্যূনতম স্বাধীনতা আদিৰ পৰা বঞ্চিত হৈ আছে । ইয়াৰ আধা সংখ্যক শিশু আটাইতকৈ নিকৃষ্ট শিশু শ্ৰমৰ লগত জড়িত। এনেকুৱা নিকৃষ্ট শিশু শ্ৰমৰ উদাহৰণ হ’ল, বিপদজনক পৰিৱেশত কাম কৰা, বলপূৰ্বক বিনা মজুৰিৰ শ্ৰম, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ, বলপূৰ্বক বেশ্যাবৃত্তিত নিয়োজন আৰু উগ্ৰপন্থী হিচাপে ব্যৱহাৰ। শিশু শ্ৰমিক বুলিলে নাবালক (১৪ বছৰৰ তলৰ শিশু) দৰিদ্ৰতা, শিক্ষাৰ অভাৱ বা পৰিয়ালৰ চাপৰ বাবে বিভিন্ন ধৰণৰ শ্ৰমমূলক কামত নিয়োজিত হোৱা অবস্থাক বুজায়। শৈশৱৰ আনন্দ আৰু বিকাশৰ সময় এই সময়ছোৱা শিশু শ্ৰমিকৰ ক্ষেত্ৰত হৰণ হয়। শাৰীৰিক বা মানসিক বিকাশৰ ক্ষতি কৰা আৰু তেওঁলোকক সাক্ষৰতা, সম্ভাৱনা বা মৰ্যাদাৰ পৰা বঞ্চিত কৰা কামক সাধাৰণতে শিশু শ্ৰম  বুলি কোৱা হয়।

শিশু শ্ৰমিক ৰোধৰ বাবে আইন, আঁচনিৰ অভাৱ নাই কিন্তু শিশু শ্ৰমিক ৰোধ কৰিব হে পৰা নাই প্ৰশাসনে। সেইয়া লাগিলে বিশ্বৰ অন্যান্য দেশেই হওঁক বা ভাৰতেই হওঁক বা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। পৃথিৱীৰ এনে কোনো ঠাই নাই য’ত এজনো শিশু শ্ৰমিক নাই। দেশৰ বাবেও শিশু শ্ৰমিক এক প্ৰত্যাহ্বান। ২০০১ চনৰ পৰিসংখ্যা মতে ভাৰতৰ প্ৰতি দহজন শ্ৰমিকৰ ভিতৰত এজন শিশু আছিল। ভাৰতত ৫-১৪ বছৰ বয়সৰ প্ৰায় ১২.৬৬ নিযুত শিশুৱে শ্ৰমিক হিচাপে কাম কৰিছিল। ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয়ে প্ৰকাশ কৰিছিল যে ২০০৪-০৫ চনত এই সংখ্যা ৮.৯ নিযুতলৈ হ্ৰাস পাইছিল। আইন প্ৰণয়ন হোৱা স্বত্বেও, তেতিয়াৰ পৰা শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে।

অশেষ প্ৰচেষ্টাৰ পৰা হ্ৰাস হোৱা নাই শিশু শ্ৰমিকৰ সংখ্যা৷ অসমত ক্ৰমাগতৰূপত বৃদ্ধি পাই আছে শিশু শ্ৰমিকৰ সংখ্যা। শিশু শ্ৰমিক ৰোধত ব্যৰ্থ ৰাজ্য চৰকাৰ। ২০১১ চনত অসমত ৯৯,৫১২ টা শিশুৱে শিশু শ্ৰমিক হিচাপে কাম কৰি আছিল, যিটো মুঠ শিশু জনসংখ্যাৰ ৩.২%। শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত শিশু শ্ৰমিকৰ হাৰ অধিক আছিল। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ৰ শেহতীয়া তথ্য অনুসৰি ৫ বছৰত অসমত ১৪,৮২৮ শিশু শ্রমিক উদ্ধাৰ ইয়াৰে ২০১৮-১৯ বর্ষত ৪,৫৬২ টা , ২০১৯-২০ বর্ষত ৬,১৭৫ টা , ২০২০-২১ বর্ষত ২,৮০০ টা , ২০২২-২৩ বর্ষত ১,২৯১ টা। আনহাতে ৫ বছৰত শিশু শ্রমিকৰ বিৰুদ্ধে ৰাজ্যত ৰুজু হৈছে ৩১১টা গোচৰ । শিশু শ্ৰম ৰোধৰ বাবে ৫ বছৰত কেন্দ্ৰই মুকলি কৰিছিল ১৫ কোটি ৮০ লাখ টকাৰ পুঁজি। ২০১৮-১৯ বর্ষত ১১ কোটি ৯ লাখ, ২০১৯-২০ বর্ষত ১ কোটি ৯৮ লাখ , ২০২০-২১ বর্ষত ৪৯ লাখ ৬৪ হাজাৰ , ২০২১-২২ বর্ষত ৮১ লাখ ১০ হাজাৰ , ২০২২-২৩ বর্ষত ১ কোটি ৪০ লাখ ৬৮ হাজাৰ টকা। ৰাজ্যত বিশেষকৈ গুৱাহাটী মহানগৰীত শিশু শ্ৰমিকৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধিৰ সন্মুখীন হৈছে , শিশুসকলৰ শৈক্ষিক আৰু অন্যান্য অধিকাৰৰ পৰা বঞ্চিত হৈছে। ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৪ চনৰ জুন মাহলৈকে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ১৯৬ জন শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৪ চনৰ জুন মাহলৈকে গুৱাহাটী মহানগৰীত উদ্ধাৰ কৰা হৈছিল ১৯৬ জন শিশু শ্ৰমিক। এই শিশুসকলৰ বহুতেই পৰিয়াল পোহপাল দিবলৈ কাম কৰি থকাৰ বিপৰীতে আন কিছুমানক ৰাজ্যৰ আন প্ৰান্তৰ পৰা অনা হৈছিল।

শিশুসকলেই দেশৰ ভৱিষ্যত নাগৰিক। গতিকে শিশুসকলৰ জীৱন গঢ় দিয়া কথাটিৰ লগত দেশৰ সৰ্বাংগীন উন্নতিৰ কথা জড়িত হৈ থাকে। এনে এবিধ মূল্যৱান সম্পদক অথলত পেলাই মৰহি যাবলৈ দিয়াটো অতি দুৰ্ভাগ্যজনক। শিশু শ্ৰমিক দেশৰ পৰা নোহোৱা কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top