অসম এখন কৃষি প্রধান ৰাজ্য। আনৰাজ্যৰ তুলনাত যথেষ্ট সুচল পৰিৱেশ আছে। অসমৰ মাটি-পানী জলবায়ু আৰু প্রাকৃতিক নৈসর্গিক শোভাৰ বাবেই এই ভূখণ্ডৰ ওপৰত ভাৰত তথা বহিঃৰাষ্ট্ৰৰ অলেখ সভ্যতাৰ লোভনীয় দৃষ্টি পৰি আহিছে। অসমৰ ৰপ্তানি বাণিজ্য উন্নয়ন আৰু আগবঢ়োৱাৰ সম্ভাৱনা যথেষ্ট আছে। কৃষিজীবি সভ্যতা হিচাপে আত্মনির্ভৰশীল হোৱাৰ উপৰিও অতি প্রাচীনকালৰে পৰা অসমৰ সম্পদেৰে দেশ- বিদেশৰ বৰ্হি বাণিজ্য গঢ় লৈ উঠিছে। এই ভূখণ্ডৰ ৰপ্তানি বাণিজ্যৰ অক্ষয় কীর্তি হ’ল ১,০০০ বছৰীয়া পুৰণি ‘ছিল্ক ৰোড’। মুঠিতে লুকুৱাই গাতে শুকুৱা অসমৰ ছিল্ক কাপোৰ আন্তর্জাতিক খ্যাতিসম্পন্ন। আধুনিক যুগৰ বৃটিছসকলে অসমৰ চাহ উদ্যোগ গঢ়ি তুলি অসমৰ নাম বিশ্ববিখ্যাত কৰিলে। খনিজ তেল আৰুবনজ সম্পর্কে সভ্যতাৰ ন ৰূপ প্রকাশ কৰিলে। ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ মূল চালিকাশক্তি আছিল আত্মনির্ভৰশীল অর্থনৈতিক সবল ভেটি। বর্তমান আধুনিকতাৰ প্ৰভাৱত পৰিৱেশত দিক বিদিক হেৰুৱাই পৰ নিৰ্ভৰশীল হৈ পৰিছে । গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক নেতৃত্ব আৰু চৰকাৰী বিভাগসমূহ জনগণক আত্মনিৰ্ভৰশীল উৎপাদন ব্যৱস্থাৰ বাবে অনুপ্রাণিত কৰিব পৰা নাই। বিশ্ব সভ্যতাৰ মুক্ত প্রতিযোগিতাৰ যুগত মানুহ হিচাপে জীয়াই থাকিবলৈ হ’লে আমাৰ নিত্য প্রয়োজনীয় খাদ্য আৰু ব্যৱহাৰৰ সামগ্রী উৎপাদন কৰিবই লাগিব। একে সমান সময়তে আত্মনির্ভৰশীল কৰ্ষণ কৰাৰ লগতে আমাৰ মূল্যৱান সম্পদেৰে বিদেশৰ বজাৰত চাহিদা থকা সম্পদসমূহ হ’ল- অসমৰ ক্ষুদ্র চাহ খেতিয়কৰ জৈৱিক চাহ, অসমৰ মাটিত উৎপাদন হোৱা সুগন্ধি যুক্ত ক’লাচাউল, জহা চাউল, মালভোগ, ৰঙা বাও ধান, এৰি আৰু মুগা, অসমৰ শিৱসাগৰ, গোলাঘাট, চৰাইদেউ জিলাত উৎপাদন হোৱা অগৰু-চন্দন অর্থাৎ সাঁচি, বাঁহৰ ফার্নিচাৰ আৰু ঘৰ শুৱনি কৰা বাঁহেৰে নিৰ্মাণ কৰা শিল্প সম্ভাৰ।
অসমে ৰপ্তানিৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কিছুমান দিশত মনোযোগ দিয়া উচিত। ৰপ্তানিৰ বাবে সম্পদ চিনাক্তকৰণ কৰি হে উৎপাদনৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। প্রথম কথা হ’ল আন্তর্জাতিক বজাৰৰ চাহিদা থকা সম্পদ নির্বাচন কৰিব লাগে। তুলনামূলকভাবে বজাৰত অধিক মূল্য থকা সম্পদহে নির্বাচন কৰা উচিত। সস্তীয়া বস্তু এবিধৰ পৰিবহণ আৰু খৰচ দামী সম্পদৰো পৰিবহণ খৰচ সমানেই। শিৱসাগৰৰ পৰা গুৱাহাটীলৈ বিক্ৰীৰ বাবে এক কিল’গ্রাম তিয়হৰ পৰিবহণ খৰচ কিল’গ্রাম ক’লা চাউলৰ খৰচ সমানেই। সামগ্রী মূল্য আৰু পৰিবহণ খৰচ সমপৰিমাণৰ সম্পদলৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কৰিলে বিশেষ লাভ নাথাকে। আনহাতে, সম্পদবিধ কম সময়ৰ ভিতৰত নষ্ট হোৱা সম্পদ নির্বাচন কৰিব নালাগে। যেনেকৈ চাহপাত, হালধি, ক’লা-ৰঙা চাউল আদিত কেঁচা শাক-পাচলি, জলকীয়া আদিৰ তুলনাত অধিক দিনৰ বাবে ‘ৰিস্ক’ ল’ব পাৰি। তাকৰীয়া সম্পদেৰে আন্তর্জাতিক, ৰাষ্ট্ৰীয় ব্যবসায় কৰিব নোৱাৰি। উৎপাদনৰ ওপৰত ৰপ্তানি বাণিজ্যিক ভবিষ্যৎ নির্ণয় কৰে। ঠিক সেইদৰে অসমৰ ক্ষুদ্র চাহ খেতিয়কৰ জৈৱিক সেউজীয়া চাহেৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। কিন্তু ৩০/৩৫ দিনৰ ভিতৰত ন টন চাহ দিব পৰাকৈ প্রতিমাইলকে অসমত ক্ষুদ্র চাহ খেতিয়কৰ এনে কাৰখানা বা উৎপাদনৰ ব্যৱস্থা নাই। তাৰ বাবে এটা নির্দিষ্ট নিৰ্ধাৰিত চাহ প্রস্তুত কৰা পদ্ধতি থকা, একে মানদণ্ডৰ চাহ উৎপাদন কৰিব পৰা এটা একে নাম থকা এলানি সৰু সৰু গ্রীন-টি প্রস্তুত কৰা খেতিয়ক সংগবদ্ধ হৈ বজাৰত নামিব লাগিব। উৎপাদনৰ বাবে ক্লাষ্টাৰ পদ্ধতিৰে আগবাঢ়িব লাগিব। মূল্য সংযোজনৰ বাবে সংগবদ্ধ হৈ বজাৰত নামিলেহে আমাৰ নিৰ্ধাৰিত সম্পদে আন্তর্জাতিক বজাৰত প্রবেশ কৰিব পাৰিব।
ৰপ্তানি বাণিজ্যৰ বাবে নিৰ্ধাৰিত কৰি লোৱা সম্পদ উভৈনদী কৰি উৎপাদিত হ’লেই নহ’ব। বর্তমান ইয়াৰ নিৰ্ধাৰিত মানদণ্ড আছে। ভাৰতৰ ৰপ্তানি সামগ্ৰীৰ মানদণ্ড নির্ধাৰণ কৰে APEDA (Agricultural and Processed Food Products Export Development Authority) APEDA হ’ল ভাৰত চৰকাৰৰ ৰপ্তানি বাণিজ্যৰ বাবে তদাৰকী সংস্থা আৰু এই সংস্থাটোয়ে ৰপ্তানি বাণিজ্য কৰিব বিচৰা উদ্যোগী, কৃষক, ব্যৱসায়িক সচেতনতা বৃদ্ধি আৰু নিৰ্ধাৰিত নীতি-নিয়মৰ বাবে সময়ে সময়ে প্রশিক্ষণ, পুস্তিকা আদি প্রকাশ কৰি সহায় কৰি আছে। আনহাতে, ৰপ্তানি কৰিবলৈ বিচৰা সম্পদৰ মানদণ্ডৰ শতকৰা ৮০% নির্ভৰশীল জৈৱিক মান-পত্ৰৰ ওপৰত। বিশ্বত এই দিশত কৰা অলেখ জৈৱিক মান-পত্র প্রদান কৰা সংস্থা, কোম্পানী এজেন্সি আছে। সকলো দেশত সকলো দেশৰ জৈৱিক মান-পত্ৰৰ গ্রহণ যোগ্যতা নাথাকে। জৈৱিক মান-পত্ৰ কৰোঁতে উৎপাদনৰ প্ৰসাৰ আৰু মূল্য সংযোজনৰ বাবে কৰা কাৰখানাৰো জৈবিক মান-পত্ৰ কৰাব লাগে। অসমৰ কৃষকে অন্ততঃ স্থায়ীভাৱে ৰপ্তানি বাণিজ্য কৰিম বুলি ভাবিলে জৈৱিক মান-পত্ৰৰ অবিহনে আগবাঢ়িব নালাগে। প্রথম দুটা বছৰ ‘নেচাৰেল প্রডাক্ত’ হিচাপে কেমিকেলযুক্ত দৈব্য বুলি পৰীক্ষাগাৰৰ মান-পত্ৰ লৈ বজাৰত প্ৰৱেশ কৰিব পাৰি । তৃতীয় বছৰৰ পৰাই জৈৱিক মান-পত্ৰৰ বজাৰ কৰাৰ সুবিধা আছে। এককভাবে জৈৱিক মান-পত্ৰ কৰাকৈ ‘ক্লাষ্টাৰ পদ্ধতিত’ ২০০/১,০০০ জনৰ মাজত ‘গ্রুপ’ জৈৱিক মান-পত্র (Group Organic Certification) কৰিলে কম খৰচতে অধিক সুবিধা আদায় কৰিব পাৰি।
অসমৰ প্ৰাকৃতিক সম্পদ, স্থানীয় কলা-সংস্কৃতি, আৰু জনশ্ৰমিক শক্তি সদুপযোগী কৰি ৰপ্তানি বাণিজ্য উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব পৰা সম্ভাৱনা আছে। অসমৰ ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰত শেহতীয়া তথ্যসমূহ পৰ্যালোচনা কৰিলে, ৰাজ্যখনৰ উন্নয়ন আৰু সম্ভাৱনাৰ বিষয়ে স্পষ্ট ধাৰণা পোৱা যায়। ফেডাৰেচন অব্ ইণ্ডিয়ান এক্সপার্ট অর্গেনাইজেচনে প্রকাশ কৰা তথ্য অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষত ৰপ্তানিৰ ক্ষেত্ৰত দেশৰ ভিতৰত ২৫ সংখ্যক স্থানত আছে অসম। ২০২২ বৰ্ষত দেশৰ পৰা ৰপ্তানি হোৱা মুঠ সামগ্ৰীৰ ভিতৰত ০.১১ শতাংশ সামগ্ৰী ৰপ্তানি হৈছে অসমৰ পৰা। ২০২২ চনৰ ডিচেম্বৰ মাহলৈকে অসমে ৩,০৮১ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰিছিল, আৰু ২০২৩ চনৰ এপ্ৰিললৈকে এই সংখ্যা ৪,০০০ কোটি টকা অতিক্ৰম কৰাৰ আশা কৰা হৈছিল। ৰপ্তানি সামগ্ৰীসমূহৰ ভিতৰত চাহপাতৰ উপৰিও ভোট জলকীয়া, নেমু, জহা চাউল, ক’লা চাউল, আদা, ৰঙালাও, কঁঠাল, লিচু, বিন, হালধি, পাণ, হস্ততাঁত-বস্ত্ৰশিল্প আৰু বাঁহেৰে নিৰ্মিত সামগ্ৰী উল্লেখযোগ্য। এই সামগ্ৰীসমূহ লণ্ডন, মধ্যপ্ৰাচ্য, বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশলৈ ৰপ্তানি কৰা হৈছে। চাহৰ ভিতৰত সৰ্বাধিক হাৰত ৰপ্তানি কৰা হয় ব্লেক টী। ২০২১-২২ বিত্তীয় বৰ্ষত ০.৪৫ বিলিয়ন মার্কিন ডলাৰৰ সামগ্ৰী অসমৰ পৰা ৰপ্তানি কৰা হৈছিল । এই বৰ্ষটোত ভাৰতৰ পৰা ৰপ্তানি কৰা হৈছিল ৪২১.৮৯ বিলিয়ন মার্কিন ডলাৰৰ সামগ্রী। ইফালে ২০২২-২৩ বিত্তীয় বৰ্ষৰ ডিচেম্বৰ মাহলৈকে অসমৰ পৰা ৪,০১,৫৭৪ কুইণ্টল সামগ্ৰী ৰপ্তানি কৰা হৈছে বিভিন্ন দেশলৈ। ইয়াৰ মূল্য আছিল প্রায় ১৪০ কোটি টকা ।
২০২৪ চনত অসমে বিভিন্ন খণ্ডত ৰপ্তানি ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধন কৰিছে। বিশেষকৈ, কাজিনেমু (কাজি নিমু)ৰ উৎপাদন আৰু ৰপ্তানি উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। অসম চৰকাৰে কাজিনেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে, আৰু ৰাজ্যত বছৰি প্ৰায় ১.৫৮ লাখ মেট্ৰিক টন কাজিনেমু উৎপাদন হয়। যোৱা দুটা বছৰত অসমৰ পৰা প্ৰায় ৭০ হাজাৰ কাজিনেমু লণ্ডন আৰু মধ্য প্ৰাচ্যৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে, যি ৰাজ্যৰ অৰ্থনীতিৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ।
২০২৩-২৪ বিত্তীয় বৰ্ষত অসমে মৎস্য ৰপ্তানিত উল্লেখযোগ্য উন্নতি সাধন কৰিছে। এই সময়ছোৱাত ৰাজ্যখনে ১১,৪১১ মেট্ৰিক টন মাছ ৰপ্তানি কৰিছে, যি পূৰ্বৰ বৰ্ষসমূহতকৈ অধিক। উৎপাদনৰ ক্ষেত্ৰতো বৃদ্ধি পৰিলক্ষিত হৈছে; ২০২৩-২৪ বৰ্ষত মুঠ ৪.৭৪ লাখ মেট্ৰিক টন মাছ উৎপাদন কৰা হৈছে, যাৰ ফলত ৰাজ্যখন স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে। ২০২৪ বৰ্ষত অসমে মৎস্য আৰু চাহৰ ৰপ্তানিত উল্লেখযোগ্য উন্নতি সাধন কৰিছে, যি ৰাজ্যখনৰ অৰ্থনীতি আৰু কৃষি খণ্ডৰ বাবে এক শুভ সংকেত।
আনহাতে, মহিলাৰ উদ্যোগত উৎপাদিত চাহ, মছলা আৰু ছুপাৰ ফুডৰ দৰে বিভিন্ন সামগ্ৰী ওমানৰ মাচকাটলৈ সফলতাৰে ৰপ্তানি কৰা হৈছে। এই প্ৰচেষ্টাই উত্তৰ-পূব ভাৰতক ৰপ্তানি হাব হিচাপে গঢ়ি তোলাৰ দিশে এক গুৰুত্বপূর্ণ পদক্ষেপ
অসম চৰকাৰৰ উদ্যোগসমূহৰ ভিতৰত, আৰ্টফেডে ১৯৯৭ চনৰ পৰা জাপান, আমেৰিকা, দক্ষিণ আফ্ৰিকা, UK, মৰিচাছ, ইউৰোপীয় দেশসমূহ, ইজিপ্ত, দক্ষিণ আমেৰিকা আদি দেশসমূহত আন্তঃৰাষ্ট্ৰীয় মেলা আৰু সামগ্ৰী প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি আহিছে। এই প্ৰচেষ্টাৰ ফলত অসমৰ মুগা আৰু এৰি পাটৰ হাতে বোৱা ঘৰত ব্যৱহৃত বস্ত্ৰশিল্প আৰু হস্তশিল্পজাত বাঁহ, বেট, শিতলপাটিৰ সামগ্ৰীসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা বৃদ্ধি পাইছে। এনেকৈ অসমে এদিন বিশ্ববাসীৰ সন্মুখত নিজৰ নাম সোণালী আখৰেৰে জিলিকাবলৈ সক্ষম হব।