আজিৰ যুগত যৌন শিক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ চৌপাশৰ জগতখন যিদৰে পৰিৱর্তন হৈছে, আধুনিক ভাৰতত যৌন শিক্ষাৰ প্রাসংগিকতা অধিক শক্তিশালী হৈ উঠিছে ৷ ভাৰতত যৌন শিক্ষা যুগ যুগ ধৰি অৱহেলিত হৈ আহিছে। ইয়াক অনৈতিক বুলি গণ্য কৰা হয়, আৰু শিশুসকলক বিষয়বস্তুৰ পৰা আঁতৰাই ৰাখে । যৌন শিক্ষা বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অংশ হ’ব লাগে কাৰণ ইয়াৰ দ্বাৰা কিশোৰ-কিশোৰীসকলৰ জীৱনৰ মান উন্নত হ’ব। ই যৌন স্বাস্থ্য বুজি পোৱাৰ ভেটি স্থাপন কৰে৷ যৌন শিক্ষা হৈছে শিক্ষাৰ সেই দিশ য’ত শিশুক শৰীৰবিজ্ঞান, আচৰণ, প্ৰজনন, যৌন স্বাস্থ্য, যৌন পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে শিকোৱা হয়। ইয়াৰ উপৰিও আৱেগিক প্ৰতিক্ৰিয়া আৰু যৌন সংক্ৰামক ৰোগৰ বিষয়ে শিকোৱাটোও সামৰি লোৱা হৈছে। যৌন শিক্ষাক স্বাভাৱিক বিষয় হিচাপে বিদ্যালয়ত যৌন শিক্ষাৰ পাঠদান অন্তৰ্ভুক্ত কৰিব লাগে। যৌন শিক্ষা সাংস্কৃতিকভাৱে সংবেদনশীল আৰু সৰ্বাংগীন হ’ব লাগে। যৌন শিক্ষা আগতীয়াকৈ শিকাব লাগে, যাতে শিশুৱে যৌৱনকালৰ শাৰীৰিক পৰিৱৰ্তনৰ লগতে স্বাস্থ্যজনিত জ্ঞান লাভত সহায় কৰে। ভাৰতবৰ্ষৰ বিদ্যালয়ত যৌন শিক্ষা প্ৰদান কৰা নহয়, যৌন শিক্ষাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ এতিয়াও সাজু হোৱা নাই স্কুল ব’ৰ্ড। যৌন শিক্ষাৰ বিৰোধিতা প্ৰায়ে অভিভাৱক, ৰক্ষণশীল ধৰ্মীয় সংগঠন, কেবিনেট মন্ত্ৰীয়ে কৰে। ২০০৯ চনৰ এপ্ৰিলত এম ভেংকয়া নাইডুৰ দৰে নেতাই প্রকাশ কৰে যে AEP (Adolescence Education Programme) য়ে ভাৰতীয় সাংস্কৃতিক মূল্যবোধৰ ভেটিক দুৰ্বল কৰিব, ভাৰতীয় যুৱক-যুৱতীক বিপথগামী কৰিব, ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ভেটি উচন কৰিব আৰু যুৱতীসকলৰ কুমাৰীত্ব কম বয়সতে শেষ হ’ব। বর্তমান দেশৰ মাত্র ৫ খন ৰাজ্যতহে এই প্রগ্রাম চলি আছে, আৰু ২০০১১-২০০১২ চনত UNFPA (United Nations Population Fund)ৰ দ্বাৰা চলোৱা এটা অধ্যয়নৰ পৰা এই কথা পোহৰলৈ আহিছে যে যিকেইখন ৰাজ্যত AEP চলি আছে তাত জনসংখ্যা নিয়ন্ত্রণ, যৌন ৰোগ, ধর্ষণ আদি সমস্যাসমূহৰ যথেষ্টপৰিমাণে সজাগতা আৰু সচেতনতা বৃদ্ধি পাইছে আৰু ই কাৰ্যকৰী হৈছে।
যৌন ভাৰতত যৌন শিক্ষা গুৰুত্বপূৰ্ণ কাৰণ ই যুৱক-যুৱতীসকলক তেওঁলোকৰ শৰীৰৰ বিষয়ে বুজিবলৈ , জ্ঞাত সিদ্ধান্ত লোৱাত , যৌন নিৰ্যাতন আৰু শোষণৰ পৰা নিজকে ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই তেওঁলোকৰ সুস্থ সম্পৰ্ক গঢ়ি উঠাত আৰু আনৰ প্ৰতি সহানুভূতি সৃষ্টি কৰাত হয়। যৌন সম্পৰ্ক স্থাপনৰ লগতে যৌন সুস্থতাৰ বিষয়ে শিশু অৱস্থাৰ পৰা যুৱ প্ৰজন্মলৈ সম্যক জ্ঞান দিয়াৰ প্ৰয়োজন। যৌনতাবিদ, মনোবিজ্ঞানী আৰু আচৰণ বিজ্ঞানীসকলৰ মতামত যে কিশোৰ-কিশোৰীসকলে যৌনতাৰ প্ৰতি কৌতুহলী। তেওঁলোকৰ শৰীৰটোৱে এটা ৰূপান্তৰৰ মাজেৰে পাৰ হৈ গৈ আছে আৰু তেওঁলোকে এই পৰিৱৰ্তনবোৰ বুজিব বিচাৰে, এই ক্ষেত্ৰত সহায় কৰে যৌন শিক্ষাই ।তেওঁলোকে বিশ্বাস কৰে যে যৌন শিক্ষা আজিও এক নিষেধাজ্ঞা। ভাৰতৰ গ্ৰাম্য অঞ্চলত প্ৰদান কৰা যৌন শিক্ষা নগৰীয়া অঞ্চলতকৈ তুলনামূলকভাৱে শোচনীয়। যৌন শিক্ষা মূলতঃ প্রজনন স্বাস্থ্য শিক্ষাৰ মাজতে সীমাবদ্ধ।
২০১২ চনত ‘লণ্ডন ছামিট অন ফেমিলি প্লেনিং’ ত ভাৰতে ২০২০ চনৰ ভিতৰত ২৩৪ নিযুত কিশোৰ আৰু ২০ কোটি দম্পতীক পৰিয়াল পৰিকল্পনা সেৱা আৰু যোগানৰ বিনামূলীয়া সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্রুতি দিছিল। কিন্তু ইয়াৰ সফলতা আজিও প্ৰশ্নবোধক হৈয়ে আছে।২০০৭ চনত কিশোৰ-কিশোৰী শিক্ষা কাৰ্যসূচী (AEP) নামেৰে চৰকাৰী কাৰ্যসূচী আৰম্ভ হৈছিল যদিও বিভিন্ন ৰাজ্যত ইয়াৰ তীব্ৰ প্ৰতিবাদ চলিছিল গতিকে বিদ্যালয়ত এই কাৰ্যসূচী সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নগ’ল। শিক্ষকসকলে প্ৰশ্নৰ উত্তৰ দিয়াত ব্যৰ্থ হয় বা যৌন বিষয়ৰ ওপৰত মুকলিকৈ শিকোৱাত ব্যৰ্থ হয়। কিছুমান সমীক্ষাত দেখা গৈছিল যে মহিলাসকলে বিবাহৰ পূৰ্বে যৌন ঘনিষ্ঠতাৰ বিষয়ে বিশেষ একো নাজানে। তেওঁলোকে দাবী কৰে যে কৈশোৰ বা আনকি বিবাহযোগ্য বয়সতো তেওঁলোকক শাৰীৰিক ঘনিষ্ঠতা বা গৰ্ভনিৰোধৰ বিষয়ে একো শিকোৱা হোৱা নাছিল। ই এক দুখজনক আৰু বিপদজনক বিষয়। বৈজ্ঞানিক পৰিসংখ্যাই দাবী কৰিছে যে ১২ৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশুৱে এইচ আই ভি (HIV) সংক্ৰমণত আক্ৰান্ত হোৱাৰ প্ৰৱণতা বেছি।
উত্তৰ-পূবকে ধৰি সমগ্ৰ ভাৰতৰ জনসংখ্যাৰ প্ৰায় এক-পঞ্চমাংশই হৈছে কিশোৰ-কিশোৰী। চাৰি দশক পূৰ্বেই ভাৰতত মহিলাৰ বিবাহৰ বয়স ১৮ বছৰ আৰু পুৰুষৰ ২১ বছৰ কৰি আইন কৰা হৈছিল যদিও এতিয়াও ভাৰতত বাল্য বিবাহ ব্যাপকভাৱে প্ৰচলিত। পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (NFHS-5)-ৰ তথ্য মতে ভাৰতত ২০ৰ পৰা ২৪ বছৰ বয়সৰ ২৩ শতাংশ মহিলাই ১৮ বছৰত ভৰি দিয়াৰ আগতেই বিবাহপাশত হৈছিল। আনহাতে উত্তৰ-পূবৰ ছবিখন আৰু দুখলগা, ত্ৰিপুৰাত ৪০.১ শতাংশ মহিলা ১৮ বছৰ বয়সৰ আগতে বিবাহপাশত আৱদ্ধ হোৱাৰ বিপৰীতে অসমত ৩১.৮ শতাংশ মহিলা ১৮ বছৰ নহওঁতেই বিয়াত বহিছিল। মণিপুৰত বাল্য বিবাহ ২০১৫-১৬ বৰ্ষত ১৩.৭ শতাংশৰ পৰা ২০১৯-২১ বৰ্ষত ১৬.৩ শতাংশলৈ বৃদ্ধি পাইছে।
একেদৰে অকালতে গৰ্ভধাৰণ কৰাৰ ক্ষেত্ৰতো উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰিস্থিতি ভাল নহয়। সৰ্বভাৰতীয় স্তৰত ৬.৮ শতাংশ মহিলা ১৫-ৰ পৰা ১৯ বছৰৰ ভিতৰত গৰ্ভৱতী হোৱাৰ বিপৰীতে উত্তৰ-পূবৰ চাৰিখন ৰাজ্য (অসম. মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা)-ৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি। ত্ৰিপুৰাত কিশোৰীৰ গৰ্ভৱতীৰ হাৰ সৰ্বাধিক ২১.৯ শতাংশ আৰু মেঘালয়ত ৭.২ শতাংশ। আনহাতে, ভাৰতত ১৫ৰ পৰা ২৪ বছৰ বয়সৰ ২৩ শতাংশ মহিলাই ঋতুস্ৰাৱৰ সময়ত কোনোধৰণৰ স্বাস্থ্যসন্মত পদ্ধতি গ্ৰহণ নকৰে। অসমত এই হাৰ ৩৪ শতাংশ আৰু মেঘালয় আৰু ত্ৰিপুৰাত ক্ৰমে ৩৫ আৰু ৩১ শতাংশ।
বেছিভাগ শিশুৱে যৌৱনকাললৈকে যৌন সম্পৰ্কৰ বিষয়ে একো নাজানে। যৌৱনকালত ইহঁতে শৰীৰৰ অপৰিসীম পৰিৱৰ্তনৰ মাজেৰে পাৰ হয় যিয়ে তেওঁলোকক বিভ্ৰান্ত কৰিব পাৰে। তেওঁলোকে গুগলৰ চাৰ্চ ইঞ্জিন আৰু বন্ধুৰ জৰিয়তে তথ্যৰ ওপৰত নিৰ্ভৰ কৰে যিটো অতি ভুল। ই বিকল্প নহয় বৰঞ্চ প্ৰয়োজনীয়তা হ’ব লাগে। যৌন শিক্ষাৰ অভাৱত ইণ্টাৰনেটৰ পৰা লাভ কৰা তথ্যই তেওঁলোকক যৌনতা, যৌন স্বাস্থ্য, আৰু যৌন সুস্থতাৰ বিষয়ে ভুল ধাৰণা দিব পাৰে। গতিকে আজিৰ দিনত যৌন শিক্ষাক অগ্ৰাধিকাৰ দিব লাগ । পৰ্ণ বা যৌন বিষয়বস্তুৰ পৰা অহা ভুল তথ্য আৰু ভুল প্ৰভাৱৰ বিৰুদ্ধে যুঁজিবলৈও যৌন শিক্ষা গুৰুত্বপূৰ্ণ ৷ শিশুসকলক যৌন কাৰ্যকলাপৰ বিষয়ে শিকাব লাগে আৰু তেওঁলোকে কেনেকৈ সংক্ৰমণত আক্ৰান্ত হ’ব পাৰে সেই বিষয়ে জ্ঞাত কৰিব লগে। অসুৰক্ষিত যৌন সংস্পৰ্শৰ পৰিণতিৰ বিষয়েও জানিব লাগে। নিৰাপদ যৌন পদ্ধতিৰ বিষয়ে জানিলে তেওঁলোকক যৌন সংক্ৰামক ৰোগ আৰু অবাঞ্চিত গৰ্ভাৱস্থাৰ পৰা ৰক্ষা পাব পাৰি।
যৌন শিক্ষাই নেতিবাচক ফলাফল ৰোধ কৰাত সহায় কৰিব পাৰে আৰু মানুহে কি অৱস্থাত পৰিছে সেই কথা জানি সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে। একেদৰে গৰ্ভনিৰোধক ঔষধ সহজে উপলব্ধ কৰিব লাগে, যাতে কিশোৰ-কিশোৰীসকলেও কাৰোবাৰ লগত অন্তৰংগ হোৱাৰ সিদ্ধান্ত ল’লে প্ৰতিৰোধমূলক ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰে। শিশুসকলে বেয়া স্পৰ্শ আৰু ভাল স্পৰ্শৰ পাৰ্থক্য বুজিব লাগিব। যৌন নিৰ্যাতন ভয়ংকৰ আৰু ই শিশুৰ ওপৰত চিৰদিনৰ বাবে প্ৰভাৱ পেলাব পাৰে। প্ৰতিটো সম্ভাৱনাৰ প্ৰতি সতৰ্ক হৈ বিষয়টোক সাৱধানে চোৱা-চিতা কৰাটো প্ৰয়োজন। ২০২৪ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে যৌন অপৰাধ হ্ৰাস আৰু ভুল ধাৰণা দূৰ কৰিবলৈ সৰ্বাংগীন যৌন শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আদালতে কয় যে যৌন শিক্ষা কোনো পশ্চিমীয়া ধাৰণা নহয় আৰু ই পৰম্পৰাগত ভাৰতীয় মূল্যবোধৰ সৈতে সামঞ্জস্যপূৰ্ণ। আদালতে কয় যে যৌন শিক্ষাৰ বিষয়ে ভুল ধাৰণাই ইয়াৰ কাৰ্যকৰীকৰণ আৰু ফলপ্ৰসূতাত বাধাৰ সৃষ্টি কৰিছে। পাঠ্যক্ৰম সামগ্ৰিক হ’ব লাগে লগতে পাঠ্যক্ৰমত ব্যৱহাৰিক দক্ষতা আৰু বৈজ্ঞানিকভাৱে সঠিক তথ্য থাকিব লাগে।
যৌনতাৰ ক্ষেত্ৰত ভাৰত আজিও এখন ৰক্ষণশীল সমাজ। যৌন শিক্ষা বৰ্তমান সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ে সকলো সজাগ হোৱাৰ সময়। যৌন শিক্ষাক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিবলৈ শিক্ষকসকলক প্ৰশিক্ষণ দিয়া উচিত। কেৱল তথ্য প্ৰচাৰৰ ক্ষেত্ৰতে নহয়, কাউন্সেলিং আৰু অন্যান্য প্ৰকাৰৰ সেৱা প্ৰদানৰ ক্ষেত্ৰতো যে প্ৰযুক্তিয়ে এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে। যৌনতাৰ ওপৰত নিষেধাজ্ঞা আৰু ভুল ধাৰণা প্ৰায়ে প্ৰচলিত। ভাৰতত বিদ্যালয় আৰু সম্প্ৰদায়ত ব্যাপক যৌন শিক্ষাৰ প্ৰৱৰ্তনে কিশোৰীৰ গৰ্ভধাৰণ, যৌন সংক্ৰমণ (STI), লিংগভিত্তিক হিংসা, বৈষম্য আদি জৰুৰী বিষয়সমূহৰ সমাধান কৰিব পাৰে। দ্ৰুতগতিত বিকশিত হোৱা এখন পৃথিৱীত ভাৰতে যৌন স্বাস্থ্য আৰু সজাগতাৰ গুৰুত্বক উপেক্ষা কৰিব নোৱাৰে। সু-গাঁথনিযুক্ত, সংবেদনশীল যৌন শিক্ষা কাৰ্যসূচী ৰূপায়ণ কৰাটো কেৱল এক প্ৰয়োজনীয়তাই নহয়, ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য আৰু মৰ্যাদা ৰক্ষাৰ দিশত এক পদক্ষেপ। গতিকে যৌন শিক্ষা নিষিদ্ধ নহয়,
প্ৰয়োজনীয়তা হে !