প্লাষ্টিক প্ৰদূষণ বৰ্তমান সময়ৰ অন্যতম উল্লেখযোগ্য প্ৰত্যাহ্বান হৈ পৰিছে, যিয়ে পৰিৱেশ তন্ত্ৰ, মানৱ স্বাস্থ্য আৰু গ্ৰহটোৰ সামগ্ৰিক মংগলৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। এই বিষয়টোৰ জৰুৰীতাক আমি স্বীকাৰ কৰি বহনক্ষম সমাধান বিচাৰিবলৈ সামূহিকভাৱে কাম কৰাৰ সময় আহি পৰিছে। এই প্ৰদূষণে সাগৰীয় জীৱ, স্থলজ পৰিৱেশ তন্ত্ৰ, আনকি মানুহৰ স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পেলায়। প্লাষ্টিক প্ৰদূষণে পৰিৱেশ তন্ত্ৰত বিধ্বংসী ৰূপ ধাৰণ কৰে, প্ৰাকৃতিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মায় আৰু জৈৱ বৈচিত্ৰ্য বিপন্ন কৰে।
আজিৰ পৰা ত্ৰিশ বছৰমান আগতে আজিৰ দৰে সণ্ঢালনিকৈ প্লাষ্টিকৰ সামগ্ৰী পোৱা নগৈছিল। সেই সময়ত ধাতৱ বস্তুহে বেছি দেখা গৈছিল। কিন্তু পাছলৈ ধাতুৰ ঠাই ল’বলৈ ধৰিলে প্লাষ্টিকে। কলমটোৰ পৰা চেণ্ডেললৈ, মগৰ পৰা বিচনালৈ— সকলোবোৰ প্লাষ্টিকে অধিকাৰ কৰিলে। পিছে অতি কম দিনৰ ভিতৰতে আশীৰ্বাদ যেন লগা প্লাষ্টিক অভিশাপলৈ ৰূপান্তৰিত হ’ল। প্লাষ্টিক অৱৰ্জনাই পৃথিৱী চানি ধৰিলে। এই আৱৰ্জনা সহজে নপচে বাবে ইয়াৰ নাম অপচনীয় আৱৰ্জনা হ’ল। প্লাষ্টিকৰ আৱৰ্জনা পচি নাযায় বাবে এইবোৰ পুৰি বা পুতি পেলোৱা হয়। প্লাষ্টিক পুৰিলে ইয়াৰ ধোঁৱা আৰু গোন্ধে বায়ু প্ৰদূষিত কৰে। পুতিলে মাটি প্ৰদূষিত হয়। এনে প্ৰদূষিত মাটিত হোৱা খেতিৰ ফচলতো প্লাষ্টিক সোমাই যায়। এনে প্ৰদূষণক মাইক্ৰ’প্লাষ্টিক প্ৰদূষণ বোলে। প্লাষ্টিকৰ সৰু কণিকাবোৰ ইমান সৰু যে ইয়াক চকুৰে মনিব নোৱাৰি। প্লাষ্টিক পুৰিলে তৈয়াৰ হোৱা ধোঁৱাই বায়ুলৈ মাইক্ৰ’প্লাষ্টিক প্ৰদূষণ আনিছে। অৰ্থাৎ আমি উশাহতো প্লাষ্টিক গ্ৰহণ কৰিব লগা হৈছে!
বিশ্বজুৰি প্লাষ্টিক প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ১৯৫০ চনৰ পৰা ছিনথেটিক পলিমাৰ প্লাষ্টিকৰ উৎপাদন ২৩০ গুণ বৃদ্ধি হৈছে। বিশ্বত প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে। যাৰ ফলত পৰিৱেশত ইয়াৰ আৱৰ্জনাও বৃদ্ধি পাইছে । প্লাষ্টিকৰ পৰিমাণ হ্ৰাস নকৰিলে ই ২০৬০ চনলৈ তিনিগুণলৈ বৃদ্ধি হ’ব। ভাৰতে বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ এক পঞ্চমাংশত অৰিহণা যোগায়, যোৱা সপ্তাহত নেচাৰ আলোচনীত প্ৰকাশিত এক অধ্যয়নত এই তথ্য পোৱা গৈছে। ভাৰতে প্ৰতি বছৰে প্ৰায় (India world’s biggest plastic polluter) ৫.৮ নিযুত টন (মেট্ৰিক টন) প্লাষ্টিক জ্বলাই আৰু পৰিৱেশত (ভূমি, বায়ু, পানী) আৱৰ্জনা হিচাপে আন ৩.৫ মিটাৰ প্লাষ্টিক মুকলি কৰে। সামগ্ৰিকভাৱে, ভাৰতে বিশ্বত বছৰি ৯.৩ মিটাৰ প্লাষ্টিক প্ৰদূষণত অৰিহণা যোগায় (9.3 million tonnes) যি এই তালিকাৰ পৰৱৰ্তী দেশবোৰতকৈ যথেষ্ট বেছি ।ভাৰতত প্ৰতিদিনে প্ৰায় ২৬,০০০ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন হয় ।ভাৰতৰ প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ মাত্ৰ এটা অংশহে পুনঃব্যৱহাৰ কৰা হয়, আৰু বাকীবোৰৰ বহুখিনি লেণ্ডফিল, জলভাগ, আৰু মহাসাগৰত শেষ হয়।ভাৰতত প্লাষ্টিকৰ আৱৰ্জনা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে, যাৰ ইন্ধন যোগোৱা কাৰণ কেইটা হৈছে দ্ৰুত নগৰায়ন, জনসংখ্যা বৃদ্ধি, আৰু অৰ্থনৈতিক উন্নয়ন। চহৰ অঞ্চলত প্লাষ্টিক আৰু পেকেজিং সামগ্ৰীৰ চাহিদা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ভাৰতৰ জনমূৰি প্লাষ্টিকৰ ব্যৱহাৰ বছৰি প্ৰায় ১১ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। ঔদ্যোগীকৰণ নগৰীকৰণৰ লগে লগে এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশা কৰা হৈছে।
বৰ্তমান দৈনন্দিন জীৱনত এক অপৰিহাৰ্য সামগ্ৰী হৈ পৰিছে প্লাষ্টিক৷ শাক-পাচলিৰ বজাৰৰ পৰা কাপোৰ-কানিৰ বিপণী সকলোতে বৰ্তমান পলিথিন বেগৰ বহুল ব্যৱহাৰ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী হিচাপেও প্লাষ্টিকৰ যথেষ্ট সমাদৰ আছে৷ ইয়াৰ মূল কাৰণটো হৈছে, প্লাষ্টিকৰ সামগ্ৰীবোৰৰ মূল্য তুলনামূলকভাৱে কম হোৱাৰ লগতে এই সামগ্ৰীবোৰ সহজে এঠাইৰ পৰা আন ঠাইলৈ অনা-নিয়া কৰাত সুচল৷ নিত্য-ব্যৱহাৰ্য এই প্লাষ্টিকৰ সামগ্ৰীবোৰে প্ৰদূষক হিচাপে কাম কৰাৰ লগতে এইবোৰ জীৱকুলৰ স্বাস্থ্যৰ বাবে হানিকাৰক বুলি জনা সত্ত্বেও পৃথিৱীৰ বহু দেশত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিব নোৱৰাটো দুৰ্ভাগ্যৰ বিষয়৷ শেহতীয়াভাৱে ব্ৰিটেইনৰ ইউনিভাৰ্ছিটী অৱ লীডছৰ গৱেষণাৰ এটা প্ৰতিবেদনত যি তথ্য প্ৰকাশ পাইছে সেয়া ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ প্ৰতিবেদনটোত কোৱা হৈছে যে ভাৰত হৈছে বৰ্তমান বিশ্বৰ সৰ্বাধিক প্লাষ্টিক প্ৰদূষণ সৃষ্টি কৰা দেশ৷ প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে বিশ্বত প্ৰতিবছৰে প্ৰায় ৫ লাখ ৭০ লাখ টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়, আৰু যিবোৰ দেশত সৰ্বাধিক প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়, সেই দেশবোৰৰ আগস্থানত ভাৰতৰ লগতে নাইজেৰিয়া, ইণ্ডোনেছিয়া, চীন আৰু পাকিস্তানৰ দৰে দেশ আছে৷ চীন এটা সময়ত এই তালিকাৰ শীৰ্ষত আছিল যদিও এই প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰাৰ ক্ষেত্ৰত দেশখনে লোৱা ইতিবাচক পদক্ষেপৰ বাবে শেহতীয়াভাৱে শীৰ্ষস্থানৰ পৰা চতুৰ্থ স্থানলৈ অৱনমন ঘটিছে চীনৰ৷ ভাৰতৰ ক্ষেত্ৰত দেখা যায় যে দেশখনত ২০২২ চনত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ সংশোধিত নীতি কাৰ্যকৰী কৰা হৈছিল, য’ত ১৯ প্ৰকাৰৰ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল৷ কিন্তু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ভাৰতত প্লাষ্টিক প্ৰদূষণৰ প্ৰায় ৫৩ শতাংশৰ কাৰক হৈছে অসংগৃহীত গোটা আৱৰ্জনা আৰু ৩৮ শতাংশৰ বাবে দায়ী হৈছে মুকলি ঠাইত আৱৰ্জনাবোৰ পুৰি পেলোৱা ব্যৱস্থা৷ দেশত সৃষ্টি হোৱা প্লাষ্টিক আৱৰ্জনাৰ প্ৰায় ৯৫ শতাংশ সংগ্ৰহ কৰা হয় বুলি চৰকাৰে দাবী কৰে যদিও ইউনিভাৰ্ছিটী অৱ লীডছৰ গৱেষকৰ প্ৰতিবেদনত কোৱা হৈছে যে প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যি তথ্য দাঙি ধৰিছে, সেই তথ্যত গ্ৰামাঞ্চলক সাঙুৰি লোৱা হোৱা নাই৷ গ্ৰামাঞ্চলৰ অসংগৃহীত পেলনীয়া সামগ্ৰী আৰু মুকলি ঠাইত প্লাষ্টিক আৱৰ্জনা পুৰি পেলোৱাৰ তথ্য আহৰণ কৰিব নোৱৰাৰ বাবে প্লাষ্টিকসৃষ্ট প্ৰদূষণৰ প্ৰকৃত চিত্ৰ স্পষ্ট নহয়৷ প্লাষ্টিকসৃষ্ট প্ৰদূষণৰ প্ৰকৃত তথ্য জানিবলৈ হ’লে অসংগৃহীত পেলনীয়া সামগ্ৰীৰ তথ্য জনাটো জৰুৰী৷ কিয়নো সঠিকভাৱে আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থা কৰা নহ’লে সৰ্বসাধাৰণৰ সেই সামগ্ৰীবোৰ দ’মাই থোৱা অথবা মুকলি ঠাইত সেইবোৰ জ্বলাই দিয়াৰ প্ৰৱণতা থাকে৷ প্লাষ্টিক সামগ্ৰী জ্বলাই দিলে আৱৰ্জনা হ্ৰাস পায় ঠিকেই, কিন্তু মুকলি ঠাইত সেইবোৰ জ্বলোৱাৰ ফলত তাৰ পৰা ওলোৱা ধোঁৱাই মানৱ শৰীৰৰ ক্ষতি কৰে৷ সমগ্ৰ ভাৰতবৰ্ষত প্ৰতি বছৰে ৫৮ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা মুকলিকৈ জ্বলোৱা হয়, মূলতঃ গ্ৰাম্য অঞ্চল আৰু চহৰৰ বস্তিত। এই প্ৰথাই কেৱল বায়ু প্ৰদূষণত অৰিহণা যোগোৱাই নহয়, ক্ষতিকাৰক প্ৰদূষকসমূহো নিৰ্গত কৰে ।ডাইঅক্সিনৰ দৰে ক্ষতিকাৰক প্ৰদূষক বতাহত নিৰ্গত কৰে। এই বিষাক্ত পদাৰ্থই শ্বাস-প্ৰশ্বাসজনিত ৰোগ সৃষ্টি কৰাৰ লগতে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি জনা যায়। স্থানীয় লোকৰ স্বাস্থ্যত প্ৰভাৱ পৰে আৰু জলবায়ু পৰিৱৰ্তন আৰু তীব্ৰতৰ হয়। ভাৰতৰ অপৰ্যাপ্ত আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থাৰ লগতে অবাধ মুকলিকৈ জ্বলোৱা ব্যৱস্থাই প্লাষ্টিকৰ আৱৰ্জনা পৰিচালনা কৰাটো আৰু অধিক ভয়ংকৰ কৰি তুলিছে। আনুমানিকভাৱে মুঠ প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ প্ৰায় ৩০% অনিয়ন্ত্ৰিত লেণ্ডফিলত পেলোৱা হয়, য’ত ই মাটি আৰু জলভাগত ৰাসায়নিক পদাৰ্থ লিচ কৰিব পাৰে।
দাবী কৰা হৈছিল যে ২০২২ চনৰ পৰা পৰ্যায়ক্ৰমে ভাৰতত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ সম্পূৰ্ণ নোহোৱা কৰিব পৰা যাব৷ এইক্ষেত্ৰত আইনো কাৰ্যকৰী কৰা হৈছে৷ কিন্তু দেখা গৈছে যে বিভিন্ন ক্ষেত্ৰত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস পোৱা নাই৷ চৰকাৰৰ নিষেধাজ্ঞাৰ পাছতো ভাৰতত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব নোৱৰাৰ কাৰণ কি বাৰু?নিয়ন্ত্ৰণমূলক নিষেধাজ্ঞাৰ পিছতো ভাৰতৰ মুঠ প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ ৪৩% এতিয়াও একক ব্যৱহাৰৰ প্লাষ্টিকৰে গঠিত, ইয়াৰ মূল কাৰণ হৈছে দুৰ্বল বলবৎকৰণ আৰু সুলভ বিকল্পৰ অভাৱ। প্ৰকৃততে উপযুক্ত বিকল্পৰ অভাৱৰ বাবেই ভাৰতত এনে বহু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ হৈ আছে, যিবোৰ পুনৰ ব্যৱহাৰযোগ্য নহয়৷ তাৰ উপৰি পেলনীয়া সামগ্ৰী সংগ্ৰহৰ ব্যৱস্থা সঠিক নহ’লে প্লাষ্টিকসৃষ্ট প্ৰদূষণ ৰোধ কৰাটো সম্ভৱ নহ’ব৷ দেশখনত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰাৰ লগতে প্লাষ্টিকৰ আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰাৰ ব্যৱস্থা কৰিলে সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পৰা যাব৷