Skip to content

জিলাভিত্তিক উৎপাদন আঁচনি ‘এক জিলা, এক উৎপাদন’ য়ে ৰাজ্যত অগ্ৰগতি লাভ কৰিলে নে ?

Dr Netraranjan
January 27, 20255 second read
One District, One Production

উজনি অসমত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল এখন আঁচনিৰ কাম, আঁচনিখন হৈছে ‘এক জিলা এক উৎপাদন’। এই পৰিকল্পনা সফল ৰূপ পালেই অসমৰ থলুৱা ব্যৱসায়ী সকলৰ উৎপাদিত সামগ্ৰীৰে ভৰি পৰিব দেশ-বিদেশৰ বজাৰ। জিলাখনত অগ্রাধিকাৰ ভিত্তিত এবিধ সামগ্ৰীৰ উৎপাদনৰ লক্ষ্যৰে আজিৰ পৰা ছয় বছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল এই অভিলাষী আঁচনিৰ। এখন সুসংহত বজাৰৰ সৃষ্টি আৰু সামগ্ৰীবিধক উদ্যোগলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে কেন্দ্রই আৰম্ভ কৰা এই আঁচনিখন যেন অসমৰ প্ৰেক্ষাপটত আধাতে উজুতি খাই পৰিছে। বিভিন্ন বিভাগৰ মাজত সমন্বয়হীনতা, আঁচনিৰ ৰূপায়ণত প্রদর্শন কৰা অকর্মণ্যতাৰ বাবেই অসমত আজিপর্যন্ত এক জিলা এক উৎপাদনক আগবঢ়াই নিয়াত শোচনীয়ভাবে ব্যর্থ হোৱা দেখা গৈছে। খাদ্য সংশাধন মন্ত্ৰ্যালয়ৰ উদ্যোগত ২০১৮ চনত এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। এই আঁচনিখনৰ উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি প্রধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে এই আঁচনিৰ জৰিয়তে প্রতিখন জিলাই একো একোবিধ সামগ্ৰী ৰপ্তানি কৰাৰ লক্ষ্য স্থিৰ কৰিব লাগিব। সেই উদ্দেশ্যেই অসমতো ৩৩ খন জিলাত আঁচনিখন ৰূপায়ণ কৰিবলৈ লয়। এই আঁচনিখনৰ বাবে উদ্যোগ বাণিজ্য বিভাগক নডেল বিভাগ হিচাপে দায়িত্ব দিয়া হয় যদিও বিভাগটোৰ সৈতে সংশ্লিষ্ট সামগ্ৰীৰ উৎপাদনৰ সৈতে জড়িত থকা বিভাগৰ কোনো সমন্বয় নথকাত আঁচনিখনৰ ৰূপায়ণ আধাতে স্তব্ধ হৈ পৰিছে। লক্ষণীয়ভাবে এনে ঘটনাও ঘটিছে যে কেন্দ্ৰৰ দ্বাৰা আবণ্টিত ধন সংশ্লিষ্ট বিভাগে যিখন জিলাত ব্যয় কৰিব লাগিছিল, সেই জিলাত ব্যয় নকৰি অন্য জিলাত অনর্থক ব্যয় কৰাৰ অভিযোগ উঠিছে। আন এক অভিযোগ মতে ৰাজ্যত যিখন জিলা পূৰ্বৰে পৰা যিবিধ সামগ্রী উৎপাদনত চহকী, সেইখন জিলাত সেই সামগ্রী উৎপাদনৰ লক্ষ্য স্থিৰ নকৰি অন্য জিলাত তেনে সামগ্রী উৎপাদনৰ লক্ষ্য লোৱাৰ বাবে আঁচনিখন কার্যতঃ বিফল হোৱাৰ দিশে আগবাঢ়িছে।

উল্লেখ্য যে এক জিলা এক উৎপাদন আঁচনিৰ জৰিয়তে অসমৰ ৩৩ জিলাৰ নিৰ্দিষ্ট উৎপাদিত সামগ্রীসমূহ এনেধৰণৰ- বাক্সাত মৌ, বৰপেটাত দুগ্ধজাত সামগ্রী, বিশ্বনাথ চাৰিআলিত আলু, বঙাইগাঁৱত হালধি, কাছাৰত আনাৰস, চৰাইদেউত চাউলৰ (কোমল)ৰ পৰা উৎপাদিত সামগ্ৰী, চিৰাঙত নেমু, দৰঙত সৰিয়হ, ধেমাজিত সৰিয়হ, ধুবুৰীত জলকীয়া, ডিব্ৰুগড়ত সৰিয়হ, ডিমা হাচাওত আদা, গোৱালপাৰাত কল, গোলাঘাটত ক’লা চাউল, হোজাইত কুঁহিয়াৰৰ পৰা উৎপাদিত (Jagger, Wine) সামগ্ৰী, যোৰহাটত জলকীয়া, কামৰূপ মহানগৰত আচাৰ, কাৰ্বি আংলঙত আদা, কৰিমগঞ্জত ছুপাৰি, কোকৰাঝাৰত মাছৰুম, লখিমপুৰত গাহৰি, মাজুলীত সৰিয়হ, মৰিগাঁৱত চিনাবাদাম, নলবাৰীত ধান, নগাঁৱত আচাৰ, শিৱসাগৰত ধান, শোণিতপুৰত কঁঠাল, দক্ষিণ শালমৰাত কাজু বাদাম, তিনিচুকীয়াত সুমথিৰা-ৰবাব, ওদালগুৰিত আলু আৰু পশ্চিম কাৰ্বি আংলঙত আদা। আঁচনিখনত কোৱা হৈছিল যে যিখন জিলাত পূৰ্বৰে পৰা যি সামগ্রী উৎপাদনত চহকী হৈ সামগ্রীবিধক লৈ আঁচনিখন ৰূপায়ণ হ’ব লাগে। কিন্তু অসমৰ সৰহসংখ্যক জিলাতে সেয়া দেখা নগ’ল। ডিব্ৰুগড়, ধেমাজি, মাজুলী জিলাত সৰিয়হ উৎপাদনক লক্ষ্য হিচাপে ল’বলৈ দিয়া হৈছে যদিও বিগত দুটা বছৰত ন্যূনতম সমর্থন মূল্যৰ আধাৰত সৰ্বাধিক সৰিয়হ বিক্ৰী কৰা জিলাকেইখন হ’ল ধুবুৰী, দৰং, উত্তৰ লখিমপুৰহে। তেনেদৰে শিৱসাগৰ-চৰাইদেউ-নলবাৰীক ধান উৎপাদন বা চাউলৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰস্তুতৰ বাবে লক্ষ্য স্থিৰ কৰি দিয়া হৈছে যদিও বিগত বৰ্ষবোৰত উক্ত জিলাৰ তুলনাত ধান উৎপাদনত আগবাঢ়ি থকা জিলা আন কেইবাখনো আছে। ইফালে কোৱা হয় পূৰ্বৰে পৰাই ধুবুৰী জিলা মৰাপাট উৎপাদনত অগ্রণী জিলা। তেনেদৰে কামৰূপ মহানগৰ জিলাক কি ভিত্তিত আচাৰ উৎপাদনৰ লক্ষ্য বান্ধি দিয়া হ’ল, সেয়া আজিও এক প্ৰশ্ন হৈয়ে ৰল।

ইফালে দেখা গৈছে যে বিভিন্ন সময়ত আঁচনিখন ৰূপায়ণ কৰিবলৈ যাওঁতে কোনো কোনো জিলাত আঁচনিত নথকা সামগ্ৰীৰ নামতো কেন্দ্রীয় চৰকাৰে ধন ব্যয় কৰিছে। উদাহৰণস্বৰূপে ‘এক জিলা এক উৎপাদন’ৰ আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰাজ্যৰ ৰেচম বিভাগে মাজুলীত এৰী শিল্পৰ সমন্বিত বিকাশৰ বাবে ৮.৮৮ কোটি টকাৰ ব্যয়সাপেক্ষে ‘ছিল্ক সমগ্র’ নামৰ আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে। কেৱল সেয়াই নহয়, এই আঁচনিৰ অধীনত ৩৬৭ টা ক্ষুদ্র খাদ্য সংশাধন গোটৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঋণৰ বিপৰীতে ৫.৪০ কোটি টকাৰ ৰাজসাহায্য প্রদান কৰিছে।

তাৎপর্যপূর্ণ কথা এয়ে যে এক জিলা, এক উৎপাদন আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বছৰি বঁটা প্ৰদান কৰাৰ কাৰ্যসূচী পালন কৰি আহিছে। পৰিতাপৰ কথা এয়ে যে অসমে কোনো এবিধ উৎপাদনৰ ক্ষেত্ৰতে সেই লক্ষ্য স্পৰ্শ কৰিব পৰা নাই। লক্ষণীয়ভাৱে এক জিলা এক উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত অসমে প্রতি বছৰেই শেষৰ ফালে স্থান লাভ কৰি আছে।

গতিকে উচিত সময় থাকোঁতে এই আঁচনিৰ পূৰ্ণ অগ্ৰগতিৰ বাবে অহা সমাধান কৰিবলৈহে প্ৰয়োজনীয় পদক্ষেপ লোৱা উচিত। ইয়াৰ ভিতৰত বজাৰ প্ৰৱেশৰ সুবিধা বৃদ্ধি, নতুন উদ্যোগীসকলৰ বাবে আর্থিক সহায়, আৰু পণ্যৰ গুণগত মান উন্নয়ন অন্তৰ্ভুক্ত আদি অন্যতম।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top