কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সমগ্ৰ দেশত সকলো চৰকাৰী, বাণিজ্যিক ক্ষেত্ৰত ভাৰতীয় মানক সময় (IST) একচেটিয়া ব্যৱহাৰৰ বাবে বাধ্যতামূলক কৰাৰ উদ্দেশ্যৰে এক খচৰা প্ৰস্তুত কৰিছে। এই সন্দৰ্ভত অহা ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত উপভোক্তা পৰিক্ৰমা মন্ত্ৰণালয়ে ৰাজহুৱা মতামত বিচাৰিছে। এক দেশ, এক সময় নীতি সকলোৰে বাবে যে গ্ৰহণযোগ্য নহবও পাৰে সেই খিনি কেন্দ্ৰই সম্পূৰ্ণ ৰূপে উলাই কৰিছে। কাৰণ দেশৰ ভৌগোলিক বিস্তৃতি, স্থানীয় সময় অঞ্চল, আৰু জনসাধাৰণৰ দৈনন্দিন জীৱনশৈলীৰ ওপৰত ইয়াৰ প্ৰভাৱ থাকে। কিন্তু লক্ষ্যণীয় বিষয় যে, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে দীঘলীয়া সময় ধৰি এক পৃথক টাইম জ’নৰ দাবী উত্থাপন হৈ আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া টাইম জ’নৰ দাবী আজিৰ নহয়, ৯০ৰ দশকৰ পৰাই এই দাবী উত্থাপন হৈ আহিছে। এই সকলো দাবীৰ মূলতে হৈছে ভাৰতৰ আন ঠাইতকৈ উত্তৰ পূবত হোৱা সূৰ্য উদয়ৰ সময় পৃথক। পুৱা সূৰ্য উদয় হোৱাৰ পৰাই এই অঞ্চলৰ লোকসকলে কাম কৰিবলৈ আৰম্ভ কৰে আৰু সূৰ্যোদয়ৰ পূৰ্বে এই অঞ্চলৰ মানুহে কৰ্মক্ষেত্ৰ ত্যাগ কৰে। সময়ৰ এই ব্যৱহাৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰতো মানি চলিছিল। ২০১২ চনতেই নেচনেল ইন্সটিটিউট অৱ এডভাঞ্চড ষ্টাডিজৰ হৈ দিলীপ আহুজা আৰু দেবী প্ৰসাদ শৰ্মাই কৰা এক গৱেষণাত কোৱা হৈছিল যে অসম তথা উত্তৰ পূৱৰ বাবে ৩০ মিনিট সময় আগুৱাই দিলেই বছৰি ২.৭ বিলিয়ন ইউনিট বিজুলী ৰাহি হ’ব৷
ভাৰত স্বাধীন হোৱাৰ পাছত ১৯৪৭ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় মান সময় ব্যৱহাৰ আৰম্ভ হৈছিল। ব্ৰিটিছসকলে দিনৰ পোহৰক ঘড়ীৰ কাঁটাৰ লগত সঠিকভাৱে ব্যৱহাৰ কৰাৰ লগতে শক্তিৰ সংৰক্ষণৰ বাবে ভাৰতক দুটা সময়-অঞ্চলত ভাগ কৰিছিল। ভাৰতৰ পূবফালে কলিকতাৰ সময় আৰু পশ্চিমে বোম্বেৰ মান সময় মানি চলিছিল। ব্ৰিটিছৰ অধীনৰ অসমৰ চাহ বাগান আৰু কয়লাখনিত সেয়ে পুৱা ৬ বজাৰ পৰাই কাম আৰম্ভ হৈছিল, অৱশ্যে স্বাধীনতাৰ পিছৰে পৰা এই ব্যৱস্থা নোহোৱা হ’ল।
এখন দেশৰ বিভিন্ন ঠাইৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময় পৃথক হয়।দেশৰ পূৰ্ব আৰু পশ্চিম অংশৰ মাজত সময়ৰ পাৰ্থক্য আছে যাৰ বাবে কোনো অঞ্চলত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময় পৃথক হয়। ভাৰতত উত্তৰ-পূবৰ ৰাজ্যসমূহত পশ্চিমৰ ৰাজ্যতকৈ বহু আগতেই সূৰ্য্য উদয় হয়। এটা সময় মণ্ডলে কিছুমান অঞ্চলক অস্বাভাৱিকভাৱে সোনকালে বা পলমকৈ দিনটো আৰম্ভ আৰু শেষ কৰিবলৈ বাধ্য কৰে। গোটেই দেশজুৰি IST (UTC+5:30) ব্যৱহাৰ কৰে, যদিও উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে (UTC+6:00) হে অধিক উপযুক্ত।
ভাৰতৰ আন প্ৰান্তৰ টাইম জ’নতকৈ উত্তৰ পূৰ্বাঞ্চল প্ৰায় ২ ঘণ্টা আগবঢ়া। অসমত সাধাৰণতে ৪.৩০ ৰ পৰা ৫ বজাৰ ভিতৰত সূৰ্যোদয় হয়। জুন মাহত উত্তৰ পূৰ্বাঞ্চলত ৪ বজাৰ আগতেই পোহৰ হ’বলৈ ধৰে। শীতকালত নৱেম্বৰ মাহত বিয়লি ৪ বজাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বেলি ডুব যায়। অথচ সেই সময়ত ভাৰতৰ পশ্চিমপ্ৰান্তৰ মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যসমূহত ৰ’দৰ পোহৰতে কৰ্মক্ষেত্ৰত মানুহবোৰে অতি ব্যস্ত হৈ পৰে। সেইদৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ তুলনাত প্ৰায় ২ ঘণ্টা পিছতহে পশ্চিমপ্ৰান্তৰ ৰাজ্যসমূহত বেলি উদয় হয়; সূৰ্যাস্তৰ ক্ষেত্ৰতো একেই অৱস্থা।
বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ দৈনন্দিন জীৱন ভিন্ন হয়, যাৰ ফলত “এক দেশ, এক সময়” নীতি সকলোৰে বাবে সুবিধাজনক নহবও পাৰে। একেটা সময় প্ৰয়োগ কৰিলে, কিছুমান অঞ্চলৰ মানুহে অস্বাভাৱিকভাৱে পুৱা বা সন্ধিয়া কাম কৰিব লাগিব। যদি কোনো অঞ্চলত সূৰ্যাস্ত পিছত হয়, তেন্তে সেই ঠাইত অতি বেছি বিদ্যুৎ ব্যৱহাৰ হ’ব, বিশেষকৈ পুৱা আৰু সন্ধিয়া সময়ত। ইয়াৰ ফলত শক্তি অপচয় হ’ব আৰু অৰ্থনৈতিক ব্যয় বৃদ্ধি পাব। যদি কোনো দেশৰ ভৌগোলিক বিস্তৃতি ব্যাপক হয়, তেন্তে কিছুমান অঞ্চলৰ মানুহে দিনটো আন্ধাৰত আৰম্ভ কৰিবলগীয়া হ’ব পাৰে বা সন্ধিয়ালৈকে কাম কৰিবলগীয়া হ’ব পাৰে। জৈৱিক ছন্দৰ এই মিল নোহোৱাটোৱে উৎপাদনশীলতা হ্ৰাস কৰিব পাৰে, ক্লান্তিৰ সৃষ্টি কৰিব পাৰে আৰু সামগ্ৰিক দক্ষতাত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ গ্ৰাম্য অঞ্চলত য’ত কাম দিনৰ পোহৰৰ ওপৰত নিৰ্ভৰশীল, তেনে ক্ষেত্ৰত কৃষি কাৰ্য্যকলাপ, বিদ্যালয়ৰ সময়, আৰু কাৰ্যালয়ৰ সময় প্ৰভাৱিত হ’ব পাৰে। য’ত মানক সময় প্ৰাকৃতিক সময়ৰ সৈতে মিল নাথাকে তেনে অঞ্চলত বাস কৰা লোকসকলে খাপ খুৱাবলৈ সংগ্ৰাম কৰিব লগীয়া হব।
“এক দেশ, এক সময়” কেৱল ৰাজনৈতিক উদ্দেশ্যৰে কাৰ্যকৰী কৰাৰ এক চক্ৰান্ত হে। উন্নয়নৰ কথা কৈ দেশৰে আন এটা অংশ কেৱল অন্যায়ৰ চিকাৰ হৈ পৰিছে। উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি অভিহিত কৰা মোদী ডাঙৰীয়াৰ এই সিদ্ধান্ত উত্তৰ পূবৰ লগত চৰম অন্যায়। “এক দেশ, এক সময়” নীতি উন্নত প্ৰশাসন আৰু একতাৰ বাবে উপযোগী হ’লেও, ই সকলো দেশৰ বাবে উপযুক্ত নহব পাৰে। বিশেষকৈ ডাঙৰ আৰু ভৌগোলিকভাৱে বিস্তৃত দেশসমূহৰ ক্ষেত্ৰত একাধিক সময় অঞ্চল ব্যৱহাৰ কৰাটো অধিক যুক্তিসংগত হ’ব পাৰে। সেয়ে, কোনো দেশৰ বাবে একক সময় নীতি গ্ৰহণ কৰাৰ আগতে, সেই দেশৰ ভৌগোলিক বিস্তৃতি, স্থানীয় জনজীৱন, আৰু শক্তি ব্যৱহাৰৰ দিশসমূহ বিবেচনা কৰা উচিত।