আধুনিক ইতিহাসৰ মানৱ অধিকাৰ উলংঘাৰ আটাইতকৈ কুখ্যাত উদাহৰণৰ ভিতৰত অন্যতম আছিল দক্ষিণ-পূবৰ বন্দৰ চহৰ বুছানত অৱস্থিত ব্ৰাদাৰ্ছ হোম। দক্ষিণ কোৰিয়াৰ কুখ্যাত ব্ৰাদাৰ্ছ হোম কল্যাণ কেন্দ্ৰই গৃহহীন লোকসকলক আশ্ৰয় আৰু যত্ন দিছিল সঁচা কিন্তু ইয়াৰ আঁৰত লুকাই আছিল গোপন সত্য। ই আছিল এক ভয়ানক ঘৰ য’ত বন্দীসকলক অবৈধভাৱে আৱদ্ধ কৰি ৰখা হৈছিল য’ত তেওঁলোকক শাৰীৰিক মানসিক অত্যাচাৰ চলোৱা হৈছিল। নিৰ্মমভাৱে প্ৰহাৰ কৰা, ধৰ্ষণ কৰা, আনকি হত্যা কৰা হৈছিল । আশ্ৰয়শিৱিৰতে অত্যাচাৰত বন্দীসকলৰ মৃত্যু হৈছিল, প্ৰধানকৈ পুষ্টিহীনতা আৰু অসুস্থতাৰ বাবে। আনহাতে বহুতে শাৰীৰিক নিৰ্যাতন আৰু নিৰ্যাতনৰ ফলত নৃশংস মৃত্যুৰ সন্মুখীন হৈছিল। ব্ৰাদাৰ্ছ হোমৰ কিছুমান শিশুক পশ্চিমীয়া দেশলৈ স্থানান্তৰ কৰা হৈছিল।
১৯৭৬ চনৰ পৰা ১৯৮৭ চনলৈকে দক্ষিণ কোৰিয়াৰ সামৰিক একনায়কত্ববাদীসকলে প্ৰায় ৩৮ হাজাৰ লোকক ৰাজপথৰ পৰা উলিয়াই আনি ব্ৰাদাৰ্ছ হোম নামৰ কল্যাণ কেন্দ্ৰ এটাত আবদ্ধ কৰি ৰাখিছিল। দক্ষিণৰ বন্দৰ চহৰ বুছানত অৱস্থিত এই সংস্থাটোৱে ১৯৭৬ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত তেতিয়াৰ স্বৈৰাচাৰী চৰকাৰৰ “ৰাস্তা-পথ বিশুদ্ধ” নীতিৰ অধীনত কাম কৰিছিল, যিটো অধ্যাদেশ নং ৪১০ নামেৰে জনাজাত। ১৯৮৬ চনৰ এছিয়ান গেমছ আৰু ১৯৮৮ চনৰ অলিম্পিক গেমছৰ পূৰ্বে চৰকাৰে দৰিদ্ৰতাক নাইকীয়া কৰিবলৈ দৰিদ্ৰসকলক পথৰ পৰা নি আশ্ৰয় প্ৰদান কৰিছিল। সেইসময়ত গৃহহীন আৰু অনাথ হৈ থকা হাজাৰ হাজাৰ শিশুৰ যত্ন ল’বলৈ স্বেচ্ছাসেৱী সংস্থাসমূহৰ অতি প্ৰয়োজন আছিল। আমেৰিকাৰ পৰা অৰ্থনৈতিক, প্ৰযুক্তিগত আৰু সামৰিক সাহায্যৰ সহায়ত দক্ষিণ কোৰিয়া উপদ্বীপে উল্লেখযোগ্যভাৱে কম সময়ৰ ভিতৰতে তীব্ৰ দৰিদ্ৰতাৰ পৰা বিশ্বব্যাপী প্ৰতিযোগিতামূলক অৰ্থনীতিলৈ দ্ৰুত পৰিৱৰ্তন ঘটায় । যুদ্ধৰ পিছৰ দশকবোৰত কোৰিয়াৰ দ্ৰুত আধুনিকীকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় গ্ৰহণক সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ উদাহৰণ হ’ল আধুনিক কোৰিয়াৰ ইতিহাসৰ অন্যতম কুখ্যাত আৱদ্ধ শিবিৰ ‘হ্যুংজে বকজিৱন’ বা ব্রাদাৰ্ছ হোমৰ বিকাশ। ব্ৰাদাৰ্ছ হোমৰ আৰম্ভণি হৈছিল ১৯৬০ চনত , আৰম্ভণিতে প্ৰায় ৬০টা অনাথ শিশুক ৰখা হৈছিল। ৬০ৰ দশকৰ শেষৰ ফালে এই বিদেশী অনুদান ক্ৰমান্বয়ে কমি অহাৰ লগে লগে ব্ৰাদাৰ্ছ হোম কিছু বেলেগ প্ৰতিষ্ঠানলৈ পৰিণত হ’ল, ‘কল্যাণমূলক প্ৰতিষ্ঠান’ বা ‘সংশোধনী সুবিধা’, কিন্তু বাস্তৱত হয়তো সকলো ধৰণৰ ‘সামাজিকভাৱে’ কাৰাবন্দী কৰি ৰখা এটা অনিৰ্দিষ্ট শ্ৰম শিবিৰলৈ ৰূপান্তৰিত হৈছিল। বুছান আৰু ইয়াৰ ওচৰ-পাজৰৰ ৰাজপথৰ পৰা প্ৰায় ৩০০০ ব্যক্তিক কোনো কাৰণ নোহোৱাকৈ অপহৰণ কৰা বুলি অভিযোগ উঠিছিল। ব্ৰাদাৰ্ছ হোম দুঃস্বপ্নৰ ঘৰ হৈ পৰিল। বহুতকে প্ৰহাৰ, ধৰ্ষণ আৰু দাস শ্ৰমৰ বাবে ব্যৱহাৰ কৰা হৈছিল। জীৱিত আৰু তদন্তকাৰীয়ে জনোৱা মতে, অবৈধভাৱে আৰু পৰিয়ালৰ অজ্ঞাতে তাত ৰখাৰ সময়ত ৬৫০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।
ইউৰোপীয় দেশসমূহৰ ভিতৰত আছিল বেলজিয়াম, জাৰ্মানী, নেদাৰলেণ্ড, নৰৱে, ডেনমাৰ্ক। কোৰিয়াৰ বেছিভাগ ছোৱালীয়েই প্ৰকৃত অনাথ নাছিল আৰু জীৱিত জৈৱিক পিতৃ-মাতৃ আছিল যদিও তেওঁলোকৰ মৰ্যাদা ইচ্ছাকৃতভাৱে নকল কৰি তেওঁলোকক অনাথ বুলি দেখুৱাইছিল আৰু ধনৰ বাবে বিদেশত দত্তক লোৱা হৈছিল। কোৰিয়া ৱেলফেয়াৰ চাৰ্ভিচেছ, ইষ্টাৰ্ণ ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটি, কোৰিয়া ছ’চিয়েল চাৰ্ভিচ আৰু হোল্ট চিলড্ৰেনছ চাৰ্ভিচেছ আছিল ছোৱালীকেইজনীৰ সৰবৰাহৰ সৈতে জড়িত এডপচন এজেন্সী। ২০২২ চনত সত্য আৰু মিলন আয়োগে এই কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰে। সমগ্ৰ অষ্ট্ৰেলিয়া, ইউৰোপ আৰু আমেৰিকাত সংখ্যাগৰিষ্ঠ মহিলা কোৰিয়ান দত্তক লোৱাসকলে শিশু সৰবৰাহৰ কেলেংকাৰীৰ সত্য আৰু মিলন আয়োগৰ পৰা তদন্তৰ বাবে অনুৰোধ জনায়। এই ক্ষেত্ৰত কঠোৰ অপৰাধৰ পিছতো উচিত শাস্তি বিহা নহয় । মূল অভিযুক্তক ব্ৰাদাৰ্ছত হোৱা মানৱ অধিকাৰ উলংঘাৰ বাবে শাস্তি দিয়া হোৱা নাছিল , শাস্তি দিয়া হৈছিল আত্মসাৎ আৰু দুৰ্নীতিৰ বাবে । ডেৰ-দুবছৰৰ কাৰাদণ্ড বিহা হয়, এইয়া কেনেধৰণৰ ন্যায় ?