এখন অসমীয়া ছবি, ছবিখন নিষিদ্ধ নহয় অথচ ছবিখন নোচোৱা মানুহ হয়তো বহুত ওলাব। পৰিচালক কংকন ৰাজখোৱাৰ প্ৰথম ছবি “চিঞৰ”। ছবিখনে মুক্তি পাইছিল ২০১৪ চনত। ছবিখনৰ কাহিনী সাধাৰণ ছবিৰ দৰেই নহয়, স্পৰ্শকাতৰ এটি গুৰুত্বপূৰ্ণ বিষয়বস্তুক উত্থাপন কৰিছে। ছবিখনত যৌন কৰ্মীসকলৰ জীৱনক চিত্ৰিত কৰিছে, জীৱনৰ এটা জীয়া প্ৰতিচ্ছবি। সমাজৰ এজন উপেক্ষিত শ্ৰেণীৰ জীৱনক দৃঢ়ভাৱে প্ৰতিফলিত কৰিছে। ছবিখনে যৌনকৰ্মীসকলৰ জীৱন আৰু তেওঁলোকৰ কঠোৰ বাস্তৱতা চিত্ৰায়িত কৰে, যি সচৰাচৰ মূলসুঁতিৰ চিনেমাত দেখা নাযায়।
গুৱাহাটীৰ এটি নিষিদ্ধ ঠাই, য’ত চলে দেহৰ ব্যৱসায়। এই বেশ্যা বৃত্তিটোৰ লগত জড়িত সকলোৰে আছে বিষাদ গাথা, সপোনক ভৰিৰে মোহাৰি পৰিস্থিতিৰ বশৱৰ্তী হৈ কিদৰে পেটৰ তাড়ণাত দেহ বিক্ৰী কৰি জীৱনৰ ক্ষণ গণিছে। ছবিখনত প্ৰিয়া নামৰ এগৰাকী যুৱ সাংবাদিকৰ যাত্ৰাক দৃশ্যমান কৰা হৈছে, যিয়ে এগৰাকী বেশ্যাৰ সৈতে আকস্মিক সাক্ষাৎকাৰে তেওঁক তেওঁলোকৰ জীৱনৰ ওপৰত এটা কাহিনী কৰিবলৈ অনুপ্ৰাণিত কৰে। কিন্তু অভাৱনীয় শৃংখলাবদ্ধ পৰিঘটনাই তাইক বেশ্যালয়ত থাকিবলৈ বাধ্য কৰে, য’ত তাইয়ো হৈ পৰে বেশ্যা। তাইৰ কোষত জন্ম লয় এটি সন্তানে। অশেষ চেষ্টাৰ পিছত তাই পলাই আহে নিদাৰুণ বাস্তবতাৰ পৰা পলাই আহে। এজনী কন্যা সন্তানৰ সৈতে তাইক আশ্ৰয় দিয়ে এগৰাকী গৃহহীন বৃদ্ধা আৰু কিছু পৰিমাণে মানসিক বিকাৰগ্ৰস্ত এজন পুত্ৰ যিয়ে ভাল পায় কবিতা লিখি। নিজৰ বুলিবলৈ আশ্ৰয় নথকা খাদ্য নথকা, কেতিয়াবা ফুটপাথৰ একোনত পৰি ৰোৱা বৃদ্ধা আৰু পুত্ৰই এগৰাকী অচিনাকি ছোৱালী আৰু তাইৰ কন্যা সন্তানক আশ্ৰয় দিছে। নিজেই দিনটো খাবলৈ নোপোৱা লৰা জনে কণমানি জনীক দিছে নিজৰ ভাগৰ কল, কান্ধত তুলি তাইক দেখুৱাইছে এখন মুক্ত আকাশ। পুতলা খেলিবলৈ নোপোৱা ছোৱালীজনীক চুৰি কৰি হলেও আনি দিছে এটি পুতলা। ছবিখনত দেখুওৱা হৈছে এফালে বাস্তৱতা আনফালে মানৱতা। এই বৈপৰীত্য ছবিখনত অনবদ্যভাৱে চিত্ৰিত কৰা হৈছে।
পূৰ্বৰ কিছুমান অসমীয়া চিনেমাত বেশ্যাবৃত্তিক দেখুওৱা হৈছিল এই বিষয়টো একান্তভাৱে আলোচনা কৰা হোৱা নাছিল। এইখন ছবিত বেশ্যাবৃত্তিক কেন্দ্ৰ কৰি দেখুওৱা হৈছে কেইবাটাও জীৱন, লগতে দেখুওৱা হৈছে এগৰাকী সাংবাদিকে তেওঁলোকৰ জীৱন প্ৰতিচ্ছবি ডাঙি ধৰিবলৈ গৈ জীৱনৰ পাকচক্ৰত সোমাই অন্ধকাৰময় পৃথিৱীত বন্দী হৈ পৰে আৰু তাতেই পোখা মেলে আন এটি জীৱনে।
UA চাৰ্টফিকেট প্ৰাপ্ত “চিঞৰ” কেৱল এখন ছবিয়েই নহয়। সমাজৰ এক শ্ৰেণী মানুহৰ জীয়াই থকা সংগ্ৰামৰ এখন ছবি। ছবিখনৰ সংগীত , দৃশ্যগ্ৰহণ যথেষ্ট ভাল হৈছে। লগতে অভিনেত্ৰী সকলৰ অভিনয় ইমানেই সুন্দৰ আছিল যে সেইয়া অভিনয়ত নে বাস্তৱত কাহিনী হৈ আছে পাত্তাই নাপাব। কিছু দৃশ্যাংশ ইমানেই হৃদয়বিদৰক যে চালে বৈ আহিব চকুপানীৰ নিজৰা। দেহ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ জীৱন সংগ্ৰাম, হতাশা আৰু আশাৰ সংমিশ্ৰণক দাঙি ধৰিছে পৰিচালকে। পৰিস্থিতিৰ বলি হৈ নিজৰ সপোনক বলি দিয়া , দেহ বিক্ৰী কৰি জীৱন যাপন কৰা এইসকল মানুহৰ গল্প ছবিখনে স্পষ্টভাৱে দাঙি ধৰিছে।
ৰাজখোৱাই যৌনকৰ্মীসকলৰ দৈনন্দিন জীৱন আৰু তেওঁলোকৰ নিষ্ঠুৰ অতীতক তেওঁৰ আখ্যানৰ জৰিয়তে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে কিন্তু পৰিচালকে ছবিখনত কিছু অশ্লীল শব্দৰ প্রয়োগ কৰিব পাৰিলেহেঁতেন। কিছু দিশত দুৰ্বল হলেও ছবিখন অসমীয়া ছবিৰ বাবে এখন লেখত লবলগীয়া ছবি। চিঞৰ হৈছে সমাজৰ উপেক্ষিত শ্ৰেণীৰ যন্ত্রণাৰ জীয়া এটি কাহিনী।