ভাৰতৰ অৰ্থনীতিৰ মূল স্তম্ভ হৈছে কৃষি। জনসংখ্যাৰ প্ৰায় ৫০% কৃষিৰ লগত জড়িত, আৰু এই খণ্ডখন দেশৰ খাদ্য নিৰাপত্তা, ৰাষ্ট্ৰীয় আয়, আৰু গ্ৰাম্য উন্নয়নৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত কৃষিখণ্ডেই প্ৰথম চালিকাশক্তি হিচাপে কাম কৰে।অতি সম্প্রতি দেশত দেখা দিয়া জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্রভাৱত কৃষিখণ্ডত বিস্তৰ ক্ষতিৰ লগতে কৃষকৰ আয়, সংস্থাপনৰ ক্ষেত্রত প্রত্যাহ্বান অব্যাহত আছে। সেয়েহে এই দিশটোৰ প্রতি লক্ষ্যৰে ২০২৫-২৬ বৰ্ষৰ বাজেটত কৃষি আৰু আনুষংগিক ক্ষেত্রৰ বিকাশৰ বাবে পূর্বৰ বর্ষৰ আবণ্টনৰ তুলনাত ২১.৭ শতাংশ বৃদ্ধিৰে, ১,৭১,৪৩৭ কোটি টকা ধার্য কৰিছে। ২০২৪-২৫ বর্ষত সংশোধিত বাজেটত (RE) আবণ্টনৰ পৰিমাণ আছিল ১,৪০,৮৫৯ কোটি টকা। সাৰৰ ৰাজসাহায্য ধার্য কৰা হৈছে ১,৬৭,৮৮৭কোটি, তদুপৰি কৃষি উন্নয়ন আঁচনিৰ বাবে ৮,৫০০ কোটি, পশুপালন আৰু দুগ্ধ খণ্ডৰ বাবে ১,০৫০ কোটি ধার্য ২০২৫-২৬ৰ বাজেটৰ অন্যতম উল্লেখযোগ্য দিশ। শস্যৰ উৎপাদন ক্রমাগত বৃদ্ধি অব্যাহত আছে। বিগত চাৰি বছৰৰ উৎপাদন নিযুত টনত প্রসংগক্রমে উল্লেখ কৰা হ’ল-২০২০-২১ বর্ষত ১০.৭ নিযুত টন, ২০২১-২২ বর্ষত ৩১৫.৬ নিযুত টন, ২০২২-২৩ বর্ষত ৩২৯.৭ নিযুত টনৰ পৰা ২০২৩-২৪ বর্ষত ৩৩২.৩ নিযুত টনলৈ বৃদ্ধি পালে। দেশত ক্রমাগত খাদ্য শস্যৰ বৃদ্ধিৰ মূলতঃ নিম্নতম সমর্থন মূল্য (MSP) বৃদ্ধিৰ অন্যতম প্রভাবৰ কথা কেন্দ্রীয় বিত্ত মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰিছে। লক্ষণীয়ভাবে এম এছ পি ২০০৮-০৯ বৰ্ষত ধানৰ আছিল প্রতি কুইণ্টলত ৮৫০ টকা আৰু ঘেঁহৰ আছিল ১০৮০ টকা। এই হাৰ ২০২৪-২৫ বিত্তীয় বর্ষত বৃদ্ধি পালে।
যথাক্রমে ধানৰ ২৩০০ টকা আৰু ঘেঁহুৰ ২.২৭৫ টকা। তথ্য অনুসৰি ২০০৪-২০১৩ৰ সময়ছোৱাত ধান খেতিয়কে ৪.৪০ লাখ কোটি টকা, তথা ঘেঁহু খেতিয়কে ২.২০ লাখ কোটি টকা এম এছ পি পাইছিল। ২০১৪-২০২৪ ৰ সময়ছোৱাত বৃদ্ধি পালে যথাক্রমে ১২.৫১ আৰু ৫.৪৪ লাখ কোটি টকা।
২০২৩-২৪ বৰ্ষত ভাৰতৰ কৃষি ৰপ্তানি পূর্বৰ ২০২২-২৩ বৰ্ষৰ ৫৩.২ বিলিয়ন ডলাৰৰ পৰা ৪৮.৯ বিলিয়ন ডলাৰলৈ হ্রাস পালে। তদুপৰি এই সময়ছোৱাত আমদানিও হ্রাস পালে ৩৫.৭ বিলিয়ন ডলাৰ মূল্যৰ পৰা ৩২.৮ ডলাৰ মূল্যত। কৃষি বাণিজ্যত আংশিক হ্রাস বা অৱনমিতৰ মূলতঃ হ’ল ৰাছিয়া-ইউক্রেইন যুদ্ধ। ঘৰুৱা সংকট তথা সাগৰীয় পথত দেখা দিয়া সংকটকেই মুখ্য কাৰণ ৰূপে বিশেষজ্ঞ সকলে প্রকাশ কৰিছে। কেন্দ্রীয় চৰকাৰে কৃষি তথা কৃষকৰ দক্ষতা বিকাশ, খাদ্য নিৰাপত্তাৰ উপৰি কৃষিখণ্ডত অধিক ব্যাবসায়িক সুযোগ আৰু সুবিধা প্রদানৰ লক্ষ্যৰে কেতবোৰ ব্যবস্থা গ্রহণন কৰি আহিছে। ইয়াৰে এক অংশৰূপে কৃষকৰ দক্ষতা বিকাশত সর্বাধিক গুৰুত্ব প্রদান কৰিছে। কৃষিখণ্ডত দক্ষতা বিকাশৰ মুখ্য লক্ষ্য হ’ল যে প্রযুক্তিগত কৌশল অধিক সম্প্ৰসাৰণ ঘটোৱা, বহনক্ষম কৃষি পদ্ধতি তথা কৃষি খণ্ডত অধিকসংখ্যক লোকক সংস্থাপিত কৰা। সেয়েহে কৃষি খণ্ডৰ বিকাশৰ লগতে যাতে বৃহৎ সংখ্যকৰ দেশত সংস্থাপনৰ পথ সুচল হয়, তাৰ লক্ষ্যৰে কৃষকক ব্যাপক প্রশিক্ষণব ব্যবস্থা গ্রহণ কৰিছে। ইয়াৰে কেইটামান আঁচনি হ’ল- ‘মহিলা কৃষাণ শক্তিকৰণ পৰিযোজনা (MKSP), ৰাষ্ট্রীয় গ্রাম্য জীৱিকা মিছন (NRLM), কৃষি প্রযুক্তিগত উপ-মিছন (SHAM), মৌ পালন আৰু মৌ অভিযান অন্যতম।
ভাৰতীয় কৃষি ব্যৱস্থাত মহিলাসকলৰ সহযোগ বিশেষভাৱে গুৰুত্বপূর্ণ। যিহেতু গ্রামাঞ্চলৰ কমেও ৮০ শতাংশ মহিলা যিকোনো প্রকাৰে কৃষিখণ্ডৰ লগত জড়িত হৈছে, ইয়াৰে প্রায় ৩৩ শতাংশই প্রত্যক্ষভাবে কৃষিখণ্ডৰ লগত জড়িত হৈ দেশৰ প্ৰায় ৬০-৮০ শতাংশ খাদ্য উৎপাদনত বৰঙনি আগবঢ়াই আহিছে। সেয়েহে কেন্দ্রই মহিলাক অগ্রাধিকাৰেৰে আত্মসহায়ক গোট (SHG) আৰু কৃষক উৎপাদন সংগঠন আদিত বিশেষ গুৰুত্ব প্রদান কৰিছে।
ভাৰতীয় কৃষি ব্যবস্থাত ক্রমাগতভাবে পূর্বৰ তুলনাত অধিক বাণিজ্যিকৰণ আৰু সংস্থাপনৰ দিশত অগ্রগতি পৰিলক্ষিত হয়। কৃষিখণ্ডত ড্র’নৰ ব্যৱহাৰ প্ৰাকৃতিক, কৃষি, জৈৱিক কৃষি ব্যবস্থা, মিলেটৰ সম্প্রসাৰণ, ক্ষুদ্র জলসিঞ্চন, বাণিজ্যিক শৃংখল, পশুপালন, দুগ্ধ, মীন আদি খণ্ডত বিশেষ সফলতাৰে এক নতুন মাত্রা সংযোজন ঘটাইছে।
২০২৪-২৫ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে প্রায় এক কোটি কৃষকক প্রাকৃতিক কৃষিৰ প্ৰশিক্ষণৰ লক্ষ্য নির্ধাৰণ কৰিছে। কৃষিখণ্ডৰ অধিক বাণিজ্যৰ সম্ভবনাৰ লক্ষ্যৰে ২০২৩ৰ ৩১ ডিচেম্বৰ পর্যন্ত দেশত ২৮০০ কৃষি স্টার্টআপ (AGRI START-UP) কর্মক্ষম হৈ আছে। এয়া ভাবতীয় কৃষিৰ অন্যতম উৎসাহজনক দিশ। তদুপৰি ২০২৪-২৫ ৰ কেন্দ্রীয় বাজেটত কৃষি তথা আনুষংগিক খণ্ডৰ শিতানত ১.৫২ লাখ কোটি টকা আবন্টন অন্যতম ইতিবাচক দিশ। ২০২৩-২৪ বর্ষত এই শিতানত আবণ্টন দিছিল ১.৪০ লাখ কোটি টকা। ভাৰতীয় কৃষি গবেষণা বিশ্বৰ ভালেসংখ্যক দেশৰ তুলনাত যথেষ্ট শক্তিশালী। দেশখনত আছে প্রায় ৯৭টা ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠান (ICAR)। লক্ষণীয়ভাবে কৃষি গবেষণা আৰু শিক্ষাৰ শিতানত ২০২৪-২৫ৰ বাজেটত আবণ্টন ৯,৯৪১ কোটি টকালৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে দেশত ৫৩খন কৃষি বিশ্ববিদ্যালয়, ১৮খন ৰাষ্ট্রীয় পাৰ্যায়ৰ কৃষি গবেষণা প্রতিষ্ঠান, ৮৯টা সৰ্বভাৰতীয় গবেষণা প্রকল্প (Research project) থকা সত্ত্বেও দেশত গুণগত আৰু বিজ্ঞান প্রযুক্তিগতৰ দিশেৰে পেছাদাৰী কৃষকৰ অভাৱ হোৱাটো অতিশয় দুর্ভাগ্যজনক।
সঠিক পৰিকল্পনা আৰু আধুনিকীকৰণৰ জৰিয়তে অসম কৃষি উৎপাদনৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়িব পাৰে। উন্নত কৃষি ব্যৱস্থাই কেৱল ভাৰতৰ খাদ্য সংকট সমাধান নকৰে, বৰং ই দেশৰ সমগ্ৰ অৰ্থনৈতিক প্ৰগতিৰ মূল চালিকাশক্তি হৈ পৰে।