জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 9, 2026

শুৱালকুছিৰ ঐতিহাসিক অশোকাষ্টমী মেলা

by Janagana Desk
1 minutes read
Ashokastami

বস্ত্ৰনগৰী শুৱালকুছি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ ৰাইজৰ সমন্বয়ৰ প্ৰতীক শুৱালকুছিৰ ঐতিহাসিক অশোকাষ্টমী মেলা। জাতি-ধর্ম নির্বিশেষে প্রায় পঞ্চাশ হাজাৰ লোকৰ সমাগমে ইয়াক ক্রমাগত ভাবে মহামেলালৈ ৰূপান্তৰ কৰিছে। ই সম্প্রীতি আৰু সমন্বয়ৰ এনাজৰীৰ বান্ধোন।  

কিম্বদন্তি অনুসৰি প্ৰায় পাঁচশ বছৰীয়া কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শুৱালকুছিত ঐতিহাসিকভাৱে পৰম্পৰাগত প্ৰথাৰে চলি আহিছে অশোকাষ্টমী মহামেলা। চ’ত মাহৰ শেষৰ ফালে, কেতিয়াবা বহাগ মাহৰ শুক্লা অষ্টমী তিথিত প্ৰতি বছৰে অনুষ্ঠিত হয় অশোকাষ্টমী উৎসৱ। প্রবাদ অনুসৰি এই তিথিত পৱিত্ৰ গংগা নদীৰ এধাৰ জলৰাশি ব্ৰহ্মপুত্ৰত সোমাই নদীখনক সেইদিনা পৱিত্ৰ কৰে। ভক্তপ্ৰাণ ৰাইজে নদীত স্নান কৰিলে পাপ খণ্ডন হয় বুলি লোকবিশ্বাস চলি আহিছে। আনকি স্নানৰ সময়ত চিৰ যৌবনা অশোক ফুল হাতত লৈ মন্ত্র উচ্চাৰণেৰে স্নান কৰি পানীত ডুব মাৰোঁতে সেই ফুল খাব লাগে। মন কৰিব লগা যে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰেহে অশোকাষ্টমী অনুষ্ঠিত হয়। অৱশ্যে নগাঁৱৰ শিলঘাট, উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত আৰু ধুবুৰীতো অষ্টমী পালন কৰা হয়।

শুৱালকুছিত মূলতঃ সপ্ত গোসাঁই ক্রমে হাজোৰ শ্ৰীশ্ৰী হয়গ্ৰীৰ মাধৰ, শ্রীশ্রী কেদাৰেশ্বৰ, শ্ৰীশ্ৰী গণেশ, শ্ৰীশ্ৰী কামেশ্বৰ, বংশৰৰ শ্ৰীশ্ৰী ভূংগেশ্বৰ, বামুন্দী শিলগুৰিৰ শ্ৰীশ্ৰী ধাৰেশ্বৰ, শুৱালকুছিৰ শ্ৰীশ্ৰী সিদ্ধেশ্বৰ মহাপ্রভুক সেইদিনা ব্রহ্মপুত্র নদীত স্নান কৰোৱাক কেন্দ্ৰ কৰিয়ে এই মহামেলা চলি আহিছে।

Was this article helpful?
Yes0No0

You may also like