Skip to content

মূলধনী ব্যয় বনাম ঋণ নিৰ্ভৰ বাজেট: হিতাধিকাৰী আঁচনিয়ে বিপৰ্যস্ত কৰা অসমৰ অৰ্থনীতি

Janagana Desk
July 11, 20262 second read
Assam Economy

এখন কল্যাণকামী ৰাজ্যৰ বাবে জনসাধাৰণৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ প্ৰাথমিক কৰ্তব্য। কিন্তু এই কল্যাণমুখী আঁচনিসমূহ যেতিয়া ৰাজ্যৰ উৎপাদনশীল মূলধনী ব্যয়ক চেৰাই কেৱল ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, তেতিয়া অৰ্থনীতিৰ ভেটি কঁপি উঠাটো স্বাভাৱিক। শেহতীয়া বাজেট আৰু বিত্তীয় পৰিসংখ্যাই অসমৰ অৰ্থনীতিৰ তেনে এক জটিল ছবিহে প্ৰতিফলিত কৰিছে।

৩৩,২৮১ কোটিৰ মূলধনী ব্যয় আৰু ঋণৰ কংক্ৰাল

চলিত বৰ্ষৰ বাবে অসম চৰকাৰে মুঠ ৩৩,২৮১ কোটি টকাৰ মূলধনী ব্যয় ধাৰ্য কৰিছে। বাহ্যিক দৃষ্টিৰে এই অংকটো আশাব্যঞ্জক যেন লাগিলেও, ইয়াৰ অন্তৰালৰ সত্যটো অত্যন্ত উদ্বেগজনক। এই বিশাল মূলধনী ব্যয়ৰ বিপৰীতে চৰকাৰে নিজস্ব উৎসৰ পৰা মাত্ৰ ,২৮১ কোটি টকা হে সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব।

অৰ্থাৎ, বাকী থকা ৩০,০০০ কোটি টকাৰ বাবে চৰকাৰে সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। চৰকাৰৰ এই ঋণ সংগ্ৰহৰ উৎসসমূহ তলত দিয়া ধৰণৰ:

  • বজাৰ ঋণ (Market Borrowing): ২০,৫০০ কোটি টকা
  • কেন্দ্ৰীয় চৰকাৰৰ পৰা ব্লক ঋণ: ৬,৫০০ কোটি টকা
  • নাবাড (NABARD) পৰা ঋণ: ২৭৩.৪ কোটি টকা
  • অন্যান্য বিত্তীয় প্ৰতিষ্ঠান: ২৬৬ কোটি টকা

,২৬,৮৩৯ কোটি টকাৰ বজাৰ ঋণ: চলিত বৰ্ষৰ মাৰ্চ মাহৰ তথ্য অনুসৰি, চৰকাৰৰ মুঠ বজাৰ ঋণৰ পৰিমাণ ইতিমধ্যে ১.২৬ লাখ কোটি টকা পাৰ হৈ গৈছে। এই পৰিসংখ্যাই স্পষ্ট কৰে যে ৰাজ্যখন ক্ৰমান্বয়ে এক গভীৰ ঋণৰ আৱৰ্তত সোমাই পৰিছে।

হিতাধিকাৰী আঁচনিৰ হেঁচা আৰু বিপৰ্যস্ত আয়ব্যয়

চলিত বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন (GSDP) ,৭১,৪৫১ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। অৰ্থনীতিৰ নিয়ম অনুসৰি, জি এছ ডি পি (GSDP) বৃদ্ধিৰ লগে লগে মূলধনী ব্যয় ক্ৰমান্বয়ে বৃদ্ধি পাব লাগে, যাতে দীৰ্ঘম্যাদী আন্তঃগাঁথনি নিৰ্মাণ হয়। কিন্তু অসমৰ ক্ষেত্ৰত দেখা গৈছে ওলোটা ছবি।

চৰকাৰে ভোট বেংক সুৰক্ষিত কৰাৰ বাবে ধাৰাবাহিকভাৱে বিভিন্ন হিতাধিকাৰী আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি গৈছে। সমাজ কল্যাণ, বিনামূলীয়া চাউল, আৰু বিভিন্ন পোনপটীয়া ধন হস্তান্তৰ প্ৰক্ৰিয়াৰ বাবে বাজেটৰ এক বুজন অংশ ব্যয় হৈছে। ফলস্বৰূপে, চৰকাৰে নিজস্ব ৰাজহ বৃদ্ধিতকৈ ঋণ লৈ আঁচনি চলোৱাটোকে সহজ পথ হিচাপে বাচি লৈছে।

দীৰ্ঘম্যাদী উন্নয়ন স্থবিৰ হোৱাৰ আশংঙ্কা

বিশেষজ্ঞসকলৰ মতে, কল্যাণকামী আঁচনিসমূহ সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে অতি প্ৰয়োজনীয়, কিন্তু তাৰ বাবে মূলধনী ব্যয় (যেনে- উদ্যোগ স্থাপন, পথ-যোগাযোগ, শিক্ষা আৰু স্বাস্থ্যৰ আন্তঃগাঁথনি) হ্ৰাস কৰিলে ৰাজ্যৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন হৈ পৰে। ঋণ লৈ হিতাধিকাৰী আঁচনিৰ ধন বিতৰণ কৰিলে সাময়িকভাৱে ৰাইজ সন্তুষ্ট হ’ব পাৰে, কিন্তু অনাগত দিনত এই ধাৰাবাহিক ঋণৰ সুদ পৰিশোধ কৰোঁতেই ৰাজ্যৰ ভঁৰাল উদং হৈ পৰিব।

চৰকাৰৰ বাবে আত্মসংশোধনৰ সময়

অসমক ভাৰতৰ এখন আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ হ’লে কেৱল ঋণনিৰ্ভৰ অৰ্থনীতিৰে লক্ষ্যত উপনীত হোৱা সম্ভৱ নহয়। চৰকাৰে হিতাধিকাৰী আঁচনিসমূহৰ এক উচিত বিত্তীয় অডিট কৰাৰ লগতে মূলধনী ব্যয় বৃদ্ধিৰ বাবে নিজস্ব বিনিয়োগ আৰু ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাত অধিক গুৰুত্ব দিয়াটো জৰুৰী হৈ পৰিছে। অন্যথা, অনাগত দিনত এই ক্ৰমবৰ্ধমান ঋণৰ বোজাই অসমৰ অৰ্থনীতিক এক অপূৰণীয় ক্ষতিৰ দিশে ঠেলি দিব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top