Skip to content

AI ভিত্তিক শোষণে শিশুসুৰক্ষাত সৃষ্টি কৰিছে গভীৰ ভাবুকি

Janagana Desk
April 9, 20258 second read
Digital Child Abuse

কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত প্ৰসাৰত দৈনিক বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। যাৰ ভিতৰত ডিজিটেল শিশু নিৰ্যাতন এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। এই ভাবুকিৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ নিয়ন্ত্ৰণ, প্ৰযুক্তিগত উন্নয়নৰ প্ৰয়োজনীয়তা আহি পৰিছে।

বৰ্তমান শিশু সকলৰ মাজত বৃদ্ধি পোৱা মবাইলৰ আসক্তিয়ে হৈছে শিশুসকলৰ ওপৰত হোৱা ক্ষতিকাৰক কাৰ্যকলাপ যেনে ডিজিটেল শিশু নিৰ্যাতনৰ প্ৰধান কৰক। ডিজিটেল শিশু নিৰ্যাতনৰ ভিতৰত আছে চাইবাৰ বুলিং যেনে সামাজিক মাধ্যম, মেছেজিং এপ, আৰু গেমিং প্লেটফৰ্মৰ জৰিয়তে হাৰাশাস্তি কৰা আৰু ভয় খুওৱা। শিশু সকল মানসিক ভাৱে অপৰিপক্ক বা বিচাৰ বিবেচনা কৰাৰ যিহেতু ক্ষমতা নাথাকে গতিকে ক্ষতিকাৰক বিষয়বস্তুৰ সংস্পৰ্শলৈ অহাটো স্বাভাৱিক যেনে অনুপযুক্ত সামগ্ৰী যেনে পৰ্ণগ্ৰাফী, হিংসাত্মক ভিডিঅ’ আদি। শিশু যৌন নিৰ্যাতনৰ সামগ্ৰী (CSAM) যেনে শিশুক যৌনভাৱে চিত্ৰিত কৰা অডিঅ’, ভিডিঅ’, বা ছবিসমূহ। আনহাতে পৰিচয় চুৰি আৰু গোপনীয়তা উলংঘা কৰা হয় যেনে অবৈধ কাৰ্য্যকলাপৰ বাবে শিশুৰ ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ হব পাৰে। আন এক ভয়ানক অআশংকা হৈছে AI-ভিত্তিক ডাটা মাইনিং অৰ্থাৎ শিক্ষামূলক এপ বা গেমিং প্লেটফৰ্মৰ পৰা শিশুৰ আচৰণ বিশ্লেষণ কৰি শোষণৰ পথ সুগম কৰিব পাৰে । আকৌ শিশুৰ লগত অনলাইন গ্ৰুমিং হব পাৰে, য’ত শিশুক প্ৰলোভনেৰে শোষণমূলক সম্পৰ্কলৈ আকৰ্ষণ কৰা হয়।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (NCRB)ৰ প্ৰতিবেদন ২০২২ ৰ মতে পূৰ্বৱৰ্তী বছৰৰ তুলনাত শিশু জনিত চাইবাৰ অপৰাধৰ বৃদ্ধি হৈছে । তদুপৰি, মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ আঁচনিৰ নেতৃত্বত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল (NCRP) য়ে ২০২৪ চনৰ এপ্ৰিল মাহলৈকে ১.৯৪ লাখ শিশু পৰ্ণগ্ৰাফীৰ কাণ্ড লিপিবদ্ধ কৰিছে।  ২০১৯ চনত NCRB য়ে আমেৰিকাৰ নেশ্যনেল চেণ্টাৰ ফৰ মিছিং এণ্ড এক্সপ্ল’ইটেড চিলড্ৰেন (NCMEC) ৰ সৈতে CSAM ৰ ওপৰত টিপ-লাইন প্ৰতিবেদন লাভ কৰিবলৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ২০২৪ চনৰ মাৰ্চ মাহলৈকে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ৬৯.০৫ লাখ চাইবাৰ টিপ-লাইন প্ৰতিবেদন ভাগ-বতৰা কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় সংস্থা IWF, WEF, আৰু NCMECৰ ৰিপ’ৰ্টে এই ভাবুকিৰ গুৰুত্ব প্ৰকাশ কৰিছে।

শক্তিশালী ডিজিটেল আইনসমূহৰ অভাৱৰ বাবে অপৰাধবোৰ হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইহে আহিছে। POSCO আইন আৰু IT আইনখনৰ দৰে আইন থাকিলেও বলবৎকৰণ অসামঞ্জস্যপূৰ্ণ হৈয়েই আছে, আৰু আইনী সুৰুঙাই অপৰাধীসকলক এনে ধৰণৰ অপৰাধ বৃদ্ধিত সহায় কৰি আহিছে। বৰ্তমানৰ আইনগত কাঠামোত এআই-উৎপন্ন CSAM ৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত সুৰক্ষাৰ অভাৱ পৰিলক্ষিত হৈছে। চাইবাৰ অপৰাধীয়ে এনক্ৰিপচন আৰু ডাৰ্ক ৱেবৰ শোষণ কৰি ধৰা নপৰে।

এইক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে আইনী প্ৰক্ৰিয়া অধিক লেহেমীয়া হৈ পৰিছে। চাইবাৰ নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱাত প্ৰায়ে পলম হয় কাৰণ আইন প্ৰয়োগকাৰী ক্ষেত্ৰত কাৰিকৰী বিশেষজ্ঞতাৰ অভাৱ। আনহাতে দিনে দিনে বৃদ্ধি পাইছে AI আৰু Deepfake প্ৰযুক্তি । শিশুৰ ছবিত হেতালি খেলিবলৈ ডিপফেক সঁজুলিৰ অপব্যৱহাৰ কৰা হৈছে, যাৰ ফলত শোষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টা আৰু অধিক জটিল হৈ পৰিছে। সামাজিক কলংক, আইন প্ৰয়োগকাৰী সংস্থাৰ ওপৰত আস্থাৰ অভাৱ। পুনৰ ভুক্তভোগীৰ ভয়ৰ বাবে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালে প্ৰায়ে প্ৰতিবেদন দিবলৈ দ্বিধাবোধ কৰে। বহু অভিভাৱক আৰু শিক্ষক অনলাইন ভাবুকিৰ বিষয়ে অজ্ঞাত।

আইনী ব্যৱস্থা আৰু চৰকাৰী পদক্ষেপৰ ভিতৰত আছে চৰকাৰী ব্যৱস্থা আৰু আইনী কাঠামো তথ্য প্ৰযুক্তি (IT) আইন, ২০০০ হৈছে অনলাইন শিশু পৰ্ণগ্ৰাফী, চাইবাৰষ্টাকিং, আৰু পৰিচয় চুৰিক অপৰাধমূলক বুলি গণ্য কৰে।

আই টি আইন ২০০০ৰ ৬৭বি ধাৰাত শিশুক যৌন কাৰ্য্যত চিত্ৰিত কৰা ইলেক্ট্ৰনিক ৰূপত সামগ্ৰী প্ৰকাশ বা প্ৰেৰণ কৰাসকলক শাস্তি প্ৰদান কৰা হৈছে।

যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POSCO) আইন, ২০১২ অনুসৰি অনলাইন শিশু শোষণৰ শাস্তি প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰা।
POCSO ৰ ধাৰা ১৩, ১৪, আৰু ১৫ অনুসৰি শিশুক পৰ্ণগ্ৰাফিক উদ্দেশ্যত ব্যৱহাৰ কৰা, যিকোনো ৰূপত শিশু পৰ্ণগ্ৰাফী সংৰক্ষণ কৰা, আৰু শিশুক যৌন সন্তুষ্টিৰ বাবে ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ভাৰতীয় ন্যায় সংহিতা (BNS) অনুসৰি বিএনএছৰ ২৯৪ ধাৰাত অশ্লীল সামগ্ৰী বিক্ৰী, বিতৰণ, বা ৰাজহুৱা প্ৰদৰ্শনৰ বাবে শাস্তি প্ৰদান কৰা হৈছে। ২৯৫ নং ধাৰাত শিশুক এনে অশ্লীল বস্তু বিক্ৰী, বিতৰণ বা প্ৰদৰ্শন কৰাটো অবৈধ বুলি কোৱা হৈছে।

ডিজিটেল শিশু নিৰ্যাতন ভাৰতত এক জৰুৰী বিষয় যাৰ বাবে জৰুৰী হস্তক্ষেপৰ প্ৰয়োজন। অনলাইন ভাবুকি প্ৰতিহত কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে প্ৰযুক্তিগত উন্নতিৰ ফলত এআই ভিত্তিক শোষণৰ আশংকাও বৃদ্ধি পাইছে। ডিজিটেল জগতৰ শিশুসকলক সুৰক্ষা দিবলৈ কঠোৰ নিয়ম, সজাগতা, আৰু উন্নত নিৰীক্ষণৰ সংমিশ্ৰণ অতি প্ৰয়োজনীয়।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts

5 days ago

জনগণ বাৰ্তা
📌হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাৰ্তীৰে উৰ্তীৰ্ণ হোৱা শিবসাগৰৰ গনকপতিৰ বাসিন্দা শিবসাগৰ নিউলুক একাদমীৰ ছাত্ৰ অঞ্চীত শইকীয়াৰ সৈতে অপৰ্না ভৰালীৰ এক আছুতীয়া সাক্ষাৎকাৰ.... ... See MoreSee Less
View on Facebook

5 days ago

জনগণ বাৰ্তা
📌দক্ষিণ কামৰূপৰ সোণতলী টুপামাৰী সংযোগী পথত ভয়ংকৰ দৃশ্য....📌বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথচোৱাত ঠায়ে ঠায়ে হৈ পৰিছে পুখুৰী সদৃশ....শ্বাহানুৰ ইছলাম, সোণতলী। ... See MoreSee Less
View on Facebook
📌বকোৰ বৰুৱা গাও পঞ্চায়তত PMAY-G ঘৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লাভ কৰিলে অচিনাকী বাসিন্দাই.... ... See MoreSee Less
View on Facebook
📌জনপ্ৰতিনিধিয়ে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন..... ... See MoreSee Less
View on Facebook
📌বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছাৰ পুৰুব লাইনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি তথা আদিবাসী জনগোষ্ঠীৰ জাতীয় নায়ক বজ্ৰ কণ্ঠ আচাৰ বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰয়াত প্ৰদীপ নাগলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান..... ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top